ৰোল নম্বৰ ২ – নিতাশ্ৰী নেওগ
দুহেজাৰ তেৰ চনৰ কথা। কলেজলৈ নতুনকৈ গৈছোঁ। এমাহমান হ’বলৈ তেতিয়াও কিছুদিন বাকী আছেই।কিন্তু মোৰ লগত এইকেইদিনতে এনেকুৱা এনেকুৱা মানে ভাস্কো দাৰ ভাষাৰে ক’বলৈ গ’লে ডিজাইন ডিজাইন ঘটনা ঘটিছে নহয় মই মানে কলেজত ফেমাছেই হৈ গৈছোঁ। অৱশ্যে মই আগৰে পৰাই এনেকুৱা ডিজাইন ডিজাইন ঘটনাৰে সকলোৰে মনোযোগ আকৰ্ষণ কৰাত ওস্তাদ। কিন্তু ইমান কম দিনতে এনেকুৱা অভিজ্ঞতা হোৱা নাছিল৷
মোৰ এই জনপ্ৰয়তাৰ দৌৰ আৰম্ভ হৈছিল সেইদিনা যিদিনা এজন ছাৰে কিবা অংক পঢ়াওঁতে (অ নহয় ইংৰাজীৰহে কিবা অংক এটা আছিল হ’বলা )এখন গাড়ীৰ দাম দুই টকা ধৰি ল’বলৈ কৈছিল। এনেয়েতো মই পঢ়াত মনটো দিয়াই নাছিলোঁ। Chemistry Department ৰ ল’ৰা এটাৰ লগত নেটৱৰ্ক মিলাইহে আছিলোঁ। ছাৰে কি পঢ়াই আছিল গমেই নাপাওঁ। পিচে এই কথাষাৰেহে কেনেকৈ জানো কৰ্ণকুহৰ ভেদ কৰিলেহি। আৰে এটা মৰ্টনৰ দাম দুটকা ধৰিব কোৱা, চকলেটৰ কোৱা, লাগিলে চোলা এটাৰ দাম কোৱা, যেনে তেনে চকু কাণ মুদি ধৰি ল’ম। কিন্তু গাড়ী এখনৰ দাম দুটকা!! বচ্, উঠিলে নহয় হাঁহি জোৰকৈ৷ লগে লগে হৈ গ’ল মনোযোগ আকৰ্ষণ আৰু মূৰতে টকৰকৈ পৰিল চকমাটিৰ টুকুৰা এটা। ক’ৰ পৰা পৰিল বুলি ওপৰলৈ চাওঁতেই ছাৰৰ আদেশ ‘stand up’.
থিয় হ’লোঁ।
: কিয় হাঁহিছা?
: ছাৰ, গাড়ীখনৰ দামটো ২ টকা কাৰণে। ২ টকানো দিয়েনে?
আকৌ হাঁহি।
: কি ক’লা।100 ষ্টুডেণ্টে মনে মনে শুনি আছে।তোমাৰহে হাঁহি উঠিল। ৰোল নং কিমান তোমাৰ?
: ছাৰ ৰোল নং ২
: মোৰ ক্লাছত এইবোৰ ন’হব, গেট আউট। মই তোমাৰ কমপ্লেইন কৰিম৷
চৰী ক’বলৈ শিকা হোৱাই নাছিল। সঁচা কথা ক’লেও দোষ লাগে বুলি কিতাপ পত্ৰ লৈ ওলাই আহিলোঁ লাহেকে। লগে লগে সিফালেও নেটৱৰ্ক কাট। হ’ব যাহ। কেমেষ্ট্ৰী ডিপাৰ্টমেণ্টৰ লগত মোৰ আগৰ পৰাই কেমেষ্ট্ৰী নিমিলে। কলেজলৈ নতুনকৈ যোৱা ওঁঠৰ বছৰীয়া ছোৱালীজনীৰ কাৰণে এইটো কম লাজৰ কথা নহয়। মোৰ বৰকে লাজটো নাই বুলিহে।
এইটো ঘটনা কলেজৰ প্ৰথম সপ্তাহৰে। ইয়াতে আৰম্ভ হৈ লাহে লাহে মোৰ পূৰ্বৰ কাহিনীবোৰো সকলোতে কেনেবাকৈ প্ৰচাৰ হ’বলৈ ধৰিলে। সিদিনা এজনে বোলে,
: তুমি হেনো হায়াৰ চেকেণ্ডাৰী ফাইনেল পৰীক্ষা পাছবেলাৰ ঠাইত আগবেলা দিবলৈ গৈছিলা? হয় নেকি কথাটো!
কটা নিধকটোৱে এইটো কাহিনী কেনেকে জানিলে।হওঁতে কথাটো নোহোৱা নহয়। প্ৰথম দিনাখনৰ ইংৰাজী পৰীক্ষাটো দিবলৈ পঢ়ি শুনি ওলাই গৈ স্কুল পাইছোঁগৈ মোক সোমাবলে নিদিয়ে। ইফালে ভগা চাইকেলখনে দেৰিও কৰালে। বোলো মোৰ পৰীক্ষা আছে সোমাবলে দিয়ক। নাই নিদিয়ে। ছাৰ এজনে দেখি আগবাঢ়ি আহিলত যেনিবা মুখলে পানী আহিল।
: কি হ’ল তোৰ? এতিয়াই আহিলিযে?
: পৰীক্ষা দিবলে আহিছোঁ৷
: কিহৰ?
: ইংলিছ ছাৰ৷
তেওঁ মূৰে কপালে হাত দিলে। বোলে,
: তোৰ পৰীক্ষা পিছবেলা। এতিয়া মেট্ৰিক হে হৈ আছে।যাগৈ যা।
উভটি আহোঁতে ৰাস্তাত সুধিছে মানুহে,
: কি হ’ল! তোৰ পাছবেলাহে পৰীক্ষা, এতিয়া ইউনিফৰ্ম পিন্ধি ক’ৰ পৰা আহিলি?
: প্ৰেক্টিকেলৰ বহী চহী কৰাবলৈ গৈছিলোঁ৷
এজনে ক’লেই বোলে
: গোটেই বছৰটো গ’ল। পিছবেলা পৰীক্ষা, চহী কৰাবলে আজিহে সময় পালি?
এইটো ঘটনা পিছবেলালৈ গোটেই স্কুলতে জনাজাত হৈ গৈছিল। মোৰ কাণ্ড কাৰখানা সম্পৰ্কে জ্ঞাত আমাৰ কেমেষ্ট্ৰীৰ ছাৰজনে পৰীক্ষা হলতে সুধিলেহি বোলে,
: আগবেলা অহাজনী কোন?
মই ক’লোঁঁ,
: ছাৰ মই।
তেওঁ এইখিনিতে বৰ সুন্দৰ কমেণ্ট এটা দিছিল যে মই জানিছিলোঁৱেই,
: তয়ে হ’বি। তই নোহোৱা হ’লেহে মই আচৰিত হ’লোঁহেঁতেন।
এই কমপ্লিমেণ্টটো যেনিবা এতিয়াও সাৰ্থক কৰি আছোঁ। য’তে এনেকুৱা ঘটনা তাতে মই। এতিয়া এই ঘটনাটোৰ লগতে মোৰ কিতাপৰ মাজত বিশেষ ‘কনফিডেন্সিয়েল’ তথ্যসম্বলিত এটুকুৰা কাগজ কেমেষ্ট্ৰীৰ টিউচনৰ ছাৰৰ হাতত উদ্ধাৰ হোৱা ঘটনাটো বিজুলি গতিৰে কলেজত ভাইৰেল হৈ গ’ল। লগতে অন্য সৰু বৰ কাহিনীবোৰেও সকলোতে ভাল সমাদৰ লাভ কৰা বুলি জানিব পৰা গ’ল। দুই এজন শিক্ষকৰ লগত ঘৰুৱা সম্পৰ্ক ৰখা ছাত্ৰই শিক্ষক সমাজতো কাহিনীবোৰ প্ৰচাৰৰ দায়িত্ব ল’লে। মানুহজনী চিনি নাপালেও শিক্ষকসকলে মোৰ ৰোল নংটো মাতি চাব খোজা হ’ল। মুঠতে মই এইকেইদিনতে বিখ্যাত হৈ গৈছোঁ। তাতে এটা দিগদাৰো নোহোৱা নহয়। ৰোল নং মাতিলেই উঠিবলৈ সদায় প্ৰস্তুত হৈ থাকিব লগা হ’ল।এখন কাণ সদা সক্ৰিয়। ঠিকটো নাই কেতিয়া মোক মাতি দিয়ে।
সেইদিনাও কেমেষ্ট্ৰীৰ ক্লাছত ছাৰে কিবা এটা নোট লিখাই আছিল। ময়ো খুব মনোযোগেৰে লিখি আছোঁ দেই। চকুকেইটা মাজে মাজে পিৰিক পাৰাক বাহিৰলে যায়। সেইটো একো ডাঙৰ কথা নহয় বাৰু। ছাৰে কৈ গৈছে, আমি লিখি আছোঁ। কেইশাৰীমান লিখি হৈছেহে তেনেতে ছাৰে মোক মাতিলে মানে মোৰ ৰোল নংটো মাতিলে। “ৰোল নম্বৰ ২”। বুকুখন ধক্ কৰিলে যদিও খপ্ কৈ থিয় হৈ দিলোঁ। মনতে ভাবিছোঁ ছাৰে মোক চিনি নাপায়তো, চাব খুজিছে চাগে। কিন্তু ছাৰে যে মোলৈ চোৱা নাই। ইফালে কোনেও লিখাৰ পৰা মূৰ তোলা নাই। মোক মাতিলেতো হিচাপমতে সবৰে চকু মোৰ ওপৰতে হ’ব লাগে। মই হে প্ৰায় ১০০ ছাত্ৰ ছাত্ৰী থকা (তিনিটা বিভাগৰ ষ্টুডেণ্টৰ কেমেষ্ট্ৰীৰ পাছ কৰ্চৰ উমৈহতীয়া ক্লাছ) কোঠাটোত অকলে থিয় হৈ আছোঁ।
ছাৰ বুলি ডাঙৰকৈ মাতি দিলোঁ। সকলোৱে মূৰ তুলি চালে। মই ছাৰৰ মুখলে চাই আছোঁ! ছাৰে কি বা কয়।কেনেবাকৈ মই দুদিনমানৰ আগত কেমেষ্ট্ৰীৰ ল’ৰা এটাক মাৰিবলৈ লোৱা কথাটো গম পালে নেকি আক’।ছাৰেওচোন মোৰ মুখলে চাইহে আছে। একো কোৱা নাই। লগৰ ল’ৰা ছোৱালীবোৰেও এবাৰ মোলৈ চাইছে এবাৰ চাৰলৈ। কোনেও একো কোৱা নাই কিয়।সেইবুলি ময়ো মনে মনে থাকিমনে?
ছাৰ মোক কেলেই মাতিছে?
সুধিয়ে দিলোঁ যা। কেইচেকেণ্ডমানৰ নিৰবতা। ছাৰে আচৰিত হৈ মোলৈ চালে আৰু তাৰপিছত সামান্য হাঁহি ক’লে,
: অ’ তুমি! ৰোল নম্বৰ ২,বহা৷
মই ভবাটোৱে হয়। ছাৰেও মানে মোৰ কাহিনীবোৰ শুনি মোৰ লগত চিনাকি হৈছে। ইমানলৈকে ঠিকেই আছিল। তাৰপিছতে কিনো হ’ল জানো সবে গিৰ্জনি মাৰি হাঁহিবলে ধৰিলে। কিয়!! বেলেগ কথা নহয়তো। যতমানে গণ্ডগোল এই কেমেষ্ট্ৰীৰ ক্লাছটোতে হয়।কাষতে বহাজনীলৈ চাই ইচাৰা এটা দিলোঁ বোলো কথাটো কি? তাই ৰ’বই পৰা নাই।
: ধেই এইজনী কি হ’ল অ’?
মোৰ পৰা খোঁচ এটা খাই যেনেতেনে হাঁহিটো সামৰি তাই ক’লে,
: তোক উঠিবলৈ কোৱা নাছিল হেৰ’ Rule Number 2 লিখিবলৈ হে কৈছিল। কি ভাবি আছিলি লিখি থাকোঁতে। পাগলী!
ইচ্ হৈ গ’ল মানে নতুন কাহিনী।
☆★☆★☆
7:53 am
বিখ্যাত মানুহ দেখোন