ফটাঢোল

প্ৰেমৰ ঘৰ – ৰাস্না পালক

:হেৰা…

:বোলো শুনিছানে?

এবাৰ দুবাৰ নহয় কেইবাবাৰো মাতিও পৰিবাৰৰ মাত নাপ‍াই দিবাকৰ বৰুৱা ভিতৰ পালেগৈ। শুৱনি কোঠা, আলহী চ’ৰা আনকি পাকঘৰতো নাপাই মানুহজনে খৰধৰকৈ গাধোৱা ঘৰতো ভুমুকিয়ালেগৈ। দুদিনমানৰপৰা বৰুৱাৰ পৰিবাৰ ভানুপ্ৰিয়াৰ ভৰিত বিষ এটাই লগ দিছে। যদি কেনেবাকৈ পিচলিছে! কথাটো মনলৈ অহাৰ লগে লগে প্ৰায় দৌৰি যোৱাদি বৰুৱা গাধোৱা ঘৰ পালেগৈ। অহ্ কলৈ গ’ল মানুহজনী? নাই যে নাই পায়খানা ঘৰতো নাই। তৎপৰতাৰে ফোনটো অফিচলৈ ওলাই যোৱা একমাত্ৰ পুত্ৰকে লগালে।

:বাবা …মাৰা ঘৰত নাই।
:….
:অ নাই অ….সকলোতে চাইছো মই।
:
:তই আহচোন…বেগেতে..
:…
:কাক বেগেতে অহাৰ কথা কৈছে হয়নে?

ঘূৰি চাই পৰিবাৰক দেখি উশাহ যেন ঘূৰি আহে বৰুৱাৰ।

:অ বাবা…মাৰা আহিল…তুমি কলৈ গৈছিলা? গোটেইখন বিচাৰি ফুৰিছো মই। মাত এষাৰটো দি যোৱা। জানানে কিমান চিন্তা হৈ গৈছিল মোৰ। বাবা তোমাক বিচাৰি যাবলৈকে অফিচৰপৰা আহিব খুজিছিল।

ভানুপ্ৰিয়াই গিৰীয়েকৰ অৱস্থাটো বেচ উপভোগ কৰিছে। তাৰমানে তেওঁ পৰিবাৰৰ কি হ’ল বুলি যথেষ্ট সময় উদ্বিগ্নতাত কটাইছে। দিওঁতে তেওঁ মাত দিয়ে গৈছিল। এফালে জুবিনৰ গীত আনফালে পেপাৰৰপৰা মূৰ নদঙা মানুহটোৱে হয়তো নুশুনিলে। চহৰৰ মাজমজিয়াত হ’লেও বৰুৱা দম্পত্তীয়ে পুৰণি অসম আৰ্হিৰ ঘৰটো ভঙাই পেলোৱা নাই। মাজেৰে কৰিডৰ এটা। ছয়কোঠাৰ এটা আহল বহল ঘৰ। পু-বোৱাৰী-নাতি সহিতে ভৱিষ্যতলৈ কৰা আঁচনিতে ঘৰটোৰ কাম সম্পন্ন কৰা হৈছিল। আগফালে দুবৰিৰ দলিচা। হেজৰ জোপোহাই জেওৰাৰ দৰে কাম কৰিছে । এফালে তিনিশাৰীৰ এশাৰী জবা। এশাৰী তগৰ আৰু আনশাৰী গেজেং ফুল। আনটো ফালে বতৰৰ ফুল। পিছফালেও কমেও একঠামান মাটি আছে। ৰ’দঘাই মাটিখিনিত আগতে ভানুপ্ৰিয়াই ইটো সিটো পাচলিৰ বীজ ৰুইছিল যদিও কাষতে কেইবাটাও খলপীয়া পকীঘৰ থিয় দি উঠাত তেনেই চেচুক যেন হ’ল বাৰীখন। হ’লেও ৰ’দ বিচাৰি বিচাৰি মচুন্দৈ, মানিমুনি, নলটেঙা যি যেনেকৈ পাৰে মানুহজনীয়ে অকণ অকণ কৰিছে। ভাতকেৰেলা এজোপা ডালে পাতে বাঢ়িছে যদিও গুটি কম। ৰঙালাউৰ গুটি নধৰিলেও আগকেইটাই পলঙা হৈছে। মুঠতে বজাৰৰ ৰাসায়নিক দ্ৰব্যমিশ্ৰিত পাচলিৰ বিৰুদ্ধে যেন মানুহজনীৰ যুঁজ। সপ্তাহত শাকে-পাতে মানুহজনীয়ে থলুৱা এসাঁজ ঘৰখনত ৰান্ধিব বিচাৰে। আজিও সেই উদ্দেশ্যতে বাৰীত সোমাইছিল। আধাঘন্টা হ’ল কি নাই মানুহজনৰ এই অৱস্থা। ভানুপ্ৰিয়াৰ মুখেৰে হাঁহি এটি বিয়পে। প্ৰাপ্তিৰ। প্ৰিয়জনৰ ভালপোৱাৰে বুকু ভৰি ৰোৱাৰ প্ৰাপ্তি।

৩৪ বৰ্ষত ভৰি দিলে দিবাকৰ-ভানুপ্ৰিয়াৰ সংসাৰে। কথাবোৰ যেন তথাপি সৌ সিদিনাৰহে। হাইস্কুলৰ দেওনা পাৰ কৰিছিল ভানুপ্ৰিয়াই। পানীপটাৰ বৰষুণৰ পানীত থেপথেপাই থকা হাঁহপোৱালিগালক গেলা কলৰ কলপটুৱা চেলিয়াই জিলিকা কেঁচু খুৱাই আছিল ভানুপ্ৰিয়াই। শাওনৰ বৰষুণে চোতালখন তেনেই চেলনি পেলাইছিল।

“কোনে ফুটুৱালে ঔ ” বুলি মাকে বতৰটোক গালি দুজাউৰিমান দিওঁতেই অকস্মাত কাণৰ কাষতে চাইকেলৰ বেল বজাত উচপ খাই উঠিছিল ভানুপ্ৰিয়া। সমুখত অচিনাকি মানুহজনক দেখি অপ্ৰস্তুত হ’লেও চম্ভালি লৈছিল নিজকে ভানুৱে।

:এইটো গজেন চন্দ্ৰ অধিকাৰীৰ ঘৰ হয়নে বাৰু আইটি?

:হয়..আপুনি আহকচোন।

মাক কাষ চাপিছিলহি। দেউতাক গাওঁখনৰ গাওঁবুঢ়া। গাওঁখনৰ উজনিৰপৰা ভাটিলৈ দিনটোত কোনোবা নহয় কোনোবা এজনে বিচাৰি আহেই গতিকে ভানুপ্ৰিয়াহঁতৰ বাবে কথাটো ডাঙৰ নহয়। কিন্তু আজিৰ মানুহজন অচিনাকি। মানুহজন অহাৰ কাৰণটো জানিবলৈ ঘৰখনৰ প্ৰতিজন সদস্যই যেন উদগ্ৰীৱ। আলহী চ’ৰালৈ কাণ উনাই থাকিল ঘৰখনৰ প্ৰতিজন সদস্যই।

:মোক হৰকান্তই পঠিয়াইছে।

অ মাজুলীৰ হৰকান্ত।

ভানুপ্ৰিয়াহঁতেও জানে দেউতাকৰ শৈশৱৰ বন্ধু হৰকান্তক। দেউতাকৰ দেউতাক আৰু হৰকান্তৰ দেউতাক একালৰ ভাল বন্ধু আছিল। দুয়ো বনিজৰ কামত লগ হৈ বন্ধুত্ব স্থাপন কৰিছিল। সেই বন্ধুত্ব পুত্ৰলৈও এৰি গৈছিল। দুয়ো বন্ধুৰ পুতেক পিতাকহঁতৰ অবৰ্তমানত সুহৃদ বন্ধু। ডেকাতে অহা-যোৱা সঘনাই হৈছিল যদিও সংসাৰৰ ব্যস্ততাই আহ-যাহ কমালেও আন্তৰিকতা দুয়োটা পৰিয়ালৰে মজবুত।

:সি নিজে নাহি তোমাক কিয় বা পঠিয়ালে?

দেউতাকৰ কপালত চিন্তাৰ ৰেশ ধৰিব পাৰিছে ভানুপ্ৰিয়াই।

:মোক আপোনাক বিশেষ কথা এষাৰ কাণ চোৱাবলৈ পাচিলে ককাইদেউ। হৰকান্ত ককাইদেউৱে নিজৰ বৰপুত্ৰলৈ আপোনাৰ ডাঙৰ কন্যা ভানুক বোৱাৰী কৰিবলৈ অনুমতি বিচাৰিছে। আপুনি হয়ভৰ দিলেই হৰ ককাইদেউৱে শৰাই পেলাবহি।

বেৰখনৰ সিপাৰে কাণ উনাই থকা ভানুৰ ডিঙিটো যেন শুকাই কৰ্কৰীয়া লাগে। তাইৰ বিয়াৰ বতৰা চলিছে সিটো কোঠাত। ভয় খায় ভানুৱে। দৌৰি যোৱাদি বৰঘৰ পায়গৈ ভানু।

:আই..পিতায়ে মোৰ বিয়াৰ কথা পাতিছে সেই মানুহটোৰ লগত। হৰকান্ত তাৱৈৰ পুতেক যে দিবাকৰ নে কি সেইটোৰ লগত। মই এতিয়াই বিয়াত নবহো আই।

চিৰিংকৈ মাৰে আইৰ বুকু। চেনেহৰ জীৰ মুখত অসহায়তা ফুটি উঠিছে। জী তোলাৰ শোকে তেওঁকো চেপি ধৰিছে। এয়াই যে নিয়ম সমাজৰ। জীয়ৰী জনম দিলে যেতিয়া আন এখন ঘৰলৈ যে উলিয়াই দিবই লাগিব।

:আই তই একো নামাতিলি যে! তোৰো পিতাইৰ দৰেই মোক উলিয়াই দিয়াৰ মন নেকি?
চপাই লয় চেনেহৰ জীক আয়েকে।

“ছোৱালী কুৰিতে বুঢ়ী ” বুলি কলেও পিতায়ে সেইবোৰ নামানি তহঁত তিনিওজনীকে হাইস্কুলৰ দেওনা পাৰ কৰালে। তোৰ অহাবছৰলৈ কুৰি পূৰ হ’ব। ইহঁত দুজনীক জানো বিয়া দিব নালাগিব সময়ত। পুত্ৰ নথকাৰ শোক এদিনো লোৱা নাই। তহঁতক ল’ৰা-ছোৱালী পাৰ্থক্যহীনতাকৈ ডাঙৰ কৰিছো। পঢ়ুৱাইছো। এতিয়া অমান্য হ’লে পিতায়ে দুখ নাপাব জানো। সংসাৰৰ ধৰ্ম মানি চলিবই লাগিব। এয়াই নিয়ম।

তাৰ এসপ্তাহ পিছতে হৰকান্ত তাৱৈয়েকৰ লগত বৰপুত্ৰ দিবাকৰ বৰুৱা ভানুপ্ৰিয়াৰ ঘৰ ওলাইছিলহি। দিবাকৰ কিন্তু ভানুপ্ৰিয়াৰ দৰে লাজুক স্বভাৱৰ নাছিল। একালৰ জে.বি.কলেজৰ ছাত্ৰ দিবাকৰ বৰুৱা কলেজৰ তিনিটা বৰ্ষৰ শ্ৰষ্ঠ তাৰ্কিক আছিল। সেইদিনা অৱশ্যে ভানুপ্ৰিয়াৰ লগত পতা কথাৰ সুৰত তৰ্ক সামান্যতমো নাছিল। খুব বিনয়ী হৈ লাজুক ভানুপ্ৰিয়াৰ লাজ ভঙাই নহয় সাত মাহৰ পিছত ফাগুনলৈ বিয়াৰ সিদ্ধান্তও জনাই গ’ল। চৰকাৰী চাকৰিয়াল দিবাকৰ বৰুৱাই দেখনিয়াৰ শৰীৰ আৰু বিনয়ী ব্যৱহাৰে ভানুপ্ৰিয়াৰ ঘৰখন বান্ধি পেলাইছিল।
ফাগুনে বতাহে মিতিৰালি পতাৰ সময়লৈ বাট চাইছিল ভানুপ্ৰিয়াই। মাজতে দুবাৰ আহিছিল ভাবীপত্নীৰ ঘৰলৈ দিবাকৰ বৰুৱা। খাৰু আৰু আঙঠিৰ জোখ লৈ গৈছিলহি। ভানুপ্ৰিয়াৰ খালী খালী লাগিবলৈ ধৰিছিল দিবাকৰ বৰুৱা ঘৰলৈ নাহিলে। উফ্ ছয়মাহ সময়! নাযায় নুপুৱায়। তাই নিজেও আচৰিত হৈছিল। দিবাকৰ বৰুৱা নামৰ মানুহজনৰ প্ৰতি অহেতুক প্ৰীতিৰ আৰম্ভণি তাইৰ অজানিতেই হৈ গৈছিল। ভানুপ্ৰিয়ায়ো স্বীকাৰ কৰিছিল “প্ৰেমত ঘূৰে ভূমণ্ডল”। তাঁতৰ শালত বহি এহতীয়া লতা-ফুলৰ দৰা গামোচা নিজহাতে বৈ উলিয়াইছিল ভানুপ্ৰিয়াই। ভনীয়েকহঁতে জোকাই অনবৰতে তাইৰ দুগাল ৰঙা পেলাই থৈছিল। আহিছিল হেঁপাহৰ দিনটো। জাক জাক উৰুলিৰে ভানুপ্ৰিয়াৰ ঘৰৰ পদূলি উছৱমুখৰ হৈছিল। সেই পদূলিতে নামিছিল ৰ’থৰপৰা ভানুপ্ৰিয়াৰ প্ৰিয়তম। শুকুলা ঘোঁৰাত তুলি ভানুপ্ৰিয়াক লৈ গৈছিল নিজৰ কৰি। একেবাৰে নিজৰ। দিবাকৰ-ভানুপ্ৰিয়া। পলসুৱা পথাৰ।

বৰ বোৱাৰী ভানুপ্ৰিয়া। ওৰণিৰ তলতো জিলিকে জ্যোতি। ওৰণি খহাই দিবাকৰে হেঁপাহ পূৰাই চায় প্ৰিয়তমা পত্নীক। দেৱী হেন পত্নীৰ ৰিহা খহাবলৈ ভয় কৰে দিবাকৰে । ইমান ধুনীয়া ! ভানুপ্ৰিয়াৰ চকুতো তিৰবিৰণি উঠে। চকুৱে দিয়া সঁহাৰিৰে আথে বেথে শুঙে দিবাকৰে ভানুপ্ৰিয়াৰ দুহাত।

দুহাতত দুহাত থৈ যাত্ৰা। শাহু-শশুৰৰ হেঁপাহৰ বৰ বোৱাৰী। কামে-বনে কোনেও চেৰ পেলাব নোৱাৰা ভানুপ্ৰিয়া । দুটা দেওৰ আৰু এজনী ননদৰ আদৰে ভানুপ্ৰিয়াক তুলি ধৰে। ঘৰখনৰ সদস্য হ’বলৈ ভানুপ্ৰিয়াক বেছি সময় নালাগে।

দমকলৰ পাৰত উকালি উকালি বহি পৰিছিল ভানুপ্ৰিয়া। আগুৰি ধৰিছিল ঘৰখনৰ মানুহবোৰে তাইক। আঙুলিৰ মূৰৰ হিচাপ মুখেৰে বাহিৰ হৈছিল। আস্ …ঘৰখনলৈ সৰগীয় জোনাক সৰিছিল। দেৱশিশুৰ কলকলনি অহাৰ উমান পাই শাহুৱেক-শশুৰেকে ভানুপ্ৰিয়াক চেনেহে উপচাইছিল। আৰু দিবাকৰ! প্ৰিয় নাৰীৰ বুকুত পৰি তলপেট চুমিছিল। ভানুপ্ৰিয়াই মাথোঁ চাই ৰৈছিল এই আয়োজন। আলসুৱা হৈ পৰিছিল ভানুপ্ৰিয়া। ভানুপ্ৰিয়া মাতৃ হৈছিল। ঘৰখনৰ প্ৰথম উত্তৰাধিকাৰীৰ মাতৃ। ভানুপ্ৰিয়া এই ঘৰৰ লখিমী। প্ৰমোচন হৈছিল দিবাকৰৰ। তাৰ লগে লগে যোৰহাটলৈ চাকৰিৰ বদলিকৰণৰ নিৰ্দেশো আহিল। কাঁহ পৰি জীণ যোৱা অৱস্থা ঘৰখনৰ। মাত ফুটিছিল থুনুক থানাক দেৱশিশুটিৰ । ককাকে চেনেহেৰে নাম থৈছিল অৰ্জুন। ঘৰখনত যাৰ মুখলৈ যি আহে সেই নামতে দেৱশিশুৱে সঁহাৰি দিছিল। শাহুৱেকে তাৰমাজতে ঘোষণা কৰিছিল এক পলো দিবাকৰ সন্তানৰ এই খোজ দেখাৰপৰা বিৰত নাথাকক। পিতৃৰ আনন্দ এক মুহুৰ্ত্তও যেন দিবাকৰে নেহেৰুৱাওক। ঘৰখনৰ মানুহবোৰক গাঁওখনত এৰি দিবাকৰ-ভানুপ্ৰিয়া অৰ্জুনসহিতে যোৰহাটবাসী হৈছিল। চাৰিবছৰ বয়সতে ভানুপ্ৰিয়াৰ হাতত ধৰি অৰ্জুনে বিদ্যালয়ত নাম লিখি পেলায়।

সুদীৰ্ঘ ৩৪ বছৰ। ৩৪ বছৰে জীৱনৰ সুন্দৰতা উপভোগ কৰিছে এহাল মানুহে। দিবাকৰ-ভানুপ্ৰিয়া। কেঁচাপতীয়া মানুহ এহাল। একমাত্ৰ পুত্ৰও আজি অভিযন্তা হিচাপে কৰ্মৰত। কেৱল পুত্ৰৰ বাবেই নহয় গাওঁখনৰ দুখীয়া নিচলাৰো দিবাকৰ অভিভাৱক। হৰকান্তই কৈ আনন্দ লভিছিল “তিনিপুত্ৰ জনম দিলো । ডাঙৰটো ৰাইজলৈ মাজৰটো দেশলৈ সৰুটো নিজলৈ। ” আস্ সেই আনন্দ মৰণমুখী হৰকান্তৰ চকুতো দেখিছিল ভানুপ্ৰিয়াই। শাহুৱেকক বহুদিন লগত থকাকৈ লৈ আহিছিল ভানুৱে শশুৰেক ঢুকুৱাৰ পিছত। মাটি তিনিকঠা দিবাকৰৰ অফিচৰ চকীদাৰজনে জোৰকৈ দিয়াৰ দৰে দিছিল সামান্য দামতে। ঘৰটো আৰম্ভ কৰিছিল মাত্ৰ। অৰ্জুন বাৰবছৰীয়া। শাহুৱেকো গুছি গৈছিল শশুৰেকৰ বাটেৰে। সম্পৰ্ক মধুৰ হৈয়ে থাকিল তিনি ভাই আৰু ভনীৰ মাজত। মাত্ৰ দিবাকৰহঁত চহৰমুখী হ’ল।

তাৰপিছতো বিশবছৰ। অফিচৰপৰা সেইদিনা গাড়ীয়ে থবলৈ আহিছিল দিবাকৰ বৰুৱাক। ভানুপ্ৰিয়া বাৰাণ্ডাতে থিয় দি আছিল। স্বামীক দেখি আগুৱাই আহিছিল । অফিচৰ আন দুজন কৰ্মচাৰীয়ে ভানুপ্ৰিয়াৰ হাততে তুলি দিছিল দিবাকৰ বৰুৱালৈ অফিচৰপৰা দিয়া বিদায়ী সম্বৰ্দ্ধনা পত্ৰখনৰ লগতে আন দুটা উপহাৰ সামগ্ৰী। ভানুপ্ৰিয়াই যতনেৰে আলহী কোঠাত বস্তুকেইপদ থৈ আহিও দেখিছিলহি অইন দিনাতকে গহীন দিবাকৰ বৰুৱাক।

: আপুনি বহিয়ে থাকিল দেখোন।

:এতিয়া বহি থকাৰে কাম বুজিছা। অফিচে আজিৰপৰা মোক নাযাবলৈ বিদায় দিলে।

মানুহজনৰ কথাবোৰত কৰুণ সুৰ এটা ফুটি উঠা ঠিকেই ধৰিছে ভানুৱে। কাষ চাপে স্বামীৰ।

:আজিৰপৰা আপোনাৰ অইন এটা জীৱন আৰম্ভ। নতুনকৈ কিছু পৰিকল্পনা, কাম কৰিব লাগিব।

:বয়স কিমান হ’ল জানা! ষাঠি বছৰ। তাৰমানে বুঢ়া হ’লো। সেয়ে চৰকাৰে মোক অব্যাহতি দিলে। এতিয়া আৰু নতুন পৰিকল্পনা কি থাকিব পাৰে!

চচমাযোৰ খুলি চকুৰ একোণত জিলিকি ৰোৱা পানীৰ কণিকা মোহাৰি লয় দিৱাকৰ বৰুৱাই।

:ভানু…

:হুঁ….

:জীৱনটো যে কি ন? সকলো মানি ল’ব পাৰি অথচ এই বাদ্ধৰ্ক্য যে আমি মানি ল’ব নুখুজো। দেহ পমি যোৱাৰ দৰে মনৰ উদ্যমো লাহে লাহে পমি গৈ আমি পৃথিৱীৰপৰা যাবলৈ নিজক সাজু কৰি তুলিম।

ভানুপ্ৰিয়াই মোহাৰি দিয়ে প্ৰিয়জনৰ দুহাত। একেই উষ্ণতা। একেই স্পৰ্শ। ওঁহো। একেই মসৃণ দেখিছে ভানুপ্ৰিয়াই দিবাকৰ বৰুৱাৰ শোঁতোৰা পৰা ছাল। একেই উজ্জ্বল দেখিছে চকু। তাত ধূসৰতা সামান্যকণো নাই। কাৰণ ভানুপ্ৰিয়া এই প্ৰিয়জনৰ প্ৰেমেৰে জীপাল। ভানুপ্ৰিয়ায়ো পাৰ কৰিলে দুকুৰি দহটা বছৰ । ৩৪ টা বছৰে দিবাকৰ বৰুৱা নামৰ মানুহজনৰ লগত সংসাৰ কৰিলে। পত্নীধৰ্ম পালিলে। কোনোদিনে মানুহজনৰ প্ৰতি অনীহা বা অনিচ্ছাৰ ভাৱ প্ৰকাশি নাপালে। চিৰসেউজ দম্পত্তি দিবাকৰ-ভানুপ্ৰিয়া।

সলনি হৈছিল ঘৰখনৰ নৈমিত্তিক কাম-কাজৰ কিয়দংশ । চাহ-ভাত খোৱাৰ সময় পিছ হুঁহুকিছিল। ঘৰতে থাকিম যেতিয়া ভাৱত বৰুৱাক এলাহে সংগ দিলে। দহমিনিট সময় অৱাবত নষ্ট নকৰা মানুহজনে খবৰ কাগজখন লুটিয়াই বগৰাই এবেলা পঢ়ি ভালপোৱা হ’ল। অৰ্জুন অফিচলৈ যোৱাৰ পিছত স্মৃতিকাতৰতাত পৰি থাকে দিবাকৰ বৰুৱা। নিজৰ তেজোদ্বীপ্ত শৰীৰ, যৌৱন খেপিয়াই দিবাকৰ বৰুৱাই হাঁহাকাৰ কৰি থাকে। অস্থিৰতাত ভূগে। বাদ্ধৰ্ক্যই আগুৰি অসাৰ কৰাৰ ভয়ত বিতত হয় বৰুৱা। তাৰমাজতে চেষ্টা কৰে প্ৰিয়তমা পত্নীয়ে মানুহজনক উদ্যমী কৰি তুলিবলৈ। সন্তানৰ শৈশৱৰ এলবাম খুচৰি ফুৰে। মানুহজনৰ সমুখত মেলি ধৰে জীয়া ছবিবোৰ। চচমাযোৰ পিন্ধি লয় বৰুৱাই।

:যোৱাচোন ভানু । মোৰ ড্ৰয়াৰত কেইবাখনো ডায়েৰী আছে। তাতে বাবাৰ কথাবোৰ লিখি থোৱা আছে। সি কোনদিনা খোজ কাঢ়িছিল, কথা কৈছিল সকলোবোৰ।

:এইবোৰ দেখুন মোৰ মনতে আছে। বাবা প্ৰথম খোজ লোৱাৰ দিনা পৰি আঁঠুৰ ছাল চিঙোতে আপুনি অফিচলৈকে যোৱা নাছিল। সি প্ৰথম তা কোৱাৰ দিনা আপুনি বজাৰৰপৰা ৰসগোল্লা আনিছিল। তাৰ ওপৰ পাৰিত অকণি দাঁত ধৰা পৰাৰ দিনা আপুনি কপাহেৰে কুহুমীয়া পানী লৈ মোহাৰি দিছিল….

:ভানু ..

:হুম…

:ইমানবোৰ কথা মনত ৰাখিছা তুমি। অৱশ্যেই তুমি মোতকৈ বয়সৰ লেখেৰে দহবছৰ সৰু।

:সৰু-ডাঙৰ কি আছে। আমাৰ বুকুত কথাবোৰ শুই থাকে। অলিখিত কথাবোৰ বুকুৱে সামৰি থয়।
চাই থাকে দিবাকৰে প্ৰিয়তমা পত্নীলৈ।

:ভানু আশীবছৰ পূৰ হ’ব মোৰ এইটো বছৰ পাৰ হ’লে। মোৰ আয়ুস আৰু কেইবছৰ? মোৰ অবিহনে তুমি অকলশৰীয়া হ’বা নহয়নে?

:কিনো অমংগলীয়া কথাবোৰ কৈ আছে। আমি এনেকৈয়ে থাকিম। বাবায়ে আমাৰ বুকু জুৰাই থাকিব।

শেঁতা হাঁহি বাগৰে বৰুৱাৰ মুখেৰে। অৱশ্যেই বয়সৰ জোখেৰে বহুখিনি ডেকা বৰুৱা। হ’লেও জীৱনৰ চৰম সত্যটো যে মানি ল’বই লাগিব সেয়া তেওঁ জানে। অৰ্জুনৰ বিয়াখনৰ কথা-বতৰা চলি আছে। বিয়াখন হৈ উঠিলেই বহুখিনি কথাত তেওঁ নিশ্চিত। ঘৰখন হাঁহি ধেমালিৰে মুখৰিত কৰি ৰাখে অৰ্জুনেও। পুৱা-গধূলি সংগীতৰ ধ্বনিৰে আনন্দময় পৰিৱেশ এটা বৰ্তি থাকে ঘৰখন। পুত্ৰ হিচাপে বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতিনিয়ত খবৰ ৰাখে অৰ্জুনে। সুখী হয় পিতৃ-মাতৃ।

অফিচলৈ যোৱাৰ আগমুহুৰ্ত্তত টেপ ৰেকৰ্ডাৰটো বন্ধ কৰি দিছিল অৰ্জুনে।

:কেলেইনো বন্ধ কৰি যাৱ। লগাই থৈ যা। মই শুনি থাকিম।

হাঁহি বিয়পে অৰ্জুনৰ মুখেৰে। দেউতাকৰ মনটো এতিয়াও চফল ডেকা। সি আনন্দ লভে। পিতৃ-মাতৃ শুশ্ৰষাৰ আদৰ্শ তাৰ নিজ পিতৃ-মাতৃ। এইহাল মানুহক সি কোনোকালে দুখ দিব নোৱাৰে।

:আপুনি গানে-কাগজে নিমগ্ন হৈ আছিল। তাৰ মাজত মোৰ কথা ক’তনো কাণত পৰিব।

হাঁহিটো মুখৰ টিপাতে ৰাখি কৃত্ৰিম খঙেৰে ভানুপ্ৰিয়াই গিৰীয়েকক কয়।

:এনেকৈ মোক নোকোৱাকৈ পদূলিলৈও নাযাবা তুমি।

চাই থাকে ভানুপ্ৰিয়াই গিৰীয়েকলৈ আকুলতাৰে। দিবাকৰৰ চকুতো একেই আকুলতা। সেই তৰুণ বয়সৰ আকুলতা এতিয়াও চমকিছে। অথচ এইজন মানুহে অৱসৰ পোৱাৰ পিছত বৃদ্ধ হোৱাৰ আগজাননি বুলি মনোকষ্ট লৈছিল। জীৱন হেৰুৱাব লগীয়াত পৰিব বুলি শংকিত হৈছিল। নিজৰ শোঁতোৰা ছালক অস্বীকাৰ কৰিছিল।

কাষ চাপে ভানুপ্ৰিয়া।

তেতিয়াও বাজি আছে “মই ভাগৰা নাই..জীৱন হেৰুওৱা নাই। …. জোনাক গলা জাৰৰ নিশা…. ”
চৌখিন বৰুৱাক পত্নীয়ে চুলিত কলা ৰং সানি দিয়ে। তথাপি সঘনাই ৰূপালী হয় আগচুলিকেইডাল। ৰূপালী চুলিকেইডাল ফণীখনেৰে বিশেষ কায়ডাত লুকুৱাই ল’লে দিবাকৰ বৰুৱাই। বিশ বছৰ আগতেই জীৱনৰ অন্তিম বেলা বুলি বিষাদৰ শেতেলীত পৰিছিল তেওঁ। অথচ আজিও বৰ্তমান একেই উষ্ণতা। আচলতে এয়া ভানুপ্ৰিয়াৰ সাহচৰ্য্য। মৰমী পত্নীৰ স্পৰ্শত দিবাকৰ বৰুৱা চিৰতৰুণ।

বাজি থকা গানটো গুণগুণাই গুণগুণাই দিবাকৰ বৰুৱা চোতালৰ সেউজীয়ালৈ নামি গ’ল। এই সেউজীয়া আন এখন উপত্যকা তেওঁৰ বুকুত পত্নীয়ে ৰোপণ কৰি থৈছে। কিবা এক মানসিক প্ৰশান্তিয়ে বৰুৱাক চুই থাকে আজিকালি। তাত জীৱন হেৰুৱাৰ ভয়তকৈ জীৱন উদযাপন কৰাৰ আনন্দ বেছি। জীৱনৰ ভাটিবেলা! আৰু এই অনুভৱ? চমকিত হয় বৰুৱা।

কিন্তু গভীৰ প্ৰশান্তিত দিবাকৰ বৰুৱা সুৰময় হয়। প্ৰিয়তমা পত্নীৰ পলসুৱা বুকুত বৰুৱা লেতুহেতু হয়। দিবাকৰ-ভানুপ্ৰিয়া অলিখিত ডায়েৰীৰ খিলা খিলা পৃষ্ঠা। অলিখিত ডায়েৰীৰ বুকুত ঘৰ। সেই ঘৰ প্ৰেমৰ ঘৰ।

☆★☆★☆

2 Comments

  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল ৷ মিঠা প্ৰেমৰ গল্প ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *