ফটাঢোল

বেলনা মাৰি বনাম ৰুটি মেকাৰ — ৰূপলেখা দেৱী

শ্ৰীমতী বৰুৱাৰ বেচ কিছুদিনৰপৰাই মনটো বৰ ভাল নহয়। ঘৰুৱা কামবনৰ হেঁচাই মানুহজনীৰ কঁকাল একেবাৰে বেকা কৰি দিছে। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰা দি আলহীমখাৰ উৎপাত আছেই। বহু দিনৰপৰাই টিভিত ৰুটি মেকাৰটোৰে পটাপট ৰুটি বনোৱা কায়দাটো দেখি দেখি তেওঁৰো এনেকুৱা ৰুটি বনোৱা মেচিন এটা কিনি আপোন কৰি ল’বলৈ প্ৰবল হেঁপাহ। কিমাননো আৰু পুৰণিকলীয়া বেলনাযোৰ হেঁচি হেঁচি পুৱাৰপৰা ৰাতিলৈ কমেও তিনিবাৰকৈ ৰুটি সোপা বনাব। এতিয়া শয়নে সপোনে বৰুৱানীৰ কেৱল ৰুটি মেকাৰহে ৰুটি মেকাৰ। মন কৰিলেই চন, এইবাৰ শ্ৰীমান বৰুৱাক খাতিৰ নকৰি বৰুৱানীয়ে কেইদিনমানৰপৰা চলি থকা বাণিজ্য মেলাৰপৰা নিজেই গৈ লৈ আহিল এটা লেটেষ্ট মডেলৰ‌ ৰুটি মেকাৰ। বৰুৱাৰ ঘৰত আৰম্ভ হ’ল ৰুটি মেকাৰৰ জয়যাত্ৰা। বৰুৱানীয়ে এইটো আনি মূৰত থলে ওকনিয়ে খা‌ব আৰু মাটিত থলে যেন পৰুৱাই হে খাব, এনে ধৰণৰ হুলস্থূল খন লগাই দিলে। বৰুৱাৰ আগত এইটোৰ যে কিমান গুণানুকীৰ্তন! বৰুৱাই মুখেৰে কিবা ক’লে কৌৰব পাণ্ডৱৰ নিচিনা ৰণ এখন লগাৰ ভয়তে একো মন্তব্য নিদিয়াই ভাল বুলি মোঁচৰ তলেদি ভ্ৰূকুতিৰ হাঁহি এটা মাৰি জিভাখন কোনোমতে সম্বৰণ কৰিলে। লগে লগে কেইদিনমান আগলৈকে অপৰিহাৰ্য হৈ থকা বেলনা মাৰিযোৰৰ এতিয়া এলাগী তিৰোতাজনীৰ লেখীয়া অৱস্থা হ’ল।

শ্ৰীমান বৰুৱাৰ ঘৰৰ বেলনা মাৰিযোৰৰ কথানো কি ক’ম! এসময়ত এলাৰ্ম ক্লকৰ নিচিনা পুৱাই বৰুৱানীয়ে ৰঙা চাহৰ আদা অকণ ঠেটালিবলৈ লোৱা বেলনা মাৰিৰ শব্দত গৃহস্থকে আদি কৰি ঘৰৰ আটায়ে‌ লৰালৰিকৈ শোৱা পাটি এৰিছিল। তাৰপিছত ৰুটি তৰকাৰীৰে গপচকৈ ব্ৰেকফাষ্ট কৰি সকলোৱে নিজৰ নিজৰ কামত লাগি যায়। আবেলিও একে ধৰণে লুচি দুখন মানেৰে চাহ কাপ খাবলৈও লাগিল বেলনাযোৰ। ইফালে শ্ৰীমানৰ পেটতো জোখতকৈ দুগুণ হোৱাত শ্ৰীমতীক কাঢ়া নিৰ্দেশ দিছে, দুখন মধ্যমীয়া আকাৰৰ ৰুটিৰে ৰাতিৰ সাঁজ যোগান ধৰিবলৈ। তাৰোপৰি মাজে সময়ে অহা আলহীক লুচি, আলু ভাজি, অমলেট আদিৰে আপ্যায়ন কৰাৰ কথাটো ক’বই নালাগে। এটা কথা কিন্তু মনে মনে কওঁ দেই – ৰাতি কেতিয়াবা বৰুৱানীৰ হাতৰ পৰশত বেলনা মাৰিডালে প্ৰাণ পাই উঠে আৰু ঔ কিললৈ ৰূপান্তৰিত হৈ‌ শ্ৰীমানৰ পিঠি শুৱনি কৰে।

কিন্তু এতিয়া যেন সেই ৰামো নাই আৰু অযোধ্যাও নাই। কেইদিনমান আগলৈকে পাকঘৰ শুৱনি কৰি অপৰিহাৰ্য হৈ থকা বেলনাযোৰে এতিয়া পইতাচোৰাৰ সৈতে ষ্টোৰ ৰূমতহে অৱস্থান কৰিছে।
☆★☆★☆

2 Comments

  • হেমন্ত কাকতি

    বঢ়িয়া কথা, পিচে বেলনা মাৰিৰ কোব তথাপিও বৰুৱাই সহ্য কৰি লব৷ কিন্তু মোৰ ভয় হৈছে, পুৰা ষ্টিলৰ ৰুতি মেকাৰটোৱেই যদি বৰুৱাৰ মূৰত বা পিঠিত পৰে কি হব?

    ভাল লাগিল কাহিনীটো৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া। বৰুৱাৰ পিঠিৰ ৰঙা ৰঙা দাগবোৰ আঁতৰিলনে?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *