প্ৰতিপক্ষ – দীপাঙ্ক বৰা
হেলমেটটো মূৰত সুমুৱাই খেল পথাৰৰ ভিতৰত খোজ দিবলৈ লওঁতেই কলেজ টিমৰ কেপ্তেইনে পিঠিত ঢকিয়াই ক’লে,
: তই যেনেতেনে এক ৰাণ লৈ আজাদক ষ্ট্ৰাইক দি দিবি৷ ভয় নকৰিবি৷
চাল্লা! ভাল ভাল গোটেইকেইটা বেটচমেনে ছয় সাত ৰাণ কৰি পেভেলিয়নলৈ ঘূৰি আহিছে; ইফালে জিকিবলৈ তেতিয়াও নব্বৈ ৰাণ লাগে৷ আঠটা উইকেট গ’লেই। হৰাটো প্ৰায় নিশ্চিত। এতিয়া কেপ্তেইনে মোৰ পিঠিত ঢকিয়াই সাহ দিবলৈ আহিছে! আনহাতে নিজে এক ৰাণ কৰিয়েই আউট হ’ল। ক্ৰিজৰ ফালে আহি থাকোঁতে মোৰ ক্ষীণ-মীন, ছুটি-চাপৰ চেহেৰা দেখি প্ৰতিপক্ষৰ ছোৱালীতো বাদেই আমাৰ কলেজৰ কেইজনীয়েও চিঞৰা আৰম্ভ কৰিছে৷ “অ’ ভাইটি পকেটত ডাঙৰ শিলগুটি এটা ভৰাই লোৱা৷ নহ’লে বতাহত উৰি যাবাা৷”
আজাদে আগবাঢি় আহি পিঠিত চপৰিয়াই ক’লেহি,
: চাই চিতি খেলি যা৷ আমাৰ মখা নিজৰ দোষত আউট হৈছে৷ বলত একো নাই৷ হাৰিলেও মাৰ্জিনটো কমাব পাৰিলে নিজৰে ভাল লাগিব৷
আজাদ দুটা উইকেট যোৱাৰ পাছতে ক্ৰিজলৈ আহিছিল। চল্লিশ-পঞ্চলিশ ৰাণ মান কৰিলে হ’বলা সি। মনে মনে ভগৱানৰ নাম লৈ গাৰ্ড ল’লোঁ। কিবাকৈ অলপ ৰাণ কৰিব পাৰিলেও…হে’ ভগৱান…! ক্ৰিকেটত মোৰ পূৰ্বৰ অভিলেখ একো ভাল নহয়৷ বেছিভাগ খেলতে মই বাৰ নম্বৰ হিচাপে গ্লুক’জ পানী বিলোৱাৰ দায়িত্বহে পালন কৰোঁ। প্ৰেকটিছ মেচবিলাকতো দহ বাৰ ৰাণৰ ওপৰত কৰি পোৱা নাই৷ আজিহে আমাৰ টিমৰ আটাইতকৈ ভাল বেটচমেন ৰমেনে ভৰিত দুখ পাব লাগেনে! জিকিব লগা খেল হ’লেও বেলেগ কথা আছিল।
যি কি নহওক সিটো দিশৰ পৰা খাওঁ খাওঁ মূৰ্তি ধৰি দীঘলীয়া ৰাণ আপ লৈ দৌৰি আহি থকা বিপক্ষৰ বলাৰটো দেখি গা শিৰশিৰাই গ’ল৷ চাই থাকিবলৈ ভয় লাগিছিল। তথাপি মৰসাহ কৰি চকু মেলি আছিলোঁঁ৷ বলটো কোনফালে আহে চাবলৈ। চিধা আহিলে দেহত বা ষ্টাম্পত লগাৰ আশংকাই বেছি৷ ওলাল তাৰ হাতৰ পৰা ৰঙা বলটো৷ অফ ষ্টাম্পৰ বাহিৰ৷ বেটখন বাহিৰলৈ উলিয়াই চুব খুজিছিলোঁ যদিও নালাগিল৷ ‘গুডবল’ বুলি শ্লিপাৰ আৰু উইকেট কিপাৰৰ হাত তালি। আজাদে ওচৰলৈ আহি ক’লে,
: অদৰকাৰী বল চুবলৈ নাযাবি৷
আজাদ মোৰ ভাল বন্ধুও৷ তাক টেন্সন হৈছে বুলি খোলাখুলিকৈ কওঁতে সি চুইংগাম এটা দি ক’লে,
: কিহৰ টেন্সন? বলটোক সিদিনা তোৰ প্ৰপজেল ৰিজেক্ট কৰা হৰিণী নয়নাজনী বুলি ভাবি ল আৰু দে লগাই ভালকৈ দুকোবমান৷
হাঁহি উঠি গ’ল আজাদৰ কথাত। পিছৰ বলটো চিধা আহি ভৰিতে খুন্দিয়ালেহি৷ হাউজ..ডেট..বুলি বিকট চিঞৰ দুটামান শুনি গাটো চেবাইছিলেই। পিচে আম্পায়াৰ নিৰ্বিকাৰ হৈ থকা দেখি ভাল লাগিল৷ আজাদে ক’লে,
: নেৰিবা বন্ধু৷ তাই আহি ভৰিত পৰিলেও নেৰিবা।
পিছৰ বলটো লেগ ষ্টাম্পৰ সামান্য বাহিৰৰ৷ আউট হোৱাৰ সম্ভাৱনা নেদেখি ঘূৰালোঁ বেটখন৷ বলটোৱে গতি সলাই তীব্ৰবেগত ফাইন লেগ বাউন্দেৰিৰ বাহিৰলৈ দৌৰ মাৰিলে। উস ৰক্ষা! শূন্যৰ নিষ্ঠুৰ হাতোৰাৰ পৰা মুক্তি লভিলোঁ। অভাৰ শেষ। পাছৰ অভাৰটোত আজাদে চিক্স এটা মাৰি হাফ চেঞ্চুৰি কৰিলে। দহ অভাৰ বাকী আছিল৷ ৰাণ লাগে আশী৷ আইপিএলৰ হিচাপত জুখিলে অসম্ভৱ নহয় যদিও মোৰ দ্বাৰা যে আজাদে ইমান দূৰলৈ খেল আগবঢ়াব পাৰিব আশা কম। দেখা যাওক কি হয়৷ মোৰ পাছত আছে ৰাজু৷ সি বেটিঙত মোতকৈও অধম৷
বলাৰ সলনি হ’ল। ওখ স্বাস্থ্যবান ল’ৰাটোৱে বলটো লৈ ৰাণ আপৰ বাবে বহু দূৰলৈ গৈ থাকোঁতে ভাবিলোঁ, ধেৎ চাল্লা! ইহঁতৰ লাহে লাহে বল দিয়া মানুহ নায়েই নেকি?যত চব অসুৰৰ দল৷ ৰূদ্ৰমূৰ্তি ধৰি দৌৰি আহি থকা বলাৰটো দেখি আজাদে কোৱা হৰিণী নয়নালৈ মনত পৰিল। চৰ্ট পিট্চৰ বল। বপুৰাই বাউন্সাৰ কৰে। মেজৰৰ প্ৰেকটিকেলৰ বহীখন খোজোঁতে তাইৰ কি মিহি মাত৷ দুদিনৰ কাৰণে তোমাৰ বহীখন দিবা নেকি? দিম আহ ভালকৈ৷ হুক …লেগ আম্পায়াৰৰ মূৰৰ ওপৰেদি গৈ বল বাহিৰত৷ চিক্স! হৰিণী নয়নাৰ যহত।
“ঐ মই দুদিনমান কলেজ আহিব নোৱাৰিম৷ মাহীৰ বিয়া৷ পিছত তোমাৰ পৰা নোটচ্বোৰ লৈ ল’ম হাঁ৷” তাই মোৰ বহীখন ল’ব বুলিয়েই আখৰবোৰ সাৱধানে পৰিপাটি কৈ লিখিছিলোঁঁ৷ প্ৰথম বলতে চিক্স মৰা দেখি পিছৰ বলকেইটা সাৱধানে কৰিছিল৷ তাৰ মাজতো দৌৰি দৌৰি আজাদ আৰু মই ছয় ৰাণ ল’লোঁ। ন অভাৰ বাকী৷ আঠষষ্ঠি ৰাণ লাগে। আজাদে ফ’ৰ এটা মৰাৰ পাছত আৰু এক ৰাণ কৰি শেষৰ বল দুটা মোক খেলিবলৈ দিলে৷ কলেজ শেষ হৈ আহিছিল৷ “ঐ তাৰ আগতেই তাইক প্ৰপজ কৰি কথাটো হেস্ত-নেস্ত কৰি ল৷” অলপ দিন থেৰোগেৰো কৰি থাকোঁতেই গ’ল। শেষৰ বল দুটা কোন পিনে গ’ল তৰ্কিবই নোৱাৰিলোঁঁ৷ কলেজৰ সময়বোৰো গৈ আছিল৷
আজাদ পয়সত্তৰ ৰাণ কৰি ৰাণ আউট হৈ গ’ল। দুই অভাৰ বাকী৷ ছাব্বিছ ৰাণ লাগে৷ মোৰ ব্যক্তিগত ৰাণ পয়ত্ৰিশ মান হ’ব। দহ নম্বৰত ৰাজু বেট ধৰিবলৈ আহিয়েই ক’লে,
: কি দোস্ত! মাল চাল টানি আহিছ নেকি৷ প্ৰাইমেৰী স্কুলৰ চাৰে কোবোৱাৰ নিচিনাকৈ কোবাই আছ যে বলটো৷ মই কিন্তু তই কোবালে দৌৰাৰ বাহিৰে বেলেগ একো হেল্প কৰিব নোৱাৰোঁ।
ডিগ্ৰী থাৰ্ড ইয়েৰৰ ক্লাছ শেষ হৈছিল। নোটচ্ আৰু প্ৰেকটিকেলৰ বহীৰ আদান প্ৰদানো শেষ হৈছিল। কলেজৰ পৰা ফেয়াৰ ওৱেল দিছিল সেইদিনা৷ “কি কৈছা? ভাল পোৱা! মোক তুমি! নাই ভাই মই তোমাৰ কথা কোনোদিন তেনেকৈ ভবাই নাই৷”
দীৰ্ঘদেহী বলাৰটোৱে জোৰেৰে মোৰ ফালে বলটো দলিয়াই দিছিল৷ “তেনেহ’লে মোৰ পৰা নোটচ্ খোজাৰ সময়ত মোক কোনটো কালাৰৰ চাৰ্ট পিন্ধিলে ভাল লাগে, নতুবা লেনিয়াই কালি কিয় নাহিলা, কিবা অসুখ হৈছিল নেকি কিয় সুধিছিলা? এতিয়া স্বাৰ্থ পূৰণ হৈ গ’লতো!” পৰম আক্ৰোশৰে অফ ষ্টাম্পৰ বলটো স্কোৱেৰ কাট কৰিছিলোঁ। যেন এপাত কাণ তলীয়া চৰ হৰিণী নয়নাৰ গালত। খঙ উঠিছিল নিজৰ ওপৰত। কি দৰকাৰ আছিল নিজৰ সন্মান নিজেই নষ্ট কৰিবলৈ৷ উৰহৰ খঙ ভগা ঢাৰিত জৰাৰ দৰে বিপক্ষৰ বলাৰটোক জুখি জুখি প্ৰহাৰ কৰিছিলোঁঁ৷ সাতটা বল বাকী৷ দহ ৰাণ লাগে৷ ৰাজু আগবাঢ়ি আহি ক’লে,
: দোস্ত এক ৰাণ লৈ ষ্ট্ৰাইক তোৰ হাততে ৰাখ দেই। মোক ভৰষা নকৰিবি৷
“তোমালোক ল’ৰাবোৰ যে কি নহয়, ছোৱালী দেখিলেই প্ৰেমত পৰিবলৈ ৰৈ আছে বুলি ভাবা৷” চকু দুটা মেল খাই আছিল যদিও আন্ধাৰ আন্ধাৰ লাগিছিল৷ বলটো কেনি গ’ল ধৰিবই নোৱাৰিলোঁঁ৷ ৰাজুলৈ চালোঁঁ৷ খঙ উঠিছিল তাৰ৷ সি বেট ধৰিব লাগিব৷ আগবাঢ়ি গ’লোঁ। দোহাৰিলোঁ আজাদৰ গুৰু মন্ত্ৰ,
: একো নাই দোস্ত৷ বলটোক অলপদিন আগতে পেটু বুলি তোক ৰিজেক্ট কৰা বতাহীজনী বুলি ভাবি ল আৰু লগাই দে দুচাট মান৷
অলপ পিছত দেখিলোঁঁ ৰাজুৱেও পৰম আক্ৰোশৰে নিৰ্দয়ভাবে বলটোক প্ৰহাৰ কৰি বাউন্দেৰীৰ বাহিৰলৈ থেলি দিছে৷ প্ৰয়োজনীয় দহ ৰাণ কৰিও তাৰ খঙ কমা নাছিল৷ চিঞৰ বাখৰৰ মাজত পেভেলিয়নলৈ খোজ লওঁতে সি ক’লে,
: তই কথাটো অলপ আগতেই মনত পেলাই দিব নোৱাৰিলি? আৰু দুচাট মান দিব পাৰিলোঁহেঁতেন৷
☆★☆★☆