অণুগল্প – কুকি বৰা
(১)
হাজৰিকানীয়ে ডক্তৰেট পোৱা খবৰটো বিয়পি পৰাত শুভাকাংক্ষীৰ লগতে আত্মীয়-স্বজনে ঘৰখনে ভৰি পৰিছে শুভেচ্ছা জনাবলৈ। এই সকলোবোৰ শুভেচ্ছাক তল পেলাই যেতিয়া পিছদিনা ওচৰৰে এগৰাকী মহিলাই জ্বৰৰ গাৰে আহি পুৱাই হাজৰিকানীৰ ঘৰত হাজিৰ হৈ ক’লে “ডাক্তৰনী বাইদেউ মোৰ জ্বৰটো চাই দিয়ক, কালিৰ পৰাই শুবই পৰা নাই”। হাজৰিকানীয়ে ভাবিছে পালোঁ সাহিত্যৰ ডক্তৰেট৷ কি কপাল হেৰৌ চাবলৈ পাইছো জ্বৰৰ ৰোগী”৷
(২)
ল’ৰাটোয়ে খৰখেদাকৈ খোজ ল’লে দোকানলৈ বুলি৷ উদ্দেশ্য বহী এখন কিনা। দোকান পায়ে দোকানীজনক সুধিলে “খুৰা বহী আছেনে? বহি থকা দোকানীজনে ক’লে, হয় বোপাই বহি আছোঁ৷ নহয় খুৰা বহী যে বহীৰ কথা কৈছোঁ৷ অ’ মই বহিয়ে আছোঁ৷” খৰখেদাকৈ খোজ দিয়া ল’ৰাটোৰ উভতনি যাত্ৰাত খোজটো ধীৰ স্থিৰ হৈ গ’ল৷
(৩)
শ্ৰেণীকোঠাত সদায়ে অংকত দুৰ্বল ল’ৰাটোক শিক্ষকে বুজাই বুজাই ভাগৰি পৰি এদিন একেবাৰে সহজকৈ বিয়োগৰ ধাৰণা দিবলৈ ল’লে৷ “চা বিজয়, তোৰ ওচৰত থকা দুটা ৰুটিৰ তই এটা খাই আনটোক ৰিণ্টুক দিলি এতিয়া তোৰ ওচৰত কেইটা ৰুটি থাকিব? বিজয়ে ৰুটিৰ কথা বাদ দি টপককৈ ক’লে, “ছাৰ সব্জিখিনি কিন্তু মই অকলেহে খাম, তাতে আলুৰ সব্জি”৷ শিক্ষকে মনতে ভাবিলে “হয় শিক্ষকতা এক জটিল কলা”৷
☆★☆★☆
12:23 pm
সুন্দৰ
1:06 pm
বঢ়িয়া
9:44 pm
????