টিট ফৰ টেট — পৰশমণি কাশ্যপ
জাৰৰ দিন। ব্লেংকেটখন মূৰলৈকে টানি শুই আছিলোঁ। চাগে সাতমান বাজিছিল। বাহিৰত চিঞৰ-বাখৰ শুনি সাৰপাই গ’লোঁ। ভালকৈ কাণ উনালোঁ। মায়ে কাৰোবাক গালি দি আছে। সচৰাচৰ মায়ে কাকোৱেই গালি নিদিয়ে। এই পুৱাই পুৱাই কাৰ লগত কি লাগিলনো! এলাহ লাগিল। তথাপিও চুৱেটাৰটো গাত সুমুৱাই উঠি আহিলোঁ।
: এনে অসভ্য মানুহ থাকিব লাগেনে! মায়ে তেতিয়াও গালি দিয়ে আছে। দেউতা কি বাটত….
: কি হ’ল অ’ মা। কাক গালি পাৰি আছ?
: চাগৈ চোন বাটত। নতুন দেৱালখনত কোনোবাই তামোলৰ পিক্ পেলাই থৈছে।
: কি?
একে দৌৰে আহি বাট পালোহি। হয়, গেটৰ বাওঁফালৰ দেৱালখনত কোনোবাই তামোলৰ পিকেৰে ফুল তুলি থৈ দিছে। মনটো বেয়া লাগি গ’ল। ধেৎ তেৰিকা নতুন দেৱালখন দুদিনমান আগতেহে ৰং কৰিছিলোঁ। কোনে এই অপকৰ্মটো কৰিলে! চকু নাই নেকি! অজান দুষ্কৃতিকাৰীলৈ খং উঠিল। তাক বিচাৰি আনি ডিঙিটো মুচৰি দিবলৈ মন গ’ল। মনতে তাক এসোপামান গালি দিলোঁ। দেউতাই অজয় বৰ্তাৰ লগত কথা পাতি আছে। এই চকু চৰহা লেতেৰা মানুহবোৰৰ কথা পাতিছে।
: বাবা, ষ্টোৰৰূমৰ পৰা ৰঙৰ টেমাটো আনি ৰং মাৰি দে।
: হ’বদে৷
দেউতাক কৈ ঘৰলৈ আহিলোঁ। মায়ে নিজৰ কামৰ মাজে মাজে এতিয়াও ভোৰভোৰাই বকি আছে।
: হ’বদে মা, কিমান নো বকি থাকা। বাদ দে আৰু আৰু মই ৰং কৰি দিম এইখিনি।
: নবকিম! নতুন দেৱালখন লেতেৰা কৰি পেলালে। চকু কণা হ’ব তাৰ।
মাৰ উষ্মা এতিয়াও মাৰ যোৱা নাই।
: হ’ব দিয়াহে। কোনোবাই চাগে ভুলতে পেলালে।
দেউতাও আহি ঘৰ সোমাল। ষ্টোৰত ৰং অকমাণ আছিলেই। মুখহাত ধুই চাহ খাই দেৱালৰ দাগটোৰ ওপৰত ৰং অলপ বোলাই দিলোঁ। দুদিনমান পাৰ হ’ল। আমি সকলোৱে ঘটনাটো পাহৰি গ’লোঁ। কিন্তু এদিন পুৱা আকৌ সেই ঘটনাৰ পুনৰাবৃত্তি হ’ল। আকৌ পুৱা মাৰ গালিত সাৰ পাই গ’লোঁ। এইবাৰ লগত দেউতাও। দুয়ো এইবাৰ কাৰোবাৰ চৈধ্যগোষ্ঠী উজাৰি গুৱাল গালি দিছে। লৰালৰিকৈ উঠি আহি দেখিলোঁ আকৌ আগৰ জাগাতে তামোলৰ পিকেৰে চিত্ৰ আঁকিছে। বুজিলোঁ, কোনোবাই হিংসাতে কৰোঁ বুলি কৰিছে। কিন্তু নেদেখাকৈ কাক ধৰা যায়! আকৌ দাগটো মচি দিলোঁ। ওচৰ চুবুৰীয়া কাৰো লগতেতো আমাৰ কাজিয়া লগা নাই। সকলোৰে লগতচোন ভালেই। সিহঁতে কৰিব পাৰে বুলিওচোন ভাবিবলৈ টান লাগে! ক’ব নোৱাৰি পেটে পেটে কিবা জেদ থাকিবও পাৰে। দুপৰীয়া ভাতৰ পাতত মাক সুধিলোঁ,
: কাৰোবাৰ লগত কিবা কাজিয়া মতবিৰোধ হৈছিল নেকি এইকেইদিনতে?
: নাই দেখোন।
চিন্তাত পৰিলোঁ। কোনে এই কাম কৰিব পাৰে। তিনিআলিটোৰ মূৰতে আমাৰ ঘৰটো। এশমিটাৰমান দূৰত পাণ দোকানখন। আমাৰ ঘৰটোৰ কাষেৰে পাচশমিটাৰ গ’লেই নেচনেল হাইৱেটো। আমাৰ ঘৰৰ সমুখৰ পথটোৰেই ভিতৰৰ গাঁও তিনিখনৰ মানুহবোৰ অহাযোৱা কৰে। টাৰ্নিংটো ক্ৰচ কৰি আমাৰ ঘৰটো পাৰহৈয়ে চুবুৰিৰ নামঘৰটো। নামঘৰলৈ অহা ভকতবোৰে বা পাণদোকানত বহি আড্ডা দিবলৈ অহা ল’ৰাবোৰে যে নিপিকাই সেয়া খাটাং। ইতিমধ্যে তিনিবাৰমান মই ৰং কৰিব লগা হ’ল। দেউতা, মই, মা যিয়ে পাৰোঁ আজিকালি প্ৰায়েই চকু ৰাখোঁ। দিনটো ঠিকেই থাকে, কিন্তু সন্ধিয়া কোন তলকত পেলাই থৈ যায় একো তৎ ধৰিব নোৱাৰোঁ। ইতিমধ্যে মায়ে পাকে-প্ৰকাৰে চুবুৰিৰ চবকে সুধিলে, এইকাম কোনেও কৰা নাই। চিন্তাত পৰিলোঁ চলিউচন নাপাই। কোন এনে আমাৰ নতুন শত্ৰু ওলাল যাৰ দেৱালখন পচন্দ হোৱা নাই। দেউতাৰ বুদ্ধিমতে দেৱালখনত আৰ্টপেপাৰ এখনত স্কেট্চ পেনেৰে লিখি ওলোমাই দিলোঁ, “বুৰি নজৰৱালে তেৰা মুহ কালা। লোকৰ দেৱালত পিকোৱা কাম গাহৰিয়েহে কৰে।” বাটৰুৱাবোৰে বোৰ্ডখন পঢ়ি ঘূৰি ঘূৰি চাই। কি ভাবে নাজানো। পিছদিনা পুৱা উঠি দেখোঁ যে, কুকুৰৰ নেজ পোন হোৱা নাই। আমি লিখা কাগজখন ফালিচিৰি তলত পৰি আছে আৰু কিবাৰে ঘহি ঘহি লিখি থৈছে “আমি গাহৰি” আৰু তলত ধুনীয়াকৈ তামোলৰ পিকৰ ফুলদানি। ক’তে মৰোঁ মই! মূৰে কপালে হাত দিলোঁ। দেউতাই ক’লে,
: এনেকৈ নহ’ব। বেলেগ ব্যবস্থা কৰিব লাগিব।
: কি কৰিবি? থানাত এফ আই আৰ এখন দিম নেকি?
: কাৰ ওপৰত দিবি? পিকোৱা বুলি এজাহাৰ দিবলৈ গ’লে হাঁহিবহে।
: ৰহ নহ’লে! দুদিনমান চাওঁ ৰহ।
মায়ে আজিকালি খঙতে সেইফালে চাবলেকে এৰিলে। ৰাতিলৈ পুনৰ এখন পোষ্টাৰ লিখিলোঁঁ৷
: দেউতা, কোনোবাই আমাৰ লগত ধেমালি কৰি আছে।
: এনেকুৱা ফাল্টু মানুহো আছেনে।
ইতিমধ্যে এইবোৰ কথা এটা জোকচ্ৰ দৰে চুবুৰিটোত বিয়পি পৰিল। মানুহবোৰৰ বাবে বেচ আমোদৰ খোৰাক হৈ পৰিছে ঘটনাটো। ময়ো আমোদ নোপোৱা নহয়। সদায় যি লিখি থওঁ, ৰাতিপুৱা তাৰ উল্টাটো ওলাই। ভালকৈ বুজিছোঁ, কালপ্ৰিট ওচৰৰে কোনোবা। কিন্তু চব শিক্ষিত আমাৰ এই চুবুৰিটোত কোননো মুখাপিন্ধা ভদ্ৰলোক ওলাল সেয়াহে ভাবি নাপাওঁ। আজিকালি এই ঠাণ্ডাৰ দিনতো ৰাতি দেউতা আৰু মই এঘাৰমান বজালৈকে ৰাষ্টাত পহৰা দিওঁ। কিন্তু কোনো কালপ্ৰিট ধৰা পৰা নাই এতিয়ালৈ। চাগে আমি শুৱাৰ পিছত কোনোবাই কামটো কৰে। ইতিমধ্যে দেৱালখনৰ অবস্থা চাব নোৱাৰা হৈ গৈছে। বহুত দূৰৰ পৰা ৱালপেপাৰ মৰা যেন লগা হৈছে। এদিন ৰাতি সাৰপাই বাহিৰলৈ উঠিলোঁ। একমান বাজিছিল তেতিয়া। সৰুপানী চুই থাকোঁতে হঠাৎ মনত পৰিল দেৱালখনৰ কথা। লগেলগে ৰাষ্টালৈকে ওলাই গ’লোঁ। মই যোৱা দেখি কোনোবা এটা ভিৰাই লৰ মৰা যেন লাগিল। গেটখন পাৰহৈ দেখিলোঁ কোনো নাই, একদম নিস্তব্ধ চাৰিওফালে। দেৱালৰ কাষত পৰি থকা কাগজখন চালোঁ, লিখা আছে “ৰং কেতিয়াকৈ কৰিবি? ঠাই নায়েই আৰু।” খং উঠি গ’ল। কোনো নাই যেতিয়া লাজ নালাগে চাল্লা। ঘৰলৈ উভতিবলৈ লৈছোঁহে, হঠাতে চকুত পৰিল সমুখৰ বলেন খুৰাহঁতৰ বাৰান্দাৰ লাইটটো পটকৈ নুমাই গ’ল। আমাৰ ঘৰৰ ফালে চালোঁ, কাৰেণ্ট যোৱা নাই। অলপ সময় তভক মাৰি ৰ’লোঁ মই। ঘৰলৈ আহি শুই থাকিলোঁ। ৰাতিপুৱা চাহ খাই থাকোঁতে কথাটো ক’লোঁ মা-দেউতাক। দুয়ো হতভম্ব। জকজকাই উঠিল মা। “কুকুৰৰ ইমান সাহ।” মা চোতাল পালেই।
: ৰচোন মা। চিঞৰ-বাখৰ নকৰ। একো প্ৰমাণ নাই আমাৰ হাতত।
: কি কৰিবি এতিয়া?
দেউতাৰ চকুত প্ৰশ্নবোধক।
: আজি ৰাতিটো বাট চা। দি আছোঁ চুঙা চাই সোপা।
: কি কৰিবি তই?
মায়ে সোধে।
: গম পাবি দে।
কৈ বাহিৰলৈ ওলাই আহিলোঁ। ৰাতি হোৱালৈ অপেক্ষা কৰিলোঁ। আজি যেন সময়বোৰ নাযায় হে নাযায়। বলেন খুৰাৰ কথা ভাবি আচৰিত হ’লোঁ মই। চৰকাৰী বিভাগ এটাৰ কেৰাণী। ইমান খেচেৰা নে তেওঁ। খুৰীমাজনী দেখোন ভাল। দুজনী ছোৱালী নিতু আৰু মিতু নাইনত আৰু ছিক্সত পঢ়ে। বলেনখুৰা মানুহটো অলপ চকুচৰহা বুলি জানো, কিন্তু ইমান বদমাচ বুলি ভাবিব পৰা নাছিলোঁ। কাৰোৱেই একো ভাল দেখিব নোৱাৰে। যদি কোনোবাই গাড়ী কিনিছে ক’ব, সেইটোনো কি কথা। ময়ো কিনিব পাৰোঁ ফাইনেঞ্চত। কিন্তু নিকিনে। কাৰোবাৰ ল’ৰাটোৱে যদি ভাল ৰিজাল্ট কৰিছে ক’ব, টিউচনৰ জোৰতহে গৈছে। কোনোবাই কাৰোবাৰ জীয়েকৰ প্ৰশংসা কৰিলে ক’ব, ইস্ কিয় হ’ব। মই তাইক নিজেই দেখিছোঁ অমুক ল’ৰাটোৰ লগত ঘূৰি থকা। সেই লৈ খুৰীমা প্ৰায়েই মানুহৰ আগত লাজত পৰিব লগা হয়।
ৰাতি ভাত-পানী খাই তিনি বজাৰ এলাৰ্ম দি শুই থাকিলোঁ। পুৱালৈ বাহিৰত হুলস্থূল শুনি সাৰ পাই গ’লোঁ। বাৰাণ্ডাৰ পৰাই শুনিলোঁ, বলেন খুৰাৰ খুৰীয়ে চিঞৰি চিঞৰি কাৰোবাক গালি পাৰি আছে। কাষত বলেনখুৰা সেমেনাসেমেনিকৈ থিয় দি আছে।
: কি হ’ল খুৰীমা। কাক গালি পাৰিছেনো?
ৰাষ্টালৈকে ওলাই আহিলোঁ।
: নকবা বুজিছা পলাশ। কোনোবাই আমাৰ ৱালখনতে এসোপামান তামোলৰ পিক পেলাই থৈছে। উহ ৰাম, যোৱামাহত ৰঙ কৰিছিলোঁহে।
: নক’ব বুজিছে, কোনোবা নটৰিয়াজ আহিছে ইয়াতে। আমাৰ দেৱালখন চেচ কৰিলে, এইবাৰ আপোনালোকক ধৰিলে।
কৈ কৈ ঘৰলৈ আহিলোঁ। চাহৰ টেবুলত মা আৰু দেউতাই মুখত সোপা দি পেট বিষাই যোৱাকৈ হাঁহিছে। মোক দেখি মা হাঁহি হাঁহি বাগৰি পৰিল।
☆★☆★☆