ফটাঢোল

বৰানীৰ টেলেণ্ট – ৰাস্না বৰা

বৰানীৰ মানুহজনে বজাৰ সমাৰ কৰি আহি সদায় একেখিনি ডাইলগ শুনাই শুনাই ফুটনি মৰাটো মানুহজনীৰ কিবা হজম নোহোৱাৰ দৰেই হৈছে। বজাৰৰ পৰা আহিয়েই গেটৰ পৰাই চিঞৰিব বোলে হেৰা মোক চাহ দিলানে? একেবাৰে অণ্ঠ কণ্ঠ শুকাই আহিছে গৰমত। আমি মতা মানুহবোৰেহে বুজোঁ এই ব্ৰহ্ম গৰমত ঘূৰি ঘূৰি বজাৰ কৰা, বেংকলৈ গৈ লাইন ধৰি ধৰি টকা উলিওৱা কিমান কষ্ট।তোমালোকেতো ঘৰতে বহি বহি ফেনৰ হাৱা খাই আৰামত ফেচবুক কৰিহে থাকা।এই ফেচবুকজনীক ধৰি কথা ক’লেই টিঙিচকৈ উঠে মানুহজনীৰ। হেৰৌ চাহ ভাত কিবা ওপৰতে হয় নেকি? আৰু এই গেটতে যে চিঞৰা আজিৰ পা গেটৰ দুমুৰে দুডাল পাইপ লগাই থম বাপ্পেকে। এডালত চাহ কফি, আন ডালত ঠাণ্ডা। আহিয়েই সোহা মাৰিলেই হ’ল আৰু। বজাৰৰ মোনাটোও আকৌ আনি ড্ৰয়িং ৰূমতে থৈ চিঞৰ বোলে এইটো নিয়াহে। কৃষ্ণ পাকঘৰলৈকে অনাচোন, ইমান দূৰ আনিলা যেতিয়া। নাই নুশুনে। লোকে বাতৰি পঢ়াত লাগিলেই যেন পৰীক্ষা হে দিব। চাহ-তাহ দি মানুহজনীয়ে ৰান্ধি বাঢ়ি আজৰি হৈ ভাত খাবলৈ গা ধুবলৈ মাতোঁতেহে সুধিব বোলে মাছ কিহেৰে বনালা? বোলে গৰমত টেঙা আকৌ। বৰাদেউয়ে বোলে মই মাইকী মানুহৰ দৰে টেঙা নাখাওঁ দেই মোলৈ সৰিয়হ দি জ্বলা বনোৱা। এনে সময়তে বৰানীৰ মতা মানুহ হ’বলৈ মন যায়। পিচে কিচিম কিচিম পাটৰ মুগাৰ সাজবোৰলৈ মোহ বাবেহে।

এই কথাই কথা নহয় বজাৰ সমাৰৰ দায়িত্ব আজিৰ পৰা ময়ে ল’ম বুলি এদিন ওলাল বৰানী গাড়ীখন লৈ। বেংকৰ পৰা টকা দহ হাজাৰো উলিয়াই ল’লে ঘামি জামি। বজাৰত বেপাৰীবোৰে বোলে বাইদেউ আপুনি আহিলে যে ছাৰ নাই নেকি? বৰানীয়ে বোলে কি মই আহিব নাপাই নেকি? এই বুলি ঘূৰি-পকি ভাবিলে অলপ সৰহকৈ ভাজি পাছলি লওঁ, গৰমত কোনে সদায় আহে। ল’লে দহ কেজি জিকা, দহ কেজি পটল, পাঁচ কেজি জলকীয়া, দহ কেজি কবি, আলু পিয়াঁজো দহ দহ কেজি ল’লে। আঙুলিত গাড়ীৰ চাবি ঘূৰাই ঘূৰাই এনে তাও দিলে যেন তেওঁৰ সমান বুদ্ধিমতী বজাৰ কৰা মহিলা নায়েই।

গাড়ীৰ ডিকি ভৰাই বজাৰ লৈ ঘৰ পালেহি। আহিয়েই এনে এটা লুক দিছে যেন “দেখিছ মোৰ টেলেণ্ট?” বৰাই দেখি জীয়েকক মাতিছে বোলে মাৰ পগলা হ’ল নেকি ঐ। এই যে পাছলি মখা আনিছে লগতে ডাবল দৰৰ ফ্ৰীজ এটাও নানিলে কিয়? হৰি হৰি আলু পিয়াঁজ বাদ দিছোঁ এইসোপা ভাজি পাছলি খাবলৈ ভোজ পাতিব লাগিব। বৰানীয়ে কাৰো কথা যেন নায়েই শুনা এনে ভাবত বৰাক ফ্ৰীজৰ পৰা ঠাণ্ডা এটা দিবলৈ ক’লে।তেওঁ আনি ওচৰ পাওঁতে এনে কাইদাত থাপ মাৰি লৈ খাবলৈ মুখলৈ নিওঁতেই গালত থপচকৈ চৰ এটা পৰাত সাৰ পাই উঠি বহোঁতেই মানুহটোৱে বোলে কি হৈছে তোমাৰ? ভূত প্ৰেতে পালে নেকি? এবাৰ মোৰ নাকত আঙুলি সুমাইছা, এবাৰ কাণত, এইবাৰ আকৌ মোৰ হাতটোকে থাপ মাৰি মুখত সুমাব ধৰিছা, এইবোৰ কি পাগলামী। তেতিয়াহে বৰানীৰ হুঁচ আহিল। গাড়ীৰ চাবি বুলি কাণত, নাকত আঙুলি আৰু ঠাণ্ডাৰ বটল বুলি হাতখন। ছেহঃ ইমান ধুনীয়া আছিল সপোনটো।

☆★☆★☆

One comment

  • হিৰণ্যজ্যোতি দাস

    সপোনহে নেকি?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *