এই সময় সেই সময় – মাধুৰীমা ঘৰফলীয়া
পথটো নতুনকৈ মেৰামতি কাম চলি আছে। এক্সপ্ৰেছ হাইৱেৰ কাম। সমুখত লোকসভা নিৰ্বাচন গতিকে পথ নিৰ্মাণৰ গতিও তীব্ৰ হৈ আহিছে। ইফাল-সিফালৰ পৰা আহিব পৰা বহু সংযোগী পথ বন্ধ কৰি দিয়া হৈছে। হাইৱে হৈ যাবলৈ আগৰ চিনাকী সংযোগী পথবোৰৰ সলনি প্ৰায়ে অন্য পথৰ সহায় ল’ব লগা হৈছে। কিন্তু সকলোৱে সেইটো মানি লোৱা নাই , নিগনিৰ দৰে বন্ধ পথৰ মাজতে অকনমানি পথ উলিয়াই লৈছে। বিপদজনক বুলিও জানিও অকনমান সময় বচাবলৈকে সেই পথৰে আগবাঢ়িছে।
হাইৱেটোৰ কাষতে থকা ছচাইটি এখনৰ টাৱাৰ এটাৰ বাৰ মহলাত থকা ফ্লেটৰ বেলকনিৰ পৰা আলেখ লেখ চাই থকা নিতাইনীৰ সময়ৰ কথা মনলৈ অহাৰ লগে লগে সজাগ হৈ আহিল। অলপ আগলৈকে দিহিঙে দিপাঙে মনটো ঘুৰাই ফুৰা মানুহজনী লৰালৰিকৈ ভিতৰলৈ সোমাই আহিল।
-মাজনী টুকুৰ স্কুলৰ বাচখন অহাৰ সময় হ’ল। তাক আনিবলৈ যাওঁ।
কিবা এটা ৰান্ধি থকা জীয়েকৰ ফালে চাই কথাষাৰ কৈ নিতাইনী ফ্লেটৰ ওলাই আহি লিফ্টৰ বুটাম টিপিলেহি। একমিনিট মান সময় অপেক্ষা কৰাৰ পাছতেই লিফ্টখন বাৰমহলা পালেহি।
-‘নমস্তে আণ্টি’ – লিফ্টৰ পৰা ওলাই অহা চুবুৰীয়া নেহাই মিচিকিয়াই সম্ভাষণ জনালে। নিতাইনীয়ে প্ৰত্যুত্তৰ হাঁহি এটা মাৰি লিফ্টত সোমাল।
লিফ্টত উঠিলেই নিতাইনীৰ প্ৰায়ে প্ৰথমদিনা লিফ্টত উঠা সময়কনলৈ মনত পৰে। জীয়েকৰ হাতত ধৰি ভয়ে ভয়ে লিফ্টত সোমাইছিল। অৱশ্যে তাৰ আগত জীয়েকক কেইবাৰো খাটনি ধৰিছিল –এই বাকচটোত সোমাই নগ’লে নহৈছেনে মাজনী ?
-বহুত ষ্টেপ বগাব লাগিব মা। বলা একো নহয় মই ধৰি থাকিম নহয়।
‘বল মই ধৰি থাকিম নহয়’ বুলি অকনমানী জীয়েকক সাঁতোৰ শিকাবলৈ নিতাইনীয়ে হাতত ধৰি ধৰি পুখুৰীত নমাইছিল। এটা যুগৰ পাছত ঠিক একেদৰেই জীয়েকে নিতাইনীৰ হাতখন খামোচি ধৰিছিল। লিফ্টখন চলা লগে লগে নিতাইনীৰ পেটটো নোহোৱা যেন লাগিছিল। ভয়ত জীয়েকৰ হাতখন আৰু জোৰেৰে খামোচি ধৰিছিল। এটা সময়ত সকলোবোৰ সহজ হৈ পৰিছিল আৰু আজি সেইজনী মানুহে নিজেই লিফ্টৰ চুইচ টিপি অহা যোৱা কৰিব পৰা হ’ল।
দেউতাক ঢুকুৱাৰ পাছতেই নয়ডাত থকা জীয়েক অলপ দীঘলীয়া সময় লৈ ঘৰত থাকিবলৈ আহিছিল। নিতাইনীয়ে জানিছিল গোটেই সময়খিনি জীয়েকে তেওঁক লক্ষ্য কৰি আছিল। ল’ৰাকেইটাতকৈ এই ছোৱালীজনী বেলেগ। অন্তমুখী আৰু এটা চাৱনিতে সকলোবোৰ পঢ়িব পৰা যেন লাগে। জীয়েকৰ দৃষ্টিত তেওঁ ধৰা পৰি গৈছিল। অত বছৰে ছাঁটো যেন হৈ পৰা মানুহজন হঠাতে নোহোৱা হৈ পৰাত তেওঁ যে ভিতৰি ভিতৰি ভাগি পৰিছিল সেই কথা জীয়েকে বুজি পাইছিল। ভালপোৱা,আপোনত্ব যেতিয়া অভ্যাস হৈ পৰে সেই অভ্যাসত স্থবিৰতা আহিলে কষ্ট পোৱা যায়। ভীষণ কষ্ট। জীয়েকে পঢ়ি পেলাইছিল নিতাইনীৰ সেই গোপন বেথা। যোৱাৰ কেইদিনমানৰ আগে আগে মাকৰ হাতখন ধৰি কৈছিল-আমাৰ লগত যাওঁ বলা। টুকুৱে অনবৰতে তোমাক বিচাৰি থাকে। দেতাৰ অভাৱখিনি অন্য কোনেও পুৰাব নোৱাৰিলেও টুকুৱে অলপ হলেও লাঘৱ কৰিব পাৰিব বুলি জানো। বলা যাওঁ। মনটো ভাল লাগিব।
তাৰপাছত জীয়েক নাতিয়েকৰ হাতত ধৰি দিল্লী পালেহি।
হিন্দী,ইংৰাজী ,অসমীয়া তিনিওটা ভাষাৰে সানমিহলি কৰি ফুটা নুফুটা মাতেৰে টুকুৱে এনায়েকক কেনেকৈ ভিদিঅ গেম খেলে,কেনেকৈ ইউটিউবত ভিদিঅ চাব পাৰি শিকায়। দুদিনমানৰ পাছতে তাক স্কুললৈ যোৱা বাচত উঠাবলৈ, গধূলি পাৰ্কত খেলাবলৈ নিয়াৰ দৰে দায়িত্ববোৰ নিতাইনীয়ে কান্ধ পাতি ল’লে। তেওঁৰ দৰে নাতিহঁতৰ লগত লাগি থকা ছচাইটিৰ বহুকেইগৰাকীৰ আইতাকৰ সৈতে বন্ধুত্ব গঢ়ি উঠিল। নিতাইনীয়ে অসমীয়া মিহলি ভংয়কৰ হিন্দী ভাষা এটা কয় তেওঁলোকে নিজৰ মতে বুজি লয়। কেতিয়াবা ভাষা শুনি গোটেইকেইগৰাকী হাঁহিত ফাটি পৰে।
-ভাত খাতা হেই?
দুপৰীয়া বাচৰ পৰা টুকুক আনিবলৈ যোৱা নিতাইনীয়ে সখীয়েকহঁতক ভাত খালে নাই সোধে। তেওঁলোকে বুজি নাপাই ইজনীয়ে সিজনীৰ চকুলৈ চায়। কোনোবা এগৰাকীয়ে কিবা এটা অনুমান কৰি অৱশেষত কয়-বাট নহী চাৱল বেহেন।
-এনে কিবা চাৱল! চাউল খাই নেকি মৰতিহঁত!
নিতাইনীয়ে অসমীয়াতে ভোৰভোৰাই উঠে। ইফালে সখীয়েকহঁতে মুখ মেলি চাই থাকে। অলপ পৰ ইগৰাকীয়ে সিগৰাকীৰ চকুলৈ চায়, তাৰপাছত নিতাইনীৰ সহিতে গোটেইকেইগৰাকী হাঁহিত ফাটি পৰে।
সেই হাঁহিটোৱে নিতাইনীক কেঁচা নৰাণিৰ ভাঙি চোকা টেঙা খাবলৈ বহা দাৱনীৰ সেই নিষিদ্ধ কথাৰ আড্ডাবোৰলৈ মনত পেলাই দিয়ে। টেঙাৰ ৰসতকৈ কথাৰ ৰসৰ চোক বেছি আছিল তেনে আড্ডাত। এতিয়াৰ আড্ডাত কথাৰ চোক বেছিকৈ নাথাকিলেও হাঁহিবোৰ একেই যেন লাগে নিতাইনীৰ। সেই হাঁহিত গালবোৰ বাৰে বাৰে ৰঙা হৈ উঠিছিল আৰু এই হাঁহি গোটেই শোটোৰা পৰা গালখনত বিয়পি পৰে। ঠিক বেলি ডুবা আকাশৰ দৰে।
নিতাইনীৰ মনটো লাহে লাহে মুকলি হৈ আহিছিল। ৰাতি মাক-দেউতাকক এৰি তেওঁৰ বুকুত সোমাই শুৱা টুকুক লৈ পুনৰ ভালকৈ টোপনি যোৱা হ’ল।
-মা তোমাৰ মনত আছেনে আগতে স্কুল বন্ধ হলে আনবোৰ ল’ৰা ছোৱালী এনাইয়েকৰ ঘৰলৈ গলে আমি মন মাৰি বহি আছিলোঁ।
বন্ধবাৰ এটাত টুকুৰ লগত ঠেলা ঠেলি কৰি থকা নিতাইনীলৈ চাই জীয়েকে সুধিলে।
-আছে। তহঁতে মন মাৰি থকা দেখিলে মোৰ আই পিতাইলৈ বৰ খং উঠিছিল। বিয়া হলোঁৱে যেনিবা তেওঁলোকৰ জাতত নিমিলা ল’ৰালৈ সেইবুলিয়ে এৰোঁ বুলিয়েই তেজৰ সম্পৰ্ক এটাক তেনেকৈ বিসৰ্জন দিয়ে নেকি!
নিতাইনীয়ে তাহানিতে নিজৰ আয়েক-পিতাকক গালি দিয়াৰ দৰেই বকি উঠিল। যদিওবা আয়েক-পিতাক ঢকুৱাৰ পাছত ককাই-ভাইসকলৰ সৈতে যোগাযোগ আৰম্ভ হৈছিল, তথাপি নিতাইনীৰ ক্ষোভবোৰ একেবাৰে শেষ হৈ নগ’ল। কিছুমান যন্ত্ৰণাই আমৃত্যু মনক থেকেচি থাকিব পাৰে!
-সেই সময়ত বৰ দুখ লাগিছিল। আনবোৰ ল’ৰা ছোৱালীয়ে এনায়েক পুথাকৰ ঘৰৰ পৰা বিহুত দিয়া চোলাবোৰ দেখুৱাইছিল,কাক এনায়েকে,পুথাকে কিমান পইচা দিলে আমাৰ আগত হিচাপ দিছিল আৰু আমিকেইটা তেতিয়া ভাবিছিলোঁ এনায়েক-পুথাক থকা ল’ৰা-ছোৱালীবোৰ চাগে সকলোতকৈ ভাগ্যশালী। এতিয়া পিছে টুকুক দেখিলে লাগে আমি মিছা ভবা নাছিলোঁ।
জীয়েকে মিচিকিয়া হাঁহি এটা মাৰি নিতাইনীলৈ চাই ক’লে।
-সি বাৰু ভাগ্যশালীয়েই কিন্তু তাৰ ল’ৰা-ছোৱালীবোৰ পাছত ভাগ্যশালী হ’বগৈ নে? সিহঁতৰ চাৰিওফালেচোন কেৱল যান্ত্ৰিকতা? এই যান্ত্ৰিকতাৰ মাজত সৌভাগ্যই কেনেকৈ সিহঁতক লগ দিব?
-সৌভাগ্যৰ যি সংজ্ঞা তোমাৰ বাবে সেয়া আনৰ বাবে নহ’বও পাৰে মা!
জীয়েকৰ বাক্যষাৰে নিতাইনীৰ বুকুত বিজুলীৰ দৰে চুই গ’ল। বাক্যষাৰৰ অৰ্থটোৰ বাবে নহয়, এই বাক্যষাৰ আন এদিন আন এজনৰ মুখত শুনা বাবেহে। সেইদিনা সমুখলৈ চাই তেওঁ এনেকৈয়ে কৈছিল।
অনাধিকাৰ ভাৱে মাত মতাত নিতাইনীৰ বাহিৰে সকলোৱে মনে মনে বিৰক্তি পালেও সমুখত সেয়া প্ৰকাশ নকৰি হয়ভৰ দিছিল। নিতাইনীয়ে চোৰৰ দৰে মানুহজনৰ মুখলৈ চাইছিল।
নাতি-নাতিনীহঁতক ছচাইটিৰ পাৰ্কত খেলিবলৈ এৰি দি নিতাইনীৰ সখীসকলৰ আড্ডা বহিছিল। কথাৰ মাজতে কোনোবা এগৰাকীয়ে কৈ উঠিল-ভাটিয়ানী কি সৌভাগ্যশালী, আমাৰ দৰে নিজে সংসাৰৰ জঞ্জাল এসোপা লৈ ফুৰিব লগা হোৱা নাই। সকলোবোৰ পুতেক বোৱাৰীকহঁতে চম্ভালে আৰু পো বোৱাৰীও বিৰাট ভাল।
-সৌভাগ্যৰ সংজ্ঞা সকলোৰে বাবে একে নহয়!
নিতাইনীহঁতৰ পৰা অকনমান আঁতৰতে থকা বেঞ্চখনত বহি থকা মানুহজনে মাত লগাইছিল। মনে মনে বিৰক্তি পালেও সকলোৱে তেওঁলৈ চাই হাঁহি মাৰি সমৰ্থন জনাইছিল। চকুলৈকে বিয়পি যোৱা হাঁহি এটা মাৰি নিজৰ পৰিচাৰিকাগৰাকীৰ হাতত ধৰি মানুহজন লাহে লাহে তাৰ পৰা আঁতৰি গৈছিল। কঁকালত বিষৰ বাবে বেল্ট এডাল লগাই থোৱা দীৰ্ঘদেহী মানুহজনে যিমান পাৰে শৰীৰটো পোনাই ৰাখি খোজ কাঢ়িবলৈ চেষ্টা কৰিছিল।
নিতাইনীয়ে তেওঁক পাছফালৰ চাই থাকোঁতেই কোনোবা এগৰাকীয়ে তেওঁৰ ফালে চাই কৈছিল-ত্যাগী মানুহজন কিন্তু একেদৰেই আছে। ঘৈণীয়েক ঢুকুৱাৰ পাছত ভাগি পৰিব বুলি ভাবিছিলোঁ।
-জীয়েক-জোঁৱাইক ঢুকাওতে মানুহজনক অলপ অস্থিৰ দেখিছিলোঁ। তাৰপাছত তেওঁক তেনেকুৱা ৰূপত কোনোদিনে দেখা নাই। সদায় হাঁহি স্ফূৰ্তিৰে থাকে। বেয়াই লাগে, কেনেকৈ যে অকলশৰীয়া জীৱন এটা পাৰ কৰিছে। তাকো এই শেষসময়ত!
-অকলশৰীয়া মানে?
আচৰিত হৈ নিতাইনীয়ে সুধিছিল। একেটা টাৱাৰতে থকা, প্ৰায়ে লিফ্টত অহা যোৱা কৰোঁতে লগ পোৱা ত্যাগীৰ বিষয়ে সেইদিনাহে নিতাইনীয়ে জানিছিল। এসময়ৰ উচ্চপদস্থ চৰকাৰী বিষয়া ত্যাগীৰ একমাত্ৰ সন্তান ছোৱালীজনী বিয়া দিয়া অলপদিনৰ পাছতে জী-জোঁৱাইহালেই কাৰ এক্সিডেণ্ট ঢুকাইছিল। পত্নী তেতিয়াও জীয়াই আছিল। তাৰ চাৰিবছৰমানৰ পাছত পত্নীৰ গাত দুৰাৰোগ্য ৰোগে বাহ ল’লে। স্থিতপ্ৰজ্ঞ দৰে ত্যাগীয়ে পত্নীৰ শুশ্ৰূষা কৰি গ’ল। সেই শুশ্ৰূষাই ত্যাগীক অকলশৰীয়া হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। পত্নীও হেৰাই গ’ল। তেতিয়াৰ পৰা পৰিচাৰিকা গৰাকীৰ সহায়ত তেনেকৈয়ে জীৱন অতিবাহিত কৰিছে।
লিফ্টৰ ভিতৰত কেতিয়াবা অকনমান সময়ৰ বাবে লগ পোৱা মানুহজনক নিতাইনীৰ সুধিবলৈ খুবেই মন যায়-কেনেকৈ কটাই তেওঁ ৰাতিবোৰ? জোনৰ পোহৰে চুই যোৱা বেলকনিত বহি তেওঁ বাৰু কেতিয়াবা নিতাইনীৰ দৰেই এৰি অহা দিনবোৰৰ ছবিবোৰ মনেৰে চাই মিচিকিয়াই থাকেনে? ভালপোৱা বুলি প্ৰথমবাৰৰ শিহৰিত হৈ উঠা সেই পুৰণি স্পৰ্শক একেদৰেই অনুভৱ কৰে নে? আৰু কথাবোৰ…সময়ে প্ৰকাশৰ বাট বন্ধ কৰি দিয়া কথাবোৰে কষ্ট দিয়ে নে?
মন যোৱা সকলোবোৰ কাম কৰিব নোৱাৰি সেয়া নিতাইনীয়ে বুজে। বয়সৰ লগে লগে বহু ক্ষেত্ৰত সীমা এডাল টানি ৰাখিব লগা হয় সেয়া নিতাইনীয়ে মানি চলে। কিন্তু মনলৈ অহা ভাৱবোৰত জানো লেকাম লগাব পাৰি। ত্যাগীক ক’ৰবাত দেখিলেই একেখিনি কথাই বাৰে বাৰে তেওঁক আমনি কৰেহি। অৱশেষত…
দুদিন ধৰি বতৰ ডাৱৰীয়া। এনায়েক নাতিয়েক দুয়ো গধূলি সময়খিনি ঘৰতে বন্দী হ’ব লগা হৈছে। তৃতীয়দিনা নিতাইনীৰ ভিতৰত সোমাই থাকিবলৈ মন নগ’ল। এটুপ দুটুপকৈ বৰষুণ পৰি আছিল বাবে টুকুক ঘৰতে থৈ তেওঁ অকলে ওলাই আহিল। এই এটুপ দুটুপকৈ পৰি থকা বৰষুণ তেওঁৰ এনেও বৰ প্ৰিয়। কিন্তু এই বয়সত প্ৰিয় বাবেই বৰষুণত তিতিবলৈ মন গৈছে বুলি জীয়েক জোঁৱায়েকৰ আগত ক’বলৈ লাজ লাগে। গতিকে সখীয়েকসকলক লগ কৰা চলেৰে বৰষুণত তিতিবলৈ আহিল। কিন্তু বৰষুণৰ বাবেই চাগে পাৰ্কত দুজনমানহে ঘুৰি ফুৰিছিল আৰু তাৰমাজত নিতাইনীৰ সখী এগৰাকীও পাৰ্কত নাই। বৰষুণজাক অকনমান ডাঙৰ হৈ আহিছিল। নিতাইনী গৈ পাৰ্কৰ মাজে মাজে থকা ডাঙৰ ছাটি কেইটাইৰ তলত থকা বেঞ্চ এখনত বহিলগৈ।
-নমস্তে বেহেনজী!
নিতাইনীৰ পাছে পাছে ত্যাগীও আহি সমুখৰ বেঞ্চখনত বহিলহি।
-কিমানবাৰ কলোঁ বৰষুণত ওলাই আহিব নালাগে এষাৰো কথা নুশুনে। ক’ৰবাত পৰিলে কঁকালৰ বাকী থকাকনো বেয়া হৈ যাব। আৰু এতিয়া মই বজাৰ কৰি নহালৈকে ইয়াৰ পৰা উঠি নাযাব।
ত্যাগীক ভালকৈ বহুৱাই থৈ পৰিচাৰিকাগৰাকীয়ে হাৰিয়ানী ধৰণৰ উচ্চাৰণত তেনেকৈয়ে ভোৰভোৰাই বজাৰ কৰিবলৈ গুছি গ’ল। নিতাইনীয়ে এবাৰ ত্যাগীলৈ আৰু পৰিচাৰিকাগৰাকীলৈ চালে। ত্যাগীৰ মুখত তেতিয়াও সেই একেটা হাঁহি।
-তাইৰ মোলৈ বৰ চিন্তা। কিন্তু বৰষুণ মোৰ প্ৰিয়। আৰু প্ৰিয় বৰষুণজাক বেলকনিৰ পৰা উপভোগ কৰি বেয়া পাওঁ। এনেকৈ বেছি ভাল লাগে। আপোনাৰো প্ৰিয় চাগে ন?
ত্যাগীৰ প্ৰশ্নত নিতাইনী অপ্ৰস্তুত হৈ পৰিল। সংকোচেৰে তেওঁ ইফালে সিফালে চালে আন কোনোবাই এইবোৰ কথা শুনিছে নেকি! ত্যাগীয়ে নিতাইনীৰ মনৰ ভাৱক গুৰুত্ব নিদি পুনৰ কৈ উঠিল – আপোনালোকৰ অসমত পাঁচবছৰ চাকৰি কৰিছিলোঁ। তাত প্ৰায়ে এনেকৈ বৰষুণ দিয়ে নহয়। মিছেছ তেতিয়া ছোৱালীৰ পঢ়া শুনাৰ বাবে ইয়াতে আছিল। বৰষুণ দিলেই মই তেওঁলৈ ফোন কৰি কৈছিলোঁ বৰষুণৰ শব্দবোৰ তোমাৰ খোজৰ শব্দৰ দৰে লাগে কেতিয়াবা। তেওঁ খিলখিলাই হাঁহি কৈছিল, হ’ব দিয়া মই কাষত নাথাকিলে বৰষুণবোৰেই মোৰ খোজৰ ৰূপ লৈ তোমাক চুই আহিব। এতিয়া তেওঁ কাষত নাই কিন্তু বৰষুণজাক আছে। সেইবাবে বৰষুণ মোৰ প্ৰিয়। আপোনাৰ?
প্ৰশ্নটো শুনি নিতাইনী আকৌ কোঁচমোচ খাই বহিল।
-নাজানো।
নিতাইনীৰ মুখেৰে কোনোমতে এটা শব্দ ওলাল। ত্যাগীয়ে আকৌ হাঁহিলে।
-নাজানো নাজানো কৈ সহস্ৰবাৰ আমি নিজকে ঠগি আহিছোঁ। মোৰ আজিকালি ঠগিবলৈ মন নাযায়। সন্মুখীন হওঁ প্ৰতিটো প্ৰশ্নৰে, প্ৰতিটো পৰিস্থিতিৰে। উত্তৰ বিচাৰি উলিয়াই লওঁ, শান্তি লাগে। হাতৰ মুঠিত সময়ে বা কিমান আছে। এই সময়খিনি নোপোৱাবোৰ,হেৰুৱাবোৰ লৈ নষ্ট কৰিবলৈ মন নাযায়। এই সময়খিনি ভাললগাৰে, ভালপোৱাৰে পাৰ কৰিছোঁ। লাগিলে সেয়া সোঁৱৰণীয়েও হওক। কাৰোবাৰ হাতত খামুচি ধৰিয়ে হওক বা সেই হাতখনে ধৰি আছে বুলি ভবা বিশ্বাসটোৱেই হওক। জীৱন কেৱল জীয়াই থাকিবলৈ।
বৰষুণজাক কমি আহিছিল। বহাৰ পৰা উঠি নিতাইনীয়ে এবাৰ ত্যাগীলৈ চালে, চকুলৈকে বিয়পী পৰা সেই একেটা হাঁহিৰে বৰষুণৰ টোপালবোৰ চুই চোৱাত ব্যস্ত হৈ পৰিছিল তেওঁ। কিয় নিতাইনীক সেইবোৰ কথা ক’লে সেয়া নোসোধাকৈয়ে নিতাইনী পাৰ্কৰ পৰা লাহে লাহে ওলাই আহিল। কিছুমান কথাৰ উত্তৰ বিচাৰিব নালাগে, অন্তত জীৱন জী থাকিব খোজাজনৰ কাষত। নিতাইনীয়ে সেয়া জানে।
☆★☆★☆
1:21 pm
ধুনীয়া