ফটাঢোল

পৰিক্ৰমা – লোনা বৰা

এইজনীৰ গাত মঙহ বুলিবলৈ নাই, হাড় কেইডাল অকল, চুলেই ভাঙিব যেন, কি গা মচিম, থাক এনেকৈ…”

মায়ে মোক গা ধুৱাবলৈ লৈ প্ৰত্যেক দিনাই বকে, লগতে মাজে-মাজে হাতখনো চলাই, থাই, থাই শব্দ হোৱাকৈ…..খং আৰু দুখ, বাকী দুইটা লোদোৰ-পোদোৰ ভাই-ভনীৰ তুলনাত মই অত্যন্ত ক্ষীণ হোৱা বাবে।
একেবাৰে সৰুতে ঠিকেই আছিলোঁ। স্কুল এডমিছন লোৱাৰ পৰাই ক্ষীণাবলৈ ধৰিলোঁ…. গতিকে মানুহৰ মুখৰ নানানটা কথা
-জেওৰা খুটি….
– বাঁহ খৰি
– কেতেং…..
কত যে নাম

আৰু মোৰ ক্ষীণোৱা গতি দেখি মা, দেউতাই ঘিওঁৱে, মৌৱে খুৱাবলৈ ধৰিলে……পৰিণতি,
দোকানত কাপোৰ কিনিবলৈ গ’লে, দোকানী
য়ে কয়….

-“ভন্টি কমপ্লান নাখাবা, …… বাটাৰ খোৱা চাগে, নাখাবা…..বেডমিন্টন খেলিবা……” ইত্যাদি, ইত্যাদি

ক্লাছ এইট মানত নাম পালোঁ ,….মোতি…..

তাৰপিছত আকৌ ক্ষীণাবলৈ ধৰিলোঁ (নিজৰ চেষ্টাত)….আৰম্ভ হ’ল…
-অঁ, গা-চা বেয়া নেকি ক্ষীণাইছা যে,…..
– এইৰ কি হৈছে, কিবা অসুখ নেকি, ডাক্তৰক দেখুৱাইছে নে……
– তোক শকতেই ভাল লাগে, ক্ষীণ হলে কেনে যে দেখি….

মই বোলো, মোৰ শকত, ক্ষীণত মানুহৰ কি আহিছে গৈছে…..
কলেজৰ বছৰৰ শেষৰ ফালে আকৌ অলপ ওজন বাঢ়িব ধৰিল(খোৱা এৰিব নোৱাৰোঁ বৰ দিগদাৰ)। এইবাৰ ….
– এ তুমি শকত হৈছা, বিয়া বাৰুৰ কথা চলিব হৈছে , ক্ষীণাবলৈ চেষ্টা কৰা, দিগদাৰ হ’ব কিন্তু….
– তোমাৰ লগৰ যে, অমুকৰ জীয়েকৰ কি ফিগাৰ, তাইৰ দৰা আহিছেই, খোজ কাঢ়িবা ৰাতিপুৱা বুইছা…..

কথাবোৰ শুনি মুখেদি যি টি উত্তৰ দিয়া হ’লো আৰু…..নোৱাৰোঁ শুনি থাকিব …. কওঁ……
– মোক দেখি থাকি বেয়া লাগিছে যদি মুখখন ঘূৰাই দিব, বেয়া নাপাওঁ……

নাম পালোঁ, মুখ চোকা…
– এইজনীৰ মুখখন আগে এনেকুৱা নাছিল, কেনে চোকা হ’ল।
আকৌ……
ইউনিভাৰচিটিৰ কালছোৱাত (অলপ কষ্ট হোৱাৰ বাবেই হয়তো), আকৌ আয়তন কমিব ধৰিলে….মনতে ভাবিলোঁ, কাকো ক’বলৈ সুযোগ নিদিওঁ, এইবাৰ ফিক্সড ৰাখিম ফিজিক….. ৰাখিলোঁও….
বহুদিনলৈ আগৰ নামবোৰ, উপমাবোৰ, কটাক্ষবোৰ নোহোৱা হ’ল ।
আনে কৰা চিন্তাবোৰক বুঢ়া আঙুলি দেখুৱাই সময়ত বিয়াও হ’লোঁ, কিন্তু ………প্ৰথম সন্তানৰ পিছত স্বাভাৱিক ভাৱেই আকৌ বেলুন ফুলা দিলোঁ….
এইবাৰ….
-বৰ সুখ হৈছে যেন পাইছোঁ….পথালি বাঢ়ন দিছা….
মই বোলো…
– অঁ টো, আপোনালোকক দেখিলে বেয়াই লাগে, কম দুখ নে, গোটেইখন শুহি নিছে পাই…….
ক’বলৈ বাদ দিলে…..
এনেকৈয়ে বঢ়া-টুটা পৰিক্ৰমাত জীৱনটো আগবাঢ়িল…..এতিয়াও যথেষ্টখিনি খাতে-পিটে ঘৰকা টাইপ….. আৰু মানুহৰ কথাবোৰ…..

– এই এবাৰ কাৰোবাক ধৰিলে, সহজে এৰাব নোৱাৰে…..
– ….এইখন হাতেৰে এথাপৰ পোৱাৰ পিছত মানুহ, মানুহ হৈ নাথাকে….

ইত্যাদি, ইত্যাদি

সময় গৈ থাকিব…..
– ৰাতিপুৱা খোজ কাঢ়িবলৈ লওক। এই বয়সত বেমাৰ আজাৰবোৰ ছপাই নোলোৱাই ভাল।….
– হয় দেই,
……
– ঘিঁ, বাটাৰ, মৌ খাব, এই বয়সত শক্তিৰ দৰকাৰ ।
……….
তাৰপিছত,

“এইজনীৰ গাত মঙহ বুলিবলৈ নাই, হাড় কেইডাল অকল, চুলেই ভাঙিব যেন, কি গা মচিম, থাক এনেকৈ…”

☆★☆★☆

One comment

  • HEMANTA KAKATI

    হাঃ হাঃ, কি যে হব নহয়! মানুহৰ মুুুখ বন্ধ নহয় আৰু৷ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *