ফটাঢোল

কোন কিমান খৰ – পম্পী শইকীয়া

সম্পূৰ্ণ গাঁৱলীয়া পৰিবেশৰ মাজত থকা যৌথ পৰিয়াল এটাৰ সৰু বোৱাৰী মই। কোনো ধৰণৰ সমস্যা নাই গাঁৱত আছোঁ বা যৌথ পৰিয়ালত আছোঁ বুলি। অৱশ্যে নিজৰ কৰ্তব্যৰ ক্ষেত্ৰত কিছু খেলিমেলি নোহোৱাকৈ নাথাকে বাৰু কেতিয়াবা।

ঘটনা এটা মনলৈ আহিছে। তেতিয়া শীতকালৰ সময়। মানে মই উল্লেখ কৰিবলৈ লোৱা ঘটনাটো ডিচেম্বৰৰ শেষৰ দিনটোৰ। ঘৰৰ সন্মুখৰ ৰাষ্টাটো PMGSY ৰ অধীনত নতুনকৈ বনাবলৈ লৈছে। নতুনকৈ পথাৰৰ আলতীয়া মাটি অলপো পেলাইছে, তাতে সেইকেইদিন একেবাৰে চিপচিপিয়া বৰষুণ। কল্পনা কৰকচোন কি অৱস্থা হ’ব পাৰে। বাইক, স্কুটি, গাড়ী সকলো তেতিয়া আনৰ ঘৰৰ গেৰেজত। ৰাতিপুৱা ৭ বজাতে এহাতে বেগ, পানী বটল আৰু ছোৱালীজনীক কোচত লৈ আনখন হাতেৰে শাৰী, মেখেলা দাঙি যেনেতেনে ওলাই যাওঁ স্কুললৈ বুলি। সেই সময়খিনিত যদি বৰষুণ দি থাকে তেন্তে কথাই নাই। উঃ, এনে লাগে যেন বিধাতাই ছাতিটো ধৰিবলৈ সাময়িকভাৱে হ’লেও আৰু এখন হাত ডিঙিটোতে লগাই দিয়া হ’লে! তাতে ৰাতিপুৱা নিজৰ নৈমিত্তিক কামখিনিতো থাকেই। লৰালৰি নহ’বলৈকে  কাম দুটামান আগদিনা ৰাতিয়েই কৰি থওঁ প্ৰায়ে। এই ধৰক ঘৰটোৰ চুক-কাণবোৰ ভালকৈ সাৰি থোৱা, পাচলিকেইটা কাটি থোৱা, বাথৰুমত কাপোৰকেইটা গোটাই থোৱা ইত্যাদি ইত্যাদি। সেইদিনাও ৰাতি ভাতকেইটা খাইয়ে ঘৰটো ঝাড়ু মাৰো বুলি লওঁতেই বৌয়ে বোলে, ঔ আই, সাৰিলাই নেকি! তুমি সাৰিছা যদি মই তেন্তে ঘৰটো আজিয়েই মচি থওঁ।

“অ’, কি হ’ল আকৌ বোলো।” তাই বোলে, ”মানে হেৰি, ল’ৰাটোৰো স্কুল আছে নহয় কাইলৈৰপৰা। (মানে মোৰ ভতিজা) ঘৰৰপৰা ৭ বজাৰ আগতেই যাব লাগিব। ৰাতিপুৱা বৰ লৰা ঢপৰা হ’ব।” ময়ো ভাবিলোঁ, হয় কথাটো। কামবোৰৰ মাজতে আকৌ ক’লো তাইক, “প্ৰেচাৰ কুকাৰটোত আলু, ভাত অকণকে দি খাই যাবা তোমালোকে, মই পাছৰখিনি ৰান্ধিম।”

মোতকৈ যিহেতু আগতে ওলাব সিহঁতে, সেয়েহে যি পাৰে তাকে ৰান্ধি খাই যাবলৈ ক’লো। অবশ্যে ৭.৩০ত স্কুল পাবলৈ ময়ো আগদিনাই প্ৰেচাৰ কুকাৰত ডাইল, চাউল ভাগে ভাগে ভৰাই থওঁ। কৈছোঁৱেই নহয়, ভাজিখনো পাৰিলে কাটিয়েই থওঁ। আনহে নালাগে আদা, নহৰুকণো গুচাই মিক্সি বা খুন্দনাটোত ভৰাই থওঁ। যাতে গেছৰ ওপৰত কেৰাহীখন পাতি ডাইৰেক্ট ছে…এ এ কৰি দিব পাৰো। ৰাতিপুৱাও গা ধুই বাহিৰে বাহিৰে প্ৰেচাৰ কুকাৰটো গেছত পাতিহে ৰুমলৈ সোমাওঁ। সেইদিনাও বৌক বোলো আলু ভাত খাই গ’লেও কুকাৰটোত ৰাতিয়েই চাউল আৰু আলু দুটামান ভৰাই থৈ দিওঁ নেকি? তাইও বোলে থোৱা তেন্তে। আৰু উজু হৈ থাকিব। কাৰণ পুহমহীয়া ঠেঁটুৱৈ ধৰা ৰাতিপুৱাটোত গা ধুই আলু ভাত ৰান্ধিবলৈ হ’লেও মোৰ নিচিনাজনীৰ বাবে কিমান অসাধ্য সেইয়া লেপৰ তলত উম লৈ থকাকেইজনে কি বুজিব? সেই ভাবিয়েই বোলো যি পাৰো এতিয়াই কৰি থওঁ বুলি পাকঘৰলৈ  গৈ দেখো, উৱা! এইজন দেখোন আৰু চোকা। এজনৰ আকৌ পাছদিনা মৰ্ণিং শ্বিফ্ট ডিউটি, তেওঁৰ আৰু আগতীয়া, ৬ বজাতে ডিউটি পাবগৈ লাগিব। গতিকে টিফিন নিবলৈ প্ৰেচাৰ কুকাৰত ডাইল, আলু, চাউল ভৰাই থোৱাই নহয়, একেবাৰে চিট চিটকৈ চিটিয়েই মাৰি দিলে। মানে ডিউটিলৈ নিয়া টিফিন ৰেডি ৰাইজৰ! হে হৰি, আমাৰ মানুহবোৰৰ এনেকুৱা হৈছেগৈ যেন পাৰিলে উলিয়াব লগাখিনি ৰাতিয়েই উলিয়াই থৈ গাটোও ধুয়েই থ’ব ৰাতিয়েই! ভাতকেইটাও সময় পাওঁতেই ৰাতিয়েই খাই থৈ ৰাতিপুৱা অকণমান দেৰিলৈকে লেপৰ মজাটো লৈ থাকিম। হায় বিধি! কি যে দুৰ্কপাল আমাৰ!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *