ফটাঢোল

বিভ্ৰাট–কৰবী দত্ত

ফোনটো হাতত লওঁতেই টুং কৈ বাজি উঠিল। মেচেঞ্জাৰত মেছেজ আহিছে। এইখিনি সময়ত কোননো হ’ব পাৰে সুৰঞ্জিতাৰ বাহিৰে? হয়, সুৰঞ্জিতাই হয়। ফোনৰ স্ক্ৰিনত এশাৰী প্ৰশ্নবোধক চিন। বুজিলোঁ; মই কি কৰি আছোঁ সুধিছে। শুবলৈ লৈছোঁ বুলি উত্তৰ দিয়াৰ লগে লগে আকৌ এটা মেছেজ। আজি কিছুদিনৰ পৰা আমাৰ এইটো অভ‍্যাসেই হৈ পৰিছে। মেছেঞ্জাৰত দীঘলীয়াকৈ কথা পতা।

সুৰঞ্জিতাক মই আজিলৈকে লগ পোৱা নাই। কিন্তু আমাৰ বন্ধুত্বই ইতিমধ্যে চাৰিমাহ অতিক্ৰম কৰিছে। প্ৰথমে তায়েই ফেচবুকত বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াইছিল। মোৰ দৰেই তাইৰো কোনো প্ৰফাইল ফটো নাছিল। তাইৰ প্ৰফাইলটো ভালকৈ চাই বুজিছিলোঁ – তাই গান ভাল পায়, কবিতা ভাল পায়। মই তাইৰ বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ।

লাহে লাহে আমি কথা পাতিবলৈ লৈছিলোঁ। নাঃ, প্ৰেমৰ কথা নাছিল সেইবোৰ। কিন্তু ইজনে সিজনৰ ভাল লগা বেয়া লগাবোৰ জানি গৈছিলোঁ। আৰু তেনেকৈয়ে আমি ইজনে সিজনৰ ওচৰ চাপি গৈছিলোঁ। সুৰঞ্জিতাৰ মেছেজ নাপালে মোৰ মনটোৱে উচপিচাবলৈ আৰম্ভ কৰিছিল।

কোনো ছোৱালীৰ লগত মই কেতিয়াও ইমান কথা পাতি পোৱা নাই। হায়াৰ চেকেণ্ডাৰী পঢ়ি থকা কালত আমাৰ লগৰ বাসবীয়ে পাকে প্ৰকাৰে কেইবাবাৰো তাইৰ মোৰ প্ৰতি থকা দুৰ্বলতাৰ কথা বুজাবলৈ চেষ্টা কৰিছিল। বাপৰে! ডাঠ কাঁচৰ চশমা পিন্ধা, ক্ষীণ-মীণ ছোৱালীজনীক প্ৰেমিকা হিচাবে কল্পনা কৰিবলৈও ভয় লাগিছিল মোৰ। আমাৰ লগৰ সৌৰভে মোক বুজাবলৈ চেষ্টা কৰিছিল – বাসবীৰ দৰে ছোৱালী এজনী মই কেতিয়াও বিচাৰি নাপাম। তাৰ কথা মই হাঁহি হাঁহি উৰুৱাই দিছিলোঁ। ইঞ্জিনীয়াৰিং পঢ়াৰ কালতো আমাৰ একেলগৰ ৰূপশ্ৰী আৰু এবছৰ জুনিয়ৰ আস্থাৰ মোৰ প্ৰতি থকা দুৰ্বলতাৰ উমান পাইছিলোঁ। ৰূপশ্ৰীৰ নামটোৰ লগত তাইৰ চেহেৰাৰ অকণো মিল নাছিল। আস্থা আছিল তেনেই চাপৰ। ওহোঁ, এজনীকো মোৰ ভাল লগা নাছিল। ইঞ্জিনিয়াৰীং পাছ কৰি তেল কোম্পানীৰ এই চাকৰিটোত সোমোৱাৰ পাছত মায়ে লাহে মোৰ বিয়াৰ কথা চিন্তা কৰিবলৈ লৈছিল। কিন্তু সেই বিবাহযোগ‍্যা ছোৱালীবোৰৰ কোনোবাজনী লেংপেংকৈ ওখ, কোনোবাজনী চাপৰ, কোনোবাজনীৰ চুলি চুটি, কোনোবাজনী ক’লা, কোনোবাজনী আকৌ শেঁতা পৰা বগা।

