ফটাঢোল

চোৰ প্ৰশিক্ষণ কেন্দ্ৰ, সম্ভাৱনাৰ এখন সোণালী দুৱাৰ – নৱজিত বৰ্মন

হয়তো আপুনি শুনি আচৰিত হৈছে কিন্তু অসম তথা ভাৰতৰ লগতে সম্পূৰ্ণ পৃথিৱীতে চুৰি কাৰ্য এটা ভাল স্বনিয়োজনৰ পথ। সকলোতকৈ ভাল কথা হ’ল চোৰ হ’বলৈ কোনো মূলধনৰ প্ৰয়োজন বা কেঁচামালৰ প্রয়োজন নহয়। ১00% ই আপোনাৰ লাভ। কিন্তু পৰিতাপৰ বিষয় যে, আজিলৈ চৰকাৰে এই বিষয়ত কোনো গুৰুত্ব প্ৰদান কৰা নাই যাৰ ফলত ইমান সম্ভাৱনা থকা স্বত্বেও এই ব্যৱসায় ঠন ধৰি উঠিব পৰা নাই।

যদি আমি ‘স্কিল ইণ্ডিয়া’ৰ দ্বাৰা কম্পিউটাৰ, মেকানিক প্ৰশিক্ষণ দিয়াৰ নিচিনাকৈ চোৰৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ, তেনেহ’লে ভাবকচোন আমাৰ কিমান নিবনুৱাৰ জীৱিকাৰ পথ প্ৰশস্ত হ’ব। কাৰণ চোৰ কৰিব যোৱা প্ৰতিজন চোৰ স্কিলড্ চোৰ নোহোৱাৰ ফলত বিভিন্ন অসুবিধাৰ সৃষ্টি হয়।

সমস্যা সমূহ:—
১.অভিজ্ঞতাহীনতাৰ বাবে ৰাইজৰ হাতত ধৰা পৰে আৰু প্ৰাণহানিৰ আশংকা।
২. তলা আদি খোলাৰ কিটিপ নজনাৰ বাবে দৰ্জা, আলমাৰী আদিৰ অতিৰিক্ত ক্ষতি।
৩. কেতিয়াবা পৰিস্থিতিৰ বাবে উত্তেজিত হৈ গৃহস্থক আক্ৰমণ আৰু প্ৰাণহানিৰ আশংকা।
আৰু বহুতো।

সেয়েহে আমি বিচাৰোঁ চোৰসকলে চুৰ কৰাৰ বাবে যাতে কোনোধৰণৰ জীৱনৰ ক্ষতি নহয় তাৰবাবে চোৰসকলৰ বাবে উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হওক।
তলত উল্লিখিত সাম্ভাৱ্য প্ৰশিক্ষণসমূহ:–

১.গাড়ী চোৰ – য’ত চাবি নোহোৱাকৈ কেনেকৈ গাড়ী ষ্টাৰ্ট কৰাৰ পৰা ক’ত কেনেকৈ বিক্ৰী কৰিব লাগে সকলো প্ৰশিক্ষণ দিয়া হ’ব।
২. পকেট মাৰ – মানুহৰ মুখ চাই পকেটত কিমান পইচা আছে তাৰ পৰা আৰম্ভ কৰি কেনেকৈ পলাব লাগে বা ধৰা পৰিলে মূর্ছা যোৱাৰ অভিনয় কৰালৈ সকলো সাঙুৰি লোৱা হ’ব।
৩. খিড়িকী চোৰ– গ্ৰাউন্ড ফ্লোৰৰ পৰা আৰম্ভ কৰি সুউচ্ছ অট্টালিকাৰ খিড়িকীৰে কেনেকৈ মোবাইল লেপটপকে ধৰি আন আন মূল্যবান বস্তু চুৰ কৰিব পাৰি তাৰ ওপৰত এলানি কৰ্মশালা।
৪. ঘৰ/দোকান চোৰ – ফিল্ড ষ্টাডী, য’ত মালদাৰ টাৰ্গেট নিৰ্ধাৰণ কৰা হয়, টাৰ্গেটৰ গতি-বিধিৰ ওপৰত অধ্যয়ণ কৰাৰ পৰা আৰম্ভ কৰি তলা খোলা, cctv বিকল কৰা, মূল্যৱান বস্তু চিনাক্তকৰণ, বস্তুৰ উচিত বজাৰ চিনাক্তকৰণ সকলো সাঙুৰি লোৱা হ’ব।
সিন্ধি খন্দা, বেৰ কটা ধৰণৰ পুৰণা ছিলেবাচ আঁতৰোৱাৰ বাবে দাবী জনোৱা হ’ল।
৫. কলচেণ্টাৰ চোৰ – ইয়াৰ বাবে আপোনাৰ কথা কোৱা স্কিল, স্পকেন ইংলিছ আদি লগতে ফোনত মানুহক বুৰ্বক বনাই কেনেকৈ অনলাইনত একাউণ্টৰ পইচা চুৰ কৰিব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ।
ইয়াৰ উপৰিও কেইটামান উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব। য’ত ছফ্টৱেৰ ইঞ্জিনিয়াৰ আদিক হেকিঙৰ দ্বাৰা চুৰ কৰা শিকোৱা হ’ব। লগতে চাকৰি কৰা মানুহৰ বাবে ঘোচ লোৱা, ডুপ্লিকেট বিল বনোৱা, আদিৰো প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব।

অৱশেষত ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰক অনুৰোধ অনতিপলমে ‘স্কিল ইণ্ডিয়া’ৰ দ্বাৰা এই বিষয়টোৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক আৰু নিবনুৱা সকলক জীৱিকাৰ পথ প্ৰশস্ত কৰক।

টোকা: চুৰ কৰা আইন মতে বৰ্তমানলৈ অপৰাধ। চুৰ কৰি গৰু পিটন খালে ইয়াৰ বাবে লিখক দায়ী নহয়।

☆★☆★☆

3 Comments

  • হেমন্ত কাকতি

    হাঃ হাঃ, স্কিল ডেভেলপমেন্টৰ কিবা স্কীমৰ আণ্ডাৰত ইয়াক ইয়াক অন্তৰ্ভূক্ত কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিলো৷

    Reply
  • হিৰণ্যজ্যোতি দাস

    সুন্দৰ আইদিয়া ৷

    Reply
  • Anonymous

    মজা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *