হাঁহিলে তুমি – কৌশিক জ্যোতি বৰা
“কিছুসময়ৰ পিছতেই আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিম, যাৰ বাবে আপোনালোকে ইমান ধৈৰ্য সহকাৰে অপেক্ষা কৰি আছে, আমাৰ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গজেন হাজৰিকাক। তেখেতৰ বাদ্যযন্ত্ৰীসকলক বাদ্যযন্ত্ৰসমূহ সাজু কৰিবলৈ অনুৰোধ জনালোঁ।” – ঘোষকজনে ঘোষণাটো দিয়াৰ লগে লগেই প্ৰেক্ষাগৃহত হাতচাপৰি আৰু উকিৰ জোৱাৰ উঠিল।
“সব ঠিকেই আছে, মাত্ৰ তাৰ নামটোহে বৰ কিবা আউটডেটেড হ’ল! এইটো যুগত আৰু গজেন, ভবেন এইবোৰ নাম থাকে নেকি? ধুৰ, কিযে নাম এটা ৰাখিলে আৰু তাৰ! আৰু নাম বিচাৰি নাপালে তাৰ মাক বাপেকে?” খং এটা উঠি আহিল তাৰ। নাই নামটো সলাব লাগিব। “নামটোত এটা দম থাকিব লাগে, শুনিলেই আৰ্টিষ্ট আৰ্টিষ্ট লাগিব লাগে। নামটোতেই আচল গ্লেমাৰ থাকে ন! আজিকালিৰ চিংগাৰবোৰৰ নামবোৰ চাচোন, শুনিলেই কিবা হিলি যায়।” – লগৰকেইটাই কৈয়ে থাকে তাক। সিয়ো নভবা নহয় কথাটো। ভাল গান গাই বুলি তাৰ নাম এটাও হৈছে চহৰখনত। নাই, এইবাৰ খাটাং নামটো সলাবই সি। ইতিমধ্যে মঞ্চত পাপুহঁতে ইনষ্ট্ৰোমেণ্টবোৰ ৰেডি কৰিছেই। গ্ৰীণৰুমত তাৰ লগত চিনাকি হ’বলৈ, তাৰ সৈতে ফটো উঠিবলৈ ল’ৰা ছোৱালীবোৰৰ হেতা ওপৰা লাগিছে। কমিটিৰ মানুহ দুজনমানে যিমান পাৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে যদিও নাই পৰা। “তাই আহিছেনে নাই চাগে বাৰু প্ৰগ্ৰেম চাবলৈ! আহিছে চাগৈ। সিহঁতৰ ঘৰৰ ওচৰতে হৈছেতো প্ৰগ্ৰেমটো। নিশ্চয় আহিছে।” – ফটো উঠাৰ মাজতে মনে মনে ভাবিলে সি। কিবা এটা ভাল লাগে তাইক, যদিও আজিলৈকে বিশেষ কথা বতৰা হোৱা নাই তাইৰ সৈতে। বিশেষকৈ তাইৰ হাঁহিটো। আস, তাই হাঁহিলে কিমান যে ধুনীয়া দেখি। সেই কাৰণেই আজি সি প্ৰথমে জুবিনৰ ‘হাঁহিলে তুমি মুকুতা মণি সৰে’ গানটোৰে অনুষ্ঠানটো আৰম্ভ কৰিম বুলি ভাবি আহিছে। তাইৰ নামত, তাইৰ হাঁহিটোৰ নামত।” মনটো কিবা এটা ভাল লাগি গ’ল তাৰ। আজি সি এই গানটোৰেই বুজাই দিব তাৰ মনৰ কথাবোৰ তাইক। কিবা এটা অনামী উত্তেজনাত শিহৰিত হৈ উঠিল সি। ইতিমধ্যে মঞ্চত অৰ্কেষ্ট্ৰা বাজি উঠিল। মাজতে পপুৱে আহি তাক সাজু হ’বলৈ কৈ গ’লহি।
“এইয়া আপোনালোকৰ সন্মুখত আজিৰ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ গজেন হাজৰিকা।” – ঘোষকৰ অন্তিম ঘোষণাৰ লগ লগেই আকৌ এবাৰ কিছুমান বিকট উকি আৰু হাতচাপৰিৰে ৰজনজনাই উঠিল চৌপাশ। ইতিমধ্যে গানটোৰ প্ৰিলীড মিউজিক বাজি উঠিছে। “হাঁহিলে তুমি মুকুতা মণি সৰে…” গাই গাই এখোজ দুখোজ কৈ সি উঠি আহিল মঞ্চলৈ। এখন হাত জোকাৰি জোকাৰি সি দৰ্শকক অভিবাদন জনালে। দৰ্শকেও থিয় হৈ হাত জোকাৰি উকি মাৰি তাক আদৰণি জনালে। গাই থকাৰ মাজতে তাৰ দৃষ্টিয়ে তাইক বিচাৰি ফুৰিবলৈ ধৰিলে। সেয়া তাই নহয়নে! হয় হয়। তায়েই হয়। অপলক নেত্ৰেৰে চাই আছে তালৈ। ওঁঠত সেই একেই মুকুতা সৰা হাঁহি। আঃ ভৰি উঠিল তাৰ মনটো। “বহুদিনৰেপৰা নিশা জাগি…” – প্ৰাণ ঢালি দিলে এইবাৰ সি। “এইয়া জনপ্ৰিয় কণ্ঠশিল্পী গজেন হাজৰিকা। এতিয়া শিল্পীগৰাকীক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ সাংস্কৃতিক সম্পাদক উৎপল কলিতা ডাঙৰীয়াই। এইয়া আদৰণি জনাইছে উৎপল কলিতা ডাঙৰীয়াই।” আকৌ এবাৰ হাততালিৰে ভৰি পৰিল প্ৰেক্ষাগৃহটো। আৰে ইয়াৰ কি হ’ল আকৌ? গামোচাখনেৰে ঘটালিচে যে ই ডিঙিটো। এইবাৰ সি চুলিত ধৰি ঘটালিবলৈ ধৰিলে। আৰে পগলা হ’ল নেকি ই! দেখি সকলো অবাক। প্ৰেক্ষাগৃহত চিঞৰ বাখৰ হৈ-হাল্লা আৰম্ভ হৈ গ’ল। সকলো উঠি আহিল মঞ্চলৈ। “ঐ পাগল হ’লি নেকি?” বুলি জোৰেৰে গতা মাৰি দিলে তাক। এইবাৰ সি কোবখোৱা সাপটোৰ দৰেই ফোচফোচাই চিঞৰি উঠিল – “ঐ নিধক, মাৰ বাপেৰৰ মূৰ খোৱা। তেজ খাবলৈ জন্ম হ’লি। ইনকমৰ নামতটো ফুটাকড়ি এটাও নাই। দিনটো গা ঘেলাই ফুৰিবি। ঘৰলৈ আহিবি, খাবি আৰু ওলাবি। বাপেৰ মাৰ বুঢ়া হ’লোগৈ গৰু-ছাগলী আজুৰি আজুৰি। ঘৰখন কেনেকৈ চলিছে খবৰ নাই। বাপেৰে বেমাৰী গাৰেই পথাৰত বোকা দি আছেগৈ। আৰু তই? উঠ, উঠিলিনে? পাহাৰ ভাঙি আহিছ সাত-আঠ বজালৈকে শুবলৈ।” অশ্ৰাব্য গালিত সি সাৰ পাই গ’ল। চকু মেলিয়ে দেখিলে তাৰ সন্মুখত ৰণচণ্ডী মূৰ্তিৰে মাক। ধেৎতেৰি! সি তাৰমানে সপোনহে দেখি আছিল। সেমেনা-সেমেনিকৈ সি বিচনাৰপৰা নামি আহিল।
☆★☆★☆
9:47 am
ইমান ভাল সপোনটো দেখি আছিল গজেনে। সেইয়াহে হ’ল
1:02 pm
শেষলৈ দুখ লাগি গ’ল , সপোনহে আছিল বুলি জানি ৷
6:22 pm
বাহ বাহ ইমান ধুনীয়াকৈ মঞ্চত গীত জুৰিছিলহে জগাই নো কিয় দিব লাগে গীত শুনিবই নাপালো……সচাই খুব ভাল লাগিল দাদা এনেকুৱা আমাক আৰু লাগে