গণক – প্ৰদীপ বৰা
মই যেতিয়া সপ্তম মান শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া তেওঁ অষ্টম শ্ৰেণীত আছিল৷ মানে জ্যেষ্ঠজন আছিল৷ গতিকে তেওঁক প্ৰথমে মই যথেষ্ট সমীহ কৰি চলিছিলোঁ৷ তেওঁক সাধাৰণতে সকলোৱে গণক বুলিয়েই মাতে৷ আচল নাম সঞ্জীৱ বৰদলৈ৷ এইটো তেওঁৰ পোচাকী নাম৷ এইটো নাম বৰ্তমান হয়তো তেঁৱেই পাহৰিব পাৰে৷ আমি সৰুতে একেলগে পথাৰত গৰু চৰাওঁ৷ মই যেতিয়া অষ্টম শ্ৰেণীলৈ উৰ্ত্তীণ হওঁ তেতিয়া তেওঁক নৱম শ্ৰেণীত দেখা নগ’লতো নগ’লেই অষ্টম শ্ৰেণীতো নগ’ল৷ তাৰমানে তেওঁ অষ্টম শ্ৰেণীত ফেইল কৰি স্কুলীয়া শিক্ষা সাং কৰিলে৷ পিছতহে তেওঁক শুধিলত উৰহি গছৰ ওৰটো ওলাল৷ তেওঁক এদিন গণিতৰ প্ৰিয়দত শিক্ষকে ‘এ প্লাছ বি হ’ল কিউব’ ফৰমুলাটো শুধিছিল৷ তেওঁ হেনো ঘপককৈ উঠি তপককৈ কৈছিল,
: ছাইকেলৰ টায়াৰ টিউব৷
তেতিয়া শিক্ষকজনৰ খুউব খং উঠিছিল আৰু শ্ৰেণীৰ ভিতৰতে কাণত ধৰি আঁঠু কাঢ়ি থাকিবলৈ দিলে৷ এই কাৰ্যত তেওঁ অন্তৰত বৰ দুখ পালে৷ কাৰণ তেওঁ যিকেইজনী ছোৱালীৰ লগত চেনিৰামি কৰি আছিল সেইকেইজনী ছোৱালীৰ সন্মুখত আঁঠু কাঢ়ি থকাটো মৰ্মান্তিক আছিল৷ সেয়েহে তেওঁ সিমানতে পুঠি পাজি ধোঁৱা ছাঙত তুলি নামঘৰত মিঠৈ বনোৱা, প্ৰসাদ ধোৱা, সকামত কলপাত কটা, কল পটুৱাৰ খোল বনোৱা আদি কামত নিজকে উচৰ্গিত কৰিলে৷ মাক বাপেকে বোলে আমাৰ অগাধ সম্পত্তি আছে ল’ৰা এটাহে সেইখিনি সম্পত্তিৰে আৰামত খাই পিন্ধি থাকিব পাৰিবি৷ ইচকুলত (স্কুলত) পঢ়ি একো হাকিম মুঞ্চিফ হ’ব নালাগে৷
গণকে কিন্তু গৰু চৰাবলৈ নেৰিলে৷ গণকৰ লগত গৰু চৰাবলৈ ময়ো যাওঁ৷ গণকে আম, আনাৰস, কঠাল আদি বিভিন্ন ধৰণৰ বস্তু সংগ্ৰহ কৰি গৰু চৰোৱা জেগাত পৌচাই দিয়ে৷ থোলোকা আৰু চকেট আমাৰ লগত গৰখীয়া৷ আমি সেইবিলাক বস্তু চাৰিওজনে দকচি খাওঁ৷ ইয়াৰ পিছত গণকে ক’ৰবাৰ পৰা কেৰাহি এখনো সংগ্ৰহ কৰিলে৷ আমি খিৰতী চাই গাই এজনী খীৰাও আৰু পায়স বনাই চাৰিওটাই ভক্ষণ কৰোঁ৷ গণকে গৰু চৰোৱা জেগাত পৰৱৰ্তী সময়ত খৈনী, বিড়ি, চিগাৰেট, ভাং আদিও আমাক খাবলৈ শিকালে৷ মোৰ বাদে বাকী তিনিটাই এই দ্ৰব্যসমূহ মহাদেৱৰ প্ৰসাদ বুলি আৰামত খাবলৈ শিকিলে৷
গণকে আমাক জীৱ বিজ্ঞানৰ কিছুমান গোপন কথাৰো শিক্ষা দিবলৈ আৰম্ভ কৰিলে৷ বৈবাহিক জীৱনৰ কিছুমান অত্যাৱশ্যকীয় সামগ্ৰী ইজনে সিজনে ধাৰলৈ দিবলৈও একপ্ৰকাৰ শপত খুৱালে আমাক৷ পিছত থোলোকাই ক’লতহে জানিব পাৰিলোঁঁ প্ৰাপ্ত বয়স্কৰ বাবে লিখা আমাৰ বাবে নিষিদ্ধ কেইখনমান পুথি আমি হেনো আগলৈ নপঢ়িলেও হ’ব৷ আমাৰ মুঠতে গৰু চৰোৱা ৰাজ্যত যিকোনো প্ৰকাৰৰ ধোঁৱা ওলাবই৷
এদিন সৰু পুখুৰী এটা সিঁচি আমি বহুত মাগুৰ মাছ পাইছিলোঁঁ৷ সেই মাছবিলাক আমি খৰি খেৰ গোটাই বিশেষভাবে পুৰি খাইছিলোঁ৷ ইমানেই পোৰা মাগুৰ মাছ খাইছিলোঁ যে আমাৰ পেট পুৰহৈ পোৰা মাগুৰ মাছ ডিঙিৰ ওচৰ পালেহি৷ এতিয়া কি কৰা যায় আটাইকেইটাৰে সাংঘাতিক গেৰৌ গেথৌ লাগিছে৷ যেন পেট ফুটি পোৰা মাগুৰ মাছখিনি ওলাই যাব৷ ডাক্তৰ পাৰ্থ বিজয়ৰ কথা ভাবিবই নোৱাৰি৷ তেওঁ গৰুক দিয়াৰ নিচিনাকৈ যিটোহে বেজী দিব আমাৰ জীৱ ওলাই যোৱাৰ নিচিনা হ’ব৷ আমি ঈশ্বৰক কৰপুটে অনুৰোধ কৰিছোঁ “হে প্ৰভু আমাক এইবাৰলৈ এই বিপদৰ পৰা ৰক্ষা কৰা ভবিষ্যতে আমি কেতিয়াও এনেদৰে ৰাক্ষসে খোৱাৰ দৰে বস্তু নাখাওঁ আৰু৷ গণকে আমাক নিৰ্ভয় দি ক’লে,
: তহঁতে চিন্তা নকৰিবি৷ যি বুদ্ধি দিম সেই মতে কৰিবি৷ প্ৰথমে লাহে লাহেকৈ খোজ কাঢ়৷ অলপ পিছত মজলীয়া বেগত খোজ কাঢ়, তাৰ পিছত লাহে লাহে দৌৰ৷ তাৰ পিছত সহিব পৰাকৈ দৌৰি৷
আমি তেনেকুৱা কৰিলত কিছু আৰাম পালোঁঁ৷ বাটত গৈ থাকোঁতে দেখিছোঁ কণপিতৌহঁতৰ ঘৰত সকাম৷ হে হৰি! কি কৰা যায়! গৰুহঁত তহঁতি নিজে নিজে গৈ থাক৷ বাটত কাৰো জেং নলগাবি আমি কণপিতৌহঁতৰ ঘৰৰ মুখেদি আজি নাযাওঁ আমি অন্য বাটেৰে যাওঁ৷ পোৰা মাগুৰখিনি ডিঙিৰ পৰা অলপ তললৈ গৈছেহে, তাৰ ওপৰত আকৌ প্ৰসাদ, কোমল চাউলখিনি ভৰাব নোৱাৰি৷ কোমল চাউলখিনি পেটত ফুলি গ’লে নিশ্চয়কৈ পেট ফুটিব৷ গৰুবিলাকে কাৰো জেং নলগোৱাকৈ নিজ নিজ ঘৰলৈ গ’ল নে ন’গল ক’ব নোৱাৰোঁ কিন্তু আমি কণপিতৌৱে নেদেখাকৈ প্ৰসাদ কোমলচাউলৰ লোদ নোলোৱাকৈ যেনে তেনে আমাৰ পেটকেইটাক ৰক্ষা কৰিলোঁ৷ পিছদিনা জনিবা যেনতেনে পেটটো জামৰিল৷
মই কলেজলৈ যোৱাৰ পিছত পাঁচ বছৰ কাল গণক থোলোকা আৰু চকেটৰ সঙ্গৰ পৰা আঁতৰত আছিলোঁ৷ কলেজৰ শিক্ষা সাং কৰি মাত্ৰ কেইটামান দিন ঘৰত আছিলোঁ৷ আমাৰ ঘৰৰ গৰখীয়া বেলেগ হ’ল যদিও মই গণকক লগ কৰিবলৈকে সেই গৰু চৰোৱা পথাৰখন পালোঁগৈ৷ গণকে মোৰ কলেজৰ কাহিনীবোৰ মোৰ পৰা শুনি ল’লে, তাৰ পিছত বোলে আজি পিঠাগুৰি আৰু পকা কঠালকে খা৷ কাইলৈ আহিবি গাহৈ মাংস৷ থোলোকা আৰু চকেটকো নিমন্ত্ৰণ জনাম৷
পিছদিনা সঁচাকৈয়ে এসোপা গাহৈ জুইত পুৰি খাবলৈ আৰম্ভ কৰিছে৷ মোকো দিছে লগত এক কেটলি চুলাই৷ সিহঁত তিনিটাই ধুনিছে৷ মই কেৱল দুটুকুৰামান মাংস, সিহঁত তিনিটাই এক জগ জংঘলী শেষ কৰিলে৷ থোলোকাৰ বয়স আঢ়ৈকুৰি মান হ’ব৷ তেওঁ আকৌ দাঁতৰ বেমাৰ হোৱাত ওপৰৰ পাৰিৰ মাজৰ দাঁত ছয়টা ডাক্তৰৰ ওচৰত সৰুৱাই তাৰ ঠাইত ছয়টা কৃত্ৰিম দাঁত লগোৱা আছে৷ লিকটীয়া বস্তু বা কল খালে সেই দাঁতকেইটা বাহিলৈ ওলাই আহে৷ গাহৈ মাংস খাই থাকোঁতে তেওঁৰ সেইটোৱেই হ’ল৷ ওলাই অহা দাঁতকেইটা গণকে থাপ মাৰি ধৰিলে৷ পিটিকি মোহাৰি ছাই গণকে খেলিবলৈ লাগিল৷ ইফালে থোলোকে দাঁতকেইটা ঘূৰাই দিবলৈ গণকক জয়দেউ কাকুতি কৰিছে৷ মাজতে অলপ মাংস আৰু এক জগ জংঘলী গছৰ ওপৰত থৈ আহিল কিছু সময় পিছত খাবলৈ৷ থোলোকাই কন্দনামুৱা হৈ ক’লে,
: গধুলীকে কোঁচ গাঁঁৱৰ নামঘৰত ভাওনা আছে৷ এনেকৈ সোলা হৈ কেনেকৈ যাম?
এটা ডাকোৱাল মুৰ্গীৰ বিনিময়ত যেনিবা গণকে কৃত্ৰিম দাঁতকেইটা থোলোকাক ঘূৰাই দিলে৷ দুঘণ্টাৰ পিছত গছৰ পৰা দ্ৰৱসমূহ নমাই আনি গণকে প্ৰায় অকলে মাংস আৰু জংঘলীখিনি শেষ কৰিলে৷ এতিয়া গণকে থিয়দঙা দিব নোৱৰা হ’ল৷ ডাঙৰ ডাঙৰ দহ দৰা পথাৰ পাৰ হ’লে ৰাষ্টাটো পাই৷ এতিয়া ইয়াক কেনেকৈ ৰাষ্টালৈ নিয়া যায়৷ ভাগ্য ভাল পথাৰত যেনিবা এখন মৈ আছিল৷ তাত গণকক বহিবলৈ কোৱা হ’ল৷ আমি তিনিটাই মৈখন টানি গণকক লৈ গ’লোঁ৷ কিন্তু পথাৰৰ আলিবিলাকত মৈৰে সৈতে তাক টানিবলৈ অসুবিধা হয়৷ প্ৰত্যেকটো আলিতে তাক বগৰাই পেলাই দিওঁ, মৈখন হাতেৰে আলিটো পাৰ কৰি তাক বগৰাই বগৰাই পাৰ কৰোঁ আকৌ মৈৰে সৈতে গণকক টানিবলৈ লওঁ৷ দহ দৰা পথাৰ তাক এনেদৰে মৈৰ ওপৰত উঠাই টানি অনাৰ পিছত তাৰ অলপ হুঁচ আহিল৷ এতিয়া ঘৰলৈ কেনেকৈ যাবি! মোৰ এটা বুদ্ধি খেলালে তাক ম’হটোৰ পিঠিত উঠাই দিলোঁ৷ অলপ দূৰ যোৱাৰ পিছত সি ম’হটোক আঙুলিৰে খুচি দিলে৷ ম’হে নেগুৰ ডাঙি ধাপলি মেলিলে৷ গণক ঠাইতে বাগৰি পৰিল৷ তেতিয়ালৈ গণকৰ বহুখিনি নিচা ফাটিলে৷
ওচৰৰে সিটো খেলৰ কোঁচ গাঁৱৰ নামঘৰত ভাওনা আছিল৷ মই ভাবিছিলোঁ গণক ক’ত যাব পাৰিব৷ কিন্তু তাক দেখি আচৰিত হ’লোঁ৷ গণক ভাওনালৈ গৈ দাদা হৈ ঘূৰি ফুৰিছে৷ তথাপি তাৰ নিচা শেষ হোৱা নাই৷ ভাওনাত তাক সূত্ৰৰ লগতো ওলাবলৈ লাগে কৃষ্ণৰ লগতো ওলাবলৈ লাগে৷ আমি যেনিবা তাক টানি টুনি ৰাখিলতহে ৰক্ষা৷ শেষত তাক প্ৰকাণ্ড মোছ একোছা লগাই কৌৰৱৰ লগতে ওলাবলৈ দিলোঁঁ৷ সি দুশাসনৰ বদি গাৰ্ড হিচাপে এক্টিং কৰিবলৈ ধৰিলে৷ ভীমে দুশাসনৰ ৰক্তপান কৰিব লাগে৷ কিন্তু গণকে আগভেটি ধৰে৷ ইফালে বায়েনে খোল বজাই হাইৰাণ হৈ গৈছে৷ বায়েনে উঠি আহি গণকক অনুৰোধৰ সুৰত বুজালে,
: গণক চা কিছু সময়ৰ পিছত ৰাতিপুৱাব গতিকে তই বিধি পঠালি নকৰিবি৷
গণকে বোলে,
: তুমি মোৰ পৰা ছমাহৰ আগতে যে এশ টকা নিছিলা সেইটো ঘূৰাই দিলেহে মই আতঁৰি যাম৷
উপায় নাপাই বায়েনে অ’ৰ ত’ৰপৰা এশ টকা গোটাই দিয়াতহে যেনিবা দুশাসনৰ ৰক্তপানৰ পথ প্ৰশস্ত হৈ উঠে৷ তেহে আমাৰ দৰ্শক ৰাইজো ৰক্ষা পৰে।
☆★☆★☆
12:50 pm
“তুমি মোৰ পৰা ছমাহৰ আগতে যে এশ টকা নিছিলা সেইটো ঘূৰাই দিলেহে মই আতঁৰি যাম ৷ ” এইটোও ডাইলগ হিচাপে কলে নে?