বানপানী ৰাজনৈতিক ইছু হৈ থাকক – ধ্ৰুৱজ্যোতি চেতিয়া আকাশ
বৰ্তমান বাৰিষা কাল। সকলো ফালে মূষলধাৰে? ঔ বৰষুণ। যাৰ ফলত নৈপৰীয়া এলেকাবোৰত বানপানী হৈছে। এই সমস্যাটো সমাধান কৰিব নে ৰাজনৈতিক ইছু বনাব তাক লৈ বৰ ডাঙৰ সমস্যা হৈ থিয় দিছে ৰাজনৈতিক ৰজা মহাৰজাসকলৰ আগত। কাৰণ যদি বানপানীৰ দৰে সমস্যাটো সমাধান কৰি দিয়া হয় তেন্তে অনাগত দিনত মূল কি ইছু লৈ ভোট বিচাৰি যাব নৈপৰীয়া অঞ্চললৈ। বানপানীৰ ইছুটোত ভোটৰ যিমান মূল্য আছে অন্য ইছুবোৰৰ ইমান মূল্য নাই বানাক্ৰান্ত অঞ্চলত। পিচে বানপানীৰ সময়ত ৰাইজৰ ওচৰলৈ খবৰ ল’বলৈ গ’লে ৰাইজৰ ৰোষত পৰাৰ ভয় আছে৷ কিন্তু আমাৰ মহান ৰজা মহাৰজাসকলে পাৰে বানপানীক ৰাজনৈতিক ইছু বনাবলৈ কিয়নো তেওঁলোকৰ আছে এটা বহল মন আৰু আভিজাত্যৰ সপোন৷
প্ৰথমে, বানপানী হোৱা অঞ্চললৈ গৈ ৰাজনৈতিক ৰজাসকলে তাৰে স্থানীয় কেইজনমান প্ৰহৰী লৈ লাগি যায় ৰাজনৈতিক ইছু বনাবলৈ, তাৰ পিছত আমি দেখোঁ আৰু শুনো অনাগত নিৰ্বাচনত বানপানী সমস্যাটো এটা ৰাজনৈতিক ইছু হৈ নিৰ্বাচনী ইস্তাহাৰ শুৱনি কৰা আৰু ৰজা মহাৰাজসকল মুখত আখৈ ফুটাদি সমাধানৰ কথা কোৱা৷
বানপানী হোৱা অঞ্চললৈ গৈ প্ৰথমে আকাশৰ পৰা বান পৰিস্থিতি চাই ৰজা মহাৰজাসকলে সাফল্যৰ হাঁহি মাৰে৷ তেওঁলোক যে আহিছিল চাবলৈ ঢোল তাল পিটিতো ৰাইজক শুনাব লাগিব তাৰ বাবে নিউজ চেনেলকেইটাৰ আগত বৰ বৰ আচনিৰ কথা কয়। আকৌ কিছুমানে আৰু এখোজ আগুৱাই গৈ অন কেমেৰাৰ আগত ঘৰিয়ালৰ চকুলো টোকে৷ এনে কৰিলে ৰাইজৰ অন্তৰবোৰ সোনকালে কোমলে। বানাক্ৰান্ত ৰাইজৰ লগত প্ৰতি ক্ষণতে আছোঁ বুলি ফোপযহী মাৰি ৰাতি শীত তাপ নিয়ন্ত্ৰিত কোঠাত পাৰ কৰে৷ অৱশ্যে এই ক্ষেত্ৰত যিমানে ৰাজ মহাৰজা একেলগে উপস্থিত হৈ ফোপযহী মাৰিব পাৰে সিমানে কামত সফল হয়। কিয়নো নৈপৰীয়া সহজ সৰল ৰাইজৰ কোমল ব্ৰেইনে বেছি দূৰলৈ কথাবোৰ ভাবিব নোৱাৰে৷
যদি ৰাইজক আৰু অলপ তৈল মৰ্দন কৰিব বিচাৰিছে তেন্তে ন’ প্ৰব্লেম৷ দুই তিনিজন বিষয়া কৰ্মচাৰীক আন্য ঠাইলৈ বদলি দি দিয়ে৷ ৰজাও সুখী, ৰাইজো সুখী৷
ৰাজনৈতিক ৰজা মহাৰজাসকলে সৈন্য সামন্ত লৈ নিজ হাতে গৈ বানাক্ৰান্ত লোকসকলৰ মাজত খাদ্য বিতৰণ কৰি ৰাইজৰ মন জয় কৰিবলৈ বিচাৰে। তাতে যদি দামি দামি বস্তু দিয়ে কথা নাই৷ আৰু ৰাজনৈতিক ৰজা মহাৰজাসকলেতো বাতৰিৰ শিৰোনাম দখল কৰিলে তেওঁলোকৰে টি আৰ পি বাঢ়ে। তেওঁলোকে বানাক্ৰান্তৰ বাবে কি কৰিছে সেই কথা নিউজ চেনেলকেইটাৰ আগত ফোপযহী মাৰোঁতে অন্য দলসমূহে কি কৰিছে তাক লৈ খোঁচটো মাৰিবলৈ নেৰে৷
বানপানী সমাধানৰ সূত্ৰ বিচাৰি মহাৰজাসকলে চাৰি পাঁচজন বিষয়া লৈ শীত তাপ নিয়ন্ত্ৰিত কোঠাত সোমাই চাহ মিঠা জুতি লয়৷ কি দৰে আৰু সৈন্য দুটামানক ধনী কৰিব পাৰি তাৰ সূত্ৰ আগবঢ়াই।
ইয়াৰ পিছতো যদি ৰাইজক সন্তুষ্ট কৰিব পৰা নাই তেন্তে তেওঁলোকে নিজকে কিছু বেলেগ পৰিচয় দিয়ে। যেনে বানাক্ৰান্ত ৰাইজৰ লগত একে লগে বহি খিচিৰি খাই৷ কোনোবা আইতা বা ককাক সাৱটি ধৰি কান্দে, মুঠতে ইত্যাদি।
অনাগত নিৰ্বাচনত জয়ী হোৱাৰ কথা আছে গতিকে মহাৰাজাৰ কাঢ়া নিৰ্দেশ সৈন্য সামন্ত লৈ বানপানী হোৱা কেইদিন ৰাতি নহ’লেও দিনৰ ভাগত ৰাইজৰ লগত থাকিব লাগে৷ নিউজ চেনেলত নিজ দলৰ টি আৰ পি বঢ়াব লাগে। যেনে তেনে বানপানী হোৱা কেইদিন পাৰ কৰিব পাৰিলেই হ’ল আৰু তাৰ পিছত বান সমস্যা এটা ৰাজনৈতিক ইছু বনাব পৰা হ’ব৷ ইছু হ’লে শাসকৰো ভাল হয় বিৰোধীৰো ভাল হয়। কেনেবাকৈ যদি ৰাইজৰ ৰোষত পৰি যায় তাৰ বাবে আগতিয়াকৈ ব্যৱস্থা কৰি থয় মানে নক’লেও বুজিছে নিশ্চয়।
বানপানী সমস্যাটো প্ৰতিটো নিৰ্বাচনত ৰাজনৈতিক ইছু বনোৱাত ৰজা মহাৰজাসকলৰ সাহসীকতাক কিন্তু আমি সন্মান জনাব লাগিব৷
বান পানী সমস্যাটো যদি সমাধান নকৰি ৰাজনৈতিক ইছু বনাব পাৰে তেন্তে ৰজা মহাৰজাৰ চকিখন কোনেও দখল কৰিব নোৱাৰে। যদি কোনোবাই দখল কৰিবলৈ চেষ্টা কৰিছে তেন্তে মাথাউৰিত দুই তিনি গাড়ী মাটি পেলাই দিছে আৰু আৰামত বহি আছে। চকিখনত বহি থকা মানেই টকাই টকা৷ তেওঁলোকৰ ওচৰলৈ যাবলৈ ভয় কৰে ইনকামটেক্স, চি বি আই আদিবোৰ৷
যি কি নহওক বানপানী সমস্যাটো এটা ৰাজনৈতিক ইছু হৈ থাকক৷ আমাৰ ৰজা মহাৰজাসকলে বানপানী সমস্যাটো সমাধানৰ বাবে কথাৰে ফুলজাৰি মাৰি থাকক! প্ৰতিশ্ৰুতি দি থাকক!
যদি বানপানী সমস্যাটো সমাধান কৰে তেন্তে কি ইছু লৈ বানাক্ৰান্ত ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ যাব অনাগত নিৰ্বাচনত। সেয়েহে সদায় শুভকামনা আছে বানাক্ৰান্ত ৰাইজৰ হৈ “বানপানী সমস্যাটো ৰাজনৈতিক ইছু হৈ থাকক৷”
(মই শতকৰা ১০০% গ্যেৰাণ্টি দি ক’ব পাৰোঁঁ, এই দৰে যদি ৰজা মহাৰজাসকলে কাম কৰি থাকে তেন্তে বানপানী সমস্যাটো এটা ৰাজনৈতিক ইছু হৈ থাকিব৷)
…