আজি ছমাহমানৰ আগতে এদিন মায়ে মোক দেউতাৰ বাল‍্য বন্ধু অজিত পাঠক খুৰাৰ ছোৱালী অনুসূয়াৰ কথা কৈছিল। মই একে আষাৰেই না কৰি কৈছিলোঁ – তাই পঢ়া-শুনাত একেবাৰে ভাল নহয় মা। মায়ে মোক বুজাবলৈ চেষ্টা কৰিছিল – সংসাৰ এখন সুকলমে চলাবলৈ কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নালাগে। অনুসূয়াৰ দৰে ছোৱালী পাবলৈ ভাগ‍্য লাগিব বুলি মায়ে কৈছিল।

মাৰ কথা মিছা নহ’বও পাৰে, কিন্তু সাধাৰণ বি এ পাছ ছোৱালী এজনীক অন্ততঃ মই পত্নী হিচাপে গ্রহণ কৰিব নোৱাৰোঁ। তাৰ কিছুদিনৰ পাছতেই সুৰঞ্জিতাৰ সৈতে ফেচবুকত মোৰ চিনাকি।

আজি সুৰঞ্জিতাক মই প্ৰথমবাৰৰ বাবে লগ পাম। চকুৰ চিনাকি নোহোৱাকৈয়ে মই তাইৰ প্ৰেমত পৰিছোঁ। গান-কবিতা-ফুল ভালপোৱা ছোৱালীজনীক লগ পোৱাৰ আগমুহূৰ্তত মই ভিতৰি ভিতৰি উৎকণ্ঠিত হৈ আছোঁ। ডেফডিল ৰেষ্টুৰেণ্টৰ এচুকত থকা টেবুলখনত সমুখত একাপ কফি লৈ মই বহি আছোঁ। পাঁচ বাজিবলৈ এতিয়াও অলপ সময় বাকী। মেছেঞ্জাৰত কথা হোৱা মতেই মই বগা চাৰ্ট পিন্ধি আহিছোঁ। সুৰঞ্জিতাই নীলা টপ আৰু জিনছ পিন্ধি আহিব।

ঠিক পাঁচ বজাৰ লগে লগে ডেফ’ডিলৰ দুৱাৰখন লাহেকৈ খুলি নীলা টপ আৰু জিনছ পিন্ধা যিজনী ছোৱালী সোমাই আহিল তাইক দেখি এনেকুৱা এটা চৰ্চৰণী খালোঁ যে কাপৰ পৰা আধামান কফি গৈ মোৰ বগা চাৰ্টটোত পৰিল। এইজনীচোন ৰঞ্জিতা! আমাৰ চুবুৰিৰ ভোলা দোকানীৰ জীয়েক! চাপৰকৈ শকত , দেখিবলৈ একেবাৰে বেয়া ছোৱালীজনীয়ে চাৰিবাৰকৈ মেট্ৰিক দিও পাছ কৰিব পৰা নাই। কিন্তু তাইতো মোক ভালদৰেই চিনি পায়। তেন্তে তাইনো মোক কিয় ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল? তেতিয়াহে মনত পৰিল – ফেচবুকত মোৰ নিজৰ নামটো ৰাজদ্বীপৰ সলনি ৰাজ বুলিহে দি থৈছোঁ।

ৰঞ্জিতা আহি মোৰ ওচৰ পায়হি মানে মোৰ অৱস্থা ফাঁট মেলা বসুমতী, পাতালে লুকাওঁৰ দৰে হ’ল।

☆★☆★☆

3 Comments

  • হিৰণ্যজ্যোতি দাস

    হা হা হা ৷ জমালে দেই ৷

    Reply
  • নীলাক্ষি দেৱী ডেকা

    জমনি! ভাল লাগিল পঢ়ি

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ জমনি কেচ দেখোন!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *