ফটাঢোল

তৃপ্তি –জিমী শ‌ইকীয়া

আঢ়ৈ বছৰীয়া পুত্ৰ গীতৰ কথাত হতচকিত হ’ল সীমা আৰু মন।দুয়ো দুয়োৰে চকুলৈ চালে ।আজি প্ৰথম সি এইকেইটা শব্দ কৈছে ।ফুটা নুফুটা শব্দ কেইটা শুনি হাঁহিও উঠিছে ।
ভাত খাবলৈ মন নকৰি দুষ্ট কৰি থকা গীতক ধমক দি খুৱাবলৈ চেষ্টা কৰিছিল সীমাই। সমান ধমক দিয়ে কণমানি গীতে আঙুলি টোৱাই মাকক ক’লে,”কেনা,থুটমালনি।নাকাওঁ যা।”
ভাত খাই থকা মন কোনোমতে চৰ্চণি নোখোৱাকৈ ৰ’ল।
“ক’ত শিকিলে ই।আমাৰ ঘৰততো কোনেও এনেকৈ নকয়।”
“তাকেইতো।এইবোৰ কোনে শিকাইছে বাৰু ইয়াক !”
“দেউতাৰ আগত নক’লেই ৰক্ষা আৰু! দেউতাই বেয়া পাই এইবোৰ ।”
এনেকৈ আৰম্ভ হৈছিল গীতৰ সংস্কৃত ভাষাবোৰ । গীতৰ আমনি বুলিবলৈ নাই ।দেখিলেই একোলা ল’বলৈ মন যায় । মাক,দেউতাকৰ অলক্ষিতে ওচৰৰ দুই এজন মহাপুৰুষ মিলি ল’ৰাটো বনাই পেলাইছে । শুনিবলৈ ভাল লাগে ।
গীতৰ ককাক নাম থকা মানুহ ।হেই বুলি ক’বলৈও ভাবিব লাগে। ৰং চাই ভাল পোৱা পাপু,ৰুবুহঁতে এইবোৰ শিকায়। সময়ে সময়ে আখৈ ফুটাদি ফুটে ।সদায় নতুন নতুন শব্দ ।
“সীমা, তুমি ল’ৰাটো ৰাজহুৱা কৰিলা।যাৰ তাৰ লগত দি দি এনে কৰিলা।ল’ৰাটো চম্ভালিব নোৱাৰা।”
“তেনেকৈ ক’লেই হ’লনে?তুমিতো স্কুললৈ গুচি যোৱা ।তাক লৈ মই কাম কৰিব নোৱাৰো । কোনোবাই অকনমান চাই দিলে কাম এটা আগবাঢ়ে।দেউতায়ো নোৱাৰে ৰখাব।”
“মান -সন্মান যাব কোনোবা দিনা।মানুহেতো চিধাই ঘৰৰ পৰিবেশ বেয়া বুলি ভাবিব ।”
“তুমি পাপুহঁতক মানা কৰিব নোৱাৰা নেকি ?সদায় মৰ্টন,চিপচ দেখুৱাই এইবোৰ শিকাইছে।”
“কেনেকৈ কৰোঁ বাৰু ।শুনি ভাল লাগে বাবে ময়ো আগতে বেলেগৰ ল’ছালিক শিকাইছিলোঁ।”
“বেচ হৈছে ।এতিয়া নিজৰটোকো শিকাই লোৱা ।”
“শুনি ভালো লাগে কিন্তু ।”
তেনেতে আগফালে কাৰোবাৰ মাত শুনা গ’ল।
“বোৱাৰী অ’।আমাৰ বোধ আহিছে ।
সীমা ওলাই গ’ল।বোধ খুৰা মনৰ দেউতাকৰ সহকৰ্মী আছিল ।তিনি কি.মি.মান আতঁৰত তেওঁৰ ঘৰ ।বয়স হৈছে যদিও ডেকা ।পুতক দুজন পৰিয়াল লৈ টাউনত থাকে চাকৰিসূত্ৰে।সফল পিতৃ বোধ মাস্টৰ চাইকেলখন লৈ মাজে মাজে ওলাইহি।
তেওঁলোকক কথা পাতিবলৈ কৈ সীমা ভিতৰত সোমাইছিল মাত্র । খেলি থকা গীত তাতে ওলালগৈ।
তেনেতে আগফালে শুনা গ’ল”কেনা, বননী”
“কি”
“চুটমালনি বান কাকা”
দৌৰ মাৰি আগফালে আহি দেখে যি ভয় আছিল তাকে হ’ল কঁকালত হাত দি গীতে ককাকক গালি পাৰিছে।
ককাক হতবাক।লাজো পাইছে তেওঁ ।
“কি ক’ব শিকিছে অ’ এইবোৰ ।”
সীমাই কিবা এটা কয় মানে বোধ মাষ্টৰে হা: হা: কৈ হাঁহিব ধৰিলে। তেওঁ আকৌ ক’ব কয় আৰু সিও কৈ শুনায়।
ইফালে মাক,দেউতাকৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাওঁ।ককাকো অপ্ৰস্তুত হৈছে সহকৰ্মী বোধৰ ওচৰত ।
মনে উপায় নাপায় দবিয়াই উঠিল ।
“ৰ’বা হে মন বোপা। তাক ধমক নিদিবা।কিনো বুজিছে সি।”
নহয় ছাৰ । আপুনি কি ভাবিব বাৰু ।”
“একো নাভাবো মই। বুজিছোঁ এয়া কোনোবা টিউচন মাস্টৰৰ কাম।”
“এৰাহে বোধ।ময়ো আজিহে শুনিলোঁ ।”
হঠাতে বোধ মাস্টৰৰ চকু সেমেকি উঠিল । থোকাথুকি মাতেৰে তেওঁ ক’লে”তুমি বৰ ভাগ্যৱান হে নবীন । চকুৰ আগত নাতি দেখিছা। ফুটো নুফুটো মাত শুনি তৃপ্তি পাইছা। মই চোৱা তিনিটা ল’ৰা ছোৱালীৰ বাপেক হৈও নাতি নাতিনীক ডাঙৰ কৰিবলৈ নাপালোঁ । সিহঁতৰ সৰু সৰু সুখত হহাঁৰ আনন্দ নাপালোঁ ।এওঁয়ো কয়।”
“দুখ নকৰিবা বোধ।”সান্ত্বনা দি নবীন মাস্টৰে ক’লে।
” ভাগ্য লাগিব বুজিছা । এইবোৰ কেইদিন ক’বনো?
এৰা শুনিবলৈও ভাল লাগে ।বুজা হ’লে নকয় নহয়।”
“ককা পইথা দিয়া মটন কাম।” বেয়া শব্দ কেইটা ক’লেই মৰ্টন পাব বুলি ভাবে অবুজন গীতে।
গভীৰ মৰমেৰে আকোঁৱালি চুমা এটা খাই দিলে মাস্টৰে।গীতেও টপককৈ চুমা এটা ককাৰ গালত আঁকি দিলে । পৃথিৱীৰ সমস্ত সুখত কোমল হৈ পৰিছিল একালৰ খঙাল মাস্টৰ নবীন কটকীৰ মুখখন ।
আজি সীমা আৰু মনৰ আচৰিত হোৱাৰ পাল। মনৰ চকুত ভাঁহি আছে সৰুতে মাকক এইজনী বুলি কোৱাৰ বাবে ভৰ দুপৰীয়া পদূলিত আঠুকাঢ়ি থকা দৃশ্যটো ।
“সঁচাকৈয়ে সীমা, মৰমৰ শেষ নাতি বুলি এনে নকয়।” – মনে লাহেকৈ সীমাক ক’লে।

☆★☆★☆

5 Comments

  • কমল তালুকদাৰ

    বৰ সুন্দৰ গল্প ! ভাল লাগিল ।

    Reply
  • Anonymous

    মই ও কৰোঁ এইটো কাম।।ভাল লাগে শুনি।।

    Reply
  • বৌম জমনি লাগে ঐ সৰু বাচ্ছাৰ মুখত শুনিলে

    Reply
  • হেমন্ত কাকতি৷

    খটৰনাক গল্প দেখোন জিমি! ভাল লাগিল হিম্মতৱালী৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *