দেতা আৰু বিজুলি বাতিৰ সেই সময় – অসীমা শইকীয়া দত্ত
কাৰেণ্ট আহিলেই লেম চাকিবোৰ নুমুৱা অভ্যাসতো দেতাৰ অসমলে কাৰেন্ট অহা দিনতে গঢ় ল’লে। দাদাই তাকে ক’লে দেতাই দমদমাই “লাইটৰ বিল তোৰ বাপেৰে দিব। গোলামৰ জাত কেইটকা ঘটি পাইছ। বাপেৰৰ গচিতো আছে যে।” সিফালে কাৰেণ্ট আমাৰ ঘৰলে অহাৰ দিনাই মায়ে সৱ লেম চাকি ববৌক দি পঠাইছিল। “নবৌ কাৰেণ আহিল এইবোৰ আমাক নেলাগে আউ। লৈ যক।” ৰাতিলে যেতিয়া কাৰেণ্টে ডবা কোবাওতেই সন্ধ্যা লাগোতেই ভমক কে আমাক এৰি গুছি গ’ল। গোটেইখন আন্ধাৰ দেখি দেতাৰ চিঞৰ, “লেম চাকি আজিও কোনেও ফিট নকৰিলি হঁতনি ঐ। জ্বলা কিবা এটা।” মায়ে কৈছে, “ওৱৱৱ কাৰেণ যাইওনি মই আকৌ লেম চাকি নহ’লেও হয় বুলি সৱ নবৌক দি পঠালোঁ নহয়।” দেতাৰ দমদমনিত আন্ধাৰতে
মায়ে মোক লৈ চাকি লেম আনিবলে ববৌৰ ঘৰলে দৌৰিছে। তাত গৈ গম পাওঁ ববৌয়ে চাকি দুটা জীয়েকৰ ঘৰলে পেজেন দিলে। মায়ে লেম দুটাকে লৈ আহিল। ববৌয়ে সুধিছে, “তহঁতৰ কাইন তো বেয়া হলনি মাকন।” মাৰ উত্তৰ দিবলে সময় নাই। “কাৰেণ যাইওনি” বুলি কোৱা মায়ে পিছলে ক’বলে ল’লে “কাৰেন থাকেওনি।”
পিছে কাৰেণ্ট গ’লেই লেম চাকি নুমোৱা দেতাৰ উৎপাতত আমাৰ বিলৈ নোহোৱা হ’ল লাহে লাহে। এদিন বাহিৰৰ ৰূমতে দেতাই থৈ দিয়া চাইকেলখনতে বাৰ কলেজৰ তিতা ছাটিতো মেলি থৈছিল। কাৰেণ্ট থাকোঁতেই লেম্প নুমুৱা দেতা সেই ৰুমেদি বাৰণ্ডালে আহিছিল। হঠাৎ গ’ল কাৰেণ্ট। আন্ধাৰত এটাই শব্দ শুনিলোঁ চুইইইইত। দেতাৰ গগন ফলা চিঞৰ “কিৰণ বেগাই আহ অ মোক চুইতে পালে।” আমি সৱ ভয়ত পেপুৱা হৈ লাইন পাতিলোঁ কি চুইইত। সিফালে গোটেই আন্ধাৰ লেম চাকি সোপাই নুমাই থৈছিল কাৰেণ্ট থাকোঁতেই দেতাই। আমি ৰেলৰ ডবাৰ দৰে লাইন পাতি দেতাক বচাবলে বাট ল’লোঁ। দেতাই চিঞৰিয়ে আছে “অঅ চুইটে পালে আহ হঁত অ।” সৱতকে আগত খুৰা তাৰ পিছত দাদা তাৰপিছত মা আৰু আমিবোৰ। মাৰ পিছৰ জনী কোনজনী বা নেজানো চুইতৰ ভয়ত মাক খামুচি ধৰি মাৰ কিলাকুটিৰ খুন্দাত কৰ্ফাল খাই পৰি আমাৰ পিছৰ লাইনতো কপ্লিঙ চিঙা ৰেলৰ দৰে ট্ৰেক সলনি কৰিলোঁ।
জেগাত দেতাক বিচাৰি খুৰাৰ চিঞৰ “অ কাইদৌ কাইদৌ কেনি আছা।” তেনেতে শুনো ধেৰৰৰেম। আয়ৌ বালক গাত কি পৰিল অ বুলি দেতাৰ ৰাউ চিঞৰ। পৰিৱেশতো আৰু জয়াল হৈ পৰিছে। মই চুইইত ভুতৰ কথা ভাবি বহাতে কান্দিছোঁ। সিফালে আকৌ ধেৰেম ভুত। আমি তিনিজনী এঠাইত এনুৰা হৈ বহি ভয়ত পেপুৱা। খুৰাই তেনেতে চিঞৰিছে “বাবা ধৰ অ মোক কিহবাত ভৰি সোমাল উঠিব নোৱাৰা হ’লো।” সিফালে দেতাৰ চিঞৰ “মোক চুইটে হেঁচা মাৰি ধৰিলে অ তহঁতে কি চাই আছ।” হঠাৎ কি ভগৱানৰ কৃপা আহিল কাৰেণ্টটো। ভমককে জ্বলিলত দেখোঁ, ছাতি এটাৰ সৈতে জোটাপুতি লাগি দেতা পৰি থকা চাইকেল এখনৰ তলত। চাইকেলৰ ওপৰত খুৰা স্পকত ভৰি সুমুৱাই ধৰফৰাই আছে।
দাদাই সিহঁতৰ বিলৈ চাই আগধৰি হাঁহি লৈছে। সিফালে মাৰ ৰূদ্ৰ ৰূপ “আৰু লেম চাকি নুবাব। এই মানুহটোক কোনেও নুতুলি পাওঁক শিক্ষাটো। বান কেৰেপটোলে আহি জীৱনটো চেচ অ মোৰ।” দেতাই চাইকেলৰ তলৰ পা কৈছে …”ভায়েৰৰ ঘৰত থাকোঁতে বৰ সিংহাসনত উঠি আছিলি তই। মৰিবলে জেগা নোপোৱাতি।”
………………কাৰেণ্টটো লোৱাৰ পিছত মাৰ অকমান ফুটনি বাঢ়িছিল কথাবোৰত মন কৰিছিলোঁ। নামঘৰৰ পা গোপিনী লাইন পাতি আহিছিল “বাইদেউহঁতৰ কায়েনতো চাওঁগে।” মায়ে বাউসি দুটাই উঠাই যিটো লেবেলত লাইটৰ চুইটছ্ দিছে …যেন কোনোবা মিটিঙত পতাকা উত্তোলন কৰিছে তেখেতে… বাকীসকলে জ্বলা লাইটতো চাই জন গণ মন অধি গাবলে বাকী। বুন্দিয়া ভুজিয়াৰে চাহ খুৱাই কাৰেণ্টৰ পাৰ্টিও চলিল বাৰণ্ডাত। মায়ে তাৰ পিছৰ পৰা দিনৰ কথা বৰকে নপতাই হ’ল লগৰবোৰৰ আগত। ৰাতি কাৰেনটোৰ পোহৰত বেজিত গুলি ভৰাই কাপোৰ চিলোৱালেকে ফুতনিত জিভা তল ওপৰ। কাৰেণ্টৰ আৱিস্কাৰক, লাইটৰ বাল্ব আৱিস্কাৰক দুজনে হয়তো সৰগৰ পৰা মাক চাই নিজৰ আৱিস্কাৰত ধন্য হৈছে।
জীয়েকৰ ঘৰৰ কাইনটো চাবলে বুলি আহিল এদিন মাৰ মাক জনী। দেতাৰ ওচৰত ফুল লেবেলত থকা আইতাজনী। আইতাক দেখি দেতাই কৈছে …”বানানা… কাৰেণ্টৰ আচল বাল্বতো এতিয়াহে ওলাইছেহি। কাইলে মানে পুতেক ফিউজ বাল্বটোও ওলাবহি (মানে মামা)জয়ৰাম মৰ। এইজাকক পুহোতেই আটিছে কাৰেণে চাৰেণে ফেচেলিতি দি ওপৰতে অবালচন সোপা।”
আইতাই ৰাতি লাইটকিটা চাই দেতাক ধমকি দিছে…”হৌ জোঁৱাই ইমান ওপৰত সেই কাৰেণৰ চাকিবোৰ কিয় দিলা। অলপ তললে দিলে আৰু পোহৰ হল হয় তলখন। ওপৰলে পোহৰবোৰ কেলেই। মানুহ তলতহে থাকে। সৌ পোকগালক দিয়াহে হৈছে পোহৰ।”
দেতাই ভোৰভোৰাই মোলে চাই কৈছে… “বালক কম চাট ভাবিছেনে অউ… এখেতৰ নাকতে লাইট এটা লগাই দিওনি সুধচোন ৰাতিয়ে যক গে পোহৰটো লৈ।”
আইতা থাকোঁতেই চিলিঙ ফেন এখন আনিলে দেতাই। মাৰ মুখ পা গান নুগুচাই হ’ল……কোনে জানে তোমাৰ সপোন হ’বনে পুৰণ………। আইতাই মাক “তোৰ সোঁৱৰণীতে লেখা আছে মহতি লক্ষী” বুলি শলাগি তৎ নাই। দেতাৰ ফাই দুনিয়াৰ কুলক্ষণীজনীক বতাহো কিনি খুৱাব লাগে মাকৰ কথা শুনা পইচা গাল গৈছে মোৰ পকেটৰ। পিছে শলাগিলেও আইতাই সেইখন ফেন ফিট কৰিবলে নিদিয়ে তেওঁলোকৰ গাঁৱত সেইখন ফেনে বহুতৰ চুলি পকাইছে আৰু সৰাইছে বোলে বহুত তপা হৈছে বুলি তপা তিনিটামানৰ নামো লৈছে। সেয়ে টেবুলফেনহে আনিব লাগে। দেতাই সেইকেইটা ফেনে তপা কৰা নাই টকৌয়ে চুলি নি তপা কৰিছে বুলি ভোৰভোৰাবলে লাগিল। অঅঅ গচিতো আছে মোৰ ভাগে ভাগে হাৱা খুৱাম তহঁতক সেইবোৰ উৰাবাতৰি ইয়াত উলিয়াইছে বুলি ফেন ফিট কৰিলে। আইতাৰো বিছনা সেইটো ৰূমতে আছিল জীয়েকৰ বাহিৰে তেওঁ বেলেগতো নুশুৱে। সিফালে মা ফেন এৰি নাযায়। আইতাই ফিট কৰা ফেনখন চাই বেলেগ ৰূমত শুবলে লগ ল’লে মাক। মা কোনোপধ্যে নাযায়। লাষ্টত আইতাই বোলে ফেনতকে মাৰ জনী ডাঙৰ নহয় যদি এটা কাম কৰোঁ। এইবুলি তেওঁ ৰাতিয়ে জোঁৱায়েকৰ হতুৱাই এনেই থকা টিনপাত এচলা অনাই আঠুৱাষ্টেণ্ডৰ ওপৰত দিয়াইছে যাতে বতাহ নাহে। দেতাই চুততে গোটেই বিছনাখনতে টিনপাত দি পেটিগজাল মাৰি গোমতি দোকান টাইপ কৰি দিওঁ বুলি ধমৰ ধমৰ টিনপাত বাকী কিচলা ভিতৰলে কঢ়িয়াবলে লাগিল। মায়ে অ বৌতি হ’ব মই তোৰ লগত বেলেগ ৰূমতে শুম বুলি বাহিৰলে লৰ দিলে।
ৰাতিটো দেতা ফেনৰ হাৱাত ফস্তি মাৰি শুলে। সিটো ৰূমত ঢকুৱা বিচনীৰ কেৰেক কেৰেক শব্দত আইতাৰ কথা “এনেই বয়সত তোতকে ডাঙৰ জোঁৱাই। এইবোৰ বাহিৰা বতাহত আৰু আলৰ বুঢ়া জোঁৱাইৰ মূৰটোলেহে দুখ লাগিছে মাকন।” দেতাই সাৰ পাই শুনি কৈছে …”ৰাম কিৰিচন বানানা ফেনৰ হাৱাত তপা নহওঁ… এখেত থকা কিদিনত মই এনেও তপা হ’ম। জীয়েকৰ যে গুৰি দাঁত এটা মই আনোঁতেই ঘৰতে সৰা সেইটো হ’লে নকয়। কম লুকুৱালে সেইচাট।”
☆★☆★☆
5:15 pm
ৰাম ৰাম।গুৰিদাঁত এটা আগতেই সৰা।আলৰ বুঢ়া বোলাৰ চোটোকা ভালকৈয়ে দিলে।
11:31 pm
ইমান হাহিঁছো হাহিঁ বাগৰি পৰিছো, ওচৰত মোৰ ছোৱালীজনী আছিল তাই আচৰিত হৈ সুধিলে কি হল মা….. ভাল লিখিছে দেই…
7:57 am
ভাল লাগিল