শ্বিলঙত এৰাতি – দিলীপ ৰঞ্জন কাকতি
২০০৭ চনৰ এপ্ৰিল মাহমানৰ কথা। চাকৰি সংক্ৰান্ততে ভাল বন্ধুত্ব হৈছিল শ্বিলঙৰ মণিপুৰী ল’ৰা এজনৰ সৈতে। বন্ধুজন মণিপুৰী যদিও দেউতাক মেঘালয় চৰকাৰৰ চাকৰীয়াল আছিল বাবেই দেউতাক ঢুকুৱাৰ পিছতো তেওঁলোক শ্বিলঙতে নিগাজীকৈ থাকিব লৈছিল। এপ্ৰিল মাহৰ কোনোবা এটা দিনত বন্ধুজনৰ দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধ আছিল। তাতে আন এজন গুৱাহাটীৰে মণিপুৰী বন্ধুৰ লগত মোকো নিমন্ত্ৰণ দিলে। গুৱাহাটীৰ মণিপুৰী বন্ধুজন আকৌ মোৰ আগৰ পৰাই চিনাকি আছিল। গতিকে নোযোৱাৰ কোনো কথাই নাই ফ্ৰি থকা, খোৱা, ঘূৰা তাতেই আকৌ শ্বিলঙত আৰুনো কি লাগে। সেই তাৰিখটোতেই অফিচৰ কামত যাম বুলি অফিচতো মিলাই ল’লোঁ। মুঠতে পুৰা ৰেডি।
নিৰ্দিষ্ট দিনা পুৱাই আমি তিনি বন্ধুই নিজৰ গাড়ীৰে ৰাওনা হ’লোঁ। সেই সময়ত গুৱাহাটী শ্বিলঙৰ ৰাস্তা আজিৰ দৰে নাছিল গতিকে গৈ পাওঁতে প্ৰায় ১১টা মানেই বাজিল। ইতিমধ্যে সকামৰ কামকাজ আৰম্ভ হও হও, বন্ধুৱে লগে লগে সকামত বহিলগৈ আৰু ইজন বন্ধু মণিপুৰী হোৱাৰ সুবিধাত লাগি ভাগি দিব গ’ল। মই এনেয়ে ইফাল সিফাল কৰি থাকিলোঁ। অলপ পিছত দুগৰাকী মণিপুৰী সাজপাৰ পিন্ধা সুন্দৰীয়ে চাহ মিঠাই খুৱাই গ’ল। সুন্দৰী বুলি এইবাবেই ক’লোঁ গাভৰু দুগৰাকী সঁচাকৈ সুন্দৰী আছিল। হ’বৰ কথাও, অলপ পিছত গুৱাহাটীৰ বন্ধুজনেই খবৰটো দিলে বোলে দুই সুন্দৰীৰ ডাঙৰজনী কোনোবা এটা বছৰৰ মিছ শ্বিলঙ ৰানাৰ্চআপ লগতে সৰু জনীও একে লাইনত গৈছে। মোক তেওঁলোকৰ কোনোবা খাছ মানুহ বুলিয়েই নেকি যথেষ্ট ব্যস্ততাৰ মাজতো খা-খবৰ ৰাখিছে কিবা অসুবিধা পাইছোঁ নেকি খবৰ কৰি আছে। তেনেকৈ থাকোতেই সকামো শেষ হ’ল লগতে দুই সুন্দৰীও নাপাত্তা হৈ গ’ল। গুৱাহাটীৰ বন্ধুজনে কিবা এটা অংক কৰিছিল চাগে সেয়ে তেনেকৈ নাপাত্তা হোৱাত মনটো অলপ বেয়া।
পিছবেলা খাই উঠি আমি পুলিচ বজাৰৰ পিনে ওলাই গ’লোঁ। ঘূৰি আহোঁতে প্ৰায় ১০ টা মানেই বাজিল। ৰাতি ভাত খোৱাৰ পিছত বন্ধুৱে নিজৰ ঘৰত আলহী ভৰ্তি হৈ থকাৰ বাবে গাড়ীৰে কিছু দূৰত থকা তেওঁৰ চিনাকি এঘৰত আমাক দুজনক শুৱাৰ ব্যৱস্থা কৰি দিবলৈ আনিলে। বন্ধুৱে গাড়ীৰ পৰাই ফোন কৰি দিয়াত দেখিলোঁ এটা ঘৰৰ সম্মুখত মানুহ এজন আমাৰ বাবে ৰৈ আছে। মণিপুৰী ভাষাত বন্ধুৱে তেওঁক কিবা কৈ আমাক নমাই থৈ উলটি গ’ল। মানুহজনে আমাৰ সৈতে কোনো কথা বতৰা নকৰি চিধাই আমাক ভিতৰৰ শোৱনী কোঠা এটালৈ লৈ গৈ বিছনা এখন দেখাই দি গুচি আহিল। কম পোহৰৰ লাইটটোৰ পোহৰত দেখিলোঁ দুখন বিছনা থকা এটা সৰু পৰিপাটি শোৱনী কোঠা তাৰে এখনত আগৰ পৰাই মূৰলৈ কম্বল ঢাকি দুজন কোনোবা শুই আছে। শুই থকা দুজনৰ অসুবিধা হ’ব বুলি কাপোৰ সলাই আমিও লগে লগে শুই পৰিলোঁ।
ঠিক টোপনি আহিছিল হঠাতে ওচৰত ক’ৰবাত কাৰোবাৰ ফুচফুচনিত সাৰ পালোঁ। দিনটোৰ ভাগৰৰ বাবে যথেষ্ট টোপনি লাগিছিল সেয়ে বিশেষ মন দিয়া নাছিলোঁ। কিন্তু অলপ মন দিয়াত গম পালোঁ সেয়া মহিলাৰ মাত। অলপ পিছত ফুচফুচনি শেষ হ’ল ময়ো কাষৰ কোনোবা কোঠাৰ পৰা অহা বুলি ভাবি শুই থাকিলোঁ। কিছু সময়ৰ পিছত আকৌ ফুচফুচনিত সাৰ পালোঁ। টোপনি ভঙাত মাতৰ উৎসটো ভালদৰে অনুমান কৰি গম পালোঁ আমাৰ কাষৰ বিছনাখনতে দুজনী মহিলাই ফুচফুচাই কথা পাতিছে যেন লাগিল। মূৰৰ পৰা কম্বলখন গুচাই চাওঁতে ছায়ামায়া পোহৰত দেখিলোঁ হয় একোছা দীঘল চুলি কম্বলৰ তলেৰে ওলাই আহি মজিয়া চুইছে আৰু মাতটো তাৰ পৰাই আহিছে। টোপনি ফাটি পলাল, বোলো কোন মহিলাৰ কোঠাত শুব দিলে। লগৰজনলৈ চালো বিন্দাছ শুই আছে। তাক হেচুকি দি কাণত ফুচফুচাই আখো দেখা হাল বৰ্ণনা দিলোঁ যদিও সি পাত্তা নিদি শুয়ে থাকিল। ময়ো মনত কিছিম কিছিম চিন্তা ভাৱনা লৈ শুই পৰিলোঁ। তাৰ মাজতে বেছি চিন্তা হ’ল কাপোৰ সলাওতে মই লোৱা টাৰ্জানৰ ৰূপটো যদি চাই আছিল।
ৰাতিপুৱা সোনকালেই সাৰ পালোঁ। কম্বলৰ পৰা মূৰ উলিয়াই চালোঁ কাষৰ বিছনাখনৰ পৰা মানুহ উঠি যোৱা নাই, গতিকে শুই থকাই ভাল কোন আছে চাব পাৰিম। কাণে মূৰে কম্বলখনলৈ, কম্বলৰ তলেৰে সৰু ফুটা এটা ৰাখি স্নাইপাৰ ৰাইফল লৈ ৰৈ থকাৰ দৰে ৰখি থাকিলোঁ। অলপ পিছতে সিহঁত উঠা গম পাই জুমি চাই দেখো হে ভগৱান এই দুজনী দেখোন যোৱাকালি বন্ধুৰ ঘৰত সকামত লগ পোৱা যুৱতী দুগৰাকীহে। তাৰমানে ৰাতি ইহঁতৰ ঘৰতহে থাকিলোঁ। ইতিমধ্যে বন্ধুৱে সাৰ পাই উঠি মূৰৰ পৰা কম্বলখন আঁতৰাই দিয়াত আমাক দেখা পোৱাত দুয়োজনী চক্ খাই ভিতৰলৈ লৰ মাৰে। অবশ্যে এজনীয়ে অলপ পিছত আমাক মুখ ধুবলৈ দি চাহ খাবলৈ মাতি গ’ল। ইতিমধ্যে বন্ধুও আমাক নিবলৈ আহি পালে। শেষত চাহ খাই থাকোতেহে পৰিয়ালৰ সকলোৰে লগত চা-চিনাকি হৈ বিদায় লৈ আহোঁ।
এই ঘটনাটো মোৰ সৈতে ঘটা সত্য ঘটনা। অচিনাকি পৰিয়ালটোৰ ব্যৱহাৰে মোক বহু কথাই শিকাই থৈ গৈছে। ই মোৰ বাবে এক বৃহৎ অভিজ্ঞতা আছিল। বুজি পাইছিলোঁ বিশ্বাস কি বস্তু? আধুনিকতা মানে কি? কিছুমান মানুহ ইমান উন্নত চিন্তা ধাৰাৰ। আৰু এনেবোৰ মানুহেই হয়তো পৃথিৱীখনক সুন্দৰ কৰি ৰাখিছে।
☆★☆★☆
2:32 pm
ভাল লাগিল ঘটনাৰ বৰ্ননাটো
10:00 pm
ৰসাল বৰ্ণনা ৷ ভাল লাগিল ৷