প্ৰেম অপ্ৰেম – মনালিছা গগৈ
“হেৰাআআ। ক’ত আছা? ই নাই যে? আকৌ গ’ল হয়নাই?”
চিৰিং কে মাৰিলে বুকুখন তেওঁৰ গৰ্জন শুনি৷ আহি সোমাইছিলোঁহে দিউটিৰ পৰা৷ আহিয়েই চাহ একাপ খাওঁ বুলি বনাবলৈ পাকঘৰত সোমাইছিলোঁ। একে চুচৰে দৌৰি অহাদি আহি তেওঁৰ সমুখত হাজিৰ হ’লোঁ। বৰ ভয় লাগে তেওঁৰ খংটোলৈ বিশেষকৈ ইয়াৰ সম্পৰ্কত তেওঁ খুট এটা ওলিয়াবলৈ চাইয়েই থাকে৷
“মই এই আহি পাইছোঁহে আৰু মই সোমাঁওতেই সি আছেই। তাৰ বিচনাত শুই থকাৰ পৰাই মূৰ দাঙি চোৱা দেখি মই মাত দিও গৈছোঁ। তৎমুহূৰ্ততে সি ওলাই যাব বুলি মই ভাবিবলৈও ন’হ’ল ৷”
কিমান কওঁ তাক চম্ভালিবা অলপ। নাই। তোমাৰ মৰমে তাক বেয়া কৰিলে সি কাৰো কথা নুশুনা হ’ল এতিয়া।
দুখ লাগি গ’ল মনটো। ইমান আদৰত তুলি তালি তাক ডাঙৰ কৰিলোঁ। বয়স কিমাননো হৈছে? বয়সৰ লেখেৰে সি কৈশোৰত ভৰি দিছেহে৷ হওতে সি আমাৰ নিজৰ ঘৰৰ সন্তান নহয়৷ তথাপিও তাক নিজৰ সন্তানতকৈ কমতি মৰম দিয়া নাই কোনোদিনে। যি খাও তাকো নোলুকোৱাকৈ সমানে দিও। মাংস তাৰ প্ৰিয় সেয়ে মাংস থাকেই প্ৰায়েই। বিস্কুট দুটা দিলে বেয়া পায় কাহানিও নিদিও সেয়ে৷ চাৰি পাঁচখন খালেহে তাৰ সুখ পলায়।
তাক অনাৰ পাছতহে শুনিছিলোঁ তাৰ দেউতাক বোলে বিৰাট আঢ্যৱন্ত পৰিয়ালৰ আছিল। মাক আছিল ইয়াৰে মধ্যবিত্ত পৰিয়ালৰ৷ সেয়ে সিহঁতৰ যোৰা নিমিলিল৷ কিন্ত সিহঁতৰ ভালপোৱাৰ চিন হিচাবে আমাৰ ই থাকিল৷ সেয়ে চাগে ইয়াৰ চেহেৰা বিৰাট হেন্দচাম হ’ল। স্বভাৱে চৰিত্ৰই আমাৰ ই বিৰাটেই নম্ৰ আৰু ভদ্ৰ। তাৰ বেয়াটো দেখা নাছিলোঁ কাহানিও ভাবিমেই বা কেনেকৈ তাক বেয়া বুলি আমাৰ দুই তিনিঘৰমান পাৰ হৈয়ে আছিল তাইৰ ঘৰ। বৰ ৰচকী আছিল তাই ৷ ইয়াক দেখি পতোৱাৰ ধান্দাতেই চাগে গোটেইজনী ৰচক পচককৈ দুদিনমান মোৰ ঘৰৰ আগেদি অহা যোৱা চলিল৷ পাত্তাই নিদিলে আমাৰ ই।
কিন্ত আজি দুদিনমানৰ পৰা নাজানো তাৰ হৈছে কি এসময়ত পাত্তা নিদিয়া সেই তাইৰ লগতেই এদিন দেখা পালোঁ আলিটোৰ সিমূৰত ৰৈ থকা। নোসুধিলোঁ একো।আজিকালি যি দিনকাল সুধিম তাৰ ইগ’ত লাগিব।
মৰমেৰে আঁতৰাব লাগিব তাইক ইয়াৰ পৰা।
ভাবি থাকোঁতেই গ’ল। ঘনিষ্ঠতা বাঢ়িয়ে গ’ল দুইটাৰ। আজি বোলে ইয়াত কালি তাত। যিয়ে দেখে কয় এওঁক। এওঁ আহি খং জাৰেহি মোক কাৰণ তাক তুলি লোৱাত মোৰ বেছি ইচ্ছা আৰু জেদ আছিল।
আজিকালি তাই নাহে এইফালেৰে। কি ইংগিতেৰে মাতে তাইহে জানে৷ ই ৰ’বলৈ নাই পলাই হ’লেও গৈ তাইৰ ওচৰ পাইগৈ। তাইৰ বিষয়ে কিবা বেয়াকৈ ক’লেও তাৰ যিটো চাৱনি। আচৰিত। দুদিনতে কি যাদু কৰিলে তাই? তাক ক’ম বুলিও ক’বলৈ ভয় যদি ঘৰ এৰি ওলাই যায়? এদিনতো ৰমিলাবাইয়ে মোক ক’লেহিয়েই
“ঐ তহঁতৰ তাক যে গাঁৱৰ মূৰৰ বৰগছজোপাৰ আঁৰত তাইৰ লগত বৰ বেয়াকে অসংযত অৱস্থাত দেখি আহিলোঁ পায়।” খং উঠিছিলেই মোৰ৷ বোলো তুমিহে দেখাগে সেইবোৰ মনটো বেয়া যে তোমাৰ। পিছে নক’লো।
বাৰু পাওক ভাল একো নাই৷ কিন্ত তাইৰ ঘৰৰ পৰা যদি কমপ্লেইন দিব আহে কমতি লাজৰ কথা হ’বনে? নাই। এইদৰে নহ’ব। কিবা এটা কৰিব লাগিব। দুইঘৰে আলোচনা কৰিব লাগিব৷ দৰকাৰ হ’লে ভুল স্বীকাৰো আমিয়েই কৰিম। ইমান মৰমত তাক তুলি তালি আনৰ হাতৰ মাৰ খালে বৰ আঘাত পাম আমিয়েই। হ’ব পাৰে সি কুকৰ৷ হ’লেও সি আমাৰ বৰ মৰমৰ পায়।
☆★☆★☆
1:14 pm
পঢ়ি খুব ভাল লাগিল।
3:07 pm
ধন্যবাদ
1:49 pm
খুব ভাল লাগিল পঢ়ি।
1:55 pm
ভাল লাগিল
3:08 pm
ধন্যবাদ দেই
2:30 pm
ভাল লাগিল পঢ়ি
2:31 pm
পঢ়ি ভাল লাগিল দেই baa
3:08 pm
Thanku
7:54 pm
জন্তু হাজাৰ হলেও অনুভৱ মানৱতাৰ ৷
ভাল লাগিল