ফটাঢোল

গৰমদিনৰ টাইমপাচ – নৱজ্যোতি বৰা

দেওবাৰৰ দিনটো কিবা এলাহ এলাহ লাগি থাকে৷ আড্ডা মাৰি কিন্তু মজা লাগে, তেনেকুৱা সময়ত যদি নগেন আহি ওলাই সময় কেনি যায় গম পোৱাতো নাযায়েই ভিতৰৰ পৰা গা নোধোৱে নেকি বুলি পেচিভ ভইচত ক’লেও বহাৰ পৰা হেৰী দাং খাবই নিবিচাৰে৷

: নগেনক অহা দেখিয়েই মাত দিলোঁ, নগেন কোনফালে যাওঁ বুলি আহিলা?

: তোমাক কি মিছা ক’ম বোলো ঘৰৰজনীয়ে কালি ৰাতি অসমৰ ল’ৰাটোৰ খেল চাই এই পৰলৈকে শুই আছে গতিকে লালেই হওক বা বগাই হওক মুখখন ইয়াতে তিয়াই যাওঁ বুলি আহিলোঁ।

: হয় নেকি? হেৰা শুনিছানে? হেৰা?

আও জটজটনি শুনি ঘূৰি চাই দেখোঁ দুহাতত দুকাপ গৰম চাহ।

: শুনক, মানুহ আহিলে চাহ দিবলৈ মোক ক’ব নালাগে।

: হেৰা মাষ্টৰ মনে মনে খাই থকাই ভাল, বতৰ ডাৱৰীয়া যেন পাওঁ?

: বাৰিষাৰ বতৰ আৰু হেৰিহঁতৰ অন্তৰ একেইহে, কোন মুহূৰ্তত চকুৱে জুই ওলাই কোন সময়ত পানী ওলাই পেলাই নুমোৱাই ধৰিবকে নোৱাৰি? আমাৰ কথা আৰম্ভ কৰা।

: কথা মানে এই গৰম দিনত সময় কটোৱা এটা বুদ্ধি দিয়া, কামতো নায়েই পিতাইৰ দিনৰ মাটি লোকক কৰিবলৈ দিয়াৰ পৰা বৰ আৰাম হ’ল বুজিছা?

: এটা বৰ ভাল বুদ্ধি আছে মই কৰোঁ, শুনা। আজিকালি যে সব বস্তু পোৱা দোকানবোৰ হৈছে তাত গৈ কালি এক মান বজাত সোমাই ল’লোঁ। সেইখন আকৌ ভিতৰত বহুত তলাতল বুজিছা আৰু ইমান ঠাণ্ডা। এবাৰ ওপৰলৈ এবাৰ তললৈ, এবাৰ আকৌ ওপৰৰ পৰা ওপৰলৈ, এনেকৈ কৰি আছোঁ। কাপোৰ বিচাৰিব লগীয়া ঠাইত বিচাৰোঁ বটল, পুৰুষৰ কাপোৰৰ ঠাইত বিচাৰোঁ হেৰীৰ ব্লাউজ, এনেকৈ ৪ ঘণ্টা কৰি আকৌ আহি পইচা দিয়া দীঘল শাৰীটো বাছি লৈ ৬৯/- টকাদি বটল এটা কিনি আনিলোঁ। এইডাল গৰমত ৪ ঘণ্টা ঠাণ্ডা খালোঁ ই কি ধেমালি কথা লগতে সময়খিনিও পাৰ হ’ল।

: হ’লেও ঠাণ্ডা লওঁতে সিহঁতক কিন্তু খালি বটলটোৰ পইচা দি আহিলা তুমি। মোৰ ঠাণ্ডা লোৱাৰ কাহিনী শুনা,
মোৰ আকৌ তন-মন-ধন নে কি কয় বেংকত খাটা এখন আছে, তাৰ কাৰণে তাচ পাতৰ নিচিনা এখন এ.টি.এম দিছে। বুজিছা মাষ্টৰ পাণ দোকানৰ নিচিনা ঘৰ এটাৰ পৰা পইচা ল’ব পাৰি। হেৰা মাষ্টৰ তোমাক বুলিহে ক’লোঁ প্ৰথম গৈছোঁ, মোৰ হাল বাই থকা দিনৰে কথা, ভাগৰো লাগি আছিল, কি কম মাষ্টৰ মই ক’ত সোমালোঁ? চকী এখন আছিল তাত বহি কেতিয়া টোপনি গ’ল গমেই নাপালোঁঁ৷ তেতিয়াৰ পৰা গৰম লাগিলেই তালৈকে যাওঁ, বুদ্ধিটো তোমাক বুলিহে ক’লোঁ।

: এ বঢ়িয়া বুদ্ধি দেখোন এইটো তোমাৰ। ঘৰৰ এখন ফেনৰ বিল কমিল শুবও পৰিলা। এদিন মই কি কৰিলোঁ কওঁ ৰ’বা….

ঠাণ্ডা খোৱাৰ কথাবোৰ যিমানেই পক ধৰিছে গৰম চাহ আৰু একাপৰ আগ্ৰহ সিমানেই উপজিছে। ভিতৰত অৰ্ডাৰটো দিওঁ বুলি ভাবোঁতেই মোৰ ল’ৰা দুটাৰ মাকে আহি যিটো মোচনত গা ধুবলৈ ক’লে নগেন অলপ দিন অহাই নাছিল। মানে গৰম ভালকৈয়ে পৰিল।
☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *