কেকোঁৰাৰ বিষয়ে ৰচনা – নীলাঞ্জনা মহন্ত
কেকোঁৰা মূলতঃ এবিধ বেঁকাবেঁকিকৈ পদাসন কৰা প্ৰাণী৷ সমুখলেও নাযায় পিছলৈও নাযায়, কেৱল সোঁফালে বা বাওঁফালে গমন কৰিব পৰা মহৌগুণটোৰ বাবে এই প্ৰাণীবিধক ঠাইবিশেষে বিশেষ মৰ্যাদা দিয়া হয়৷ এই গুণটোক আয়ত্ব কৰিবলৈ পৃথিৱীত বহুতেই তপস্যা কৰে যদিও এক বিশেষ জাতিকহে ভগৱন্তই কৰ্কটাৱতাৰী হোৱাৰ বৰ দিয়ে, যাৰ বিষয়ে এই ৰচনাত পিছলৈ নিৰপেক্ষ গৱেষণাৰ ফচল যোগ কৰা হৈছে৷
এখেতক সাগৰ তথা নদীৰ বালিচৰত সূৰ্যস্নান কৰা অৱস্থাত আৱিস্কাৰ কৰা হৈছিল মান্ধাতা যুগতে৷ তেৰাক কিছুলোকে মাংগলিক কৰ্ম যেনে পেটপূজাতো আগবঢ়ায়৷ কেকোঁৰাৰ আন এটা নাম কৰ্কট৷ তেৰাক সন্তুষ্ট ৰাখিবলৈ অতীজতে কিছুলোকে মহাকাশত এৰাশি তাৰকাক কৰ্কটৰাশি বুলিও নামাকৰণ কৰে৷ পৃথিৱীত শৰীৰীৰূপ ধাৰণ কৰিবলৈ সুযোগ পোৱা কিছুলোকক এইৰাশিৰে অভ্যৰ্থনা জনোৱাৰ সুবিধাৰো তেতিয়াৰ পৰাই প্ৰচলন কৰা হয়৷ কেকোঁৰাৰ আত্মৰক্ষাৰ অস্ত্ৰ হৈছে সমুখৰ হাতদুখনত চেপেনাৰ দৰে থকা অংগুষ্ঠ দুটা৷ এই অস্ত্ৰৰ চেপন যিয়ে খাইছে, সেইসকলে কৰ্কটাৱতাৰৰ বিষয়ে ঠিয়ৈ ঠিয়ৈ ( স্টেণ্ড কৰি) মেত্ৰিক পাছ বুলি ধৰি ল’ব পাৰে৷ চেপন খাই অনেকেই ত্ৰাহি মধুসূদন দেখাৰ পৰিৱৰ্তে বহুতে সাগৰীয় কেকোঁৰাক জালত বন্দী কৰি পেট প্ৰৱৰ্তাইছে৷ গোকাট সঁচা৷ এই বিশেষ জীৱটিক মমবাতি অৰ্থাৎ কেণ্ডেললাইট ডিনাৰত আভিজাত্যৰ হোটেল কিছুমানত গোটে গোটে সিজাই পকাই গৰমে গৰমে পৰিবেশন কৰাও হয় যাৰ বাবে আচলতে বিশ্ব দৰবাৰত জীৱবিধৰ সুস্বাদু পৰিচয়ো আছে৷
শুনামতে কেকোঁৰাৰ আন এটি বিশেষত্ব হ’ল চেপেনাৰ সহায়ত আবেগ অনুভূতিৰ তলা ভঙা কাৰ্য৷ এচাম খাৰখোৱাই সাহিত্যচৰ্চাৰ নামত সভা পাতি চিৰ চেনেহী মোৰ ভাষা জননী বুলি আৰাও কৰাৰ বিপৰীতে এই অন্য বিশেষণীয় বিশেষত্বৰে বিভূষিত হৈ জননীৰ আবেগক বেগত অৰ্থাৎ জোলোঙাত ভৰাই মৰচেপন দিছে আন এবিধ কৰ্কটাৱতাৰী বৰেৰে খাৰখোৱা কিম্বদন্তী স্বৰূপ দন্তধৰ জীৱই৷ বহলাই কওঁ বাৰু৷ কেকোঁৰাৰ পোৱালিয়ে জন্ম হৈয়ে ভোকত ৰ’ব নোৱাৰা হয়, যি পায় তাকে খায়৷ যি পায় মানে যাৰ গৰ্ভত থাকি ডাঙৰ হৈ পৃথিৱীৰ নিষ্পাপ মেলামুখখন দেখিলে সেই মাতৃকে খুলি খুলি খাই পেটৰ প্ৰথম পোৰণি মাৰে৷ গৰুপোৱালি হোৱা হ’লে খালে হেঁতেন মাকৰ গাখীৰ, চৰাই হোৱাহ’লে অকণমানি দানা এটি৷ কিন্তু বৈশিস্ট্যৰে ভৰপূৰ জীৱটিৰ মহিমা অপাৰ৷ এইদৰেই মাতৃৰ পৰা পোৱা চিৰচেনেহী শুৱলা মাতৃভাষাক বিশেষ কৰ্কটাৱতাৰীসকলে এফালৰ পৰা খুলি খুলি খাই তৃপ্তি লভে৷ তদুপৰি কৰ্কটাৱতাৰীৰ আন গুণটো হ’ল ৰচনাৰ প্ৰথমেই উল্লেখ কৰা পদাসনৰ গুণটি৷ আগলৈ নিজেতো নাযায়েই বৰং কোনোবা যোৱা দেখিলেও সোঁকাষে বাওঁকাষে ঠেলাঠেলি কৰি অতল গহ্বৰহে পোৱাবগৈ৷ কৰ্কটাৱতাৰীৰ জলজল পটপট স্বৰূপ বহুতো উদাহৰণ আছে তাৰে কেইটিমান তলত দিয়া হ’লঃ
১ – সামাজিক মাধ্যমৰ জৰিয়তে অনেকেই নিজৰ মাতৃভাষাত কথা-বাৰ্তা লিখি খা-খবৰ ৰাখে ইজনে সিজনৰ৷ মাতৃভাষাত লিখিলে আপোন আপোন গোন্ধায়ো৷ কিন্তু কৰ্কটাৱতাৰীসকলে ৰোমানলিপি ব্যৱহাৰ কৰা দেখা যায় কাৰণ তেওঁলোকৰ মাতৃভাষাৰ প্ৰতি কোনো আবেগ নাই কেতিয়াবাই সেই আবেগক হত্যা কৰিলে বা তলা লগালে৷ যেনে আপা এটাই আপীক বাৰ্তা দিব, hi ki krisa, tmr dp bhut bht dhnia ইত্যাদি৷ আপীয়ে ক’ব mr mt bhngce phn nkru ha আদি৷
২- বানানৰ শ্ৰাদ্ধ৷ বহুত কৰ্কটাৱতাৰীৰ ভাষ্য যে মাতৃভাষাৰ এসোপামান অলাগতিয়াল বৰ্ণ আছে যাক উচ্চাৰণ কৰিবলৈও দিগদাৰ আৰু লিখিবলৈও কিনো দৰকাৰ৷ অভিধানৰ অভাৱ বুলি বহুদিনলৈ পাল মাৰি থকাৰ পিছত অভিধান কিয় অভিধানৰ screenshot ও চচিয়েল মেদিয়াৰ মন্তব্যবোৰৰ সোঁৱে বাঁৱে পোৱা গ’ল যেতিয়া এতিয়া এই কৰ্কটাৱতাৰীসকলে স, হ, শ, খ আদিক উচ্চাৰণ আৰু লিখোতেও গলগ্ৰহ বুলি দলিয়াই বৰং ৰোমান লিপিয়ে ভাল বুলি সকাহ অনুভৱ কৰে৷ বহুতে চন্দ্ৰবিন্দু বুলি মহাশয় এজনক ক’ত ৰাখিব বুজি নাপাই হোলচেলত য’তে মন যায় বহাই সন্তোষ লম্ভে৷ কেতিয়াবা নিজৰ নামৰ আগত দি পায়, আৰ আই পি বুলি মন্তব্য আহিলে ভূত দেখাৰ দৰে সাৰ পায়৷
৩-বৈদ্যুতিন মাধ্যমত প্ৰকৃত ভাষাপ্ৰেমীসকলে ভাষাক আগুৱাই নিবলৈ চৰ্চা অব্যাহত ৰখাৰ সময়তো কৰ্কটাৱতাৰীসকলৰ আবিৰ্ভাৱ তথা আচৰণ মন কৰিবলগীয়া৷ ধৰক আপুনি এটা লেখা ফেচবুকত দিলে৷ নতুন লিখক হিচাবে বহুতে আপোনাক লাইক কমেন্টেৰে উৎসাহ দিলে৷ তেনেকুৱাতে আপোনাৰ প্ৰফাইল ফটো সলালেও লগেলগে বাহ ধুনীয়া লাগিছে লিখি বা মেচেজবাকচত নিয়মীয়াকৈ এডৰা পৰচৰ্চাসহ বাৰ্তা লিখা দুই এজনৰ গাত পোৰণি উঠে আৰু অতিৰিক্ত ঠেংবোৰ গজি উঠি হঠাৎ কৰ্কটাৱতাৰী হৈ পৰে৷ তেওঁলোকৰ ভাৱ হ’ল তেওঁলোকেহে ভাল লিখে আপুনি আজি জন্ম হৈছেহে, লিখক হিচাপে ইমান লাইক কমেন্ট পাবৰ নাই হোৱা আৰু দেই৷ তেওঁলোকে আপোনাক লাইক কমেন্টতো নিদিয়েই বৰং লুকাই থাকিব দুদিনমান আৰু এদিন যেতিয়া দেখিব সঁচাকৈয়ে আপোনাৰ লেখাই উচ্চ প্ৰশংসা পাইছে বা কোনো আলোচনীত গৈ ওলাইছে লাহেকৈ আহি ক’ব অ’ মই দেখাই নাছিলো মোৰ অমুকহে তমুকহে আছিল৷ এইবোৰক বেছি পাট্টা নিদিব কাৰণ তেওঁলোক অৱতাৰী জীৱ সাধাৰণতকৈ বেলেগ৷
৪- সচৰাচৰ কৰ্কটাৱতাৰীৰ চকু শেনতকৈও তীক্ষ্ন৷ তেওঁলোকৰ এটাই কৰ্ম কেনেকৈ আনক সমুখলৈ আগবাঢ়ি যোৱাত বাধা দিব পাৰি৷ যেনে ধৰক অমুকীৰ এই ৰচনাই বিশ্বব্ৰহ্মাণ্ডৰ কিবা প্ৰতিযোগিতাত পুৰষ্কাৰ এটা পালে৷ এইবিলাক খবৰ তেওঁলোকে ৰাতি শুই থাকোতেও দিব্যচক্ষুৰ দ্বাৰাই গম পাই যাব৷ টিভি চেনেল, ৰেডিঅ’, আলোচনী, খবৰকাগজ বা নিজৰ ফেচবুকৰ সময়শাৰী (টাইমলাইন), দেৱাল (ৱাল) সকলোতে এই ৰচনাখনযে জাতিটোৰ তথা ভাষাটোৰ বাবে কলংকহে তাকে প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিব৷ মুঠতে মোক পুৰষ্কাৰ ল’বলৈ যাবলৈতো নিদিয়েই ৰেলৰ চিৰিত পৰি আত্মহত্যা নকৰালৈকে এই ৰণহুংকাৰ অব্যাহত ৰাখিব৷ তেওঁলোকৰ দৰে বিশেষভাৱে অজ্ঞ অৰ্থাৎ বিশেষজ্ঞ অৱতাৰী কাণ্ডাৰী থাকোতে জকাইচুকীয়াই কিয় পুৰষ্কাৰ পাব নিশ্চয় কিবা ঘোঁচ তোচ দিছে!
৫- আমি সকলোৱে জানো কৰ্মই ধৰ্ম বুলি৷ কৰ্ম হী ধৰ্ম হে বুলি মিঠুন চক্ৰৱৰ্তীৰ চিনেমা এখন চোৱা বুঢ়াবুঢ়ীবোৰৰ মনতো থাকিব পাৰে৷ ধৰা হওক আপুনি এম এ পাছ৷ বহুদিনলৈ চাকৰি পোৱা নাই সেয়ে ঘৰৰ পিছফালে থকা মাটিবিঘাত অৰ্গেনিক খেতি আৰম্ভ কৰি দিলে৷ আপোনাৰ লগৰে চুবুৰীয়াজনো এম এ পাছ৷ চাকৰিও বিচাৰিছিল দুয়ো একেলগে৷ প্ৰথমতে তেওঁ বাধা দিব পাৰে আপোনাক মাস্টাৰ ডিগ্ৰী লৈ খেতিয়ক হ’ম নেকি! তাৰ পিছত আপুনি আকোঁৰগোজকৈ মনপুতি খেতিত লাগোতে সন্মানহানি হ’ব বুলি লাহে লাহে তেওঁ আপোনাক নমতা হ’ব৷ নিজে বাপেকৰ সাঁচতীয়া ধনেৰে ঘোচঘাচ দি হ’লেও চাকৰি এটাৰ ধাণ্ডাতে থাকিব৷ এদিন যেতিয়া আদৰ্শ কৃষক হিচাবে আপোনাৰ নাম ফাটিফুটি যাব, কষ্টোপাৰ্জিত দুপইচাও আহিব তেওঁ আপোনাৰ লগত সম্পূৰ্ণ সম্বন্ধ ছেদ কৰি ৰাতি মদৰ দোকানত ডিঙিলৈকে গিলি হ’লেও আপোনাৰ বদনাম গাব, এইবুলি যে আপোনাক খেতি কৰাৰ বুধিতো সিয়ে দিছিল এসময়ত, তেওঁৰ নিজৰ মাটি নাই কাৰণেহে৷ আৰু হয়তো ক’ব তাৰ টকাপইচা হ’ল নহয় এতিয়া মোক চিনিকে নাপায় নামাতেই৷ অথচ কোনে আগতে নমতা হৈছিল আপুনি জানেই৷ এয়াও তেওঁৰ কৰ্কটাৱতাৰী গুণেই৷ আপোনাৰ উন্নতি হজম কৰিব পৰা নাই, সেয়ে উকালি আছে৷
কৈ থাকিলে ওৰকে নপৰিব এনে সহস্ৰ উদাহৰণ কৰ্কটাৱতাৰীৰ আজিকালি বাটে ঘাটে৷ গতিকে আজিলৈ এৰো নেকি আমনিও পাইছে পাঠকে কিজানি৷
এই বিশেষ অৱতাৰীয়ে নিজকে খাৰ খাই ভাল পোৱা বুলি ফটাঢোল কোবাই জহায় যদিও কিছুসংখ্যকৰ খক যিহে, পলক পনীৰ বা চিকেন বিৰিয়ানি নোহোৱাকৈ এই কেকোঁৰা মখাই পোৱালিৰ শুদিৰ আৰু তোলনী বিয়াও নেপাতে কিজানি৷ বিশ্বদৰবাৰত যেতিয়া দুই একে খালি পেটে তেজপানী কৰি পোস্টাৰ তৈয়াৰ কৰি ভাষাৰ হকে ধৰ্ণা দিয়ে, কাম কৰে, অৱতাৰীসকলে সেই পোস্টাৰকে টুকুৰা টুকুৰ কৰি বুট আৰু জালমূৰি খাই থকাৰ ফলত বিশ্বদৰবাৰৰ বৰমূৰীয়া লোকসকলে টুকুৰাবোৰত কি লিখা আছিল আজিলৈকে পঢ়ি চাবলৈ পোৱাই নাই আৰু ৰাতিপুৱা ঝাৰু লগাই টুকুৰাবোৰ ডাস্টবিনত পেলাই দিয়ে৷ ফলত এচামৰ কষ্টই বিশ্বদৰবাৰৰ বাৰাণ্ডাতে আধামৰা মাছৰ নিচিনাকৈ কেলঢেপ কৰি থকাৰ পৰা উধাবই পৰা নাই৷
আহক আমি সকলোৱে কৰ্কটাৱতাৰীসকলৰ বিপক্ষে একগোট হওঁ আৰু আগুৱাই যাওঁ সমুখলৈ৷
আউ হৰি আউ ৰাম৷
☆★☆★☆
11:13 am
সময় উপযোগী ,অতি সুন্দৰ বিশ্লেষন । তোৰ পৰা বহুত কেইটা নতুন কথা শিকিলো ।
আগলৈ আৰু পঢ়াৰ বাবে অপেক্ষাত ৰলো ।
12:47 pm
ধন্যবাদ পঢ়ি চোৱাৰ বাবে
11:59 am
উচ্চমানৰ ব্যংগ ৷ সমাজৰ সকলোতে কেকোৰাৰ উৎপাত আজিকালি ৷ বহুত ভাল লাগিল
12:49 pm
ধন্যবাদ৷ শত্ৰু গোটাইছো পিছে একো ঠিক নাই আমি বহুতেই কেতিয়াবা হঠাৎ কৰ্কটাৱতাৰী হৈ পৰো কিজানি৷
10:01 am
বৰ ভাল লাগিল নীলাঞ্জনা৷ চিধাচিধি বলেতু ঝাকাছ!
12:25 am
মজা লাগিল 😀
3:04 am
ধন্যবাদ উৎপলা৷ তোমাৰ লেখা পঢ়ি বৰ ভাল পাওঁ
7:41 am
সময়োপযোগী লেখা ৷
9:45 am
বিৰাট ভাল পালো পঢ়ি বা।
3:04 am
ধন্যবাদ ৰাজশ্ৰী৷