আণ্ডাৰৱেৰৰ ধৰ্ম – ডঃ বিক্ৰমজিত কাকতি
সাধাৰণ মানুহৰ ধৰ্মচর্চা আণ্ডাৰৱেৰ ব্যৱহাৰৰ কৰাৰ দৰে হ’লে পৃথিৱী শান্তিত থাকিব।
উদাহৰণ স্বৰূপে যিদৰে আপুনি কি ব্ৰেণ্ডৰ আণ্ডাৰৱেৰ পিন্ধি ভাল পাই সেইটো ৰাজহুৱাকৈ কৈ নাথাকে আৰু আপুনি পিন্ধা আণ্ডাৰৱেৰ কিয় আনতকৈ ভাল সেইটোও ৰাজহুৱা ভাবে কৈ নাথাকে, ঠিক সেইদৰে আপুনি কি ধৰ্ম চৰ্চা কৰি ভাল পাই আৰু সেই ধৰ্ম কিয় ভাল সেইটো সদায় ৰাজহুৱাভাৱে কৈ নথকাই ভাল নেকি?
আণ্ডাৰৱেৰৰ যদি বেছি টাইট হয় তেতিয়া শৰীৰটোৱে কষ্ট পাই আৰু বেছি ঢিলা হ’লেও য’তে ত’তে খুলি যোৱাৰ সম্ভাৱনা থাকে। সেয়েহে নিজৰ শৰীৰত ভালদৰে খাপ খোৱা, আৰামদায়ক আৰু পৰিষ্কাৰ আণ্ডাৰৱেৰহে পিন্ধা উচিত। ঠিক সেইদৰেই আপোনাৰ প্ৰয়োজনতকৈ বেছি ধৰ্মগোড়া হ’লে নিজৰেই বহু সময়ত ক্ষতি হয় আৰু একদম ধৰ্মত ঢিলা হ’লেও বেয়া বুলি ভাবোঁ।
যিদৰে ক্লাছিক বৃফ, জি ষ্ট্ৰিং, ভি কাট আদি আণ্ডাৰৱেৰৰ বিভিন্ন ডিজাইন আছে, সেইদৰে বিভিন্ন উপায়েৰে মানুহে ধৰ্ম পালন কৰে। কোনোৱে হোম পুৰি ভাল পাই নতুবা কোনোৱে হোম নুপুৰি ভাল পাই, কিন্তু উদ্দেশ্য এটাই, ঈশ্বৰৰ আৰধনা।
যিদৰে আমি আণ্ডাৰৱেৰ ধুই মেলি মানুহে দেখা পোৱাকৈ শুকাবলৈ দিলে ওচৰ চুবুৰীয়াই অস্বস্তি বোধ কৰে সেইদৰে আপুনি নিজৰ ধর্মীয় ক্ৰিয়াকৰ্মসমূহ এনেদৰে পালন কৰা উচিত যাতে ওচৰ চুবুৰীয়াৰ অসুবিধা নহয়, যেনে ধৰা হ’ল আপুনি ফ্লেটত থাকে, তাত যদি পুৱতি নিশাতেই মাইক লগাই উচ্চ স্বৰত ভক্তিমূলক সংগীত বজাই তেনেহ’লে ওচৰ চুবুৰীয়াৰ অসুবিধা হোৱাটো স্বাভাৱিক।
বহুতে মোক সমালোচনা কৰিব, কিছুৱে ইতিকিং কৰিব। কিন্তু মই ইয়াত মোৰ নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছোঁ, কাৰো অন্তৰত আঘাত দিব বিচৰা নাই। আপোনাৰ দৃষ্টিভংগী ভিন্ন হোৱা স্বাভাৱিক, মই আপোনাৰ দৃষ্টিভংগীকো সন্মান কৰোঁ।
কথাখিনিৰ আৰম্ভণিতেই মই সাধাৰণ মানুহ বুলি কৈছোঁ, আপুনি যদি নিজকে অসাধাৰণ বুলি ভাবে, তেন্তে আপুনি চুপাৰমেন, তেওঁ আণ্ডাৰৱেৰ বাহিৰত পিন্ধিলেও বাৰু ৰাইজে হজম কৰি লয়।
যি দৰে এজনৰ আণ্ডাৰৱেৰ আন এজনে পিন্ধা বেয়া বা পিন্ধিবলৈ দিবও নালাগে, একেদৰে এজনৰ ধৰ্ম আন এজনক জোৰ জুলুমকৈ দিবও নালাগে৷ সকলোৱে নিজৰ পচন্দত আণ্ডাৰৱেৰ পিন্ধক আৰু আৰামত থাকক৷ সকলোৱে নিজৰ পচন্দত ধৰ্ম কৰক আৰু কুশলে থাকক।
☆★☆★☆
3:13 pm
সুন্দৰ ব্যঙ্গ
3:32 pm
সুন্দৰ ব্যংগ।ভাল লাগিল পঢ়ি।
3:51 pm
সুন্দৰ ব্যংগাত্মক ৰূপত কটাক্ষ ।
ভাল লাগিল।
4:40 pm
বিৰাতেই ভাল লাগিল
11:00 pm
সুন্দৰ ব্যংগ
3:00 pm
ভাল লাগিল আপোনাৰ অনুভৱ। সাধাৰন মানুহবোৰেও এনেকৈ ভৱা হলে সমাজখন শান্তিত থাকিলে হেতেন
3:00 pm
Ha ha thik koise