দ’ষ্ট হে কি দুচমান – কুকি কল্পিতা মহন্ত
নিদ্ৰাদেৱী আৰু মোৰ মাজৰ সম্পৰ্কটোৰ কথা কেতিয়াবা ভাবি থাকোঁ। ভাল বুলিয়ে কওঁ নে বেয়া কওঁ ভাবিয়ে নাপাওঁ। মোৰ লগত ঘটা ঘটনাখিনিৰ পৰা হয়তো আপোনালোকৰ কথাখিনি বুজি পোৱাত সহজ হ’ব।
ইউনিভাৰ্ছিটি হোষ্টেলত থাকোঁতে মোৰ তেখেতৰ লগত একেবাৰে “টম এণ্ড জেৰী” টাইপ শত্ৰুতা থকাৰ দৰে লাগিছিল। যদিওবা কথাটো মোৰ মায়ে একেবাৰে বিশ্বাস নকৰে। কাৰণ মায়ে ৰাতিপুৱা ফোন কৰিলে সদাই মোক দেৰিলৈকে শুই থকাই পাইছিল। এনে কথা নহয় যে মই শুই বৰ এটা ভাল নাপাওঁ বা শোৱাটো মোৰ হবিৰ লিষ্টত নপৰে। তথাপি সদায় দেৰিলৈকে শোৱাটোও মোৰ অভ্যাস নাছিল। কিন্তু কালক্ৰমত ই মোৰ অভ্যাসত পৰিণত হৈছিল এনেদৰে। ৰাতি ভাত খাই উঠি লগৰ ছোৱালীৰ লগত আড্ডা মাৰি আমনি লাগিলে যাওঁ পঢ়াৰ টেবুললৈ। পঢ়া শুনা সামৰি এক/ডেৰ মান বজাত বিচনালৈ যাওঁ। ইয়াৰ পাছতে মোৰ নিদ্ৰাদেৱীৰ সৈতে হোৱা যুঁজখনৰ আৰম্ভণি ঘটে। প্ৰথমে আঁঠুৱা লগাই শুবলৈ লওঁ। আঁঠুৱাৰ তলত কোনোপধ্যেই ফেনৰ বতাহ নোসোমাইহে নোসোমায়। লাহেকৈ বিচনাখন ফেনৰ তললৈ টানি আনোঁ। নাই এইবাৰও বতাহ গাত নালাগে। আঁঠুৱাখন খুলি দলিয়াওঁ চাইডৰ ফালে। গুড নাইটটো অ’ন কৰি আকৌ শুবলৈ লাহেকৈ যো-যা কৰোঁ, ছিলমিল কৈ টোপনিও আহোঁ আহোঁ কৰে। তেনেতে যায় নহয় কাৰেণ্টটো। এইবাৰ ক’ত মৰ মৰ এতিয়া। গেলা গৰমত সেই পাৰ’ গঁৰাল টাইপ ৰূমটোত শোও কেনেকৈ বাৰু! উপায় নাপাই খিৰিকীখনকে খুলি দিওঁ। ঠাণ্ডা বতাহ অলপ সোমাই আহে। পিছে বতাহৰ সংগী হৈ লগতে সোমাই আহে এটা ম’হৰ প্ৰকাণ্ড জাক আৰু আহিয়ে কাণৰ ওচৰত বেহেলা লৈ তেখেতসকলৰ সমবেত সংগীত ষ্টাৰ্ট। উফ্ কি যে অশান্তি নহয়। টোপনি অহাটো দূৰৰ কথা শুবলৈ শান্তিকণো নাই। গতিকে কাৰেণ্ট আহে মানে মোবাইল বাবা জিন্দাবাদ। ইউটিউবৰ পৰা হোৱাটছআপ, ফেচবুকৰ পৃথিৱীখনত এভুমুকি মাৰি আহোঁগৈ। লাহেকৈ বিদ্যুৎ বিভাগৰ আমাৰ দৰে গৰমত ভাজি পকণ খাই থকা হোষ্টেলৰ ল’ৰা-ছোৱালীবোৰৰ ওপৰত দয়া ওপজে আৰু ফেনখন ঘৰ্ ঘৰাই চলি উঠে। কৃষ্ণ, এইবাৰ শান্তিৰে শুব পাৰিম বুলি মোবাইল-চবাইল সামৰি নিদ্ৰা দেৱীৰ কোলাত নিজকে এৰি দি সপোনৰ দুনীয়াত খোজ পেলাবলৈ বুলি সাজু হৈ চকু কেইটা জোৰকৈ মুদি দিওঁ। অলপ সময় চকুকেইটা মুদি থকাৰ পাছতে এইবাৰ মনলৈ আহে ইউটিউবত চোৱা ভিডিও তথা হটষ্টাৰৰ চিৰিয়েলখনলৈ। প্রভাষৰ নতুন চিনেমা “ছাহ'” খন বা কেতিয়াকৈ ৰিলিজ হ’ব? ষ্টাৰ প্লাছৰ “টু সুৰজ মে সান্জ পিয়াজী” ৰ কনকে বা উমাৰ পৰীক্ষাবোৰত পাছ কৰিবনে নাই? তাইক উমায়ে ঘৰৰ পৰা খেদিয়ে দিয়ে নে ৰাখিয়ে থয়? নানান ভাবৰ বুৰবুৰণি উঠে মনত। এহ্ যি হয় হ’ব যা, মই এতিয়া শুব লাগে। কালিলৈ আকৌ ৰাতিপুৱা দিপাৰ্টমেণ্টলৈ যাব লাগিব। আকৌ সব কথা পাহৰি শুবলৈ চেষ্টা কৰোঁ। অলপ সময়ৰ পাছত পি.এইচ.ডি. ৰ সমাধান নোলোৱা কামবোৰলৈ মনত পৰে। শোৱাৰ আগত লেপটপৰ ছফ্টৱেৰত কৰা কিছুমান বৃথা প্রচেষ্টাৰ কথা মনলৈ আহিবলৈ লয়। হয়তো এইটোৰ সলনি সেইটো কৰা হ’লে আজি প্ৰগ্ৰামটো ওলাই গ’ল হয়! ইচ্ কি যে কৰিলোঁ নহয়। অলপত আজি কামটো আধৰুৱা হৈ থাকি গ’ল। লেপটপটো খুলি আকৌ কৰোঁ নেকি বাৰু কামটো? ঘড়ীলৈ চাই দেখোঁ চাৰে তিনি বাজে আৰু। কৃষ্ণ এতিয়া আৰু পণ্ডিত ওলাই থাকিবলৈ নাই। শোৱাই ভাল। অতদিনে এনে ফালিছোঁ একেবাৰে। মূৰটো অলপ ঠাণ্ডা কৰিলৈ একো নাভাবো বুলি প্ৰতিজ্ঞা কৰি শুবলৈ পুনৰ চেষ্টা আৰম্ভ কৰোঁ। নাই টোপনিৰ কোনো দেখা দেখিয়ে নাই দেখোন। বাহিৰৰ পৰা চৰাই চিৰিকতিৰ কিৰকিৰ মিৰমিৰ শব্দ কিছুমান ভাহি আহে। হে ভগবান, চৰাই উঠিলেই মই শুম কেতিয়া? হে প্ৰভু যেনেতেনে টোপনিটো আনাচোন। দুটামান প্ৰাৰ্থনাও মনতে গাবলৈ চেষ্টা কৰোঁ। ওলোটাই ওভতাই দহ বাৰমান নেওতাও মাতি চাওঁ, নাই টোপনি নাহেহে নাহে। পানী-দুনী খাই বহুত দেৰি তেনেকৈ পৰি থকা পাছত বাগৰি-যুগৰি হামিয়াই-হিকতিয়াই কেতিয়া টোপনি আহেগৈ গম নাপাওঁ আৰু ৰাতিপুৱা একেবাৰে আঠ/ন মান বজাতহে চকু মেল খায়গৈ।
গৰমৰ দিনবোৰত যে কেৱল মোৰ এনেকুৱা হয় তেনে নহয়। ঠাণ্ডাৰ দিনতও হোষ্টেলত থকাৰ দিনবোৰত সোনকালে টোপনি অহা মনত নপৰে। সদায়ে একেই যুদ্ধত অৱতীৰ্ণ হ’ব লগা হয়। কেৱল কাৰেণ্টৰ লুকা ভাকুৰ খেলখনৰ কোনো প্ৰভাৱ এই যুদ্ধত নপৰে, বাকী সকলোবোৰ একে থাকে। লগৰবোৰক ক’লে কয় বোলে দেৰিকৈ শোৱাৰ বাবে মোৰ এনেকুৱা হয়। সেয়ে সিহঁতৰ পৰামৰ্শ মতে দুদিনমান সোনকালেও বিচনাত পৰি চালোঁ। মোবাইলটোকও নাচাওঁ বুলি প্ৰতিজ্ঞা কৰি গাৰুৰ তলত সুমুৱাই থ’লোঁ। নাই ইমানৰ পাছতো একো লাভ নহ’ল। বাগৰি বাগৰি গা বিষ হৈ যায়গৈ তথাপি টোপনি অহাৰ নাম নলয়। বহুলোকৰ পৰামৰ্শ মতে ইভিনিং ৱাকও কৰিবলৈ ল’লোঁ উনিভাৰ্ছিটি কেম্পাছত। পিছে ইও মোৰ টোপনি অহাৰ ওপৰত বৰ এটা প্ৰভাৱ পেলাব নোৱাৰিলে। নিজকে টোপনি নহা বেমাৰী বুলিও ক’ব নোৱাৰোঁ, কিয়নো ঘৰলৈ আহিলে মই ৰাতি দহ বজাতে নাক বজাই বজাই শোও। একেবাৰে শেষত হোষ্টেলৰ ৰূমবোৰতে কিবা আছে যাৰ বাবে টোপনি নাহে বুলি ভাবিবলৈ বাধ্য হলোঁ। কিয়নো ওচৰ পাজৰৰ ৰূমত বাস কৰা কেইজনীৰো অৱস্থা প্ৰায় মোৰ দৰে একেই আছিল।
ৰাতিপুৱাৰ সময়ত মোলৈ ফোন কৰিলে সদায় মানুহে ফটা-চিতা মাত এটাই শুনিবলৈ পাইছিল। প্ৰায়ে ফোন আহে মাৰ আৰু ফোনটো ধৰিয়ে শুনিবলৈ পাওঁ “মুনু এতিয়ালৈকে শুইয়ে আছ। ইমানকৈ কেনেকে শুব পাৰ বাৰু তহঁত। আমি পাঁচটাতে উঠি গোটেই ঘৰৰ কাম কৰি আজৰি হ’লোঁ আৰু তই শুয়ে আছ!” এক্সপ্লেনেচন দিয়াৰ ধৈৰ্য নাথাকে আৰু তেতিয়া। যি ভাবে ভাবিবলৈ দিওঁ। মাহে! ঘৰৰ মানুহ। পিছে মোৰ সবতকৈ বেছি দিগদাৰ হয় ছাৰ(মানে মোৰ পি.এইছ. ডি. ৰ গাইড)ৰ ফোন আহিলে। ফোনটো বজাৰ লগে লগে জাপমাৰি উঠি ডিঙিটো অলপ চাফা কৰি লৈ যিমান পাৰোঁ সিমান ভালকৈ মাতটো উলিয়াবলৈ চেষ্টা কৰোঁ। পিছে ইমান চেষ্টা কৰিলেও হ’ব কি? ফটা মাত ফটা হৈয়ে বাজ হয়। সদায়ে ধৰা পৰোঁ। ছাৰে মাতটো শুনিয়ে কয় বোলে “উঠায়ে নাই হ’বপাই তুমি”। পাছলৈ এইবোৰ বৃথা প্ৰচেষ্টা বাদ দিলোঁ আৰু! যেনেকৈ মাতটো ওলাব বিচাৰে তেনেকৈয়ে ওলাবলৈ দিয়া হ’লোঁ।
হোষ্টেল এৰাৰ পাছৰে পৰা ঘৰৰ বিচনাত নিদ্ৰাদেৱীৰ সৈতে এটা মধুৰ সম্পৰ্ক গঢ় লৈ উঠিল। এতিয়া সোনকালে টোপনিও যাওঁ আৰু সোনকালে উঠিবও পৰা হ’লোঁ। বিচনাত পৰিলেই টোপনি আহে আৰু উঠিব খুজিলেও দিগদাৰ নহয়। দুপৰীয়া ভাত খাই উঠিও যদি বিচনাত পৰোঁ দেৱীয়ে কেতিয়াও নিৰাশ নকৰে। যেনে তেনে হ’লেও সপোন এটা দেখুৱাবই। ভাবি আচৰিত লাগে আজিকালি দেখোন নিদ্ৰাদেৱী একেবাৰে মোৰ বেষ্ট ফ্রেণ্ড বনি গৈছে। এই সকলোবোৰতকৈও আচৰিত কথাটো হ’ল কি অলপ দিনৰ আগত হোষ্টেলত লগৰ এজনীৰ ৰূমত আলহী হৈ থাকিছিলোঁগৈ আৰু আচৰিত ধৰণে কথা পাতি থাকোঁতেই কেতিয়া টোপনি গ’লোঁ মই গম নাপাওঁ, সেইবোৰ ৰূমত যিবোৰ ৰূম আগতে আমাৰ বাবে টোপনি নহা ৰূম ৰূপে বিখ্যাত আছিল। পাছদিনা ৰাতিপুৱা মায়ে ফোন কৰিছিল আহিবৰ বাবে জগাবলৈ (জীয়েকৰ ওপৰত ফুল কনফিডেন্স নটা বজালৈকে বিচনাতে আছে বুলি) আৰু মই ফোনটো ৰিচিভ কৰি কৈছিলোঁ “মা মই জাষ্ট বাছত উঠিছোঁ”।
নিদ্ৰাদেৱী আৰু মোৰ এই শত্ৰুতা আৰু মিত্ৰতাৰৰ খেলখন আজিও ভালকৈ বুজি নাপালোঁ। আজিও কনফিউজ হৈ আছোঁ এক্সুৱেলি “দেৱী মেৰি দ’ষ্ট হে কি দুচমন”।
☆★☆★☆
3:39 pm
বৰ ভাল লাগিল। টোপনি মোৰো প্ৰিয়।
4:04 pm
ধন্যবাদ বাইদেউ
3:52 pm
ভাল লাগিল দেই ।
4:05 pm
ধন্যবাদ
3:53 pm
ভাল লাগিল দেই ।
4:06 pm
ধন্যবাদ?
3:57 pm
বৰ ধুনীয়া বৰ্ননা৷ ভাল লাগিল
4:06 pm
ধন্যবাদ দাদা।