ফটাঢোল

অভিভাৱক – ফাৰনাজ নাৰ্গিছ কৰিম দুৱৰা

কিছুমান বস্তু নির্দিষ্ট বতৰত ওলায়। এতিয়া পৰীক্ষাৰ ৰিজাল্ট ওলােৱাৰ বতৰ। যিকেইটা চোকা ল’ৰা-ছােৱালী সিহঁত ‘বিন্দাছ’ হৈ আছে। জানে ৰিজাল্ট ভাল হ’বই। যিকেইটা পঢ়াত বৰ এটা চোকাও নহয় গাধাও নহয়, সিহঁতৰ বৰ বিশেষ সমস্যা নাই। কিন্তু মহাপয়মালৰ সন্মুখীন হয় পঢ়াত বেয়া ল’ৰা-ছােৱালীকেইটা। তাৰে ভিতৰত আমাৰ ঘৰৰ নাতিদূৰৰ বিষ্ণুও এটা। সি দিনটো ক্রিকেট খেলে, স্কুল বন্ধ কেইদিনত। স্কুল খােলা কেইদিনত তাক কিতাপেৰে ভৰপূৰ বেগ এটা লৈ স্কুললৈ যােৱা আৰু ঘূৰাই অনাও দেখােঁ, নেদেখােঁ পঢ়া টেবুলত বহা। মাক-দেউতাকৰ ধমক খাই যি অলপ পঢ়া টেবুলত সি বহেও, তাতােতাক হেঁচা মাৰি ধৰে দিনটোৰ ভাগৰ আৰু টোপনি য়ে। মুঠতে তাৰ আৰু পঢ়াৰ মাজত দেখা-দেখি খুব কমেই হয়।

এইদৰে খেলা-ধূলা, স্কুল অহা-যােৱাৰ মাজত পাখিলগা দিনবােৰ উৰা মাৰিছে। ধুমুহা অহা দি বিষ্ণুৰ কাষলৈও পৰীক্ষা আহিল। তাৰ বায়েক দুজনী আৰু ককায়েকৰ পৰীক্ষা দিয়া আৰু ৰিজাল্ট ওলােৱাত মাক-দেউতাকৰ বৰ বিশেষ চিন্তা নাই। আটাইকেইটা পঢ়াত ভাল। চিন্তা আমাৰ বিষ্ণু বােপাক লৈহে। আজি বিষ্ণুৰ ৰিজাল্ট ওলাব। পুৱাই সি ধূপ-ধুনা জ্বলাইছে নেদেখাজনৰ ওচৰত। মাকৰ মনবোৰ বৰ কোমল। তেওঁ তাক, “পাছ হ’বিয়েই তই চাবি।” দেউতাকে কিন্তু পুৱাৰ পৰা থ্ৰিটেনিং দি আছে, “আজি যদি ৰিজাল্ট বেয়া হয়, তোৰ কিন্তু দিগদাৰ আছে।” তাৰ পেটে-পেটে ভয় লাগিছে। গাধা হ’লেও ঠাণ্ডা দিনৰ ৰ’দজাক সকলােৱে ভালপােৱাৰ দৰে বিষ্ণুকো প্ৰায় মানুহে ভাল পায়। পঢ়াত বেয়া যদিও সি সকলােৰে মৰমৰ। কাৰােবাৰ মৰম পাবলৈ পঢ়াত চোকা হােৱাৰ প্ৰয়োজন আছে বুলি সি অন্ততঃ নাভাবে। বিষ্ণু কটন কলেজিয়েট স্কুলৰ ষষ্ঠ শ্রেণীৰ ছাত্র। সি মােক পুৱাৰ পৰাই কৈ আছে তাৰ স্কুললৈ মই হেনাে যাব লাগে। মই বৰ বিপাঙত পৰিছোঁঁ৷ তাৰ লগত যােৱাত মােৰ অকণাে আপত্তি নাই, ভয় লাগিছে সি পাছ কৰেনে নকৰে তাকলৈহে। তথাপি মই যাবলৈ ওলালােঁ তাৰ লগত। তাক নির্ভয় প্রদান কৰি গৈ আছোঁ।

: বিষ্ণু তই পাচ কৰিবিয়েই চাবি, টেনচন নলবি।

স্কুলৰ চৌহদত ভৰি দিছােঁ। তাতকৈ দেখােন মােৰ ভয়তাে বেছি লাগিছে। কি বা আছে আজি তাৰ কপালত। ৰিজাল্ট চালােঁ ভয়ে ভয়ে। সুখৰ কাৰণাে বেলেগ বেলেগ হয়। আজি বিষ্ণুৰ ৰিজাল্ট চাই আকৌ বুজি উঠিছাে, আনৰ কৃতকার্যতাতাে আছে এক বুজাব নােৱাৰা সুখ। বিষ্ণু পাছ। সি মােৰ পৰা অকণমান আঁতৰত ৰৈ আছিল মােৰ মুখৰ পৰা ৰিজাল্ট শুনিবলৈ। ফূর্তিতে দুইজাঁপ মাৰিলােঁ, বিষ্ণুৱে বুজিলে সি পাছ।

পাছ হ’ল, ভাল কথা। এইবাৰ আহিল ৰেকৰ্ড বুক লােৱাৰ পাল। মই আৰু সি বাইদেউৰ কাষ চাপিলােঁ।

: বাইদেউ, মই বিষ্ণুৰ পেহীয়েক৷

বাইদেউক নিজৰ চিনাকি দিলােঁ। বিষ্ণু আৰু মােৰ তেজৰ সম্পৰ্ক নাই। কিন্তু কিছুমান সম্পর্ক তেজৰ সম্পৰ্কতকৈও ওপৰত হয়। য’ত মৰম, ভালপােৱা আন্তৰিকতা থাকে। তাত তেজৰ সম্পর্কয়ো কেতিয়াবা হাৰ মানে হয়তাে। বাইদেৱে চশমাৰ ফাকেৰে এবাৰ মােক আৰু এবাৰ তাক চালে। ক’লে,

: ই ল’ৰাটো আগতে পঢ়া-শুনাত ভালেই আছিল। আজি কেইমাহ মানৰ পৰা ই নপঢ়ে। লগতে স্কুলাে খতি কৰে বহুত।

মই মূৰ দুপিয়ালােঁ। বিষ্ণুলৈ আঁৰ চকুৰে চালােঁ। একান্ত বাধ্য ল’ৰাটোৰ দৰে তলমূৰ কৰি আছে। বাইদেৱে ক’লে,

: তাৰ গার্জেনক মাতা। মাক বা দেউতাকক, ইমান স্কুল খতিৰ কাৰণ মই জানিব লাগিব। ই কোনােমতে চুঁচৰি বাগৰিহে পাছ কৰিছে। সমাজ বিদ্যাত ই ফেইল। লগতে বাকীবােৰ বিষয়তাে ইমান ভাল নম্বৰ পােৱা নাই। মই তাৰ মাক বা দেউতাকক লগ কৰিব বিচাৰোঁ।

মই অলপ সময় তাতেই ৰৈ থাকিলােঁ। ভয় লাগিছে, তাৰ পৰীক্ষাৰ ৰিজাল্টতকৈও বেছি ভয়। তাৰ দেউতাক বৰ খঙাল। তেওঁ যদি তাৰ কৈফিয়ৎ বাইদেউৰ মুখেৰে শুনে, তাক কি কৰিব সেয়া বুজাই কোৱা টান।

: যােৱা আকৌ৷

বাইদেৱে পুনৰ ক’লে। আমি স্কুলৰ চৌহদৰ এটা কোণত ৰৈ আছােঁ, বজাৰৰ ভিৰত হেৰাই যােৱা মানুহৰ দৰে। মই ক’লােঁ,

: দাদাক ফোন কৰিম জানাে?

: নালাগে।

সি অঁকৰাটোৰ দৰে উত্তৰ দিলে।

: তই ভয় কৰিবলৈ কিটো আছেনো? পাছ কৰিলেই দেখােন। সমাজ বিদ্যাতহে ফেইল কৰিছ। ডাঙৰ মানুহ হ’বলৈ সমাজ বিদ্যাৰ দৰকাৰ বৰ বেছি নাই নহয়।

তাক সান্তনা দিবলৈ ক’লােঁ। নাই সি নামানে।দেউতাকক সি ফোন কৰিবলৈ নিদিয়ে। মাকলৈ ফোন কৰিলােঁ, ম’বাইল অফ তেওঁৰ। সি ক’লে,

: তুমি ৰাজু জীক ফোন কৰা।

মই হতবাক হৈ চালােঁ। ৰাজু জী দৰ্জী বিষ্ণুৰ ঘৰত ভাড়া থাকে। অসমীয়া ক’বও নাজানে। মনতে ভাবিলােঁ ই বাৰু কেনেবাকৈ ৰাজু জীকেই দেউতাক সজাব বিচাৰিছে নেকি? সি আকৌ ক’লে,

: পেহী মই এইবাৰৰ পৰা স্কুল খতি নকৰাে। ভালকৈ পঢ়িম। লিখা-পঢ়া কৰা মানুহবােৰে চাকৰি নাই, চাকৰি নাই বুলি দুখ কৰি থাকে। মােৰ এইবােৰ কাৰণে আজিকালি পঢ়িব মন নাযায়। তথাপি ভালকৈ পঢ়িবলৈ চেষ্টা কৰিম বাৰু।

তাৰ কথা কেইটাতাে মিছাও নহয়। এই সৰু ল’ৰাটোৱেও জনা হৈছে বিদ্যাৰ মূল্য আজি কি! তাৰ চকুলৈ চালােঁ। মাটিৰ ফালে সি চাই আছে, পলক নমৰাকৈ। মই বৰ বিপাঙত পৰিছােঁ। কি সমস্যা! কৰােঁ কি? এফালে বিষ্ণুৰ মৰম আনফালে শ্ৰেণীকোঠাৰ বাইদেউৰ দায়িত্ব। দুটা ৰাস্তাৰ কোনটোত ভৰি দিম বুজি পাবলৈ অসুবিধা হৈছে। সময় নষ্ট নকৰি ফোনটো লগালাে। হেল্ল’, ৰাজু জী…।।

☆★☆★☆

3 Comments

  • Rimjhim Borthakur

    বঢ়িয়া

    Reply
  • হিৰণ্যজ্যোতি দাস

    ৰাজুজীক দেউতাক বনাই দিব নেকি?

    Reply
  • লখিমী

    চেহ ৰাজুজীক কিয় বিচাৰিলে নক’লে দেখোন।
    মজা লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *