ফটাঢোল

ভাইটি চেলুনে স্ৱাহা – আশ্ৰবিকা হিমাদ্ৰী বৰা

দীঘল চুলিটাৰী কোনে ভাল নাপায় । মহিলাৰ ঘন ক’লা চুলিটাৰীৰ উল্লেখ কিমান গান বা কবিতাত আছে সেয়া সকলোৱে জানে। ময়ো দীঘল চুলি বৰ ভাল পাওঁ কিন্তু লোকৰ মূৰত হ’লেহে। চুলি দীঘল কৰাৰ লোভ আগতো নাছিল আৰু এতিয়াও নাই।

আগতে সৰুতে মায়ে মাজ মূৰত আটি আটি বান্ধি দিয়া নাৰিকল গছ লেখিয়া ষ্টাইলতে বিয়া, ভাওনা সৱ পাইছিলোঁগৈ। মাজে মাজে ৰাবাৰ ডাল ওপৰলৈ উঠি গলে চুলিৰ আগত ধৰি পঠালিকৈ টানি নাৰিকলজোপা কটকটীয়া কৰিছিলোঁ। সেই আইকনিক ষ্টাইলটোকে সিদিনা কাষৰ ঘৰৰ ছোৱালীজনীক অংগনবাদীলৈ যাবলৈ কৰিছিলোঁ। তাই একে আজোৰে খুলিলে। পিছত সেওঁতাফালি এফালে দুপাট ক্লিপ লগাই দিয়াতহে ৰক্ষা।

সৰুতে মই নিজকে সকলো ৰূপতে ভাল পাইছিলোঁ, লাগিলে তেল সানি টিপটপ হৈ থাকোঁ বা জপৰা চুলিৰে গোটেইজনী বৰদৈচিলাৰ ৰূপ লৈ থাকোঁ। পিছত ষষ্ঠ শ্ৰেণীৰ পৰা প্ৰায় নৱমমানলৈকে ফুটবল খেলত অসুবিধা কৰে বাবে চুলিবোৰ ববকাট কৰি ৰাখিছিলোঁ। সেইসময়ত মোক শাৰীৰিক অৱয়ব পুৰুষৰ দৰেই আছিল বিশেষকৈ মোৰ কাপোৰকানি আৰু মোৰ ঘৰুৱা নামটোৰ বাবে মানুহে মোক দেখিলেও ভাবিব পৰা নাছিল যে মই এজনী ছোৱালী।

সেইখিনিলৈকে ঠিকেই আছিল কিন্তু ক্লাছ নাইনমানৰ পৰা পানী লগা জ্বৰৰ নিচিনা এটা বেমাৰে ওখোনেৰে খেৰ চপোৱাদি মোক একেবাৰে চপাই পেলালে। বেমাৰটো আন একো নহয় এই যে বয়সৰ দোষ বুলিযে দোষ এভাগ আছে শুনিছে? সেইভাগ দোষেই “ৰাহুয়ে বাহুত আৰু কেটুয়ে টেঁটু”ত ধৰাদি মোক ধৰি আছিল। বিশেষকৈ স্কুলত গাতে গা লগাই বহাজনীক সুযোগ বুজি কোনোবা দুটামানে যেতিয়া মৰটন, ঝালমুড়ীৰ টোপোলাটো হাতত গুজি দিয়ে দুখ অকন নলগাকৈ নাথাকে। কেইটামানেটো দিনটোত কেইবাবাৰো মোৰ লগত বহাজনীক চাবলৈকে আমাৰ ক্লাছৰ সন্মুখেৰে তাঁতবাতি কৰিছিল। পিচে এফুট আঁতৰতে যে ফুলকবি ষ্টাইলত “ভাইটি চেলুন”ত কটা চুলিৰে “ছাঁতে শুকুৱা মুঠিতে লুকুৱা” চাইজৰ মইজনী আছিলোঁ দিনকণা এটায়ো দেখা নাছিল। হাইজাত যোৱা কিটা। দুখ নালাগিবনে? হেৰৌ মোক ফিৰিতে কোনেও একো এটা নিদিয়ে, তাহাঁতে নালাগে নালাগে বুলিলেও দৰকাৰ পৰিলে মোৰ হাতত গুজি তাহাঁতলৈ “ক্লৰ’মিণ্ট, এলপাইনলিৱে চালান দিয়ে। দুখ অকন লাগিব‌ই দিয়কচোন।

আকৌ এবাৰ, মোৰ বেঞ্চতে বহা এজনীৰ পুষ্পিতা বিবাহত মোক আমন্ত্ৰণ কৰিছিল বাবে সন্ধিয়া পৰিয়াল সহিতে তাইৰ ঘৰ পাইছিলোঁগৈ। আয়তী সকলৰ মাজত বিশেষ আসন পাতি বহি থকা তাইৰ গাতে গা লগাই মই বহাত আয়তীসকলে কোৱা কুই কৰিছিল, “তোলনি বিয়ালেনো ল’ৰা এটাক কিয় মাতিলি”? “তাই বিকিহে, ছোৱালীয়ে”। মহিলাসকলে সেইদিনা মোক ঘূৰি ঘূৰি চাই কনফাৰ্ম কৰিব বিচাৰিছিল মই ছোৱালী কেনেকৈ হ’ব পাৰোঁ। ঘৰত আহি দেউতাক ক’লোঁ বোলো, “দেতা এইবাৰ ময়ো চুলি ৰাখিম ত‌ই যে ছোৱালী মানুহে বেণী গাঁঠি গ’লে ভালপাওঁ বুলি কৈছিলি! ময়ো যাম”। দে’তাই বোলে, “চিম্পল লিভিং হাই থিংকিং। চুলিসোপা ৰাখি তোক বেণী গাঁঠি ধুনীয়া ছোৱালী হ’বলৈ কোৱা নাই, মই তোক কামেৰে ধুনীয়া হ’বলৈ কৈছোঁ”। ক’ত মৰ মৰ। সঁচাকৈ এই দে’তাৰ “চিম্পল লিভিং……………” ডাইলগটোক মই আগতে ইমান বেছি বেয়া পাইছিলোঁ নহয় ইমান বেয়া চাগৈ “শ্বোলে”ৰ ঠাকুৰেও গব্বৰক পোৱা নাছিল আৰু দে’তাৰ মুখত চাধা নাথাকিলেও এই ডাইলগটোয়েই সদায়েই আছিল। নহ’ল আৰু চুলি ৰখা, ভাইটি চেলুন ফিৰচে জিন্দাবাদ।

আকৌ এবাৰ আমাৰ গাঁৱলৈ শংকৰদেৱ থিয়েটাৰ আনিছিল। দিনৰ ভাগত ময়ো খাকী হাফপেন্ট এটায়ে, স্পৰ্টিং এটা পিন্ধি গেলাৰীৰ কোনটো এংগলৰ পৰা আৰামত দুয়োটা মঞ্চ অসুবিধা নোহোৱাকৈ চাব পাৰিম পৰীক্ষা কৰি আছিলোঁ। সেই সময়ত গেলাৰীত উঠা নমা কৰা মই আৰু পেন্দেলৰ কাম কৰি থকা ল’ৰাবোৰ আৰু গাঁৱৰে দুজনী ছোৱালী উপস্থিত আছিল। তেনেতে পেন্দেলৰ ল’ৰা এজনে মোক মাতি সুধিলে, “ভাইটি অকন হাতুৰীটো মাৰি দিব পাৰিবা”। মই বোলো, “দিয়ক”। তেনেতে আমাৰ ওচৰলৈ আৰু এজন চেঙেলীয়া ল’ৰা আহিল। মোক সুধিলে, “ভাইটি তোমাৰ ঘৰ ইয়াতে”? মই মূৰ দুপিয়ালোঁ। “তোমাৰ নাম”? “বিকি”। এটা কথা ক‌ওঁ বেয়া নাপাবা। তোমাক অথনিৰ পৰা চাই আছোঁ। তুমি ইমান ধুনীয়া, যদি ছোৱালী হ’লা হয় সঁচাকৈ তোমাক প্ৰপজ কৰি দিলোঁ হয়”। তেনেতে ওচৰত বহি থকা ছোৱালী দুজনীৰ এজনীয়ে ক’লে, “তাই ল’ৰা নহয়, ছোৱালীয়েই”।

উস ক’ত মৰ মৰ। ই বেটাই মানে ইমান পৰে ল’ৰা বুলিহে চাই আছিল। “হেৰৌ মোৰোটো অকন ছোৱালী ছোৱালী মন এটা আছিল। অ’ মানিছোঁ দে’তাক জনছনৰ বেবী পাউদাৰ, বেবী ক্ৰীমৰ বাহিৰে বেলেগ কিবা এটা আনি দে বুলিবলৈ সাহেই নাই, মায়েও চকুৰে নেদেখা হ’ম বুলি কাজল, আইলাইনাৰ একোকে ঘঁহিব দিয়া নাছিল আৰুনো ধুনীয়া লাগিম ক’ৰপৰা?” কিন্তু সেইবুলিনো স্কুলীয়া দিনকেইটাত মোলৈ চোৱা এটাও আবিৰ্ভাৱ নহ’লনে? বেটা টেণ্টৱালা দাঁত চেলাই চেলাই লাজতে চৰী চৰী বুলি আঁতৰি গৈছিল।

সেই সময়লৈকে মোলৈ ল’ৰাই দুটা কাৰণতে চাইছিল। প্ৰথম, ফুটবল ফিল্ডত যেতিয়া ল’ৰাৰ লগত প্ৰেকটিছ কৰোঁ, তেতিয়া কাৰোবাৰ মুখত মই ছোৱালী বুলি জানি আচৰিত হৈ চাবলৈ আহিছিল। আৰু দুই নম্বৰ, মই যে ল’ৰাৰ নিচিনাকৈ থকা ছোৱালী সেইটোত ৰস পাই চাইছিল।

সেইসময়ত অনুপম শ‌ইকীয়াৰ “মৰমজান” এলবামটোৰ সুৰীয়া গানবোৰ জন্মগত বেসুৰা কণ্ঠেৰে আটাহ পাৰি পাৰি গাইছিলোঁ। বিশেষকৈ “আজি হেনো মেট্ৰিকৰ ৰিজাল্ট দিব” গানটোয়ে মোক ভবাইছিল যে চিনেমাত দেখাৰ দৰে স্কুলীয়া দিনত প্ৰেম হোৱাটো জৰুৰী। কিন্তু মোক চাব কোনে? চাল্লা কোনোবাই জোকালেও “দস্যুৰাণী ফুলন দেৱী”ৰ বাহিৰে আন উপমা বিচাৰি নাপাইছিল। নাই, আমিও ইমান ল’ৰা ল’ৰাকে পৰি মৰা বিধৰ নাছিলোঁ। কিন্তু একেলগৰ একে বেঞ্চত বহা তিনিজনীক যে দাঁত চেলাই চেলাই মৰটন দিছিল, হিৰ‌’ইনৰ পাছত হিৰো দৌৰাৰ দৰে দৌৰিছিল, এই মাজৰ মইজনী তেতিয়া “কুছ কুছ হোতা হেই”ৰ কাজল হৈ পৰিছিলোঁ। অবশ্যে কেতিয়াবা কোনোবাটোয়ে যদি কেৰাহীকে চাইছিলোঁ, ঘুছিয়াই দাঁত ভাঙো বুলিয়েই চকুত চকু পৰিলেই চকু ঘূৰাইছিল।

অবশ্যে “মেট্ৰিক পৰীক্ষা”ৰ হাঁহাকাৰত দশম শ্ৰেণীত কোন ল’ৰাৰ চাৱনি কলৈ গ’ল ভাবিবলৈ সময় নাইকিয়া হ’ল, কাৰণ ৰিজাল্টৰ দিনা আন নহ’লেও যে দে’তাই মোক ফলা বাঁহেৰে যে পিঠি কাপ কাপ কৰিব সেইটো নৱম শ্ৰেণীৰ ৰিজাল্টৰ দিনাই ঘৰৰ ড্ৰয়িং ৰূমত ঘোষণা হৈ গৈছিল। সেইদিনাই আমাৰ প্ৰথম শ্ৰেণীলৈকে পঢ়া আইতায়ো “লেটাৰ ধৰি পাছ নকৰিলে ঘৰৰ পৰা সত্ৰ বাহিৰ ” বুলি আইন বলবৎ কৰিছিল।

সেই চেগতে “ৰাহুয়েও বাহু এৰিলে কেতুও টেঁটু”ৰ পৰা নামিল আৰু ময়ো স-সন্মানেৰে পিয়ৰ চিংগল হৈ স্কুলীয়া জীৱন সমাপ্ত কৰিলোঁ।

এতিয়া কেতিয়াবা ভন্তীয়ে স্কুলৰ টুকুৰা টুকুৰ প্ৰেম কাহিনীসোপা শুনালেহি গাটো চেবায়। “আ, কি!! তাই এইটতহে পঢ়ে। বয়ফ্ৰেণ্ড ওলালেই। মই নাইনলৈকে ভাইটি চেলুনত চুলি কাটি আছিলোঁ……….. “

☆★☆★☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *