ভোক – ভদ্ৰেশ্বৰ ৰাজখোৱা
কালিৰ চৱালে পৰহিৰ গীত গায় বুলি তাহানি দেউতাই মোক হাঁহিছিল। কিন্তু এতিয়া মোৰ দুকুৰি বছৰ বয়স নহওঁতেই আঠ বছৰীয়া মোৰ ল’ৰা দিজুৰ পৰা মই মোবাইল ফোনৰ কায়দা কিটিপবোৰ শিকি ল’বলগীয়া অৱস্থা হৈছেহি। মোবাইল ফোনে আমুৱালে, এতিয়া তাক এটা লেপটপ লগা হ’ল। কালিৰে পৰা ঠেঁহ ধৰি আছে, তাক লেপটপ এটা লাগিবই। আবেলি অফিচৰ পৰা আহি গাড়ীখন ৰখাওঁতেই টি টি কৈ দৌৰি দৰ্জাখনৰ ওচৰলৈ গৈ সুধিলে,
“দে’তা, দে’তা মোৰ লেপটপটো আনিলানে?”
….”নাই”, শুনাৰ লগে লগে মুখখন ক’লা কৰি ভিতৰলৈ লৰ মাৰিলে।
চাহ খাই আড্ডালৈ ওলাই গ’লো। ঘূৰি আহোঁতে ভাবিলোঁ ন বাজিল যেতিয়া সি শুলে চাগৈ। সাধাৰণতে সি চাৰে সাত, আঠ বজাতে শোৱে। শ্ৰীমতীক সুধিলোঁ,– “দিজু শুলেনে”?
“ক’ত শুলে সি, সি অভিমানী দীপ তাচাৰ ল’ৰাহে, তাৰ বস্তুটো পালেহে বোলে সি খাব আৰু শুব”।– মাকে কথাটো কওঁতে সি মোৰ হাতখনলৈ চাই লৰ মাৰি গৈ বিচনাত উঠিলগৈ।
“বুজিলোঁ, ভাল কাম কৰিলে সি মিছেছ ৰিণিকিৰ ল’ৰা আৰু বেয়া কাম কৰিলে দীপ তাচাৰ লৰা!”– মই কলোঁ।
“এতিয়া কি কৰা কৰা, সি স্কুলৰ পৰা আহি যি ভাত এগৰাহ খালে আৰু একো মুখত দিয়া নাই”।– ৰিণিকিয়ে ক’লে।
মুখ হাত ধুই ভাতৰ টেবুলত বহি তাক মাতিলোঁ– “দিজু, ভাত খাওঁ আহা।” নাহিল। কেইবাবাৰো মতাৰ পিছত নাহিলত তাৰে স্কেলপাত লৈ তপিনাত তিনিটা ছাট দিলোঁ। নাই! তথাপিতো নুঠিল। এবাৰ দেউতাই মোকো তেনেকৈ এচাৰিৰে পিটাৰ কথা মনত পৰিল।
“উঠ, ভাত খা!”
তিনি নম্বৰ চাটটো খোৱাৰ পাছত সুৰসুৰকৈ গৈ ভাত খাইছিলোঁ। পিছত দাগ কেইটা দেখি মায়ে দেউতাক বকিছিল আৰু চকুপানী টোকা দেখিছিলোঁ। মনতে ভাবিলোঁ, তেনেকুৱা জেদী বাপেকৰ ল’ৰাতো জেদী হ’বই।
তাক মাৰি মোৰো মনটো বেয়া লাগিছে, ৰিণিকিৰো চকুপানী ওলোৱা দেখিলোঁ। যেনেকৈয়ে নহওক এটাই ল’ৰা।
তালৈ ভাত বাঢ়ি থৈ খাই বৈ শুই থাকা বুলি কৈ মই বিচনাত উঠিলোঁ।
অকণমান পিছত মাকে মিচিকিয়া হাঁহি এটা মাৰি মোলৈ কাগজ এটুকুৰা আগবঢ়াই দিলে। তাত লেখা আছিল,–
“মা, আৰু এবাৰ মাতিলে মই ভাত খাম।”
☆★☆★☆