খুদিৰামৰ খাটাং কথা – অৰৱিন্দ গোস্বামী কথা
জেলেপী খাই ভাল পোৱা খুদিৰামৰ ল’ৰালি কালৰ ঘটনা এয়া। খুদিৰাম হেনো ল’ৰালি কালত সাতঘাতৰ সৈয়াকণী আছিল। বুদ্ধিত বৃহস্পতি বিদ্যাত কালিদাসৰ আৰম্ভণিছোৱাৰ দৰে খুদিৰামৰ বুদ্ধিটো একে থাকিল আৰু সৰস্বতী দেৱীয়ে কালিদাসক দৰশন দিয়াৰ দৰে খুদিৰামক দৰশন নিদিলে। নিদিলে মানে একেবাৰেই নিদিলে। যিকোনো প্ৰকাৰে পঢ়াৰ সময়ত মূৰ পুলুকা মাৰি খাবৰ সময়ত কুম্ভকৰ্ণৰ দৰে এনাওমান পেটত ভৰাই ল’ব পাৰিলেই খুদিৰামতকৈ সুখী জীৱ আৰু পৃথিৱীত নাই। লাহে লাহে খুদিৰাম ডাঙৰ হ’ল।হাইস্কুললৈ যোৱা খুদিৰামৰ জীৱনত বহুত সমস্যা আহি পৰিল। এতিয়া তিনিকিলোমিটাৰ পথ খোজকাঢ়ি আহোঁতে যাওঁতে তাৰ ভাগৰ লাগে। তথাপি চহৰলৈ সদায় যাবলৈ পায় বাবে তাৰ ভালো লাগে। কিন্তু স্কুলত পঢ়োৱা সেই অংক জংক পংকবোৰ তাৰ মূৰত একো নোসোমায়। মুঠতে স্কুললৈ অহা-যোৱা কৰাহে হৈছে।কথাই প্ৰতি “খুদিৰামৰ খাটাং কথা” বুলি কোৱা খুদিৰামে এদিন পিতাইক জেলেপী খাবলৈ বুলি দুই টকা বিচাৰিলে। দুই টকাত প্ৰায় দহটামানেই জেলেপী পায়। পিচে ফুটা কপাল! দেউতাকে “চাল্লা শগুনে খোৱা গাধ, পঢ়া শুনাত মতি-গতি নাই জেলেপী খাৱ” বুলি হাতৰ হালোৱা এচাৰিডাল লৈ খেদা মৰাত “আই ঔ পিতাই মৰিলোঁ ঔ” বুলি দৌৰি গৈ জপিয়াই লফিয়াই আমজোপাৰ ওপৰত উঠিলগৈ। দেউতাকে আমগছৰ তলতে এচাৰি জোকাৰি জোকাৰি বকি থাকিল।কিছুপৰ বকাৰ পিছত দেউতাকৰ বকবকণিৰ মাজতে সি গেঙেৰি দি উঠিল, “বচ! একদম কথা নক’বি পিতাই। হয়তো তোৰ ল’ৰাই মই নহয়। ক’ৰবাৰপৰা তুলি আনিছিলি মোক। সেয়ে জেলেপী খাবলৈও দুটকা নিদিয়। কি বুলি ভাবিছ মোক? তই পইচা নিদিলে মই জেলেপী নাখাম! খামেই। মুঠতে খুদিৰামৰ খাটাং কথা।জেলেপী খামেই খাম। তইনো কি কৰিব পাৰ চাই ল’ম।” বুলি গছৰ ফেৰেঙণিত বহি সিংহৰ নিচিনা গুজৰি থাকিল। দেউতাকেও দুই-এবাৰ ধমকি মাৰি গ’লগৈ। সি কেতিয়াবা মুখতে ভোৰভোৰায়৷ “বাপ ঢোৰা সাপ, মা মানেই বোপাই দগৰি খা।”
মাকক খুদিৰামে বৰ ভাল পায়। খাওঁতে যিমান লাগে দিয়েই থাকে। সিফালৰপৰা ঢোৰাসাপে কিন্তু ফোচফোচাই থাকে বোলে, “খুৱা পুতেৰক। পুতেৰে আগলৈ তোমাক বৰ চৰকাৰী চাকৰি কৰি ‘গোপাল ভোগ’ খুৱাব। পিচে গৰুণ্ড পক্ষীৰ লগতনো ঢোৰাই কিবা পাত্তা পায়নে! একে ধমকিত ঢোৰাৰ ফোচফোচনিও ফুচ হৈ যায়। সেই মুহূৰ্ত্ততে ছেগ বুজি খুদিৰামে এটা বক্ৰ হাঁহি ব্ৰহ্মাস্ত্ৰৰ দৰে পিতাইলৈ বুলি নিক্ষেপ কৰে। পৰাজয়ৰ স্বাদ সহিব নোৱাৰি আঁতৰি গুচি যায় খুদিৰামৰ মৰমৰ(!)পিতাই।
খুদিৰামৰ খাটাং কথা আছিল যে এদিন সি দেউতাকৰপৰা পইচা নোলোৱাকৈ জেলেপী খাবই।কিন্তু দেউতাকে পইচা নিদিলে সি জেলেপী খাব কেনেকৈ! মাকৰ হাতত পইচাও নাথাকে। তেনেতে এদিন সুযোগ মিলিল। মাকৰ পালেঙৰ তলত দুই টকা দেখা পালে। মাকক ক’লেতো তাক চাৰি অনামান ঢোৰাসাপে গম নোপোৱাকৈ মৰমতে দিব। কিন্তু সিতো দেউতাকৰপৰা পইছা নোলোৱাকৈ দুটকাৰ জেলেপী খোৱাৰ ভীষ্মপ্ৰতিজ্ঞা কৰিছিল। সেয়ে মাকে গা ধুবলৈ যাওঁতে আৰু দেউতাকে গৰুহাল লৈ পথাৰলৈ যাওঁতেই দুটকা জেপত ভৰাই থ’লে। ভাত খাই স্কুলো গ’ল।দিনটো তাৰ খেলিমেলি লাগি থাকিল। এনেতে বগাই মাষ্টৰ সোমাই আহিল। ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হিচাপ-নিকাচ কৰাৰ পিছত খুদিৰামক সুধিলে,
: ক চোন খুদিৰাম, এটকাত সাতটা জেলেপী পালে দুটকাত কেইটা জেলেপী পোৱা যাব?
সি তপৰাই উত্তৰ দিলে,
: ছাৰ দহটা।
লগে লগে তাক বগাই মাষ্টৰে ভেকাহি মাৰি উলিয়াই আনি ‘কপৌ চেলা’ দিলে। তাৰ পাছত ‘মূৰ্গা’ বনাই তপিনাত দুচাট দি ক’লে,
: এতিয়া ক কেইটা পায়?
খুদিৰামেও উচ্চস্বৰে ক’লে,
: খুদিৰামৰ খাটাং কথা৷ মোহনে দুটকাত দহটাই দিয়ে মহাশয়, মই ভালকে জানো।
বগাই মাষ্টৰে মূৰত চপৰিয়াই চপৰিয়াই চকীখনত বহি পৰিলগৈ। ওচৰতে থকা জনকক ভেকাহি মাৰি ক’লে,
: হেৰৌ, কি মুখ মেলি চাই আছ, মোক বিচনীখন লৈ অলপ বিচি দে।
হঠাৎ ঘামি-জামি ফোপাবলৈ ধৰা বগাই মাষ্টৰক জনকে ঘণ্টি নবজালৈকে নিজে ঘামি হ’লেও বিচি থাকিল। পিছৰ পিৰিয়ডটোত খুদিৰামৰ চিন্তাই নাই।কৰণ পোণা মাষ্টৰে শ্ৰেণীকোঠাত সোমায়েই প্ৰথম খুদিৰামক বেঞ্চৰ ওপৰত উঠাই লয়। তাৰ পাছতহে পাঠদান কৰে।
তিনি নম্বৰ পিৰিয়ডত আনদিনাৰ দৰেই যুদ্ধ-বিগ্ৰহবোৰ চলি থাকিল আৰু এপাকত নিগনী এটা গাঁতত ওলোৱা সোমোৱা কৰা দেখি থকা খুদিৰামক পুতলী বাইদেৱে মাত লগোৱাত খুদিৰাম খৰধৰকৈ সাৰ পাই থিয় হোৱাৰ দৰে থিয় হ’ল।
: তোৰ মগজুত কিবা সোমাইছেনে নাই?
খুদিৰামে টপৰাই ক’লে,
: বাইদেউ খুদিৰামৰ খাটাং কথা, নেজডাল এতিয়াও বাকী আছে সোমাবলৈ।
তাৰ পাছত আৰু কি হ’ব! সেই একেই গালি-গালাজ।এচাৰিৰ কোব। মুঠতে এইদৰেই গতানুগতিকভাৱে দিনটো পাৰ হৈ ছুটীৰ ঘণ্টা বাজিল। সকলো সহপাঠীৰ লগতে খুদিৰামেও বেগত কিতাপ ফলি ভৰাই চিঞৰি-বাখৰি সাতজাপ মাৰি তিনি চাৰিটামানক মহতিয়াই ভিৰাই দৌৰ মাৰিলে। স্কুলৰ গেটখন পাৰ হৈয়েই অলপ দূৰ গৈ মোহনৰ দোকান। দুটকাৰে জেলেপী খোৱাটো ভাল হ’ব নে মাকক দুটকা ঘূৰাই দিয়া ভাল হ’ব, তাৰ মনত অন্তৰ্দ্বণ্ড চলি থাকিল। মোহনৰ দোকানৰ সন্মুখত তাৰ অন্তৰ্দ্বণ্ডই তীব্ৰৰূপ ধাৰণ কৰে। এবাৰ ঘৰলৈ বুলি আগবাঢ়ে৷ আকৌ মোহনৰ দোকানৰ ফালে চায়।অৱশেষত সি নজনাকৈয়ে মোহনৰ দোকানৰ ফালে আগবাঢ়ি গৈ দুই টকাটো দি জেলেপী দহখন বান্ধি ল’লে। এখন এখনকৈ জেলেপীবোৰ চোবাই চোবাই সি ঘৰলৈ বুলি আগবাঢ়িল। মনটো তাৰ আজি কিবা ভাল লগা নাই। ঘৰত গৈ তাৰ গাটো ভাল নালাগি বিচনাত শুই পৰিল। তাৰ পিছত তাৰ একো মনত নাই। যেতিয়া সি সাৰ পালে দেখিলে ৰাতি পুৱাইছে। বাপ ঢোৰা সাপে সি চকু মেলাৰ লগে লগে বহাৰপৰা উঠি আহি মূৰত হাত ফুৰাই দিলেহি। দুদিনমানৰ পিছত সি আৰোগ্য হ’ল। পুনৰ স্কুললৈও গ’ল। কিন্তু সেই যে দুটকাটোৰ কথা তাক মাকে কেতিয়াও নুসুধিলে! দুদিনমানৰ পিছত মেলেৰিয়াত আক্ৰান্ত হৈ মাক ঢুকাই থাকিল।ঢুকুওৱাৰ আগত মাকে খুদিৰামক কৈছিল, “তই দেউতাৰক আমনি নকৰিবি। ভাল মানুহ হৈ দেউতাক তয়ে চাব লাগিব। পঢ়া-শুনা কৰিলেই ডাঙৰ মানুহ নহয়। সজ চৰিত্ৰইহে মানুহক ডাঙৰ কৰে। মোৰ কথা মানি চলিলে পঢ়িব নোৱাৰিলেও তই কষ্ট নাপাৱ।”
কথাখিনি শুনি খুদিৰামে হুক হুকাই কান্দি উঠিছিল।কাষতে কান্দিছিল দেউতাকে। কি হৈছিল আৰু কি হ’বলৈ গৈ আছিল, সি একো বুজা নাছিল। সি মাকক কৈছিল, “মা, খুদিৰামৰ খাটাং কথা। মই তোৰ কথাবোৰ মানি চলিম। দেউতাক আমনি নকৰোঁ৷
খুদিৰাম আজি দুখন চাহ বাগানৰ মালিক। দেউতাকক সুন্দৰভাৱে প্ৰতিপাল কৰি থকা খুদিৰামৰ ঘৈণীয়েকৰ সৈতে এটি সন্তান। আজি খুদিৰামৰ সন্তানে খুদিৰামক কয়, “হিৰন্ময়ৰ খাটাং কথা, লাগিব বুলিছি লাগিবই।”
বেচেৰা খুদিৰামে পুতেকলৈ ভেবা লাগি চাই থকাৰ বাহিৰে আন একো উপায় বাকী নৰয়গৈ।
☆★☆★☆
11:41 am
আমাৰো খাটাং কথা, পঢ়ি বৰ ৰস পালো।
7:23 pm
বহুত ধন্যবাদ জনালো।