Busy Man সংবাদ – জুমি ভূঞা বৰা
শীৰ্ষক নামটো অলপ অগতানুগতিক হ’ল কিন্তু কিয় জানো এইদৰেই পাতনি মেলিবলৈ মন গ’ল ল’ৰালিতে এৰি অহা পাহৰণিৰ গৰ্ভত বিলীন হ’বলৈ যোৱা এটি চৰিত্ৰলৈ ঘপকৈ মনত পৰি।
আমি মানুহটোক “Busy Man” বুলি মাতিছিলোঁ বা মানুহটোক বুজাবলৈ এই দুটা ইংৰাজী শব্দই ব্যৱহাৰ কৰিছিলোঁ। অৱশ্যে এইটো নাম আমি নিজে দি লোৱা নাছিলোঁ, Busy Man জনে নিজেই সুবিধা কৰি দিছিল এনেকৈ মাতিবলৈ।
শীৰ্ণকায় চেহেৰাৰ মিঠাবৰণীয়া মানুহটো কেতিয়াবাহে আমাৰ গাঁওৰ ৰাস্তাটোত দেখা গৈছিল। যিখন ঘৰৰ পদূলিত ঘৰখনৰ গৃহস্থক দেখা পাইছিল সেইখন ঘৰতহে তেওঁ প্ৰৱেশ কৰিছিল। এয়া তেওঁৰ মতে ব্যৱসায়ৰ মূল মন্ত্ৰ। যিজনৰ হাতত টকা থাকে সেইজনৰ লগতহে ব্যৱসায় সংক্ৰান্তীয় কথা পাতিব লাগে, বাকীবোৰৰ লগত কথা পতা মানে সময়ৰ অপচয়। গতিকে মুখত ধুনীয়া হাঁহি এটাৰে তেওঁ আৰম্ভ কৰে –
– দেউতা ভালে আছেনে ?
– অ’ আপুনি, ইমান পুৱাই যে।
– হয় দিয়ক আপোনালোকক এপাক চাবলৈয়েই আহিলোঁ।
– ভালেই কৰিলে আমাক চোৱাও হ’ল আৰু আপোনাৰ কামো হ’ল নহয় জানো ?
– হে দেউতা কি যে কয় নহয় আপুনি, তাকে নকৰিলে পেট কেনেকৈ ভৰিব কওকচোন ।
– হয় দিয়ক, পিছে আমাক আপোনাৰ এইবোৰ বস্তুৰ প্ৰয়োজন নাই। বেলেগ কাৰোবাৰ ঘৰলৈ যাওঁক বিক্ৰী হবও পাৰে।
– কৃষ্ণ, দেউতা এনেকৈ কয়নে পুৱাই অহা মানুহক।
– ৰব, মই আপোনাক বেয়াকৈ কোৱা নাই নহয় ইমান দূৰৰপৰা বস্তু বিক্ৰী কৰিবলৈ আহিছে, সোনকালে বিক্ৰী কৰি ঘৰলৈ ঘূৰি যোৱাহে ভাল।
– অ দেউতা don’t worry মই সময়ৰ প্ৰতি সদায় সচেতন নহলেনো ইমান সোনকালে এইখিনি পাওঁহিনে। আমাৰ মানুহৰ এইটোৱেই one and only problem নিজে একোডাল নকৰে আৰু লোকৰ দোষ খুচৰি থাকে।
– উৱা ! আপুনি ইংৰাজীও কয় নে ?
– জানো কাৰণেইটো কওঁ, I am under graduate.
– এ’ ভাল কথা দেখোন কিন্তু আপোনাক দেখাত ধৰিব নোৱাৰি।
Busy Man জনে ইটো সিটো কথা পাতি পাতি যিখন ঘৰত সোমাই বস্তু বিক্ৰী নকৰাকৈ ওলাই আহিবলৈয়েই মন নকৰিছিল।মানুহটোৰ কথাবোৰ শুনিবলৈকে আমিবোৰে ওচৰ চাপিছিলোহি। মানুহটোৰ অংগী-ভংগী আৰু কথা কোৱাৰ ধৰণে আমাক আমোদ দিছিল। আজি কিনো বিক্ৰীৰ বাবে আনিছে বুলি সুধিলে আমাক পিছে একো উত্তৰ দিয়া নাছিল। তেওঁৰ মতে ডাঙৰৰ কথাত সৰুৱে মাত মাতিব নাপায়। এইবোৰ শিক্ষা ল’ৰা ছোৱালীয়ে সৰুৰে পৰাই লব লাগে। কথাবোৰ শুনি আমি ফিচফিচাই হাঁহিছিলোঁ। ওচৰৰে দাদা দুজনমানে ৰাস্তাৰ পৰাই মাতে,
– Busy Man দেখোন, বহুত দিনৰ মূৰত। কি খবৰ ?
– বোপাইহঁত আছোঁ আৰু নমৰি জীয়াই।
– বিয়া পতাই নাই মৰিবৰ হ’লেইনে।
– হয় দিয়া, অলপ টকা পইচা গোটাই লওঁ নহ’লে এজনী চপাই ল’লে মোৰ মূৰটোহে খাবহি। ঘৰতে দেখিছোঁ নহয় ভাইটোক। গোটেই দিনটো সেইজনীয়ে কেনেকৈ কেটকেটাই থাকে।
– অ’ ৰাতিপুৱাই ওলাই অহাৰ ৰহস্য মানে এইটোহে।
– হয় দিয়া, কোনে শুনি থাকে সেইগাল।
এনেকুৱাতে যদি ঘৰখনৰ মানুহগৰাকী মানে গৃহস্থনী ওলাই আহে কথা পাতিবলৈ Busy Man ক কোনে পাই আৰু।
– বাইদেউ আপোনাৰ লাগতিয়াল বস্তুৱেই আনিছোঁ চাওক।
– নাই আমাক একো নালাগে।
– আপুনি চাই লওঁকচোন প্ৰথম pure বস্তু, বহুত দিন চলিব।
– আপুনি বৰ লেটেকা লগা দি লাগে দিয়ক।
– বাইদেউ ঔ বেয়া নাপাব বস্তু কেইটা বিক্ৰী হ’লেহে যোৱাৰ ভাড়াটো ওলাব। এইয়া চাওক ..
এইবুলি আমাৰ ঘৰত এদিন তেখেতৰ চিমেণ্টৰ বস্তাৰ মোনাটোৰ পৰা উলিয়াই দেখুৱাইছিল দুটা এলুমিনিয়ামৰ মগ। আৰু বেলেগ বস্তু নাছিল। Busy Man ৰ এইয়াই আছিল ব্যৱসায়। এইদৰে দুই এটা বস্তু মোনাটোত লৈ বিক্ৰীৰ বাবে ঘূৰি ফুৰিছিল মানুহটো। যিঘৰত সোমাই বস্তু কেইটা লবলৈ নেৰানেপেৰাকৈ ধৰিছিল। আচলতে কিনিবলৈ বাধ্য কৰাই দিছিল গৃহস্থক। মানুহটোৰ কথা বতৰা আৰু ব্যৱহাৰৰ পৰাই গমপোৱা গৈছিল যে তেওঁ এজন মানসিক ৰোগী। কলীয়াভোমোৰা দলং পাৰ হৈয়েই কোনোবা এখন গাওঁত তেখেতৰ ঘৰ বুলি কৈছিল। দুটামান বস্তু লৈয়েই কিয় ইমান দূৰলৈ আহে বুলি সুধিলে তেওঁৰ উত্তৰ আছিল “মানুহে কৰ্ম কৰি খাব লাগে”। এইবোৰ কথাৰ বাবেই Busy Man জন আমাৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছিল। এবাৰ বিক্ৰী হোৱাৰ পিছত এক মুহুৰ্তৰ বাবেও সেইখন ঘৰত ৰোৱা নাছিল। মানুহটোৱে প্ৰায় দৌৰি যোৱাদি খোজ কাঢ়িছিল। তেওঁৰ মতে ‘he is a busy man’ গতিকে সময় নষ্ট কৰিবলৈ নাই।
এইদৰেই মাজে মাজে আমাৰ গাঁওৰ ফালে আহি থকা মানুহজন বহু দিন বহু মাহৰ পিছতো নহা হ’ল। কথা প্ৰসংগত কেতিয়াবা ওলাইছিল তেখেতৰ কথা। বিশেষকৈ ঘৰত ব্যৱহৃত মগ দুটাৰ কাৰণে। কাৰণ মগ দুটাৰ নাম আমি ধেমালিতে “Busy Man মগ” দি লৈছিলোঁ।
☆★☆★☆
11:30 pm
ভাল লাগিল পঢ়ি।
6:57 am
অশেষ ধন্যবাদ জনালোঁ
12:54 pm
এতিয়াও আছে নে মগ দুটা?