ফটাঢোল

হাঁহি আৰু হাঁহিৰ লাভালাভ – মনালিছা পাঠক নেওগ

“তোমাৰ হাঁহি আৰু মোৰ বাঁহী…
যদি মিলি একেলগ হয়।
কোৱাচোন হ’বনে নহ’ব
আমাৰ হাজাৰ সুখ ৰাহি…”

আপোনাৰ এটা প্ৰাণ খোলা ধুনীয়া হাঁহিয়ে আপোনাৰ জীৱনৰ কঠিনতকৈ কঠিন অসম্ভৱক সম্ভৱ কৰি তোলে। লগতে আপোনাৰ মুখমণ্ডলৰ সুন্দৰ হাঁহিটি দেখি কিমানজনৰ যে দিনটো শুভ হৈ পৰে! আপুনি জানেনে হাঁহিৰ এনে ধৰণৰ লাভালাভ আছে যে আপোনাক সুস্বাস্থ্যবান কৰি তুলিব পাৰে। বিশ্বাস হোৱা নাই নহয়! ঠিক আছে তেন্তে, আহক জানোঁ আপোনাৰ হাঁহিটিয়ে আপোনাৰ স্বাস্থ্য ভালে ৰখাত কেনেদৰে সহায় কৰে।

টেনশ্যনৰপৰা মুক্তি :

দিনটোৰ দৌৰা দৌৰি আৰু ভাগৰৰ মাজত টেনশ্যন হোৱাটো স্বাভাৱিক। এই টেনশ্যন কম কৰাৰ সহজ উপায় হৈছে হাঁহি। হাঁহিয়ে অলপ সময়ৰ বাবে টেনশ্যন কম কৰাৰ লগত উৎসাহ বঢ়ায়।

ব্লাড প্ৰেচাৰ কম কৰে :

বহুতো উৎসৰপৰা এইটো প্ৰমাণিত হৈছে যে
হাই ব্লাড প্ৰেছাৰৰ ৰোগীয়ে ঔষধৰ লগতে যদি নিয়মিত হাঁহিটি লগত ৰাখে তেন্তে ব্লাড প্ৰেচাৰ নৰ্মেল হৈ থাকিব।

প্ৰাকৃতিক পেইন কিলাৰ :

ইডফিঞ্চয়ে শৰীৰৰ বিষ উপশম কৰে আৰু হাঁহি মৰা সময়ত আমাৰ শৰীৰে ইডফিঞ্চ এৰি দিয়ে।
ই প্ৰাকৃতিক পেইন কিলাৰৰ কাম কৰে আৰু বিষৰ সময়ত আপোনাক ভাল অনুভৱ কৰায়।

মন ভাল হয় :

যদি আপোনাৰ মন ভালে থাকে তেন্তে জীৱনৰ আধা সমস্যা নিজে নিজেই সহজ হৈ পৰিব। হাঁহিৰ ফলত আপোনাৰ মনটো পাতল হৈ যায়। কেতিয়াবা যদি আপোনাৰ মন বহুত বেয়া বা খঙাল হৈ থাকে তেতিয়া আপুনি সেই বিষয়টোৰ ওপৰত ভাবিব বা সেইজনক মনত পেলাব যাক মনত পেলালে বা ভাবিলেই আপোনাৰ মুখত নিজে নিজেই মিঠা হাঁহি এটি বিয়পি পৰে। বিশ্বাস কৰক এইটো টেকনিক ব্যৱহাৰ কৰিলে আপোনাৰ মনৰ ঋণাত্মক ভাব নোহোৱা হৈ পৰিব আৰু আপোনাৰ মন নিজে নিজেই ভাল হৈ পৰিব।

চিৰ যৌৱনা হৈ থাকিবৰ বাবে আপোনাৰ হাঁহি থকা চেহেৰাটোৱেই যথেষ্ট। সেয়ে হাঁহি থাকক আৰু হহুঁৱাই থাকক।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *