ফটাঢোল

অনিমন্ত্ৰিত অতিথি – ধূৰ্জ্জুটি কাকতি

ল’ কলেজৰ ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছিলোঁ‌৷ ক্লাচ আবেলি হৈছিল। এদিন কলেজলৈ গৈ গম পালোঁ‌ আমাৰ লগৰ এজনীৰ বিয়া৷ লগৰ মানে ক্লাচৰহে লগৰ। মাত বোল কেতিয়াও হোৱা নাই৷ বিয়াত আমাক মতাও নাই৷ তেতিয়া আকৌ কলেজীয়া দিন, বিয়া খাই বৰ ভাল লাগে৷ যি নহওক বিয়াত মতা নাই যেতিয়া কিনো কৰিম, মনৰ আশা মনতে লৈ থাকিলোঁ‌। গধুলি দেখিছোঁ‌ বিয়াত মতা ভাগ্যবান ল’ৰা কেইটাই ভাল ড্ৰেছ পাতি কৰি আহিছে৷ আমাৰ আগত পুৰা ভিআইপিৰ দৰে ভাও এটা দিছে। সিহঁতি কলেজৰ পৰা চিধা বিয়ালৈ যাব৷ এনেতে গ্ৰুপৰ এটাই ক’লে “ব’ল আমিও বিয়া খাই আহোঁ‌৷” প্ৰথমে ক’লো “ধেই নমতা বিয়া কিয় খাম।” এটাই ক’লে, “আজিৰ পাছত এনেও দেখা নেপাওঁ, লগৰে ছোৱালী বিয়া খোৱাতো আমাৰ কৰ্তব্য৷” যুক্তিটো বৰ এটা বেয়া নেলাগিল, যুক্তিত চেণ্টিমেণ্টেল হৈ গ’লোঁ‌৷ গতিকে সকলোৱে বিয়াত যোৱাতো নিৰ্ণয় হ’ল৷ বিয়াত মতা এটাই বঢ়িয়া ড্ৰেছ কৰি গিফ্ট লৈ আহিছিল। তাক ক’লো, “ব’ল তোৰ লগতে যাওঁ, আমি গিফ্ট নিকিনিলেও হ’ব৷” সি যি চাৱনি দি পলাল এনেকুৱা লাগিল তাৰ যেন কিডনিহে খুজিছোঁ‌৷ গতিকে আমি নমতাকেইটাই উপায় নেপাই খালি হাতেৰে একেলগে বিবাহ বাহৰলৈ বাট ল’লোঁ‌, হাতত গিফ্ট একো নাই, গতিকে বিয়াত সোমাই কইনাক মাত দিয়াৰ সলনি চিধা খুঁ‌টা এটাৰ কাষত লুকালোঁ‌৷ কইনাই দূৰৰ পৰা দেখিছিল, অলপ চালে যদিও আমাৰ ফালে ইমান মন নকৰিলে৷ পিচে কামোৰ দিলে ভিডিও ৰেকৰ্দিং কৰাটোৱেহে। আমাক চেলিব্ৰিটিৰ নিচিনাকে ভিডিও কৰাত লাগিল, কিন্তু কেমেৰাটো দেখি আমাৰ এনেকুৱা লাগিছিল যেন গাড়ীত মদ খাই থাকোতে নিউজ চেনেলৰ কেমেৰাই আহি ধৰিছেহি, ৰঙা ৰঙা চিনৰ মাজত আমাৰ চেহেৰা দেখুৱাব৷ যিমান পাৰো মূৰ তলৰফালে কৰিলোঁ‌, যাতে চেহেৰা দেখা নেপায়৷ নিৰ্দ্দিষ্ট সময়ত খাবলৈ মাতিলে৷ ৰখা ৰখি নাই, চিধা দৌৰ দিলোঁ‌৷ খাই বৈ হোৱাৰ পাছত এটাই ক’লে, “ব’ল কইনাক মাত লগাই যাওঁ৷” প্ৰথম বিয়াত অহাৰ যুক্তি দিয়াটোৱে ক’লে “আমাক বিয়াত মতাই নাই কি মাত দিম আৰু।” তাৰ এইটো যুক্তিও আমি সমৰ্থন কৰিলোঁ‌। আৰু চিধা গুছি আহিলোঁ‌, চিন্তাও নাই কইনাক কেতিয়াও লগ নেপাওঁ, বিয়াৰ পাছত কলেজতো নাহে৷

পাছে এক মাহমান পাছত এদিন কলেজত আদ্দা মাৰি থাকোঁ‌তেহে সমস্যা হ’ল, কোনোবাই হঠাৎ চিঞৰিলে, অমুক আহিছে( কইনাজনী)৷ লগালগ তাই নেদেখিবলৈ নমতাকে বিয়া খোৱাকেইটা কোনোবা খুঁ‌টাৰ পাছফালে কেনোবা মানুহৰ পাছফালে, কেনোবা গাড়ীৰ পাছফালে, যি য’ত পাৰে কোন ক’ত লুকাইছে একো ঠিক নাই৷ পাৰ্কত দেটিং মাৰি থাকোঁ‌তে নিউজ চেনেলৰ কেমেৰা আহিলে মানুহৰ যি অৱস্থা হয় আমাৰো একে অৱস্থা হৈছিল৷ তাই কলেজত থকা সময়খিনি আমি লুকায়ে থাকিলোঁ‌৷ কলেজৰ পৰা যোৱাৰ পাছতহে লুকোৱা জেগাৰ পৰা ওলালোঁ‌৷ পাছ আমি লুকাইছিলোঁ‌ কিয় আজিও ভাবিলে হাঁহি উঠে৷ কইনাইতো আমাক নমতাকৈ বিয়া খোৱা কাৰণে পাৰ প্লেটৰ দাম এনেও নুখুজিলে হয়৷

☆★☆★☆

9 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *