এসাঁজ পাহৰিব নোৱাৰা ভাত – দেৱজিত শৰ্মা
ৰ’ব, শিৰোনামটো দেখি আনন্দিত হোৱাৰ প্ৰয়োজন নাই৷ অভিজ্ঞতা বৰ সুখৰ নহয় বাবেহে লিখিবলৈ লৈছোঁ৷
বিগত ১৫ আগষ্টৰ পুৱাতেই ফোন এটা আহিল৷ চিনাকি মাতৰ গৰাকীজনৰ প্ৰশ্ন,
: ক’ত আছা?
মই : ৰুমতে৷
সিফালৰ পৰা : আজি দুপৰীয়াৰ ভাতসাঁজ মোৰ ঘৰতে খোৱাকৈ আহিবা৷ ১ টা মান বজাত পোৱাকৈ আহি যাবা৷
এনেয়ো বন্ধৰ দিন, তাতে ৰুমমেটো নাই৷ এনে প্ৰস্তাৱক না কৰোঁ কেনেদৰে! একে আষাৰতে হাঁ কৈ দিলোঁ৷
তাৰ পাছৰ সময়খিনি যেন নাযায় নোপোৱাই! বাৰে বাৰে ঘড়ীটোলৈ চাই আছোঁ, কেতিয়া ১২:৩০ বাজে৷ গা পা ধুই ১২:৩০ ত ৰাওনা হ’লোঁ৷ গৈ পাওঁতে বন্ধুৱে নিজে আহি দুৱাৰখন খুলি স্বাগতম জনালে৷
: বন্দিতাহঁত নাই নেকি?
ঘৰটোত দ্বিতীয় কোনো ব্যক্তিৰ উপস্থিতি অনুভৱ নকৰি বন্ধু বিজয় মহন্তক প্ৰশ্ন কৰিলোঁ৷
: নাই হে, টিয়ক গ’ল৷ ভাত মুঠি অকলে খাবলৈ মন নোযোৱাৰ বাবে তোমাকেই মাতি দিলোঁ৷
দীঘলকৈ হামি এটা মাৰি অলস ভাৱ এটাৰে বিজয় মহন্তই উত্তৰ দিলে৷
: হ’ব দিয়া, একো নাই৷ মিলিজুলি খাম৷
বিশেষ উত্তৰ নথকাত পৰিস্থিতিৰ লগত মিলাবলৈ নিজৰ ফালৰ পৰা মন্তব্য এটা দিলোঁ৷
: ৰ’বা, মাংস ৰান্ধিবলৈ যাওঁ৷
হঠাতেই বৰ ব্যস্ত যেন দেখুৱাই বিজয়ে পাকঘৰৰ ফালে খোজ ল’লে৷
“ধেই, ই মেইন বস্তুটোৱেই ৰন্ধা নাই৷ কিমান বা পলম কৰে ঠিক নাই৷”
মুখৰ ভিতৰতে আওৰাই মবাইলটোকে খুচৰি অশোক হুজুৰীৰ বিখ্যাত ফটোখনত কমেণ্ট দুটামান কৰোঁ বুলি চিন্তা কৰোঁতেই বিজয় মহন্তই চৰিয়া এটাত কটাৰী সহিতে আলু, পিয়াঁজ, নহৰু আৰু আদা লৈ মই বহি থকা কোঠালীটোলৈ সোমাই আহিল৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মই আহি থকা সময়তে বিজয় মহন্তই ফোন কৰি ডিচপ’জেবোল প্লেট, পিয়াঁজ আৰু নহৰু কিনি আনিবলৈ অনুৰোধ কৰিছিল৷
মজিয়াত লেপেটা কাঢ়ি বহি এইবাৰ বিজয়ে নহৰুৰ বাকলি গুচাবলৈ আৰম্ভ কৰিলে৷
হৰি হৰি, এয়া নহৰু নে নাৰিকলৰ বাকলি গুচাইছে!!
এফুটা নহৰুতে ইমান সময়, গোটেইখিনি হোৱা মানে দুপৰীয়াৰ ভাত ৰাতিৰ সাঁজতহে খাবলৈ পাম!
অসহ্য হৈ “মোক দিয়া” বুলি নিজেই আৰম্ভ কৰি দিলোঁ৷ বিজয়ে যেন ভাল হে পালে, চ’ফাখনত দীঘল দি মবাইল পিটিকাত লাগি গ’ল৷ আদা, নহৰু, আলু আৰু পিয়াঁজ কাটি হোৱাৰ পাছত এইবাৰ বিজয়ে জহা কোমোৰা এটা লৈ আনিলে৷
: কোমোৰা কিয়?
অবাক হৈ প্ৰশ্ন কৰিলোঁ৷
: হাঁহ আছে, বহুত দিন খোৱাই নাই৷
তামোল এখন চোবাই চোবাই বিজয়ে এনেকুৱা এটা ৰিয়েকচন দি কথাষাৰ ক’লে যেন দহ বছৰমান হাঁহৰ মাংস দেখিয়েই পোৱা নাই, ইফালে এসপ্তাহমান আগত বঙালপুখুৰীত হাঁহ কিনি থকা নিজেই দেখিছিলোঁ৷ বাৰু যি কি নহওক, এই গৰমত হাঁহ খাই নামৰ আগত চন্দ্ৰবিন্দু বহিলে ইন্সুৰেন্সৰ কভাৰেজ এমাউণ্টটোকে সাৰথি বুলি ভাবি হাতত থকা কটাৰীখন বিজয়লৈ আহবঢ়াই দিলোঁ৷ কোমোৰা কটাত কিবা মানৱাধিকাৰৰ প্ৰসংগ আছে নে নাই নাজানো, কিন্তু বিজয়ে জ্যামিতি, ত্ৰিকোণমিতিৰ সকলো সূত্ৰ প্ৰয়োগ কৰাৰ ভংগীমা এটা লৈ এইবাৰ লৰাই বগৰাই কোমোৰাটোক প্ৰদক্ষিণ কৰি বৰ আলফুলেৰে কটাৰিখন বহাই দিলে৷ বিৰক্তিৰ চুড়ান্ত পৰ্য্যায়ত তেতিয়া উপনীত হ’লোঁ, যেতিয়া ঘড়ীৰ কাটাত পাঁচ মিনিট অতিক্ৰম কৰাৰ পাছতো কোমোৰাটো দ্বিখণ্ডিত হোৱাৰ লক্ষণ একো দেখা নাপালোঁ৷ উপায়ন্তৰ হৈ “মোক দিয়া হে, কি ইমান আলফুলে কোমোৰা কাটিছা?” বুলি হাতৰ পৰা পুনৰ কটাৰীখন লৈ কোনোমতে সদগতি লগালোঁঁ৷
ইয়াৰ পাছত ৰন্ধাৰ পৰ্ব! সঞ্জীৱ কাপুৰৰ দৰে ‘এটিটিউড’এটা দেখুৱাই এইবাৰ বিজয় মহন্তৰ গমন ৰান্ধনীশালৈ৷ ময়ো “আজিলৈ ৰক্ষা, এতিয়া মাংস সিজিলেই হ’ল” ভাৱ এটা লৈ অলকেশ দাৰ ফটো এখনত কমেণ্ট কৰিবলৈ আৰম্ভ কৰিলোঁ৷ লাহে লাহে পাকঘৰৰ পৰা সুগন্ধ ভাঁহি আহিবলৈ ধৰিলে৷ মুখত মিচিকিয়া হাঁহি এটাই থিতাপি ল’বলৈ ধৰোঁতেই ভিতৰৰ পৰা বিজয়ে চিঞৰি মতা শুনিলোঁ৷ গৈ পাওঁ মানে বৰ ব্যস্ত ভাবেৰে মোক ক’লে,
বিজয় : এই মানুহবোৰে মাৰি পেলাব হে!
মই : কি হ’ল আকৌ!
বিজয় : বানানক লৈ বিতৰ্ক এটা হৈছে৷ মোকো ৰিণ্টু দাই টেগ কৰিছে, বৰ আৰ্জেণ্ট কিবা এটা লিখিব লাগে৷ এটা কাম কৰাচোন, মাংসখিনি অলপ চাই থাকিবা৷ নিমখ দিয়া হোৱা নাই৷ মই বিতৰ্কত ভাগ লৈ আহি আছোঁঁ৷
ইয়াৰ পাছত আৰু কিবা ক’ব লাগিবনে? বিজয় মহন্তই বিতৰ্ক শেষ কৰে মানে, মই হাঁহৰ মাংস, ভাত আৰু চালাদ খাবৰ বাবে সাজু কৰি দিছিলোঁ৷
বিজয় : এহ, হৈয়েই গ’ল নেকি? মই অলপ ব্যস্ত হৈ গ’লোঁ হে!
মই : হ’ব দিয়া, বন্ধৰ বাৰটোত আনৰ পাকঘৰত ৰন্ধাৰ আমেজেই বেলেগ হে!
☆★☆★☆
12:21 pm
মজা লাগিল
12:23 pm
বাৰু খুৱালে যে…
ইনেই মানে আমাৰ ফালৰ মহন্ত কেইজন বৰ চিকতা।
12:24 pm
ধন্যবাদ
3:55 pm
প্ৰথমে দ্ৰাইভাৰত মকৰল এতিয়া ৰান্ধনিও বনালে নে ? ভাল লাগিল
4:02 pm
এই মানুহজনৰ ঘৰত আপুনি ভাত খাব যাবও সাহ কৰে দাদা
6:23 pm
বেচেৰা!!
11:31 am
ভাগ্যে হাঁহটো কিনি থৈছিল বুলিহে৷ নহলে দাইল ভাত বনাই খাই আহিলা হেতেন!
11:34 am
পাছে ভাতসাজ কেইবজাত খালে?
8:32 am
খাবলৈ যে পালে, ভাগ্য!
11:38 am
হা হা।বঢ়িয়া ।এনেকুৱা অভিজ্ঞতা বহুতৰে হয় ।
10:39 am
ভাল লাগিল পঢ়ি ??