ফটাঢোল

হনিমুন ইন কেৰেলা – নয়নমণি দত্ত নেওগ

শুনিছা জানু…

কোৱা…

সদায়েইতো মই তোমাৰ কথাই শুনিয়েই আহিছোঁ।

কি ক’লা তুমি…

একো নাই অ’…তোমাৰ মিঠা মাতষাৰ শুনি থাকিবলৈ বৰ মন যায় বুলি কৈছিলোঁ অ’।

এহ থোৱা থোৱা এতিয়া মিছা মাতিব নালাগে যোৱা।

হেই এইজনী…ধেমালিও নুবুজে।

অভিমানত মুখ ঘূৰাই বহি থকা জানু ওৰফে সিদ্ধাৰ্থই বৰ্ণালীৰ তুলতুলীয়া গালতে চিকুট মাৰি অভিমান ভাঙিব চেষ্টা কৰে যদিও সিও তাইৰ আঁৰ চকুৰতে দাঁত দুপাৰি মুখৰ ভিতৰতে কামোৰ মাৰি ধৰে।
হ’ব হ’ব এতিয়া তেল মাৰিব নালাগে।

সিদ্ধাৰ্থক ভেকাহি মাৰি পোনচাতেই বৰ্ণালীয়ে মিঠা মাতেৰে সিদ্ধাৰ্থৰ কান্ধতে মূৰটো থৈ সিহঁত দুটাৰ সপোনৰ কথা পতাত ব্যস্ত হৈ পৰে।

সিদ্ধাৰ্থ বৰুৱা পেছাত ভেনচাৰ স্কুলৰ এজন শিক্ষক। ৰ’ব ৰ’ব… শিক্ষক বুলি ক’লে আকৌ আমাৰ বৰ্ণালী বাইদেউৱে মুখখন এচৰু যেন কৰিব। নকৰিবনো কিয়! তেওঁৰ লগৰকেইজনীৰ আগত অলপ বেছিকৈয়ে ক’ব লাগিবতো। এই যেনে ধৰক। “আমাৰ আকৌ ইয়াৰ একেবাৰেই সময় নাই বুজিছ। প্ৰফেছৰ হ’লে কি হ’ব। টিউচনৰ দেখোন অন্তই নাইকিয়া। ক’ৰবাত যাম বুলি ভাবিলেও সময়েই নোলায়। উপায় নাই বুজিছ।

প্ৰফেছৰৰ ৱাইফ হ’বলৈ যে গৈ আছ সেইয়াই তোৰ বাবে বহুত কথা।

ওমম কথাটো হয়। পিচে তহঁতি কিন্তু সকলোৱেই আহিব লাগিব দেই বিয়াত।ব’হাগৰ পোন্ধৰ তাৰিখ নাপাহৰিবি আকৌ দেই”।

এয়াই আমাৰ বৰ্ণালী বাইদেউজনী। লগৰ কেইজনীৰ আগত জহাবলৈ যাওঁতে যাওঁতে তেওঁ পাহৰিয়েই থাকিলে যে তেওঁৰ জানু মানে তেওঁৰ ভাবি স্বামী সিদ্ধাৰ্থৰ প্ৰকৃত চাকৰি কি। বাৰু যিয়েই নহওক আমাৰ বৰ্ণালী বাইদেউ আৰু সিদ্ধাৰ্থৰ বিয়াখন সুকলমে সম্পন্ন হ’লেই হ’ল।

হেল্ল’ জানু…

কি কৰিছা।

একো নাই ৰ’বা। এই স্কুলৰ ল’ৰা-ছোৱালী কেইটাক দুটামান অংক কৰিবলৈ দি ইহঁতৰ বাবে খোৱাৰ ভাগো যোগাৰ কৰি আছোঁ। আজি মলয়া বাইদেউজনী আহিব নোৱাৰাত সেইভাগো কাম মোৰ ডিঙিতেই ওলমিল।
লাউড স্পীকাৰত কথা পাতি থকা বৰ্ণালীয়ে লগালগ ফোনটো ডিচকানেক্ট কৰি দিয়ে।

কি ঔ বৰ্ণালী। সিদ্ধাৰ্থই কাৰ বাবে ইমান ভাত বনাইছে আৰু যে সি স্কুলত আছোঁ বুলিলে– কথাটো কি?

এহহ…তহঁতি আৰু দেই। মোৰ জানুক লগ পাইও তহঁতি ইমান দিনে নুবুজিলি নে! সি জানো গাঁৱৰ ষ্টাইলত কথাবোৰ কৈ ভাল নাপাই! মানে সি বহুত ডাঙৰ মানুহ যেন দেখুৱাবলৈ বা জহাবলৈ খুবেই বেয়া পায় আৰু আজি তাৰ ৰূমত টিউচন কৰিবলৈ অহা ল’ৰা-ছোৱালীকেইটাক কিবা এটা বনাই খুৱাই পঠিয়াম বুলি কৈছিল। কিন্ত তাৰ ঘৰত কাম কৰিবলৈ অহা মানুহজনী আজি নহাত সিয়েই হেনো বনাবলগীয়া হৈছে। সেইটোৱেই আৰু…লগৰ কেইজনীৰ আগত ধৰা নপৰাকৈ কথাখিনি কৈ চকুলৈ অহা চুলিকেইডাল লাহেকৈ কাণৰ কাষলৈ ঠেলি বৰ্ণালী মোবাইলটোত ব্যস্ত হৈ পৰে।

অহ…তুমি তাৰমানে মোৰ কথা লগৰকেইজনীৰ আগত মিছাকৈ তেনেকৈ কৈ থাকা নহয়! চাবা আকৌ নিজেই এদিন বেয়াকৈ লাজত পৰিবা।

এহ…হ’ব হ’ব। তুমি সেইবোৰ চিন্তা কৰি থাকিব নালাগে। মইহে জানো, লগৰ কেইজনীয়ে যেতিয়া নিজৰ কথা জহাই থাকে তেতিয়া কেনেকুৱা লাগে! এইবোৰ তুমি কি বুজি পাবা। তোমাক ভাল চাকৰি এটা ল’ব ক’লেও যিহে কথাবোৰ ক’বা।মোৰ যেন একোৱেই গুৰুত্ব নাইকীয়া!

চোৱা বৰ্ণালী…মোৰনো এইটো চাকৰিত তুমি ইমানো কি বেয়া দেখিলা। যি কেইটা পাওঁ তাৰে খাইছোঁ, ফুৰিছোঁ আৰু তাৰে দুটকামান সাঁচিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াতকৈ কি লাগে কোৱাচোন।

আৰু কি লাগে বুলি মোক সুধিছা সিদ্ধাৰ্থ। এইকেইটা দৰমহাৰে তুমি তোমাৰ প্ৰয়োজন কেনেকৈ পূৰাব পাৰিছা সেইটো তুমিহে জানা। কিন্ত মোৰ যে প্ৰয়োজনবোৰ পূৰাব পৰা নাই সেইটো মই বিয়াৰ হোৱাৰ আগতেই গম পাইছোঁ বুজিছা।

সেয়া…তোমাৰ খং উঠিলেই নহয়। মই জানো তোমাৰ প্ৰয়োজনবোৰ পূৰ কৰা নাই কোৱা। সৌ যে সিদিনা আইকনিক কাজলডাল লাগে বুলি কোৱাত মইয়েই জানো অৰ্ডাৰ কৰি আনি দিয়া নাছিলোঁ আৰু সেই যে তোমাৰ লগৰ মণিকাৰ লগত ফেৰ মৰাৰ আশাতে মোক জানো কোৱা নাছিলা “জানু, মোক এই ডিঙিৰ চেইনডাল যোৱাবাৰ বাংগালোৰৰ পৰা আনি দিয়া নাছিলা” বুলি। ইফালে যে সেইডাল মই কলকাতা যাওঁতে ফুটপাথৰ দোকানত পোৱা পঞ্চাশ টকাৰে চেইনডাল আনি দিয়াত তুমি চুবই বিচৰা নাছিলা। কিন্ত লগৰ কেইজনীৰ আগত যেনেকৈহে জহালা যেন সেইডাল লাখ টকাৰহে। চাবা আকৌ…এনেকৈ হ’লে এদিন তুমি ইহঁত কেইজনীৰ আগত বৰ বেয়াকৈ লাজত পৰিবা। সেইটো কিন্ত খাটাং।

এহহ…থোৱাহে তোমাৰ ভৱিষ্যত বাণী। এতিয়া সেইবোৰ বাদ দি আমাৰ বিয়াৰ লিষ্টখন ঠিক কৰা। কাক কেনেকৈ কি দিব লাগিব এতিয়াই বনাই থোৱা।বিয়ালৈ বেছি দিন নায়েই। হাতত মাথো এমাহ। এই এমাহতেই যিমান পাৰোঁ সকলোবোৰ যোগাৰ কৰি লওঁ। নহ’লে পাছত ইটো-সিটো ৰৈ যাব।

হ’ব বাৰু। মোক পিছে বেছিকৈ বেজীটো দি নিদিবা। তুমি আকৌ কাৰোবাৰ লগত ফেৰ মাৰিব যাওঁতে আমুকাৰ ইনকাম কিমান সেইটোহে পাহৰি থাকা। সেয়ে এইবাৰ অলপ মন দিবা…সিদ্ধাৰ্থই হাঁহি হাঁহি উকা কাগজখিলাত কলমেৰে আঁক মাৰে।

তুমি যে মোক এনেই জোকাই নল’বা দেই। কথা কিন্ত একদম বেয়া হৈ যাব।

বৰ্ণালীয়ে সিদ্ধাৰ্থক অভিমানৰ সুৰত কৈ ভিতৰলৈ সোমাই আহে আৰু বৰ্ণালীৰ মাকে ভাবি জোঁৱাইকলৈ হেঁপাহেৰে বনাই অনা লুছি-ভাজিৰ প্লেটখন সিদ্ধাৰ্থৰ আগত হাঁহি এটি মাৰি আগবঢ়াই দি বিয়াৰ যা-যোগাৰৰ বাবে দুয়ো কথা পতাত ব্যস্ত হৈ পৰে।

ৱাহ…তোৰ দেখিছো বিয়া হৈ আমালৈ মনতেই নপৰা হ’ল নহয়। এমাহ নহওঁতেই এই গতি। এবছৰৰ পাছত চাগে আমাক পাহৰিয়েই যাবি নহয় জানো! বিয়াৰ পোন্ধৰ দিনমানৰ পাছতেই বৰ্ণালীৰ লগৰকেইজনীয়ে লগলাগি ফোনতে বৰ্ণালীৰ খবৰ লয়।

ইচচ…তেনেকৈ নক’বি দেই। তহঁতি জানইচোন। বিয়াৰ পাছত অলপ সময়ৰ টনাটনি হয়েই দেচোন। আজি যদি অমুকৰ ঘৰত কালিলৈ আকৌ তামুকৰ ঘৰত গৈ আলহী খোৱা আৰু তাতে ন-বোৱাৰীক চাবলৈ জানো ইটো-সিটো ঘৰলৈ জানো আলহী নাহিব। তহঁতিয়েই কচোন আৰু তাতে প্ৰফেচৰৰ ৱাইফ। নহয় জানো! হাঃ হাঃ হাঃ।
ৱাহ…তাৰমানে তই বিয়া হৈ খুব এনজয় কৰিছ নহয়।

ওমম…নিশ্চয়।

অই…তহঁতি হানিমুনৰ বাবে কি ঠাই চিলেক্ট কৰিছ। আমাৰ বিয়াৰ সময়ত পিছে আমি মনালি গৈছিলোঁ। মলয়াৰ লগৰ বিতপীয়ে কৈ যায়।

অঁ অঁ…তই যে আমাক এতিয়ালৈকে কোৱাই নাই। কচোন ক’লৈ যাবি। দিল্লী, মনালি, গোৱা নে বেলেগ।

ৰ’হ ৰ’হ। যাম যাম। সেইবোৰ সব সিদ্ধাৰ্থই আগতীয়াকৈ ঠিক কৰিয়েই থৈছে। মোৰ ইমান দূৰলৈ যাবলৈ মনেই নাছিল। এওঁহে বিয়াৰ আগতেই কেৰেলালৈ বুলি টিকট বুক কৰি থ’লে।

কি…কেৰেলা যাবি। ৱাহ, তোৰেই ভাগ্য দেই। ইমান ভাল ল’ৰা পালি দেই তই। বহুত লাকী। আমিহে আৰু….

ইচচ…হ’ব দে এদিন তহঁতিয়ো ওলাবি। এওঁৰ আকৌ ওচৰলৈ যাবলৈ মন নাই আৰু মোক চাৰপ্ৰাইজ দিম বুলিয়েই হেনো অতদিনে কোৱা নাছিল জানিছ।

এতিয়া জানো তোৰ স্ফূৰ্তি লগা নাই ক’। আমালৈ কিন্ত কিবাকিবি এটা লৈ আহিবি দেই। পিছে তোৰ ফ্লাইট কোনদিনাখনলৈ আছে।

দেওবাৰলৈ আছে। ঠিক আছে দে। এতিয়া ৰাখোঁ দেই। যাবৰ বাবে এতিয়াই ইটো-সিটো কাপোৰ বেগত ভৰাই লওঁ।নহ’লে পাছত বৰ অসুবিধা হয়।

যা যা … অল দ্যা বেষ্ট।

কিছুসময়ৰ পিছত বৰ্ণালীয়ে পাকঘৰত কিবা এটা কৰি থকাৰ মাজতে সিদ্ধাৰ্থক কাৰোবাৰ সৈতে ফোনত কথা পাতি থকা দেখা পাই তালৈ বুলি চাহ একাপ বাকি অলপ বহি দুই-এটা কথা পাতোঁ বুলি ল’বলৈ লওঁতেই ওচৰৰ বৃন্দা খুড়ীয়েকে মাত লগোৱাত মলয়া খুড়ীয়েকৰ সৈতে কথা পতাত ব্যস্ত হৈ পৰে।

হেৰা…সিদিনা বৃন্দা খুড়ীয়ে দিয়া কেৰেলাকে ভাজিবাচোন দুপৰীয়াৰ সাঁজত। মোৰ খুবেই প্ৰিয়। অহ…আৰু লগত খাৰ দি মাটি দাইল অলপো বনাবা।তেতিয়ালৈকে তুমি বনোৱা মানে মই অলপ বজাৰৰ পৰা আহোঁগৈ। দেওবৰীয়া বজাৰখন কৰি আনোগৈ।

যোৱা তেনেহ’লে। বৰ্ণালীয়ে বজাৰৰ মোনাটো সিদ্ধাৰ্থৰ হাতত তুলি দি পাকঘৰৰ কামত লাগেহি।

কিছু সময়ৰ পাছত সিদ্ধাৰ্থ বজাৰৰ মোনাটো লৈ বাহিৰৰ পৰাই বৰ্ণালীক চিঞৰি আহে।

বৰ্ণালী…বৰ্ণালী শুনিছানে। এইফালে বাহিৰলৈ ওলাই আহাচোন। কোন আহিছে চোৱাহিচোন।

ইমান কিয় চিঞৰিছা…কেৰেলাৰ ভাজিখন নমাই থৈ আহিছোঁ ৰ’বা… বৰ্ণালীয়ে হাত মোহাৰি মোহাৰি পাকঘৰৰ পৰা ওলাই আহি আলহী বহা কোঠাত বিতপীহঁতক দেখা পাই মুখ মেল খাই পৰে।

তহঁতি ইইইয়াত!…লগৰ কেইজনীয়ে কিবা কোৱাৰ আগতেই সিদ্ধাৰ্থই মাত দিয়ে।

ৰ’বা ৰ’বা.. মই তোমাক ক’বলৈ পাহৰিলোৱেই। ৰাতিপুৱা তোমাৰ ফোনটোলৈ বিতপীয়ে ফোন কৰিছিল আৰু তুমি ওচৰত নথকা বাবে মই ৰিচিভ কৰলোঁ। ভাল বেয়া খবৰ সুধি ক’ৰবালৈ যোৱাৰ প্ৰগেম কৰিছে নেকি সুধিছিল। মোৰনো আৰু ক’ত কি প্ৰগেম থাকিব মানে এই ভেনচাৰ স্কুলৰ শিক্ষক এজনৰ।সেয়ে আজিয়েই তোমাৰ লগৰ কেইজনীক আমাৰ ঘৰলৈ মাতি পঠিয়ালোঁ।

তেন্তে তোমালোক বহা। মই এই বজাৰখিনি ভিতৰত থৈ আহোঁগৈ। সিদ্ধাৰ্থই বিতপীহঁতক বহিবলৈ কৈ বৰ্ণালীক চকু টিপ এটা মাৰি ভিতৰলৈ সোমাই যায়।

কি অ’ বৰ্ণালী…তইনো আমাক ইমানো মিছা কথা ক’ব লাগেনে। তাৰমানে তই তোৰ হানিমুন পাকঘৰৰ তিতা কেৰেলাতহে। হাঃ হাঃ হাঃ।

বৰ্ণালীক ভিজা মেকুৰীৰ অৱস্থাত দেখা পাই সিদ্ধাৰ্থয়ো মুখৰ হাঁহি টেপা মাৰি চাই ৰয়।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *