ফটাঢোল

ক্ষমাহে প্ৰভু – পূৰৱী কাকতী

একান্ত মনে তৰ্জনী আঙুলিটো মাজে মাজে ওঁঠত তিয়াই কিতাপৰ পাতবোৰ চেৰেক্ চেৰেক্ কৈ লুটিয়াই পঢ়ি গৈছোঁ। আই ঐ দেহি, উমম্ আৰু হমম্ নামৰ বিলাত ফেৰৎ কইনা দুজনীয়ে একেবাৰে ভৰি-হাত মেলি আমাৰ আখৰবিলাকত গপচত কেনেকৈ বহি ল’লেহি…. ! স্বভাৱত উমম্ অলপ লাজকুৰীয়া। তাইক যদি সোধে –

: তোমাৰ তেওঁলৈ মনত পৰিছে নহয়?

তাই ক’ব –

: উমম্।

: তুমি মোক বহুত ভাল পোৱা হয়নে?

: উমম্ …..।

হমম্ বোলা গৰাকী আকৌ অলপ চিন্তাশীল, খঙালো। সোধে যদি –

: পৰীক্ষাৰ পিছত কি কৰিবি তই?

উত্তৰ দিব –

: হমম্ , ক’বকে পৰা নাই দেই৷

আকৌ খং উঠিব লাগিলে ক’ব –

: হমম্, ৰহ .. দি আছোঁ ঠিক মতে তোক।

যেন আমাৰ পোহনীয়া ডগিটোৱে খঙতহে গুৰগুৰাইছে- হুমমমম……। কি যে আৰু দেই। এই উমম্ আৰু হমম্-ৰ কথা-বাৰ্তাবিলাক পঢ়ি অকলে অকলে হাঁহি আছিলোঁ মই। ইহঁত দুজনীৰ প্ৰতাপত আমাৰ অসমীয়া ‘ অ’ বা ওঁ’ আৰু ‘উহ্’ বা ‘আস্’ শব্দবিলাক কলৈ যে পলাই ফাট মাৰিলে!

অকলে অকলে হাঁহি থাকোঁতে আমাৰ মহাজনে দেখি কলেহি বোলে হাঁহিয়েই থাকিবা নে, অথনি যে বৰ তাও মাৰিছিলা পাছলিৰ বজাৰখন কৰি আনিবা? হয়তো, “আজিৰ পৰা সৱ বজাৰ মইয়ে কৰিম” – বুলি তেওঁৰ আগত যে তাও মাৰিছিলোঁ, কিতাপখন পঢ়ি থাকোঁতে পাহৰিয়েই গৈছিলোঁ। এইবাৰ ময়ো ‘উমম্’-ৰ প্ৰভাৱত পৰি কৈ উঠিলোঁ – ‘উমম্’।

: কি? মহাজনে যেনেকৈহে চিঞৰিলে মোৰ হাতৰ পৰা কিতাপখন থালৌককৈ সৰি পৰিল। মোলৈ পোন্দোৱাকৈ চাই গৰ্ গৰাই গুছি গ’ল৷ বোলে এই কিতাপসোপা পঢ়ি পঢ়ি গ’ল অলপ। ময়ো হঠাতে হোৱা ‘গোমা বতৰ’টো চাই থাকিবলৈ সময় নাই বুলি সাউতকৈ বজাৰ কৰা মোনাখন লৈ বাট বুলি দিলোঁ আমাৰ আগৰ তিনিআলিটোত নতুনকৈ গঢ়ি উঠা ‘মল’টোলৈ। মল মানে ৰাস্তাৰ কাষৰ খালটোত খুটা পুতি বাঁহেৰে বনোৱা অসংখ্য দোকান। সকলো পায় তাত – পাছলি, মাছ, মাংস, আলু, পিয়াঁজ। গতিকে মানুহে তাক ‘মল’ নাম দিছে।

মই যেতিয়া অকলশৰে কৰবালৈ যাওঁ গান এটা গুণগুণাইহে যাওঁ। এই গানটো আক’ মোৰ মুডৰ ওপৰত নিজে নিজে ওলাই আহে। মোৰো যে গানৰ ইমান ষ্টক আছে তেতিয়াহে গম পাওঁ দেও। এই গেলা গৰমত খোজকাঢ়ি বজাৰ…… খং এটাই ওকোট-মোকোট কৰি আহিল। কাৰ ওপৰত হ’ব আৰু…? মহাজনে এতিয়া ছাগৈ ফেনৰ তলত ভৰি-হাত মেলি বহি ফেনখনে কেইপাক ঘূৰিছে গণি আছে। মনটো বেয়া লাগিল অলপ৷ গান এটা গুণগুণাবলৈ মুখলৈ ওলাই আহিল–লুইতৰ এ পানী যাবি অ’ বই…লুইতৰে পানী…..। খঙটো আচলতে পানীৰ লগতে উটুৱাই দিব বিচাৰিছোঁ মই। খোজটো একেবাৰে শ্ল’-ম’শ্বনতে দি গৈছোঁ, আচলতে গানটোৰ প্ৰভাৱ আক’। এনেতে দূৰৈৰ পৰা মাইকত ডাঙৰ ভলিউমত গান বজাই অহা শুনিলোঁ। সেইখন ব’লবমৰ গাড়ী আহি আছে দেখোন৷ কি কথা ক’ব নোৱাৰোঁ মোৰ সেই গান শুনি ইমান খোজৰ স্পিড বাঢ়ি গ’ল যে অতপৰে চাৰিঘৰৰ পদূলি পাৰ হোৱা মই মলৰ ওচৰ পাই গ’লোঁ। কম চে কম দহোটা পদূলি অতিক্ৰম কৰিলোঁ। কথা এটা অমুকীয়ে এতিয়াহে উপলব্ধি কৰিলোঁ প্ৰভূৱেও বোধকৰোঁ স্পিড ভাৰ্চনটো বেছি সোনকালে শুনি পায় নেকি…। বজাৰখন কৰি লগত ‘চাকি জ্বলোৱা’ মিঠাতেলৰ বটল এটাও ল’লোঁ।

ঘৰলৈ আহি বস্তুবিলাক থান-থিত লগাই ভৰি-হাত ধুই গোঁসাই ঘৰত সোমালোঁ। ভাবিলোঁ আজি ময়ো “ব্ৰহ্মা আদি কৰি জীৱ য’ত” স্পিড ভাৰ্চনত গাই চাওঁচোন। গাই থাকোঁতে বাহিৰৰ পৰা মহাজনৰ চিঞৰ-“কি হৈছে হে, চৰ্ চৰণি খালা নেকি? পানী লাগিব নেকি?” মই আৰু খৰটকীয়াকৈ গাই ওলাই আহি আস্তে কৈ দুৱাৰখন জপাই ক’লোঁ,

: প্ৰাৰ্থনাটো আজি বেছি সুৰীয়াকে গাইছিলোঁ, চৰ্ চৰণি খোৱাহে পালে? মনতে- প্ৰভূ, আজি তুমি নিশ্চয় শুনিছা মোৰ আহ্বান।

ৰাতি আহাৰ খাই প্ৰভূক স্মৰণ কৰি শুই পৰিলোঁ। কি কথা নাজানো ৰাতি সপোনত প্ৰভূৱে দেখা দিলে । উজ্জ্বল জ্যোতিৰে মাতষাৰ শুনিলোঁ মাত্ৰ। ভয়ে ভয়ে ক’লোঁ,

: প্ৰভূ, এই কেইদিন তোমাক বহুত গালি পাৰিছিলোঁ। দোষ মৰিষণ প্ৰভূ। বিশ্বাস কৰা প্ৰভূ, অন্তৰেৰে পৰা নাছিলোঁ।

: হ’ব দে, এইটো একো দোষ নহয়। কিন্তু, তহঁত মনুষ্যমখাই মোকো যে ঠগন দিয় তাকহে আচৰিত পাওঁ বুজিছ।

: কি ঠগন প্ৰভূ?

: মোৰ নামত লগোৱা চাকি গছিতো তহঁতে ডুপ্লিকেট তেল ঢাল। বাকী অদৰ্কাৰী খৰচ কৰিবলৈ তহঁতৰ গা নেবেজবেজাই, তেলকণত তহঁতৰ চকু, নিধকহঁত।

কথাষাৰ শুনিয়েই মোৰ মূৰত উফি আৰু ওকণী নাই যদিও কিয় খজুৱাবলৈ ধৰিলে জানো… খজুৱাই খজুৱাই ইফালে-সিফালে পিলিঙা-পিলিঙকে চাবলৈ ধৰিলোঁ। বেয়া ধৰা পৰিলোঁ দেই- এনেই প্ৰভূক সৰৱজান বুলি নকয় কিন্তু।

ময়ো আজি ডুপ্লিকেট তেলটো আনি থৈছিলোঁ চাকি জ্বলাবলৈ। সৈ কাঢ়ি দিয়াই ভাল। মই কৈ উঠিলোঁ –

: প্ৰভূ, ময়ো আনিছিলোঁ, কিন্তু ব্যৱহাৰ কৰা নাই। ক্ষমা প্ৰভূ। হয়, যোৱা বাৰ দেৱালীত আনি থোৱা এবটল এনেকুৱা তেল শুকাই পাউডাৰ হৈ আছিল।

: আৰু তাকে মোক অৰ্পন কৰ’। তহঁতবোৰে ভগবানকো ঠগিব পাৰ’। আৰু শুন, সেই ধূপবিলাকো যে জ্বলাৱ, কিমান ক’লা ক’লা ধোঁৱা ওলাই, বায়ু প্ৰদূষণ কৰে সেয়া এবাৰ চিন্তা কৰিবিচোন বৎস।

মই খন্তেক চিন্তাত পৰি গলোঁ। প্ৰভূ, আৰু কোৱাচোন কিবা দোষ…. নাই… , তেওঁৰ মাত নুশুনা হ’লোঁ। গ’লাগৈ নেকি প্ৰভূ- মই চিঞৰি ঠাইতে সাষ্টাংগ প্ৰণাম কৰি দিলোঁ। প্ৰচণ্ড জোৰত নাকটো মোৰ বিচনাৰ বাওটোত লাগি সাৰ পাই উঠিলোঁ। নাকটো ঝনঝনাই গ’ল।

সপোনটোৱে বৰ চিন্তাত পেলাই দিলে মোক। ৰাতিপুৱা প্ৰয়োজনীয় কাম-বনখিনি কৰি গা-পা ধুই গোঁসাই ঘৰত সোমাই নতুন তেলৰ বটলটোলৈ চালোঁ আৰু “বিদায় মোৰ মৰমৰ” টাইপৰ দৃষ্টি এটি দি জাবৰ পেলোৱাটোত দলিয়াই দি ‘ইঞ্জিন’ মিঠাতেল অলপ আনি চাকিগছিত ঢালি দিলোঁ। প্ৰভূক চিন্তিও মিঠাতেলৰ দামটোৱে কাটং কাটং মূৰত মাৰিবলৈ ধৰিলে। মূৰটো অলপ আচন্দ্ৰাই কৰা যেন লাগিছে অ’….নোৱাৰিছোঁ দেই প্ৰভূ, ব..ৰ.. দাম। ধূপডাল টুকুৰা কৰি জ্বলাই দিলোঁ। একেদিনাই নোৱাৰিম নহয় প্ৰভূ, নহয় জানো? লাহে লাহে , লা…হে..কৈ পাৰিম আৰু।

ক্ষমাহে প্ৰভূ..।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *