কিয় খালোঁ বাৰু ঘটং – ভাস্কৰ বৰডেকা
অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়ৰ ঘটনা৷ প্ৰাইভেট স্কুলত পঢ়িছিলোঁ যদিও অংকত টিউচন ল’বলগীয়া হৈছিল৷ গ্ৰুপ টিউচন, ল’ৰা-ছোৱালী একেলগে, উৰনীয়া মন, এজনীৰ প্ৰেমত পৰি গ’লোঁ নহয়৷ কিন্তু একপক্ষীয়৷
মই পঢ়া স্কুলখনত মোৰ দূৰ সম্পৰ্কীয় ভাই এজনৰো তাইলৈ মন লাগিছিল৷ সি গম পালে যে মই তাইৰ লগত টিউচন কৰোঁঁ৷ সি তাইক পটাই দিবলৈ খাটনি ধৰিবলৈ ধৰিলে৷ বিনিময়ত মোৰ তাৰ নাটকত এটা পাৰ্ট দিব বুলি কওঁতে মান্তি হ’লোঁ৷
কিন্তু, সি মোক পোষ্টমেন বনালে৷ ময়ো মোৰ নামটো এডিট কৰি তাইক চিঠি দিবলৈ ল’লোঁঁ৷ পজিতিভ ৰিয়েকচন পালোঁ৷ লাড্ডু ফুটিবলৈ ল’লে মনত৷ হাঁহি মাতি কতাবলৈ ল’লোঁ কিছুমাহ৷ দুৰ্গা পূজাৰ সময় তেতিয়া৷ প্ৰাইভেটত পঢ়া হেতু তাই এদিন মোৰ অসমীয়াৰ নোটবুকখন ল’লে, মনৰ উৎসাহত দি দিলোঁ বহীখন লগতে এখন নতুন চিঠি৷
পাঁচ দিন পূজাৰ বন্ধ উপভোগ কৰাৰ পিছত টিউচনলৈ গৈ নোটবুকৰ সৈতে এনেকুৱা ঘটং খালোঁ নহয় যে…. পাঁচবছৰ পিছত তাইৰ বিয়ালৈ মাতিছিল কিন্তু নগ’লোঁঁ৷
( হাতৰ আখৰৰ কাৰণে ধৰা পৰি গ’লোঁঁ৷)
☆★☆★☆
9:23 am
তেতিয়াৰ পৰাই তপা ই
10:54 am
হাঃ হাঃ, ভাল লাগিল ভাস্কৰ৷
8:59 pm
সেইবোৰ চিন্তাতে চুলি পৰিল মানে