কেৰালাৰ বেক ৱাটাৰত এদিন – কুকি কল্পিতা মহন্ত
২০১৭ চনৰ ডিচেম্বৰ মাহত আমি এখন ইণ্টাৰনেচনেল কনফাৰেন্সত যোগদান কৰিবৰ বাবে কেৰালালৈ গৈছিলো। প্ৰথম দিনাৰ কাৰ্যসূচী শেষ হোৱাৰ পাছত আমি অলপ কেৰালা দৰ্শনৰ বাবে ওলালো। বৰ বিশেষ চিনাকি নাই বাবে টেক্সিৰ ড্ৰাইভাৰ এজনৰ লগত কথা পাতিলো। কেৰালাত ফুৰিবলৈ জেগা বহুত আছে যদিও ট্ৰিৱানড্ৰমত বিচ্ছকেইটাৰ বাহিৰে তেনেকুৱা চাব লগা ঠাই একোৱেই নাছিল। টেক্সিৰ ড্ৰাইভাৰজনে আমাক অলপ দূৰত থকা “বেক ৱাটাৰ” বুলি ঠাই এটুকুৰালৈ ফুৰাবলৈ নিয়াৰ কথা ক’লে। গোগল কৰি চালো। ফটোবোৰ বৰ ধুনীয়া। লগে লগে তালৈ বুলি তেওঁৰ লগতে আমি ৰাওনা হ’লো। ডিচেম্বৰ মাহত ইফালে কেৰেলাৰ প্ৰচণ্ড গৰমে আমাক দহি পুৰি নিছিল। সাগৰৰ পাৰত নাৱত উঠি ফুৰিবলৈ পাম বুলি ভাবিয়ে কিবা এটা ভাল লাগি আহিল। প্ৰায় এঘণ্টামানৰ পাছত আমি গৈ আমাৰ গন্তব্য স্থানত উপস্থিত হ’লোগৈ। গাড়ীৰপৰা নমাৰ লগে লগে মানুহ এজনে আমাক আথে বেথে মাতি নি ধুনীয়াকৈ সজাই থোৱা কাঠৰ ৰুম এটাত বহুৱালে। মানুহজনে এটা ফটোৰ এলবাম আমাৰ হাতত তুলি দিলে আৰু ফটোবোৰ দেখুৱাই আমি নৌকাবিহাৰৰ সময়ত এইবোৰ দৃশ্য দেখিবলৈ পাম বুলি ক’লে। তেওঁ আমাক সেই নৈখনক কিয় “বেক ৱাটাৰ” বুলি কোৱা হয় সেইটোও ভালকৈ বুজি দিলে। আচলতে সেই নদীখনৰ পানীখিনি আৰব সাগৰৰপৰা উভতি বৈ অহা বাবে তাৰ নাম বেক ৱাটাৰ দিয়া হৈছিল। মানুহজনৰ কথাবোৰ শুনি ভাল লাগিল। ফটোবোৰ চাই ফূৰ্তিত ক’ব নোৱাৰা হৈ গ’লো একদম। ৰামধেনু চিনেমাৰ “ৰং দিয়া মৰম” গানটোলৈ মনত পৰি গ’ল। এইবাৰ হে এইবাৰ আৰু। নাৰিকল গছৰ মাজে মাজে আমি নাৱত ঘূৰি ফুৰিম, তললৈকে হাউলি থকা গছৰ মাজৰ সেউজীয়া সুৰংগৰে আমাৰ নাও আগবাঢ়ি গৈ থাকিব আৰু সুৰংগ পাৰ হৈয়ে সূৰ্যাস্তও দেখিবলৈ পাম লগতে আৰৱ সাগৰৰপৰা উভতি অহা পানীবোৰ আৰু একেবাৰে শেষত নৈৰ মাজত থকা নদী দ্বীপত ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্টত চাহ কফি খাম। খুব সুন্দৰ সুন্দৰ চৰাইও ওচৰৰপৰা দেখুৱাম বুলি মানুহজনে ক’লে। আনন্দৰ সীমা নোহোৱা হ’ল মনত। খৰ খোজেৰে গৈ নাৱত উঠিলোগৈ। অলপ দূৰ আগবাঢ়িয়ে মন কৰিলো পানীবোৰ ফটোত দেখাৰ দৰে ফটফটীয়া চাফা নহয়। অলপ লেতেৰা নিচিনা। নাৱৰীয়াজনে জানিবলৈ দিলে বোলে দুদিনমানৰ আগত অহা সাগৰীয় ধুমুহাৰ বাবে পানীবোৰ ঘোলা হৈ পৰিছে। নৈৰ দুইকাষে হাউলি হাউলি থকা নাৰিকল গছৰ মাজেৰে আমি আগবাঢ়িলো। ডিঙি মেলি মেলি চাইছোঁহে চাইছোঁ, ক’তো একো চাবলগীয়া বস্তু চকুত নপৰেহে নপৰে। অলপ আগবাঢ়ি গৈ এটা সুৰংগৰ দৰে ৰাস্তা মূল নদীৰপৰা ফাটি যোৱা দেখি উৎফুল্লিত হৈ পৰিলো। পিছে নাও সেইফালে নুঘূৰিল। নাৱৰীয়াজনে জনালে বোলে কালিৰ ধুমুহাত তাত গছ উঘালি পৰি ৰাস্তাটো বন্ধ কৰি ৰাখিছে। নিৰাশ হৈ সাগৰৰ ফালে আগবাঢ়িলোঁ। ঘপকৈ নাৱৰ স্পীদ কমি আহিল। কি হ’ল বুলি পাছফালে চাই দেখো নাৱৰপৰা নিচেই ওচৰতে এটা গছৰ ভঙা ডাল পৰি আছিল আৰু তাতে বহি আছিল এটা পানীকাউৰী আৰু নাৱৰীয়াজনে আমাৰ হাতৰ মোবাইলটোলৈ দেখুৱাই ফটো উঠাবলৈ ক’লে। বুজিবলৈ আৰু বাকী নাথাকিল ধুনীয়া ধুনীয়া চৰাইবোৰ মানে এইয়াই। আকৌ নাও সাগৰৰ ফালে আগবাঢ়িল। নাৱৰীয়াই দূৰৰপৰাই সাগৰ দেখুৱালে আমাক। মনটো ভাল লাগি আহিল। সাগৰত নাৱত উঠি অলপ ফুৰি আহিম। কিমান যে ভাল লাগিব। পিছে আশাত চেঁচা পানী পৰিল আমাৰ। অলপ আগবাঢ়ি গৈয়ে এডাল ৰঙা ৰছী বান্ধি সাগৰৰ ফালে নৈৰপৰা যোৱা ৰাস্তাটো ভেটি থোৱা দেখা পালো। নাৱৰীয়াই জনালে বোলে আগতে সেইফালে তেওঁ যাত্ৰীসকলক ফুৰাবলৈ নি সাগৰতো ফুৰাই আনিব পাৰিছিল। পিছে ধুমুহাৰ বাবে এতিয়া সেইফালে যাবলৈ নিদিয়ে। ৰঙা ৰছীডালৰ সিটো পাৰে বোলে ডেঞ্জাৰ জ’ন। আমাক তাৰপৰাই তেওঁ ফটো উঠাবলৈ ক’লে সাগৰৰ। তাৰপৰানো কি আৰু সাগৰৰ ফটো উঠিব! ৰঙা ৰছীডালহে তৰতৰাই উজলি উঠিল ফটোবোৰত। সূৰ্যাস্ত দেখাৰো কোনো সুযোগেই নাপালো। যিমান দেৰি নাৱৰ ওপৰত থাকিলো বেলিটো তৰতৰাই ওলাইয়ে থাকিল। ৫.৩০ লৈকে তাত ৰ’দ ওলাই থাকিল। দুখমনেৰে সেইখিনিৰপৰাই উভতি আহিলো। পানীবোৰ অলপ চুই চাবলৈ মন গ’ল। অলপ চুবলৈ লওঁতেই ওচৰতে মানুহ দুগৰাকীমানে নৈৰ পানীতে কাপোৰ ধুই থকা, মানুহ দুজনমানে গা ধুই থকা, লগতে গৰু দুটামানকো গা ধুৱাই থকা দেখিবলৈ পালো। পানীবোৰ কিয় ইমান লেতেৰা আছিল বুজিবলৈ আৰু বাকী নাথাকিল। প্ৰকাণ্ড প্ৰকাণ্ড মাটিকঁঠালৰ গছবোৰে পিছে বৰকৈ আকর্ষণ কৰিলে আমাক। উভতি আহোঁতে বেলেগ এটা ৰাস্তাৰে আহিলোঁ আমি। বাটতে এটা নদী দ্বীপৰ ওপৰত এখন বন্ধ হৈ থকা ৰেষ্টুৰেণ্ট দেখা পালোঁ। চাহ, কফি খোৱাৰ সপোনও এইবাৰ বাস্তৱ নহ’লগৈ। কিয় যে আহিছিলো এইবোৰ চাবলৈ তেনেকুৱা লাগিল। নাৱৰপৰা নমাৰ পাছত মানুহজন দৌৰি আহি আমাৰ লগত ইউনিভাৰ্চিটিৰপৰা যোৱা ছাৰক সুধিলেহি আমি ফুৰি কেনেকুৱা পালো। ছাৰে বোলে “আমি হ’লো ব্ৰহ্মপুত্ৰৰ ওচৰৰ মানুহ। পানী কাউৰীৰ বাহিৰেতো তোমালোকে একোৱে দেখুৱাব নোৱাৰিলা। এনেকুৱা বহুত চৰাই সদায় আমি ঘৰৰ পাছফালৰ বাৰীত দেখিয়ে থাকো। আহিবা কেতিয়াবা। ইয়াতকৈ ভাল ভাল চৰাই ঘৰতেই দেখুৱাই দিম তোমালোকক।” মানুহজনৰ মুখৰ অৱস্থাটো চাব লগা হৈছিল সেইদিনাখন। একেবাৰে ক’লা পৰি গৈছিল। ঘূৰি আহি গম পালো সেইকেইদিন বোলে ধুমুহাৰ বাবে তেওঁলোকৰ ব্যৱসায় একেবাৰে বেয়া চলিছিল আৰু টেক্সিৰ ড্ৰাইভাৰকেইজনে কমিচনৰ আশাত আমাকে পাই “বকৰা” বনাই তাত ফুৰাই আনিলেগৈ।
☆★☆★☆
7:44 pm
Bhal lagil pohi. Sir e thikei kole.
11:36 pm
Thank you dr
10:40 pm
“ইয়াতকৈ ভাল ভাল চৰাই ঘৰতেই দেখুৱাই দিম তোমালোকক” এইটো ডায়লগ মজা লাগিল৷
5:02 pm
আপোনালোকৰ কিয় এনে হ’ল বুজি নাপালো ৷ 2011 চনত মই যাওতে ঠিকেই দেখিছিলো ৷ চাব লগা ঠাই ৷ যিসকলক লগ পাইছিলো বিশেষ কৈ টেক্সিচালক আৰু অট’চালক সকলৰ ব্যবহাৰ খুব ভাল পাইছিলো ৷ অন্যায় কৰি এক পইচাও বেছি লব নোখোজে ৷