ফটাঢোল

ফেমিলি – সম্পূৰ্ণা শৰ্মা

আজি কেইদিনমানৰপৰা নিলাক্ষীৰ শহুৰেকৰ গা খুবেই বেছি বেয়া। কাৰণটো নিলাক্ষীয়ে নজনা নহয়। তাই আৰু অভিজিতৰ সৰুৰেপৰা চিনাকি আৰু সেই সূত্ৰেই বিয়া। ৫ বছৰ ধৰি সিহঁতৰ সংসাৰ সুখেৰেই চলি আছিল। পিছে, অভিজিতে নতুনকৈ লোৱা স্মাৰ্ট মোবাইলটোৰ বাবেই সিহঁতৰ কাজিয়াখন হ’বলৈ পালে। ৰাতি ৰাতি হোৱাট্চ আপত অনলাইন থকাৰ কাৰণ অভিজিতৰ নতুন ফেচবুক ফ্ৰেন্দ উপাসনা। চিনাকি হোৱাৰপৰাই ভাল বেয়া সকলো খবৰ ইজনে সিজনৰ ৰাখিয়েই আছে। প্ৰথম অৱস্থাত উপাসনাৰ কথা নিলাক্ষীক সি কৈছিল। পিছলৈ নোকোৱা হ’ল।

ঘৰৰ কাষৰে জিতেনৰ পুতেকৰ এটা স্মাৰ্ট ফোন আছে। অভিজিত অফিচলৈ যোৱাৰ পিছত জিতেনৰ কলেজীয়া পুতেকক সদায় আবেলি নিলাক্ষীয়ে মাতি পঠিয়ায়। মাজে মাজে সি ইংলিচ শিকায়। কথাটো নিলাক্ষীয়ে অভিজিতক কৈছিল। অভিজিতে শুনি ভালেই পাইছিল, আজিকালি ইংলিছ জনাটো বৰ দৰকাৰ। এনেকৈয়ে এদিন নিলাক্ষীয়ে হাতত গোট খোৱা পইচাৰে স্মাৰ্ট ফোন এটা জিতেনৰ পুতেকৰ হতুৱাই কিনি আনিলে আৰু অভিজিতে নজনাকৈ লুকুৱাই থ’লে।

আৰু এটা স্মাৰ্ট ফোন সিহঁতৰ ঘৰত আছে। সেইটোও জিতেনৰ পুতেকৰ হতুৱাই অনা। সেইটোৰ কথা মোবাইলটোৰ মালিকজন আৰু নিলাক্ষীৰ বাহিৰে বাকী কোনেও নাজানে। সেইটো মোবাইলতে সকলো কাহিনী সোমাই আছে। কাহিনীবোৰ জানি ভিতৰি ভিতৰি নিলাক্ষীয়ে কত সোঁতা যে চকুপানী বোৱাইছে। তাই জনাই নাছিল অভিজিতে তাইক ইমানেই বেয়া পায় যে আজিকালি মুখেৰে মাত এটাও ভালকৈ দিবলৈ বেয়া পায়।

সকলোবোৰ আলেখলেখ নিলাক্ষীৰ শহুৰেকৰ চকুৰ অাগত ধৰা দিয়াৰ পিছতেই মানুহটোৰ বুকুখন বিষাই থকা হ’ল, উশাহ ল’বলৈ কষ্ট পোৱা হ’ল। ৰাতি ৰাতি উশাহ ল’ব নোৱাৰি বুকুৰ বিষত চিঞৰি থাকে। অভিজিতৰ প্ৰথমতে খং উঠিছিল। উপাসনাৰ লগত ৰাতি অনলাইন চাটিং কৰিবলৈ সি আহৰি নোপোৱা যেনেই হয়। পিছত আকৌ ফুচুলাওঁতে কত যে কি কৰিব লাগে সি। তাইক অভিজিতে যে কিমান দিন ভিদিও কল কৰি চাব খুজিলে, উপাসনাই কিন্তু অজি পৰ্যন্ত তাইৰ মুখ নেদেখুৱালে। অভিজিতৰ দুখ লাগে। তাইৰ স্মাৰ্টনেচৰ আধাও যদি নিলাক্ষীৰ থাকিলহেতেঁন! কথাটো সি উপাসনাক কৈছিল। সি পৰা হ’লে উপাসনাকে বিয়া পাতিলেহেঁতেন। কিন্তু মাক দেউতাক জীয়াই থকালৈকে নিলাক্ষীকো এৰিব নোৱাৰে। সি জানে উপাসনা তালৈ কেতিয়াও নাহে। তাই বৰ ভাল ছোৱালী। অভিজিতক বাৰে বাৰে তাইক পাহৰি যাবলৈ আৰু তাৰ নিজৰ সংসাৰখনক ভাল পাবলৈ কৈ থাকে তথাপি তাৰ মনে উপাসনাক এৰিব নোৱাৰে। সি যেন উপাসনাৰ বাদে কাকো উপাসনা কৰিব নোৱাৰে, নিলাক্ষীকো। তাতে আজিকালি নিলাক্ষীৰ মুখখন গোমোঠা হৈ থাকিবলৈ লৈছে, দেখিলে তাৰ খংহে উঠে। ভালকৈ মাত দিবলৈকে মন নাযায়। তাতে আকৌ মাকে তাক এনেও কেচুৱা নোহোৱা বোৱাৰীক বাদ দি নতুন এজনী বিয়া পাতিবলৈ কৈয়ে আছে। প্ৰথমতে মাকেও নিলাক্ষীক ভাল পাইছিল। কেচুৱা নহ’লেও কথা নাই দুয়োটাকে ভালকৈ চিকিৎসা কৰাই ল’বলৈ কয়। তাতো যদি একো ফল নিদিয়ে তুলি ল’বলৈ কৈ থৈছে। কিন্তু বাপেকৰ বেমাৰ হোৱাৰ পৰা মাকেও অভিজিতক বেলেগ বিয়া পাতিবলৈ জোৰ দিবলৈ ধৰিলে।

কথাবোৰ দেখি শুনি নিলাক্ষীৰ শহুৰেকৰ গা দিনক দিনে বেছি বেয়া হ’বলৈ ধৰিলে। অভিজিতে দেখে নিলাক্ষীয়ে শহুৰেকৰ বেমাৰত বৰ কষ্ট কৰিছে। মাকে তাইৰ ওপৰত বেছি শাসন কৰিবলৈ লৈছে। তায়ো কান্দি কাটি সকলোবোৰ সহ্য কৰি গৈছে। সি পিছে বাপেক সোনকালে মৰিলেই ভাল পায়। তেতিয়াহে সি উপাসনাক আনিব পাৰিব।

এদিন তাৰ দেউতাকৰ বেমাৰৰ কথা উপাসনাক ক’লে। ৰাতি ৰাতি চাটিং আধাতে সামৰিবলগীয়া হোৱাৰ কাৰণ তাৰ বাপেক। সোনকালে মৰিলে ভাল। পিছে নিলাক্ষীয়ে যিমানহে শুশ্ৰুষা কৰিছে, বাপেক চাগৈ নমৰিবই। মেচেজ চেণ্ট হ’বলৈহে পালে, লগে লগেই উপাসনাই তাক হোৱাট্চ আপ আৰু ফেচবুক সবতে ব্লক কৰি দিলে। অভিজিতৰ বৰ দুখ লাগিল। কেইদিনমান অভিজিতৰ পেটলৈ ভাতেই নগ’ল। সেই কেইদিন আকৌ ৰাতি ৰাতি বাপেকৰো অসুখ হোৱা নাই। ৰাতি এবাৰো বুকুৰ বিষত চিঞৰা নাই। মাকেও নিলাক্ষীক গালি গালাজ কৰি থকা নাই। নিলাক্ষীও হাঁহি মুখে আছে। নিলাক্ষীৰ হাঁহিটো যে তাৰ সৰুৰেপৰাই ভাল লাগিছিল। ক’ত যে হেৰাই গৈছিল হাঁহিটো। এই হাঁহিটো নিলাক্ষীৰ মুখত থাকিলে সি কোনো উপাসনালৈ চাবলগীয়া নহয়।

বাপেক লাহে লাহে সুস্থ হৈ আহিল। এটাই ল’ৰা সিহঁতৰ, অভিজিত। সিও যদি বিপথে যায়, আজলী নিলাক্ষীৰ কি হ’ব? সেয়ে মাক বাপেকে অতবোৰ নাটক কৰিবলগীয়া হ’ল। বাপেক জীয়াই থকালৈকে উপাসনাই হওক, আৰতিয়েই হওক বা প্ৰিয়ংকাই হওক – সকলোবোৰ তেওঁৰ হাতৰ মুঠিত। তেওঁ অভিজিতক মাতি আনি বুজালে – “ঈশ্বৰে সৃষ্টি কৰা পৃথিৱীত যিদৰে ঈশ্বৰ সকলোতে বিৰাজমান, তেনেকৈয়ে নিজৰৰ ঘৰখনত ঘৰৰ মূল মানুহ বাপেক বিৰাজমান। সকলোৰে দোল বাপেকে ইফাল সিফাল কৰিব নোৱাৰাকৈ টানি থৈছে। গতিকে উপাসনাক বিচাৰি লাভ নাই।” বাপেকে উপাসনাৰ নাম লোৱা শুনি অভিজিতৰ মুখৰ মাত হেৰাল। নিলাক্ষীক শহুৰেকে ক’লে – “ভিতৰৰপৰা উপাসনাক লৈ আনচোন যা।” নিলাক্ষীয়ে শহুৰেকৰ গাৰুৰ তলৰ পৰা জীতেনৰ পুতেকে আনি দিয়া মোবাইলটোৰ লগতে নিজৰটোও লৈ আহিল। অভিজিত অবাক হ’ল। নিলাক্ষীৰ শহুৰেকো। – “উপাসনাৰ বেষ্ট ফ্ৰেন্দ আৰতি।” নিলাক্ষীয়ে লাহেকৈ মাত দিলে। ভিতৰৰপৰা মাকেও এটা স্মাৰ্টফোন উলিয়াই আনিলে – “উপাসনাৰ ভায়েক বিজয়।”

এইবাৰ নিলাক্ষীৰ মুখখনহে চাবলগীয়া হ’ল আৰু অভিজিতৰ হাঁহি হেৰাই গ’ল।

☆★☆★☆

5 Comments

  • HEMANTA KAKATI

    বাহ তামাম টুইষ্ট৷ বঢ়িয়া লাগিল

    Reply
  • নীলাক্ষি দেৱী ডেকা

    ভীষণ ভাল লাগিল।

    Reply
  • ৰূপতৃষ্ণা দেৱী।

    বঢ়িয়া লিখিছা। এনেকুৱা smartness দৰকাৰ হৈছে আজিকালি।

    Reply
  • Nikita

    Moja

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *