বিড়ম্বনা – কমলা দাস
বিয়াৰ কেইবছৰমান পিছৰ কথা। ছোৱালীজনীৰ বয়স তেতিয়া আঠ মাহমানহে হৈছিল। সংসাৰৰ চিন্তা-ভাৱনাবোৰ বৰকৈ মূৰত সোমোৱাই নাছিল। জীৱনটো বৰ ৰঙীন যেন লাগিছিল। সেই সময়ত আকৌ থিয়েটাৰ, চিনেমা চোৱাৰো খুব চখ্ আছিল। সৰুজনী ননন্দ আৰু দুজনী জাৰ সৈতে মই মাজে মাজে থিয়েটাৰ নাইবা চিনেমা চাবলৈ গৈছিলোঁ। চিনেমা দুমাহৰ বা তিনি মাহমানৰ মূৰত হে এদিন চাবলৈ পাইছিলোঁ। তাকো শাহুআইক পতাব পাৰিলেহে! চিনেমা হলত চিনেমা চাবলৈ যোৱাটো আমাৰ কাৰণে সৰু সুৰা উৎসৱৰ নিচিনাই আছিল। আক-তাক খাটিৰ কৰি কোনোমতে টিকটকেইটা কটাইছিলোঁ। সোনকালে খাই বৈ উঠি আবেলিৰ কামখিনি (আমাৰ দিনত সদায় আবেলি ঘৰ চোতাল সাৰিব লাগিছিল। ৰাতিৰ সাঁজৰ কাৰণে আবেলিতে পাকঘৰত পানী ও আনি থ’ব লাগিছিল।) দুপৰীয়াতে কৰি আজৰি হৈ হে মেটিনি শ্বো চিনেমা চাবলৈ যাব পাৰিছিলোঁ। নহ’লে চিনেমা চাই ঘৰলৈ ঘূৰি আহি কুকুৰে কাঁইট নোখোৱা গালি শুনিব লাগিছিল। তথাপিও চিনেমা বুলিলেই পাগল আছিলোঁ। তেনেকুৱা সময়তে চিনেমাৰ গানবোৰ যেতিয়া দূৰদৰ্শণে ‘চিত্ৰহাৰ’ নাম দি অনুষ্ঠান এটা প্ৰচাৰ কৰিবলৈ ল’লে, আমাক আৰু কোনে পায়! সেই সময়ত টিভিত চিত্ৰহাৰ, বুধবাৰ আৰু শুক্ৰবাৰে সন্ধিয়া আঠটা বজাত দিছিল। আমাৰ সেই দুদিন সন্ধিয়াটো নহয় হে নহয় লাগিছিল। দুপৰীয়াৰ পৰাই প্লেন বনাইছিলোঁ কি কি কাম কৰি আজৰি হৈ থাকিলে চিত্ৰহাৰ চাবলৈ পাম বুলি। ঠাণ্ডা দিনতটো আঠটা বজা মানে বহুত ৰাতিয়ে হয়।
এদিনাখন ঠাণ্ডা দিনৰ কথা! সিদিনা চিত্ৰহাৰৰ দিন আছিল! ঠাণ্ডা দিন যিহেতু পাঁচ বজাতেই সন্ধিয়া হয়। ময়ো গধূলি হোৱাৰ লগে লগেই ভাত-পানী ৰান্ধি আজৰি। ছোৱালীকো খুৱাই বুৱাই শুৱাই থৈ দিলোঁ। মনে মনে বাৰে বাৰে ঘড়ীটোলৈ চাই আছোঁ। সাতটা বাজিলেই! ইমান সোনকালে ভাত বাঢ়ি দিবলৈও ভয়। ঘৰৰ মানুহে খায়নে নাখায় বা! তথাপিও চাৰে সাতটা বজাত সাহস কৰি ভাত বিলাক ঠাণ্ডা হৈ যোৱাৰ অজুহাত দেখুৱাই বাঢ়িয়েই দিলোঁ। সকলোকে বাঢ়ি দি ময়ো নাকে কাণে গুজি কিবাকে ভাত কেইটা খাই চিত্ৰহাৰ চাবলৈ দিলোঁ দৌৰ!
সেই সময়ত আকৌ টিভিটো জেঠাহঁতৰ বহা ৰূমত আছিল। মতা মানুহখিনিয়ে বহা ৰূমত বহি চাইছিল আৰু আমি কাষৰ ৰূমটোৰ পৰা হে চাইছিলোঁ। তেতিয়া একেটা ৰূমতে সকলোৱে বহি টিভি চোৱা কথাটো ভাবিব নোৱাৰা ধৰণৰ লাজ লগা কথা আছিল। অলপ ৰোমাণ্টিক দৃশ্য ওলালে লাজতে আমাৰ কাৰোৱেই হাঁচি, কাহ পৰ্যন্ত শুনা নগৈছিল। দৌৰি গৈ যেতিয়া টিভিৰ ৰূম পালোঁগৈ দেখোঁ শাহুআইও চোন আগতেই গৈ বহি আছে। অঁ তাৰ মানে তেওঁৰো চাবৰ মন! যি নহওক ননন্দজনী আৰু ময়ো কাষৰ ৰূমত বহি জাহঁতৰ লগত আনন্দ মনে চিত্ৰহাৰ চাবলৈ ধৰিলোঁ। মুঠ আঠোটা গান দিছিল। আইঐ, কি ধুনীয়া কৈ হেমামালিনী, চায়ৰা বানু, আশা পাৰেখহঁতে, জিতেন্দ্ৰ, ধৰ্মেন্দ্ৰ, দিলীপ কুমাৰহঁতৰ লগত নাচিছিল! চাৰিটা গান যোৱাৰ পাছত এডভাৰটাইজ দিছিল! ‘ৱাচিং পাউদাৰ নিৰমা’ৰ গানটো ইম্মান ভাল লাগিছিল! বহুত দিনলৈকে সেইটো গুণগুণায়েই থাকিছিলোঁ। লাক্স চাবোনৰটোত যে হেমা মালিনীয়ে গা ধুই উঠি অপেশ্বৰীৰ নিচিনাকৈ ওলাইছিল, দেখি ল’ৰাৰ কথা বাদেই, আমি জীয়ৰী-বোৱাৰীবিলাকেই পাগল হৈ গৈছিলোঁ ৰূপ দেখি! এডভাৰটাইজ শেষ হোৱাৰ পাছত পুনৰ গান আহিল। ইমানেই মচগুল হৈ গান চাই আছিলোঁ যে সিফালে ছোৱালী কেতিয়া বিচনাৰ পৰা পৰি কান্দি আছিল গমেই পোৱা নাছিলোঁ। তাই ইমানেই কান্দিছিল যে কাষৰ ঘৰৰ খুড়ী উঠি আহিছিল আমাক ক’বলৈ। আমি দৌৰি গৈ দেখোঁ ছোৱালী বিচনাৰ কাষেৰে তলত পৰি কান্দি আছে। ঠাণ্ডা দিন কাৰণে কাপোৰে কানিয়ে মেৰাই আছিল বুলি হে! নহ’লে যে কি হ’লহেঁতেন! ইচ্ আচ্ কৰি আথেবেথে তাইক উলিয়াই আনি লৈছোঁহে, এনেতে শহুৰ দেউতা আহিল নহয় হাতত দা খন লৈ! কেঁচুৱা অকলে থৈ টিভি যাবলৈ যোৱা ওলাইছ তহঁত… বুলি কৈ আমাক কাটে এতিয়া! আইঐ, লগতে তেওঁৰ ডাঙৰ মাতটোৰে চিঞৰি চিঞৰি গালি! আমাৰ কি হাহাকাৰ অৱস্থা! ভয়তে মই কেঁচুৱাক লৈ দিলোঁ নহয় দৌৰ চোতাললৈ। পিছে পিছে ননন্দ। আমাৰ পিছে পিছে হাতত দা লৈ শহুৰ দেউতা। শাহুআইয়ে শহুৰ দেউতাক আগচি ধৰি কোনোমতে ৰাখিব পৰা নাই! বাপৰে ইমান খং ইয়াৰ আগতে কেতিয়াও দেখা নাছিলোঁ! দূৰৰ পৰাই চাই আমি থৰহৰি কম্পমান! কি যে হ’ব আজি! মনতে ভাবিছোঁ মৰিবলৈ কিয় যে গৈছিলোঁ! অৱশেষত যেনিবা কাষৰ ঘৰৰ খুড়া খুড়ী আহি বুজাই মেলি দেউতাক শান্ত কৰিলে। তেওঁ ভিতৰলৈ যোৱাৰ পিছতো আমি বহু সময় বাহিৰতে আছিলোঁ। শেষত শাহুৱে গালি শপনি পাৰি ভিতৰত সুমুৱাই থৈ যোৱাতহে ৰক্ষা!
সেই দিনটো মনত পৰিলে এতিয়াও কিবা এটা ভয় লাগি যায়। চিত্ৰহাৰ বুলি ক’লেই আকৌ সেই দিনটোলৈ মনতো পৰে নহয়! কি যে বিড়ম্বনা!!
☆★☆★☆
11:54 am
হাঁ হাঁ৷ভাল লাগিল বাইদেউ
12:50 pm
ধন্যবাদ নীলাক্ষী
1:18 pm
পঢ়ি খুব হাঁহি উঠিল বাইদেউ।
1:56 pm
ধন্যবাদ বৰ্ণালী
8:28 am
চিত্ৰহাৰ চোৱা মজ্জা পালে …..ভাল লাগিল
12:41 pm
?? ধন্যবাদ মৃদুলা
7:26 am
মজা পাইছিল কিছু