ফটাঢোল

স্মৃতি – ৰিতন বৰুৱা

এটা সময় আছিল যেতিয়া পূজাৰ বতৰত বাগানত গাৰ্ডেন শ্ব’ চিনেমা চাবলৈ নগ’লে জীৱনটো বেকাৰ যেন ভাব হৈছিল। ডেকা বয়সত পূজাত গাৰ্ডেন শ্ব’ চোৱাৰ মজাই বেলেগ আছিল। আমাৰ ঘৰৰপৰা বাগানৰ ফিল্ডখনলৈ প্ৰায় ডেৰ দুই কি.মি.মান হ’ব। চিনেমা চাবলৈ যাওঁতে কেইবাজনো লগ হৈ বৰ উৎসাহেৰে যাওঁ আৰু ঘূৰি আহোঁতে বাটৰ শিলগুটিকেইটা টোপনিৰ জালত গুৰিয়াই মহটিয়াই আহোঁ। সেই কেইদিন সন্ধ্যা সময়ত বন্ধুকেইজন লগ হৈ দেখুৱাবলগীয়া চিনেমাসমূহৰ নামবোৰ জানি লওঁ আৰু ৰাতি আটাইকেইটা লগ হৈ যাওঁ। এইদৰে যাওঁতে আঁহোতে বা চিনেমা ফিল্ডত বহু সৰু বৰ আমোদজনক ঘটনা ঘটে। তেতিয়াৰ দিনত চিনেমাসমূহৰ ৰীল আছিল আৰু মেচিনবোৰ ডাঙৰ ডাঙৰ আছিল। পূজাত মেচিনটো ৰাখিবলৈ নিৰ্দিষ্ট দিনকেইটাৰ বাবে একোখন টিনৰ চালি (ঘৰ) বনাই দিছিল। চিনেমা চলি থকা অৱস্থাত ৰীল ছিগিলে বা মেচিন বেয়া হ’লে হৈ হাল্লা হোৱাৰ লগতে কেতিয়া কোনফালৰপৰা দুখৰি পীৰা উফৰি আহি টিনৰ চালিৰ ওপৰত পৰে ঠিক নাই। অৱশ্যে সকলোৱে তেনে নকৰে, কিছু দুষ্ট প্ৰকৃতিৰ লোকেহে তেনে কৰিছিল।স্বেচ্ছাসেৱকৰ ওচৰত ধৰা পৰিলে তাৰ শাস্তি অনিবাৰ্য্য। তেনে এটা ঘটনা কওঁ আজি। কিন্তু মোৰ কাহিনী অলপ বেলেগ।

কলেজত পঢ়ি থকা সময়ৰ কথা। সেই সময়ত অমুকাৰ বৰ্তমানৰ ধৰ্মপত্নীৰ লগত হিয়া দিয়া নিয়া কাৰ্য আৰম্ভ হৈ গৈছিল। কিন্তু লগত লৈ এই চিনেমা তিনেমা চোৱা নিয়ম নাই তেতিয়া। কোনেও নাজানে আমাৰ পীৰিতিৰ কথা। আমি বন্ধু বান্ধৱৰ লগত যাওঁ আৰু সিহঁতে (তেতিয়াৰ প্ৰেয়সী) বান্ধৱীৰ লগত যায় কেতিয়াবা, কিন্তু গ’লেও ফিল্ডত যে লগ কৰিবই লাগিব তেনে কোনো কথা নাছিল। কোনোবা এবছৰৰ কথা। পূজাৰ দিনবোৰ অক্টোবৰ মাহত পৰে যদিও প্ৰত্যেক বছৰে একে সময়তে নহয়। কেতিয়াবা আগবাঢ়ে আৰু কোনোবা বছৰ পিছ পৰে। অক্টোবৰ মাহৰ প্ৰথম ভাগত বৰষুণৰ প্ৰভাৱ থাকে। সেই বছৰো পূজা হয়তো অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত আৰম্ভ হৈছিল আৰু বৰষুণে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। আমি বন্ধুকেইজনে ফিল্ডত একে ঠাইতে বহি বা ঠিয় হৈ কেতিয়াও চিনেমা উপভোগ নকৰো। ফিল্ডত ইফালে সিফালে ঘূৰি ঘূৰি চাওঁ। মানে এক ৰীল এঠাইত ৰৈ চালে দ্বিতীয় ৰীল অন্য এঠাইত। এদিন তেনেকৈ ঘূৰি ঘূৰি চাওঁতে হঠাতে আহিল দীঘলঠেঙীয়া (বৰষুণ)। সকলোৱে ছাতি মেলি ল’লে। চিনেমা কিন্তু বৰষুণ দিলেও চলি থাকে। আগফালে ছাতি মেলি দিলে পিছফালৰ মানুহে চিনেমা নেদেখা হয়। ফলত গোটেইখন চিঞৰ বাখৰ আৰম্ভ হৈ যায়। “ছাটা ফুটা, ছাটা ফুটা।” মানে পিছত থকা মানুহে আগফালে থকা মানুহক ছাতি জপাবলৈ চিঞৰে।

আমি ৰৈ থকা ঠাইৰ আগৰ মানুহকেইজনেও ছাতি মেলি ল’লে। ফলত আমি নেদেখা হ’লো। লগে লগে ময়ো চিঞৰি দিলো, “ঐ, ছাটা ফুটা, ছাটা ফুটা।”
মোৰ চিঞৰ শুনি আগফালৰ মানুহ এজনে ঘূৰি চালে আৰু মই যি দেখিলোঁ লগে লগে ফাট মেলা বসুমতী পাতালে লুকাওঁ যেন অৱস্থা হ’ল। সেইয়া কোন আছিল বাৰু জানেনে? সেইজন আছিল মোৰ তেতিয়াৰ প্ৰেয়সীৰ জন্মদাতা আৰু এতিয়াৰ স্বৰ্গীয় শহুৰ দেউতা!

☆★☆★☆

2 Comments

  • HEMANTA KAKATI

    হাঃ হাঃ, তাৰ পিচত ছায়া ফুটা দি ফুটিলা হয়নে?

    Reply
  • হিৰণ্যজ্যোতি দাস

    জমনি দেই

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *