ফটাঢোল

প্ৰথম চাকৰি সন্ধানৰ বিড়ম্বনা – পৰশমণি কাশ্যপ

শেষ পৰীক্ষাটো দি উঠিয়ে ভাবিছিলোঁ‌ যে ক’ৰবাত কিবা কাম এটাত সোমাম। দৰমহা যিয়েই নহওক, কাম যিয়েই নহওক। ৰিজাল্ট দিয়াৰ পিছতো নতুনকৈ সিদ্ধান্ত ল’ব পৰা যাব। কেনেকৈ দেউতাই পঢ়ুৱাইছিল সেয়া অজানা নহয়। গতিকে পৰীক্ষা শেষ হোৱাৰ পিছদিনাৰ পৰা কৰ্মস্থানৰ সন্ধান বিচৰা আৰম্ভ হ’ল। বিভিন্ন কাৰণত এটাও কাম ক’তো বিচাৰি ল’ব নোৱাৰি অলপ চিন্তিতো হ’লো। আজিকালি ক’তো চিনাকি নাথাকিলে সুবিধাৰ কাম পোৱা নাযায়। তেনেতে মনত পৰিল¸ পেপাৰৰ বেকচাইডত কৰ্ম সংস্থাপনৰ বিভিন্ন বিজ্ঞাপন প্ৰকাশ কৰে। সেই সময়ত আমি উজান বজাৰত ভাড়া আছিলোঁ‌ আৰু ভাড়াঘৰৰ মালিকে অসমীয়া প্ৰতিদিনখন নিয়মিয়াকৈ লৈছিল। নিতৌ হকাৰে আহি গেটৰ ভিতৰলৈ দলিয়াই থৈ যায়। আঠমান বজাত মালিকৰ ঘৰৰ কোনোবাই বুটলি নিয়ে। হকাৰে থৈ যোৱা সময়ৰ পৰা মালিকৰ ঘৰৰ মানুহে নিয়ালৈকে সেইখিনি সময় পেপাৰখন পকাত পৰি থাকে। ভবামতেই কাম। পিছদিনা পুৱাই উঠি দাঁ‌ত ব্ৰাছ নকৰাকৈয়ে পেপাৰখন বুটলি ল’লোগৈ। ভালকৈ সমুখৰ পৃষ্ঠাত চকু দিবলৈকে নহ’ল। লৰালৰিকৈ দ্বিতীয় পৃষ্ঠাখন মেলি ল’লো। গোটেই পৃষ্ঠাখন কেইবাবাৰো ভালকৈ চোৱাৰ পিছত এঠাইত দৃষ্টি ৰৈ গ’ল। বিপিঅ’ জব¸ আকৰ্ষণীয় দৰমহা। মনটো ভাল লাগি গ’ল। মনলৈ আহিল¸ পূৰ্ব কোনো অভিজ্ঞতা নথকাকৈ কৰিব পৰা এইটোৱেই একমাত্ৰ উপযুক্ত কাম। সেই সময়ত আকৌ মোৰ এনড্ৰয়ড ফোন নাছিল। মোৰহে নালাগে গুৱাহাটীলৈকে তেতিয়া এন্ড্ৰয়ড ফোন আহিছিল নে নাই সন্দেহ আছে। যাহওক এড্ৰেছটো মনত ৰাখি লৰালৰিকৈ ফোন নম্বৰটো নকিয়া ১০৫ মোবাইলটোত নম্বৰটো চেভ কৰি ৰুমলৈ আহিলোঁ‌। গা পা ধুই ভাতমুঠি খাই সেই নম্বৰটোত ফোন কৰাৰ পিছত নিৰ্দিষ্ট ঠিকনাটোলৈ মাতিলে। পাছপোৰ্ট ফটো আৰু বায়’ডাটা সাজু কৰি ৰখাই আছিল। দেউতাৰ পৰা টকা ৫০০ খুজি ভগবানৰ নামলৈ ৰুমৰ পৰা ওলালোঁ‌। দেউতায়ো হাঁহিমুখে টকাখিনি দিলে। বন্ধুৰ মুখত শুনিছিলোঁ‌ যে এনেকুৱা কনচালটেঞ্চী ফাৰ্ম বিলাকে ফিজ লৈ কাম বিচাৰি দিয়ে। হওঁ‌কতেও¸ গেলা গৰমত সদায় সদায় অফিচে অফিচে দৌৰি ফুৰাতকৈ যদি এনেদৰেই পাওঁ‌ কিনো বেয়া। তাতে কথা কোৱাৰ অভ্যাস থকা বাবে বৰকৈ বকবক কৰিবলৈও মোৰ অসুবিধা নহয়। মোৰ মনত আশা জাগিল। জু’ তিনি আলিত চিটিবাছৰ পৰা নামি এমাইলমান খোজকাঢ়ি গৈ ভাস্কৰ নগৰ পাওঁ‌ মানে চাৰে এঘাৰ বাজো বাজো হ’ল। এইবাৰহে কেনা লাগিল। ইফালে সিফালে কেইবাবাৰো ঘূৰি চালোঁ‌। ক’তা অফিচটোৰ দেখোন নামগোন্ধেই নাই। পথছাৰী দুজনমান আৰু দোকানী¸ ৰিক্সাৱালাক শুধিলোও¸ নাই কোনেও নামেই শুনা নাই। ভুল কৰি বেলেগ জেগাত অহা বুলি নিজৰ ওপৰতে সন্দেহ হৈ লোকেল যেন লগা পথছাৰী এজনক পুনৰ সুধিলোঁ‌¸ বোলো দাদা¸ এইয়া ভাস্কৰ নগৰ হয়নে? তেওঁ‌ একে আশাৰেই হয় বুলি মূৰ দুপিয়ালে। আকৌ ৰি-কনফাৰ্ম কৰিবৰ কাৰণে সুধিলোঁ‌¸ বোলো এইটো অমুক নম্বৰ বাইলেন হয়নে? এইবাৰ তেওঁ‌ ভৰিৰ পৰা মূৰলৈ এবাৰ ভালকৈ চাই মূৰ দুপিয়ালে। কি ভাবিলে নুবুজিলোঁ‌। লাহেকৈ ধন্যবাদ এটা দি আঁতৰি আহিলোঁ‌। ইতিমধ্যে গৰমত খোজকাঢ়ি ঘামত মোৰ কাপোৰ ভিজি গৈছিল। ঠিকনাটো কোনোপধ্যেই উলিয়াব নোৱাৰি ১০ পাৰচেন্টমান চাকৰি বিচৰা জৌচ কমি গৈছিল। উপায়বিহীন হৈ আকৌ ফোন লগালোঁ‌। ক’লো¸ ছাৰ আপোনালোকৰ অফিচটো বিচাৰি পোৱা নাই। মই অমুক জাগাত আছোঁ‌। সিফালৰ পৰা সুধিলে কোনখিনি জাগাত আছে? বাওঁ‌হাতে থকা দোকানখনৰ ফালে এবাৰ চাই জেগাখিনি ক’লোঁ‌। আকৌ সুধিলে কেনেকুৱা ৰঙৰ কাপোৰ পিন্ধি আহিছে? সেয়াও ক’লোঁ‌। মোক তাতেই ৰৈ থাকিব দি সিফালৰ পৰা ফোনটো কাটিলে। মনটো কিবা ভাল লাগি গ’ল। চাকৰি প্ৰত্যাশীক আগবঢ়াই নিবলৈ অফিচৰ মানুহ আহিব! কেনে সহৃদয়ৱান অফিচ¸ মানৱ দৰদী। সচাকৈয়ে বৰ বিৰল। কোন দিশৰ পৰা আহে বুলি দুয়োফালে তীক্ষ্ণ দৃষ্টি ৰাখি ৰৈ থাকিলোঁ‌। পাঁ‌চ মিনিটমানৰ পিছত কেইটামান ঘৰ পাৰহৈ বাওঁ‌ফালে মানুহ এজন আহি ৰাষ্টাত উঠিল। এবাৰমান বেঙা মেলি মানুহটোৱে মোলৈ চাই হাত জোকাৰি চিঞৰিলে¸ ‘হেলোউ’

গম পালোঁ‌¸ এখেতেই অফিচৰ মানুহ। লৰালৰিকৈ কাষলৈ গৈ সম্ভাষণসূচক হাঁহি এটা মাৰি ক’লোঁ‌ “গুড মৰ্ণিং ছাৰ।”

বহুত শুনিছিলোঁ‌¸ চাকৰি বিচাৰি গ’লে বোলে সম্ভাষণসূচক হাঁহি মাৰি উইচ কৰিব লাগে। ভাল ইম্প্ৰেছন পৰে বোলে। যদিও গুডমৰ্ণিং ক’লোঁ‌ তেতিয়ালৈ অৱশ্যে ১২ বাজি ৩ মিনিটমান গৈ গুড আফটাৰনুন ক’ব লগা হৈছিলগৈ। কিন্তু ইমানকৈ কোনে চকু ৰাখে। উইচটোহে মেইন! মই উইচকৰা বাবেই নেকি¸ নে ছাৰ শব্দটোৰে মতা শুনি মানুহটোৱে প্ৰফুল্লিত হৈ চিখৰ¸ চাধাৰ অৱদানত জিলিকি থকা দাঁ‌তকেইটা দেখুৱাই হাঁহি মাৰি গেটত ওলমি থকা সৰু বোৰ্ড এখনলৈ আঙুলিয়াই দেখুৱালে। আচৰিত হ’লোঁ‌¸ দুই তিনিবাৰ পাৰ হৈ যোৱাৰ পিছতো কিয় চকুত নপৰিল মোৰ! পিচিআইৰ পৰা দিয়া হাউচ নম্বৰ লিখা থকা বোৰ্ডখনৰ তলৰ ফালে বগা কাগজ এটুকুৰাত আঠা মাৰি লিখি থোৱা আছে ‘গুডলাক জব চাইট’। এৰা নামটোৱে গুডলাক¸ নিশ্চয় মোৰো গুড লাকেই হ’ব!

মোক আগবঢ়াই লৈ যোৱা মানুহজন বোধকৰো পিয়ন। মোক কৰাৰ নিচিনাকৈ ব্যৱহাৰ চাগে সকলোকে নকৰে। অফিচটোত সুমুৱাৰ আগতে ক’লে¸ চিন্তা নাই আৰু। হৈ যাব তোমাৰ। গেলা গৰমত ঘামিজামি কমি যোৱা জৌচখিনি আৰু ঘুৰি আহিল। হওঁ‌কতেও¸ অফিচবোৰত পিয়নজাতীয় কৰ্মচাৰীৰ অসীম প্ৰভাৱৰ কথা জানো। মনতে পাঙিলোঁ‌¸ প্ৰথম দৰমহা পোৱাৰ পিছত এখেতক চাহ একাপ খুৱাব লাগিব!

প্ৰকাণ্ড বিল্ডিং এটাৰ কাষেৰে ঠেক গলিটোৰে গৈ অফিচটোৰ সমুখ পাই আকৌ মোৰ জৌচ ২০ পাৰচেন্টমান কমি গ’ল। ভাবিছিলোঁ‌ ধুনীয়া ঘৰ এটাত অফিচ হ’ব¸ বাস্তৱত দেখোন প্লাষ্টাৰ নকৰা চালি এখনতহে অফিচ। অৱশ্যে বেৰত ৰঙা ৰং দিয়াৰ বাবে অলপ ভাল দেখা হৈ আছে। সস্তিয়া পৰ্দাখন ঠেলি ভিতৰলৈ সোমাই গ’লোঁ‌। জোতাযোৰ খুলিব খোজোতে পিয়নজনে বাধা দিলে। ভিতৰত চাৰিখন মান প্লাষ্টিকৰ চকী আৰু এখন পুৰণি কাঠৰ টেবুলৰ সিপাৰে এজন মানুহ বহি আছিল। টেবুলৰ ওপৰত কেইখননান কাগজ। ভিতৰ সোমাই আকৌ মোৰ আচৰিত হোৱাৰ পাল। ১০×৮ সৰু ৰুমটোৰ ভিতৰত প্ৰায় দহজনমান মানুহ। টেবুলৰ সিপাৰে বহি থকা মানুহজনকে ধৰি আৰু দুজনী ছোৱালীৰ মূৰ তুলিব নোৱাৰা ব্যস্ততা। তেনে ব্যস্ততাৰ মাজতো মানুহজনে মূৰ তুলি মোলৈ চাই ক’লে বহক। মনটো আকৌ ভাল লাগি গ’ল। ইমান ব্যস্ততাৰ মাজতো এখেতে মাতষাৰ দিছে যে!

কিন্তু খালি ঠাই থাকিলেহে বহিম। বাকী চকীবোৰত মোৰ দৰে চাকৰি প্ৰত্যাশীবিলাকে অধিগ্ৰহণ কৰি আছে। অৱস্থাটো বুজিয়েই বোধহয় মোৰেই বয়সৰ ছোৱালী এজনীয়ে উঠি গৈ ক’ৰবাৰ পৰা প্লাষ্টিকৰ টুল এখন আনি দিলে। মই বহি চাই থাকিলোঁ‌¸ চাকৰি প্ৰত্যাশীৰ সৈতে মানুহজনে কথা পাতিছে। সকলোৰে পৰা ফৰ্ম এখন ফিলআপ কৰোৱাই ফিজটো লৈ লৈছে। অলপ পিছত মোক মাতিলে অফিচৰ মুৰব্বীজনে। মোৰ বায়’ডাটাখন চাই ৰেজিষ্ট্ৰেচনৰ টকা পাঁ‌চশ লৈ সুধিলে গুৱাহাটীৰ ক’ত চাকৰি কৰিব বিচাৰোঁ‌। মই ক’লোঁ‌ যিহেতুকে উজান বজাৰত ভাড়া থাকোঁ‌¸ গতিকে তাৰ ওচৰে পাজৰে হ’লে ভাল হয়। কাগজৰ টুকুৰা এটাত টোকেন নম্বৰ এটা দি ক’লে¸ নতুনকৈ সেইফালে অফিচ এটা মুকলি হৈছে। মোৰ বায়’ডাটাখন তালৈ পঠিয়াই দুই এদিনতে খবৰ দিব। ইতিমধ্যে ভিতৰৰ পৰিবেশ দেখি মোৰ হেৰোৱা কনফিডেঞ্চ লেভেল বাঢ়ি প্ৰায় দুগুণ হৈছিলগৈ। মোৰ আগতে অহা চুট টাই পৰিহিত খুৰাৰ বয়সৰ বয়সীয়াল মানুহ দুজনে ত্ৰিশ বছৰমান বয়সীয়া যেন লগা ক’লা ক্ষীণ মানুহজনক টপ পজিচনৰ চাকৰিৰ বাবে খাতিৰ কৰা কাৰ্য্যই মোৰ দৰে খীণ-মিন চেহেৰাৰ অনভিজ্ঞ ২১ বছৰীয়া সৰু ল’ৰাজনক বিপিঅ’ৰ সৰু চাকৰি এটাযে দুই এদিনতে পাম প্ৰায় নিশ্চিত কৰি তুলিছিল। ফূৰ্তিতে ঘৰলৈ উভতি আহিলোঁ‌। সেইদিনাৰ পৰা অফিচে অফিচে ঘূৰাও বন্ধ হ’ল আৰু পুৱা পুৱা পেপাৰৰ বেকচাইড পঢ়াও বাদ দিলোঁ‌। চাকৰি যেতিয়া খাটাঙেই হ’ল¸ কি দৰকাৰ!

চাৰিদিন পিছত ফোন আহিল। পিছদিনা জইন কৰিব লাগে। কিন্তু সমস্যাটো হ’ল¸ প্ৰচেচিং ফিজ আৰু চিকিউৰিটি মানি হিচাপে ৫০০০ হেজাৰ টকা আগতে দিব লাগিব। বিনিময়ত দৰমহা পাম ৬০০০ হেজাৰ টকা। ডিউটিও বেয়া নহয় ৰাতিপুৱা ১০ টাৰ পৰা সন্ধিয়া ৬ টালৈ। সেই সময়ত ৬০০০ টকা দৰমহা ফ্ৰেচাৰৰ বাবে বহুত। জাতীয় বিদ্যালয়ত ৬০০/৭০০ টকা দৰমহা দিয়াৰ বিপৰীতে শ্বপিং মলৰ চেলছবয়ৰ দৰমহা ২৫০০ টকা মানহে। স্বাভাৱিকতে দৰমহাৰ সংখ্যাটোৱে প্ৰলোভিত কৰি দিব লগা টকা ৫০০০ হেজাৰৰ প্ৰসংগটোক গৌণ কৰি পেলালে। কথাটো দেউতাৰ আগত ক’লোঁ‌। কিন্তু অভিজ্ঞ দেউতাই টকা দিয়াৰ আগতে এবাৰ নিজে অফিচটো চাই অহাৰ ইচ্ছা প্ৰকাশ কৰিলে। পিছদিনা এটা সময়ত দেউতাৰ লগত অফিচ পালোগৈ। ভিতৰত মানুহ বেছি নাছিল। অফিচৰ মানুহ চাৰিজনেই আছিল। সেইদিনাৰ দৰে সিমান ফৰ্মেল হৈ থকা নাছিল মানুহবোৰ। গম্ভীৰ যেন লগা মানুহজনে কিবা কথাত ৰস পাই হাঁহি আছিল। সেইদিনা মোক টুল আনি দিয়া ছোৱালীজনীয়ে গণেশগুৰি বজাৰৰ ঢেঁকিয়াৰ কিবা কৈ ঢেকঢেকাই হাঁহি দিছিল। আনকি পিয়নজনেও এখন চকীত বহি হাঁহিৰ ভাগ লৈছিল। মাথো আনজনী ছোৱালীয়েহে কাগজ এখনত কিবা লিখি আছিল। মাজে-মাজে এইফালে চাই তায়ো কথাৰ ভাগ লৈছিল। হঠাতে আমাক দেখি বহিবলৈ দি পিয়নজন ওলাই আহিল। মুৰব্বীজনে চকুৰ ঠাৰেৰে ছোৱালীজনীক হাঁহি বন্ধ কৰিবলৈ ইংগিত দিলে।

: পইচাটো দিয়া।

– পোনতেই পইচা বিচাৰি হাতখন মেলি দিয়া মানুহজনক আশাহত কৰি মই থেৰোগেৰোকৈ কৈ উঠিলোঁ‌

: পইচাটো যোগাৰ হোৱা নাই। দুদিন সময় ল’বলৈহে আহিলোঁ‌।

মোৰ কথা শুনি মানুহজনৰ খঙেই উঠিল হ’ব পায়।

: এনেকৈ নহ’ব দেই। জইন কৰিব লাগে আজি আৰু …।

হয়তো আৰু কিবা ক’লেহেতেন তেওঁ‌। কিন্তু দেউতাই হঠাতে সুধি দিলে।

: চিকিউৰিটি মানি কিয় বিছাৰিলে নুবুজিলোঁ‌। আপোনালোকেতো চাগে ইন্টাৰভিউলৈহে পঠাই¸ নহয় জানো?

অলপ অপ্ৰস্তুত হোৱা যেন লাগিল মানুহজনক। হয়তো এনেকুৱা প্ৰশ্ন এটা কোনোবাই কৰিব পাৰে বুলি ভাবিবও পৰা নাছিল।

: নহয় মানে…আমাৰ ভিতৰুৱা চেটিং আছে। ইন্টাৰভিউ নহয়। ডাইৰেক্ট জইন কৰাও।

অলপ ভাবি লৈ ক’লে মানুহজনে।

অবিশ্বাসৰ দৃষ্টিৰে দেউতাই চাই থকা দেখি মানুহজনে নিজৰ কথাত জোৰ দি কৈ উঠিল।

: বহুত তেনেকুৱা আছে যিয়ে ফুং ফাং কৰে। কিন্তু আমি তেনেকুৱা নহয়। ১০০ পাৰচেন্ট গেৰান্টি।

কৈ কৈ কাৰ্ড এখন দেউতালৈ আগবঢ়াই দিলে তেওঁ‌।

অলপ ৰৈ মোলৈ চাই ক’লে¸ কাইলৈ ন বজাত আহিবা। জইন কৰি উঠি পইচাটো দিলেও হ’ব।

সন্মতিসূচকভাৱে মূৰ দুপিয়ালোঁ‌ মই।

: পোষ্টিং ক’ত হব।

দেউতাই আকৌ সুধিলে।

: এয়াৰটেলৰ কাষ্টমাৰ কেয়াৰত।

: ক’ত?

: পানবজাৰত।

টপৰাই কৈ উঠিল মানুহজনে।

হয়তো আৰু কিবা সুধিলেহেঁ‌তেন দেউতাই। কিন্তু তাৰ পূৰ্বেই ফোন এটা আহিল মানুহজনৰ আৰু তেওঁ‌ ব্যস্ত হৈ পৰিল। ৰৈ থাকি আৰু লাভ নাই। দুই মিনিট পিছত আমিও গুচি আহিলোঁ‌।

ওৰে বাটত দেউতাই এটা কথাও নক’লে। মোৰ মন থৌকি-বাথৌ। কাইলৈ কামত জইন কৰিম। স্বাৱলম্বী হ’ম। প্ৰথম মাহৰ দৰমহাৰেই ন’কিয়া এক্সপ্ৰেছ মিউজিক মোবাইল এটা কিনিম। মনতে প্ৰয়োজনীয় সামগ্ৰীৰ লিষ্ট এখন বনাই ল’লোঁ‌। অলপ অচৰপ ঘৰত দি¸ অলপ জমা কৰিব পাৰিম। মাজে-সময়ে গাৰ্লফেইণ্ডকো দুই এটা গিফ্ট দিব পাৰিম। ওৰে বাটটো মনৰ ভিতৰত পৰিকল্পনাবোৰ চলি থাকিল।

: মানুহকেইটা সুবিধাৰ নহয় নেকি!

– ঘৰত মাৰ আগত ক’লে দেউতাই।

মোৰ অলপ খং উঠিল। কিজানিবা দেউতাই টকা দিবলৈ টান পায়েই কৈছে!

: নহয় নেকি দেউতা! মোৰ সমুখতে বহুত ডাঙৰ ডাঙৰ জনা-শুনা মানুহ আহিছিল। ফ্ৰড নহ’ব চাগে।

– মোৰ মুখৰ পৰা ওলাই গ’ল কথাষাৰ। যেনেতেনে সোনকালে কাম এটা লাগে। স্বাৱলম্বী হ’বগৈ লাগে। টকা লাগে।

: হেৰি¸ সি ইচ্ছা কৰিছে যেতিয়া চাওকচোন বাৰু। টকা ৫০০০ হেজাৰহে। এটা কাম কৰিব নহ’লে জোঁৱাই জয়কো লৈ যাব।

– মায়ে বুদ্ধি দিলে। জেঠিমাহঁতৰ ডাঙৰ বাৰ হাজবেণ্ড জয় ভিনদেউ। পুলিচৰ মানুহ। উলুবাৰীত থাকে। মাৰ বুদ্ধিটো আমাৰ পচন্দ হ’ল। ইতিমধ্যে মায়ে নিজেই ভিনদেউক ফোন কৰি সমষ্ট কথাখিনি জনালে। মোৰ ভাল লাগিল। যাহঁওক ঘৰৰ পৰা পাৰ্মিচন পাই গ’লোঁ‌।

পিছদিনা ৰাতিপুৱা ন বজাৰ আগতে দেউতা আৰু ভিনদেউৰ লগত অফিচ পালোগৈ। অফিচ পাই আমাৰ হতভম্ব হোৱাৰ পাল। নাইতো নাই অফিচৰ চিন-মোকাম একোৱেই নাই। বাহিৰত প্ৰায় ৪০জনমান যুৱক-যুৱতী। খবৰ লৈ গম পালোঁ‌ প্ৰত্যেকৰে পৰাই টকা খালে চাকৰি দিম বুলি। কাৰোবাৰ পৰা চাৰিহাজাৰ¸ কাৰোবাৰ পাচঁহাজাৰ¸ কাৰোবাৰ সাত/আঠ হেজাৰকৈ খালে। শুনামতে কালি টকা লোৱা বিভিন্নজনক আজি জইন কৰিব পঠিয়াইছিল বিভিন্ন ঠাইলৈ। সেইমতে গৈ সেই ঠাইত তেনে নামৰ অফিচৰ পৰা একো ৰিকুয়াৰমেণ্ট নাই বুলি ঘূৰাই পঠিয়ালে। আনকি দুজনমানৰ মতেতো পঠিওৱা ঠাইত হেনো তেনে নামৰ অফিচেই নাই। কিবা বেয়া সপোন দেখি থকা যেন লাগিল। এবাৰ নিজৰ গাতেই চিকুটি চালোঁ‌। নাইতো¸ মই সপোন দেখি থকা নাই। মোৰ লাজ লাগিল দেউতাৰ ওচৰত। দুখো লাগিছে। ইতিমধ্যে ভিনদেৱে দেউতাৰ লগত গৈ ঘৰৰ মালিকক চাৰ্জ কৰাত লাগি গ’ল। ঘৰৰ মালিকেও হেনো একো নাজানে। বাৰ দিনমানহে হৈছিল ৰুমটো লোৱা। ভাড়াটো এডভাঞ্চ দিয়াই আছিল। যোৱাকালি খালি কৰিলে।

: সিহঁ‌ত ক’লৈ গৈছে?

– ভিনদেউৰ পুলিচি মেজাজ উথলি উঠিল।

: নাজানো নহয়!

– অত্যন্ত বিনয়ী হৈ ক’লে ঘৰৰ মালিকে।

: হাৰে¸ আপোনাৰ ঘৰত অফিচ পাতি অতদিনে টকা লুটি লৈ গ’ল¸ অথচ আপোনালোকে গম নাপায়?

নাই¸ ঘৰৰ মালিক নাচোৰবান্দা। একো খবৰেই নাপায়।

উপাইবিহীন হৈ সকলো ওচৰৰ গীতানগৰ থানালৈ গ’লোঁ‌। জানো¸ লাভ একো নহয়। টকা কোনেও ঘূৰাই নাপায়। তথাপি আন কাৰোবাৰ লগত এনেকুৱা নহওক¸ সেয়ে ভাৱ।

টকা পাঁচশ যোৱালৈ মোৰ আফচোছ হোৱা নাছিল¸ বেয়া লাগিছিল জীৱনৰ প্ৰথম চাকৰিৰ পদক্ষেপটোত কেনা লগা বাবে।

কিছুদিন পিছত ৬০০০ টকীয়া নহ’লেও সেইটোতকৈ ভাল চাকৰি এটা পালোঁ‌। এদিন তাতকৈও ভাল এটা চাকৰি পাই সেইটো এৰিলোঁ‌। তাৰ পিছত আৰু এটা। তাৰ পিছত আৰু এটা। সময়বোৰ গৈ থাকিল। মোৰ জীৱনৰ ৰথো চলি থাকিল। মই কেতিয়াবাই পাহৰি পেলাইছিলোঁ‌ ঘটনাটো¸ হঠাতে দুদিনমান আগতে পেপাৰত সৰু বাতৰি এটা পঢ়ি সুখী হৈ গ’লোঁ‌। চাকৰিৰ প্ৰলোভনেৰে নিবনুৱাৰ ধন সৰকোৱা প্ৰৱঞ্চক গ্ৰেপ্তাৰ। লগত এখন ফটো। হয়¸ সেই ব্যক্তিজন। হয়তো বাকীবোৰো ধৰা পৰিব।

☆★☆★☆

2 Comments

  • HEMANTA KAKATI

    ভাল লাগিল৷

    Reply
  • মুকুট ভট্টাচাৰ্য্য

    ভাল লাগিল যে অবাবত যোৱাৰ পৰা টকাকেইটা বাচিল। বঢ়িয়া লিখনি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *