গৰমৰ বন্ধ আৰু মোৰ কিছু অনুভৱ – গিতিমা দাস
গৰমৰ বন্ধ বুলিলেই সকলোৱে মামাকৰ ঘৰলৈ ফুৰিবলৈ যায়, কিন্তু মোৰ সেই সৌভাগ্য নহ’ল। কাৰণ মোৰ মামাৰ ঘৰ একেবাৰে ওচৰত, যাব খুজিলে দিনটোত কেইবাৰ অহা যোৱা কৰিব পাৰি আঙুলিৰ মূৰত হিচাব কৰিব লাগিব। আগৰ দিনৰ গৰম বন্ধ মানে স্কুল পঢ়া শুনা সকলো যেন এমাহৰ বাবে ধোৱাচাঙত। গৰম বন্ধ দিয়াৰ দিনটো বৰ ভাল লাগে। প্ৰাথমিক বিদ্যালয়ত থাকোতে ৩০ জুনৰ দিনা ৰাতিপুৱাই সোনকালে উঠি অলপ ফুল লৈ ৭:৩০ মান বজাত স্কুললৈ যাবলৈ হাহাকাৰ লগাওঁ। স্কুলত যে সেইদিনা বুট খোৱাই, তাৰো বৰ সুকীয়া সোৱাদ। আজিকালিৰ শিশুৱে সেয়া অনুভৱ কৰিব নোৱাৰে। মনটো ভাল লাগি থাকে হে গৰমৰ বন্ধ বুলি, তেতিয়াই আহে নহয় ছাৰ বাইদেউসকল গৰম বন্ধৰ কাম দিবলৈ। গৰম বন্ধৰ কামৰ প্ৰথমতেই থাকিব গোটেইকেইখন নেওঁতা কলপাতত লিখি অনা কামটো। আজিকালিৰ দৰে আমাৰ কোনোধৰণৰ গ্ৰীষ্মকালীন শিবিৰ নাছিল। বন্ধ মানে বন্ধই। বন্ধৰ প্ৰথম সপ্তাহটোত নেওঁতা লিখাৰ কামখিনি শেষ কৰিব পাৰিলেই ৰক্ষা। তাৰ পিছত আৰু কোনে পায়। দিনটো তলৌ তলৌকৈ ঘূৰি ফুৰোতেই যায়। কিমান যে কি কি খেল খেলিছিলো, এতিয়াও সেই দিনবোৰলৈ উভতিব পৰা হ’লে! আমাৰ গৰমৰ বন্ধৰ অনুভৱ আজিৰ গ্ৰীষ্মকালীন শিবিৰ আৰু পাব্জী (pubG) খেলা শিশুৱে অনুভৱেই কৰিব নোৱাৰে। হাইস্কুল পোৱাৰ পিছত গৰম বন্ধ দিয়াৰ দিনটো আৰু অলপ বেলেগ হ’ল, সকলোৱে পইছা তুলি গৰম বন্ধ খোৱা (খানা খোৱা) হ’লো। ফেনৰ ওপৰত ফুল থৈ দিওঁ, ছাৰ বাইদেউ আহিলেই ফেনখন চলাই দিওঁ। ফুলবোৰ ছাৰ বাইদেউৰ গাত পৰিলে কিমান যে স্ফূর্তি। বন্ধৰ মাহটোত এদিন এদিন কৈ গোটেই কেইজনী বান্ধৱীৰ ঘৰলৈ ভাত খোৱাকৈ যাওঁ। মই যিহেতু উত্তৰ গুৱাহাটীৰ, গতিকে এদিন দৌল গোবিন্দলৈ যোৱাৰ কাৰ্যসূচী ঠিক কৰো। বন্ধ দিয়াৰ দিনাই কোন দিনা ক’লৈ যাম ঠিক কৰি থওঁ। এইহেন ৰ’দত চাইকেল চলাইয়েই দৌল গোবিন্দ গৈ পাওঁ। লগৰ কেইজনীয়ে সদায় মোৰপৰা গালি খায়, কেতিয়াও সময়ত আহি নাপায়হি। ইফালে মই হ’লো সময়ৰ টিকনি আগফালে উৰা ধৰণৰ মানুহ। এইদৰে আমি লগ বন্ধু, পৰিয়ালৰ সৈতে গৰম বন্ধ পালন কৰিছিলো। আজিকালিৰ শিশুসকলক দেখি সঁচাকৈ অনুভৱ হয় আমি যে সিহঁততকৈ বহুত সুখী আৰু ভাগ্যৱান আছিলো।
☆★☆★☆