পাকঘৰৰ সুন্দৰ পৰিৱেশ – দিম্পল কলিতা
খাদ্যৰ সুন্দৰ পৰিৱেশ এটা দেখিছিলোঁ ৰন্ধন গ্রুপ এটাত। ফকটিয়াত পালে বহুত খোৱা মানুহ আৰু নিজে খুৱাব লাগিলে আকৌ পেট বেয়াৰ এক্টিং কৰা মানুহ গতিকেই বুজিছে নহয় মোৰ মিতব্যয়ীতা।
সেই গ্রুপটোত মাক সুমুৱাই দিম বুলি ভাবিছিলোঁ অন্ততঃ পাপাক অৰ্ডাৰ দি ফটো দেখুৱাই খানা বনাবলৈ দিব পাৰিব। পাপাৰ আকৌ হাতখন বৰ লক্ষ্মী যিয়েই নবনাওক সোৱাদ সাংঘাটিক হয়। সৰুৰে পৰা পাপাক দেখি দেখিয়েই চাগে মোৰও পাকঘৰৰ প্ৰতি প্ৰেম এটা হৈছে।
এদিন ভাবিলোঁ ৰন্ধন গ্রুপটোৰ সদস্য হৈছোঁ যিহেতু মোৰ খানা বনোৱাৰ টেলেণ্ট সকলোকে দেখুৱাও, লাইক কমেণ্ট কেইটামান পালে নিজৰে ভাল লাগিব দিয়কচোন। ৰেছিপিৰ নামটো #লোকেলমুৰ্গীউইথ_ভূতজলকীয়া বুলি ইতিমধ্যে ঠিৰাং কৰিছিলোঁ। নাম শুনিয়েই চাগে সেপ গিলি দিব ৰাইজে। আচলতে সিমানখিনি টেলেণ্ট আছেই মোৰ চিন্তাধাৰাত। এতিয়া আহোঁ মেইন বিষয়লৈ। ধুনীয়াকৈ পিয়াজ, আদা, নহৰুখিনি গুচাই লৈছোঁ। পিয়াঁজখিনি চাইডত ৰাখিছোঁ। আদা, নহৰুখিনি মিক্সি বাটিটোত সুমুৱাই দিলোঁ। মনতে ভাব এটা আহিল। আজি ফটোগ্ৰাফী পৰ্ব ইয়াৰ পৰাই আৰম্ভ কৰিম। গতিকে মোবাইলটো উলিয়াই মিক্সিত শুই থকা আদা, নহৰুখিনিৰ দ্ৰোণ টাইপৰ শ্বত এটা ললোঁ। বৰ সন্তোষ হ’লো ফটোখন দেখি মনতো বিৰাট ফূৰ্তি। মনতে ভাবিলোঁ আজি ফটোবোৰ দেখি মানুহে নাখালেও বুজিব সাংঘাতিক ধুনীয়া হৈছে।” মোবাইলটো চাইডত থৈ ল’লোঁ “হেনো দিনে ধৰি মদ খাব এৰিলোঁ” লাইনটো জোৰকৈ চিঞৰি দিলোঁ মিক্সিটোৰ চুইছটো দবায়।
পলকতে আদা, নহৰুৰ কাম চফা। চফা মানে মিক্সিত আদা, নহৰুৰ অস্তিত্ব বুলিবলৈ একো নাই। গোটেই পাকঘৰটো আদা, নহৰুময়। মুঠতে সুন্দৰ পৰিৱেশ এটা দেখিলোঁ পাকঘৰৰ মজিয়াত।
সেইদিনা যদি মিক্সিৰ বাটিটোৰ ঢাকনিখন লগাব নাপাহৰিলোঁ হয় ৰাইজে সুন্দৰকৈ #লোকেলমুৰ্গীউইথভূতজলকীয়া কেনেকৈ প্ৰস্তুত কৰে দেখিবলৈ পালেহেঁতেন।
বাকী পাকঘৰৰ পৰা মায়ে সেইদিনা চিঞৰি বাৰু বহুত কিবা কিবি ক’লে …সেইবোৰ গালি নহয় আশীৰ্বাদ বুলি বুকুত ৰাখিছোঁ যদিও আজিলৈ সাহস কৰা নাই আকৌ কিবা এটা বনাম বুলি পাকঘৰত সোমাবলৈ।
☆★☆★☆
6:24 pm
এইবোৰ কাম পিছত এনেয়ো কৰিব লাগিব, এতিয়াই কিয় আৰম্ভ কৰিছ।
ভাল লাগিল পঢ়ি
7:45 am
ঘৰত মানে কেইদিনলৈ বা পৰিবেশ আদা নহৰুময় হৈ থাকিল?