ফটাঢোল

প্ৰতিশোধ – বৰ্ষা গগৈ

নাম তৌ বৌহুত চোনা হৌগা…..
নাম হে নিৰানন্দ চাবুকধৰা।…..
পুৰা নাম…. নিৰানন্দ লুকেশ্বৰ চাবুকধৰা,
বাপ কা নাম… লুকেশ্বৰ চাবুকধৰা।

ঐ…. মা …… ডাইলগখিনিৰ লগত দেউতাৰ লুকেশ্বৰ নামটো পৰিবৰ্ত্তে বেলেগ নাম দিব নোৱাৰিনে? কিবা মিলা নাই দেখোন…..

কি কলি তই….?? জহনি যোৱা, বাঘে খোৱা বাপেৰৰ নাম পৰিবৰ্তন কৰিবলৈ আহিছ। তোক মই……

আইনাখনৰ আগত নিজকে অমিতাভ বচ্চনৰ বুলি ভাৱি এক্টিং কৰি থকা বেজিয়াক মাকে হাতত লৈ থকা ঝাৰু ডালেৰে মাৰিবলৈ খেদি যায়। বেজিয়াৰ পলাই পত্ৰং দিয়ে। নিৰানন্দ চাবুকধৰাৰ উপনাম হ’ল বেজিয়া। তাৰ নাম বেজিয়া পৰাৰো কাৰণ আছে। বাঁহ খৰি যেন তাৰ দেহাটোত মঙহ বুলিবলৈ নাইয়ে। দেখিবলৈ বেজিটোৰ দৰে হোৱাৰ বাবেই তাৰ নাম বেজিয়া পৰে। বৰ্তমান গাওঁখন সি ডিটেকটিভ বেজিয়া নামেৰে জনাজাত। কাৰোবাৰ ঘৰত গৰু চুৰ হ’লে অথবা তামোলৰ থোকা, নাৰিকল আদি চুৰ হ’লে, লগে লগেই ডিটেকটিভ বেজিয়াক ইয়াৰ অনুসন্ধান কৰিবলৈ মাতি দিয়া হয়। আৰু সি লাগি যায় নিজৰ কামত। কেতিয়াবা সফল হয়, কেতিয়াবা বিফল। মুঠতে গাওঁখনত তাৰ এটা সন্মান আছে। মাকৰ ঝাৰুৰ কোব খাই সেই সন্মান হেৰোৱাব নোৱাৰি। সি নঙলাৰ মুখৰ পৰা প্ৰায় চিঞৰি চিঞৰিয়ে কয় – তহঁত বান্দৰবোৰে নাৰিকলৰ মোল কেনেকৈ বুজিবি হু? চাই থাক এদিন মোৰ কাম জগতে জানিব।

সেই জগত সন্দিকৈয়ে তোৰ কথা কালি কৈছিলে ঐ বাঘে খোৱা …. তই বোলে হৰেণ মাষ্টৰৰ ঘৰত এৰী কাপোৰ চুৰ কৰাজনী, হৰেণ মাষ্টৰৰে ভনীয়েক তগৰ বুলি কৈ আহিছিলি? বেজিয়াৰ ফিটাহি মৰা কথাত, মাকে তাক উভতি ধৰি কয়।

অঁ কৈছিলোঁ, মোৰ ওচৰত প্ৰমাণ আছে। তাতে কি হ’ল? বেজিয়া কথাত মাকে পুণৰ ক’লে….. একো হ’বলগীয়া নাই বোপাই। যি হ’ব লগা আছে হ’লেই। তগৰৰ গিৰীয়েকে এতিয়া তোক মাৰিবলৈ বিচাৰি ফুৰিছে। হেৰৌ বেলেগ কিবা এটা কৰিব নোৱাৰ। কিহৰ চোৰাংচোৱা ওলাইছ হে… এ…. ??

কি???? মাকৰ কথা শুনি বেজিয়া ভিৰাই ৰাস্তাৰ ফালে ল’ৰ দিলে। গাঁৱলীয়া ডিটেকটিভ হ’ল বুলিয়ে কিবা যাৰ-তাৰ পৰা মাৰ খাব পাৰি নেকি? ইমান অত্যাচাৰ নচলিব দেই। কথাবোৰ পাগুলি পাগুলি গৈ থাকোঁতেই হঠাতে তাৰ নাম কাঢ়ি কোনোৱাই মতা শুনিলে। কোনে মাতিছে? তগৰৰ গিৰীয়েক নহয়টো? ভয়ে ভয়ে পিছলৈ চাই দেখে সেইটো দেখোন ধীৰেন কাইদৌ হে। পিছে ইনো আজি ইমান দৌৰা দৌৰি কৈ ক’লৈ যায়?

ঐ বেজিয়া শুনচোন। তোক গাওঁবুঢ়াই মাতিছে। ধীৰেন কাইদৌৰ কথা শুনি বেজিয়া অলপ আচৰিত হয়। কিয়বা মাতিছে? গাওঁবুঢ়াটো লগতে ঘৰখনো বৰ চিপছ। গ’লে চাহ এটোপাও নিদিয়ে ঘৰৰ মানুহে। তথাপি মাতিছে যেতিয়া যাবইটো লাগিব। গতিকে ধীৰেন কাইদৌৰ লগত বেজিয়াই গাঁওবুঢ়াৰ ঘৰলৈ খোজ ল’লে।

গাওঁবুঢ়া ঘৰতেই আছে। দীঘল পদূলিটোৰ মূৰত চকী এখনত বহি, তামোল কাটি কাটি কাৰোৱাক কিবা বুজাই আছে। বেজিয়াক দেখি হাতেৰে ইংগিত দি বহিবলৈ ক’লে। কিয় বা মাতিলে, নিশ্চয় কিবা জটিল কাৰণেই হ’ব চাগৈ মনতে সি ভাৱি থাকোতেই গাওঁবুঢ়াই মাত লগালে…..” ঐ বেজিয়া বৰ ডাঙৰ কথা এটা হ’ল নহয়। তই জাননে নাই? দুদিনমানৰ আগতে আমাৰ গাঁওৰ ৰমলা বুঢ়ীয়ে নিজৰ বোৱাৰীয়েকক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। তাই কোনোমতে হে নিজৰ প্ৰাণটো ৰক্ষা কৰিলে। এতিয়া ৰমলাক সুধিলত তাই অঁকৰা পাগলীৰ ভাও ধৰিছে।”

গাওঁবুঢ়াৰ কথা শুনি আচৰিত হৈ পৰে বেজিয়া। কথাতো সি নিজেও মাকৰ পৰা শুনিছে বাৰু। কিন্তু বিশ্বাস হে হোৱা নাই। কাৰণ এসময়ত ৰমলা পেহীৰ সমান সাদৰী মহিলা এই বাকচু অঞ্চলতেই পাবলৈ নাছিল।আচলতে ৰমলা পেহী বেজিয়াহঁতৰ পুৰণা বাৰীখনৰ একেবাৰে চুকত মানে দক্ষিণ দিশে থাকে। গিৰিয়েক হৰকান্ত মৰাৰ পিছতেই পেহীৰ মগজৰ অলপমান বিকৃতি ঘটিলে বুলি সি বাৰু মাকহঁতৰ পৰাই শুনা পাইছিল। কিন্ত হত্যাৰ দৰে অপচেষ্টা তাকো নিজৰ একমাত্ৰ বোৱাৰীয়েকক? শুনি বিশ্বাসেই কৰিব পৰা নাই বেজিয়াই। “এতিয়া কি কৰিব লাগে তাক কওঁক?” কথাবোৰ চিন্তা কৰি বেজিয়াই পুণৰ গাওঁবুঢ়াক সুধিলে।

বেজিয়া, তই মাত্ৰ আমাক চাই দে যে ৰমলাই বোৱাৰীয়েকৰ হত্যা কৰিবলৈ চেষ্টা কৰা কথাটো সঁচা নেকি? নে ৰমলা প্ৰকৃততে নিদোৰ্ষী? আমি তেতিয়া বিচাৰ কৰিব পাৰিম। গাওঁবুঢ়াৰ কথাত বেজিয়াৰ বুকুখন এহাত মাত ফুলি গ’ল। হওক তেওঁ, মানুহে এনেই নকয়, গুণীয়েহে গুণীৰ মূল বুজে। তেওঁ চিপছ হ’ল তাতে কি? অন্ততঃ তাৰ ডিটেকটিভগীৰিৰ আদৰ কৰিছে। গতিকে না কৰাৰ প্ৰশ্নই নুঠে।

সেইয়েহে বেজিয়াই তেওঁৰ পৰা সাত দিনৰ সময় বিচাৰিলে যাতে কথাবোৰৰ তলি লৈকে যাব পাৰে। সেইখিনি সময়লৈকে ৰমলাৰ ঘৰত কোনো মানুহ নাযাবলৈও সকিয়াই দিয়া হ’ল। আনকি পুতেক ৰত্ন আৰু বোৱাৰীয়েক ৰূপহীক ঘৰৰ পৰা আঁতৰি থাকিবলৈ কোৱা হয়। কামবোৰ কেনেকৈ কৰিব সেইয়া হেনো বেজিয়াই গোপনে ৰাখিব। পাছত হে ক’ব। বেজিৰ কথাত সন্মতি প্ৰদান কৰি, সাতদিনৰ দিনা গাঁওত ৰাজহুৱা সভা অনুষ্ঠিত কৰি ইয়াৰ উচিত বিচাৰ লোৱা হ’ব বুলি জনাই গাওঁবুঢ়া পুনৰ নিজৰ কামত লাগিল। গাঁওবুঢ়াৰ পৰা গ্ৰীণ চিগনেল পাই বেজিয়াও নিজৰ বাট পোনালে। মনতে ভাৱিলে, আজিৰ পৰা তেন্তে আৰম্ভ হ’ব “মিছন ৰমলা পেহী”।

সঁচাকৈয়ে এই ৰমলা পেহীজনীৰ মুখখন বৰ চোকা হৈছে দিনে দিনে। যেতিয়াই তেতিয়াই মাত্ৰ পেক পেক, পেক পেক। মাজে মাজে দুটামান অসমীয়া জনপ্ৰিয় ব্যাকৰণও সংযোগ কৰে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কিমান যে মুখখন বজাব পাৰে ঔ। শুনায়েহে বুজি পাব। এনেই বুঢ়ীজনী বেয়া নহয় বিপদত সকলোকে সহায়ও কৰে। কিন্তু কেনেবাকৈ এটুপি পেটত পৰিবলৈ হ’লেই, কথা নাই আৰু। নিজৰ ঘৰখনৰ লগতে ওচৰ চুবুৰীয়াৰো চৈধ্যপুৰুষ ধৰি গালি নপৰালৈকে নেৰে। ইমানবোৰ দেখা আৰু শুনা পায়ো কিন্তু গাঁওৰ মানুহে ৰমলা বুঢ়ীক বেয়াকৈ কোৱা বেজিয়াই শুনা নাই। ক’বলৈ গ’লে, ৰমলা বুঢ়ী থকা মাটি টুকুৰা বেজিয়াহঁতৰে। বেজিয়াই বুঢ়ীক পেহী বুলি মাতে। এসময়ত গিৰীয়েক হৰকান্তই হেনো সিহঁতৰ ঘৰতে গৰখীয়া হৈ কাম কৰিছিল। বেজিয়াৰ ককাক তিলেশ্বৰ চাবুকধৰা এই গোটেই বাকচু মৌজাৰ এশজন প্ৰতিপত্তিশালী ব্যক্তি আছিল। তেওঁৱে হেনো হৰকান্তক হাবিৰ মাজত অকলে পাই ঘৰলৈ লৈ আহিছিল। তেতিয়া খুব সম্ভৱ হৰকান্তৰ বয়স 8/9 বছৰ হ’ব । হৰকান্তয়ো অতি কম সময়ৰ ভিতৰতে বেজিয়াহঁতৰ ঘৰখনক আপোন কৰি লৈছিল। তাৰ কাম বনবোৰ আছিল বহুত পৰিপাটি। কিবা এটা কৰিবলৈ দিলে দুনাই তাৰ লগত লাগি থাকিবও নালাগে আৰু কৈয়ো থাকিবও নালাগে। আটাইতকৈ ডাঙৰ কথাটো হ’ল সি বহুত বিশ্বাসী আৰু সেইবাবে অতি কম সময়ৰ ভিতৰতেই হৰকান্তই বেজিয়াহঁতৰ ঘৰৰ সকলোৰে অন্তৰত ঘৰ বনাবলৈ সক্ষম হৈছিল। হৰকান্তইও সিহঁতৰ ঘৰখনকে নিজৰ বুলি আকোঁৱালি লৈছিল। কোনোদিনে বেজিয়াহঁতৰ ঘৰখনেও তাৰ প্ৰকৃত ঘৰ ক’ত, তাৰ মাক দেউতাকনো কোন আদি কথাবোৰ সোধা নাই আৰু সিয়ো ক’বলৈ প্ৰয়োজন বোধ কৰা নাই। সময় গৈ থাকিল…. এদিন হৰকান্ত ডেকা হ’ল, বেজিয়াহঁতৰ ঘৰৰ মানুহবোৰেও চিন্তা-চৰ্চা কৰি ওচৰৰ গাঁওখনৰ মনবৰ ফুকনৰ বৰ জী ৰমলাক, হৰকান্তৰ কইনা কৰি লৈ আহে আৰু সিহঁত হালক থাকিবলৈ বাৰীৰ চুকতে ঘৰ এটা বনাই দিয়ে।

বেজিয়াই মাকহঁতৰ মুখেৰেই কোৱা শুনিছে যে ৰমলা বুঢ়ী হেনো নবোৱাৰী হৈ আহোঁতে বৰ মৰমলগা আৰু সাদৰীজনী আছিল। কামে-বনে পাকৈত। দুয়োটাই মিলি দিনটো বাৰীখনতে লাগি থাকে। হৰকান্ত আৰু ৰমলাৰ পৰশত বহুবছৰ ধৰি পৰি থকা এৰাবাৰীখনেও ঠন ধৰি উঠে। ৰমলাৰ হৰকান্তলৈ বৰ মৰম। সেইদৰে হৰকান্তৰো। সিহঁতৰ সংসাৰখন তেনেদৰেই চলি থাকিল। তাৰ মাজতে ৰমলা, এটা পুত্ৰ সন্তানৰ মাতৃও হয়। নাম ৰাখে ৰত্ন। সন্তানটো হোৱাৰ কিছু বছৰলৈকে সিহঁতৰ সংসাৰখন ভালদৰেই পাৰ হয় যদিও লাহে লাহে তাৰ গাত কিছুমান বেয়া অভ্যাসে দেখা দিবলৈ ধৰে। যিটো হৰকান্তই আগতে মদৰ নামই নলৈছিল সি লাহে লাহে চুলাইৰ ৰাগিত মাতাল হৈ থাকিবলৈ ধৰিলে। কোনো দিনে গাত হাত নোতোলা হৰকান্তই, ৰমলাকো খাই আহিলে কেতিয়াবা উৰাই ঘূৰাই পিটন দিয়ে। তাৰ উৎপাত দেখি বেজিয়াৰ দেউতাক লোকেশ্বৰে কেতিয়াবাই তাহাঁতক বাৰীৰ পৰা উলিয়াই দিবলৈ সিদ্ধান্ত লৈছিল যদিও একমাত্ৰ ৰত্ন আৰু ৰমলাৰ মুখখন চাইহে সিহঁতক নেখেদিলে। তেনেদৰেই দিনবোৰ পাৰ হ’বলৈ ধৰে আৰু এদিন হৰকান্তৰ আকস্মিক ভাৱে মৃত্যু হয়। মৃত্যু মানে তাক মৃত অৱস্থাত সিহঁতৰে পিছফালৰ হাবি মাজত পোৱা গৈছিল। যিখন হাবিত হৰকান্তক সৰুতে বেজিয়াৰ ককাদেউতাকে উদ্ধাৰ কৰিছিল সেইখন হাবিতেই তাৰ নিথৰ দেহটো পোৱা গ’ল। কোনো কোনোৱে কয় হৰকান্ত হেনো বন দেৱতাৰ পুতেক আছিল। বন দেৱতাই তাক পুণৰ নিজৰ ওচৰলৈ লৈ গ’ল। কথাবোৰ গোটেই গাঁওত বতাহৰ দৰে যেনেকৈ বিয়পি পৰিল ঠিক তেনেকৈ এদিন মাৰও গ’ল। কিন্ত মাৰ নগ’ল ৰমলাৰ অন্তৰত বলি থকা ধুমুহাজাক। হৰকান্ত সিফলীয়া হোৱাৰে পাছত তাইয়ো কিবা জুপুকা মাৰি বহি থকিবলৈ ল’লে। ঘৰখনৰ প্ৰতি উদাসীন হৈ পৰিল।কেতিয়াবাটো কাষতে থকা হাবিখনলৈ চাই যিকি বকি থকা হ’ল। কেতিয়াবা কান্দে, নহলে হাঁহে। মাজে মাজে হাবিলৈ চাই এনেদৰে কথা পাতে যেন হৰকান্তৰ লগত হে কথা পাতি আছে। কাৰ লগত কথা পাতি আছ বুলি সুধিলেও হৰকান্তৰ কথায়ে কয়।

অকলশৰীয়া হৈ পৰিছে বাবে এনে হোৱা বুলি বেজিয়াৰ মাকহঁতে ৰত্নলৈ বুলি ছোৱালী এজনী চালে আৰু দিন বাৰ তিথি চাই, অতি কম সময়ৰ ভিতৰতে ৰূপহীক ৰমলা বুঢ়ীৰ ঘৰলৈ বোৱাৰী কৰি অানে। ছোৱালীজনী পিছে ৰমলাই নিজেই দেখাই দিয়া। সিহঁতৰ ঘৰৰ পৰা মাত্ৰ কথাবোৰ হে আগবঢ়ালে। ৰমলাৰ আপত্তি নাই যেতিয়া বেজিয়াহতঁৰনো কি? সচাঁ ক’বলৈ হ’লে বেজিয়াহঁতৰ লগত ৰমলা পেহীহঁতৰ সম্পৰ্ক বহুত ভাল আৰু ইয়াৰ বাবেই ৰত্নক সিহঁতি ককাইদেউ বুলি কয় আৰু ৰূপহীক নবৌ বুলিয়ে সম্বোধন কৰে। বৰ অমায়িক মানুহজনী। ৰূপহী কাম বনেও পাকৈত। অতি কম সময়তে তায়ো বেজিয়াহঁতৰ ঘৰৰখনৰ প্ৰিয় ভাজন হৈ পৰিল। কিন্তু পয়মালটো লাগিল তাতেই। ৰমলাৰ মূৰৰ বিকৃতি হোৱাৰে পৰা তাই যাকে তাকে, যিহকে তিহকে বকি থাকিবলৈ ধৰিলে। বিশেষকৈ ৰূপহীক। যিজনী ৰূপহীয়ে দিন ৰাত কেৱল কামকেই কৰি থাকে তাইকেই বুঢ়ীৰ উক দিলে কুকুৰে নোখোৱাকৈ গালি শপনি পাৰে। প্ৰথম অৱস্থাত বেজিয়াৰ মাকহঁতে ৰমলা বুঢ়ীয়ে হৰকান্তৰ অকাল মৃত্যুক সহজ ভাৱে ল’ব নোৱাৰি দুখতে প্ৰলাপ বকিছে বুলি কথাটো সিমান গুৰুত্ব দিয়া নাছিলে। কিন্ত যিদিনা তাই ৰূপহীক, ৰত্ন নথকা অৱস্থাত ঢেঁকী থোৰাটোৰে প্ৰাণে মাৰিবলৈ উদ্যত হৈ পৰিছিল সেই দিনাহে সিহঁতৰ ঘৰত গা লৰিল। বেচেৰী ৰূপহীজনীয়ে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি বেজিয়াহঁতৰ ঘৰত উপস্থিত হৈছিলেহি। কথাবোৰ সি যোৱাকালিহে মাকৰ পৰা গম পায়। সি বহুত সৰুৰে পৰা ৰমলা পেহীক পাইছে যদিও এনে এটা কামও যে তেওঁ কৰিব পাৰে , শুনিয়ে আচৰিত হৈ পৰে। আজিকালি ৰমলা পেহীৰ ব্যৱহাৰ পাতিত তাৰো অলপ অলপ সন্দেহ নোহোৱা নহয় বাৰু!

নাই নহ’ব, এনেদৰে আৰু নহ’ব। ৰমলাৰ কিবা এটা স্থায়ী সমাধান নকৰা লৈকে এইবাৰ নিস্তাৰ নাই। ভবা মতেই কাম, বেজিয়াহঁতৰ ঘৰৰ পৰা চহৰৰ ভাল ভাল চিকিৎসকক আনি ৰমলাক দেখুওৱা হ’ল, কিন্ত তাইৰ অৱস্থা ভালক চাই বেয়াহে হ’বলৈ ধৰিলে। ডাক্তৰৰ মতেটো তাইৰ একোৱেই বেমাৰ নাই। যদিও সিহঁতৰ ঘৰখনে বেজ জ্ঞানীক বিশ্বাস নকৰে তথাপি তাকো কৰি চালে। ওঁহো, একোৱেই কামত দিয়া নাই। সৰ্বসন্মতি ক্ৰমে শেষত গাওঁৰে ডেকাসৱক দায়িত্ব দিয়া হ’ল বুঢ়ীৰ কিবা এটা ব্যৱস্থা কৰাৰ। কাৰণ আজি ৰূপহীক, কাইলৈ যে বেলেগক মাৰিবলৈ চেষ্টা নকৰিব তাৰ কি বিশ্বাস আছে? মিটিংখন গাঁওবুঢ়াৰ ঘৰতে হ’ল। আৰু তাৰ ফলস্বৰূপেই আজি গাঁওবুঢ়াই বেজিয়াক মাতি পঠিয়াইছিল। বেজিয়াই জানিছিলেই, শেষত ৰমলা পেহীৰ কেচটো তাৰ ওচৰলৈকে আহিব। সেয়েহে গাঁওবুঢ়াই কোৱাৰ লগে লগে বেজিয়াই তেওঁৰ পৰা সাত দিন সময় বিচাৰিলে।

সময় গৈ থাকিল। এদিন….. দুদিন…. ষষ্ঠ দিন…. আৰু সৰ্বশেষত সপ্তমটো দিন। আজি গাঁওবুঢ়াই বেজিয়াক বান্ধি দিয়া সময়ৰ সপ্তমটো দিন। গোটেই গাঁওখনেই আজি গাওঁবুঢ়াৰ ঘৰত গোট খাইছেহি প্ৰকৃত কথাটো জানিবলৈ। নিদিষ্ট সময়ত বেজিয়া আৰু ৰমলা বুঢ়ী ৰাইজৰ আগত উপস্থিত হয়। সকলোৱে আগ্ৰহেৰে বাট চাই আছে। আজি কিন্তু।ৰমলাৰ মুখত আনকালে থকাৰ দৰে অবাইচ মাতবোৰ নাই। গহীন হৈ আছে। তাকে দেখি বেজিয়াই ৰমলা বুঢ়ীক ধমক দি ক’লে – ঐ পেহী, কথাবোৰ তই নিজে ক’বি নে মই ক’ম? ৰমলা বুঢ়ীয়ে বেজিয়াৰ ধমক খাই হাতযোৰ কৰি ক’বলৈ আৰম্ভ কৰে – মোক একো নকৰিবি ঔ তহঁতি, মই তহঁতক সকলো কম….সেই বুলি তাই আৰম্ভ কৰিলে……

ঘটনাটো মোৰ মতাটো জীয়াই থকাৰ সময়ৰে। ৰত্ন তেতিয়া সৰু। দিন হাজিৰা কৰি যিকেইটা পাওঁ আমি সুখেৰেই আছিলোঁ। তেনেতে এদিন এইৰ বাপেকে (ৰূপহীলৈ আঙুলি টোৱাই) আমাৰ ঘৰলৈ আহি হৰকান্তক কিবা কিবি কয়। মই বাৰীৰ আছিলোঁ বাবে সিহঁতি কি পাতিলে সবিশেষ নাজানিলোঁ। কিন্ত সেইদিন ধৰি হৰকান্ত কিবা চিন্তাত মগ্ন হৈ থাকিবলৈ ধৰে। কিবা সুধিলেও নকয়। আৰু…. আৰু এদিন হঠাতে সি দুদিন মানৰ বাবে নোহোৱা হ’ল। কলৈ গ’ল আমি কোনেও নাজানো। কিছুমানে ক’লে সি বোলে চহৰলৈ গ’ল এইৰ বাপেকৰ লগত, কিবা কামৰ সন্ধানত। (আকৌ ৰূপহীলৈ আঙুলি টোৱাই) কিমান দূৰ সঁচা নাজানো। ঠিক চাৰি দিনমানৰ পিছত, মাজৰাতি সি ঘূৰি আহিল…… বিধস্ত এটা ৰূপ আৰু হাতত এটা ডাঙৰ টোপোলালৈ। মই তাক টোপোলাটোত কি আছে সুধিছোঁ যদিও সি ক’ব বিচৰা নাই। এপাকত খঙতে টোপোলাটো টানি আনিলত তাৰ পৰা থল থল কৈ সোণৰ অলংকাৰ আৰু বহুত মূল্যবান সামগ্ৰী ওলাই পৰে। কেনেকৈ এইবোৰ পালি বুলি মই তাক পেৰিয়াই পেৰিয়াই সুধিলত শেষত গম পালোঁ যে সহজে ধনী হোৱাৰ লোভত, সি আৰু এইৰ বাপেক বলোৰামে মিলি চহৰৰ এঘৰ মানুহৰ ঘৰত ডকাইতি কৰিলে। সিমানতে সিহঁতি ক্ষান্ত নাথাকি সেই ঘৰখনত অকলে থকা বুঢ়ী মানুহজনীক ডিঙি চেপি মাৰি সেই ঘৰটোৰে কোনোৱা এটা ৰূমত গাত খান্দি পুতি থৈ আহে। সিহঁতক এতিয়া হেনো পুলিচে বিচাৰি আছে। ৰমলাৰ মুখৰ পৰা এনে কথা শুনি ৰাইজৰ ভৰিৰ তলৰ পৰা মাটিয়ে সৰকি যোৱাৰ দৰে লাগিল। হৰকান্তই যে এনে এটা কাণ্ড কৰিব কোনেও সপোনতো ভবা নাছিল।

পুনৰ ৰমলাই কৈ গ’ল – এইখিনি এতিয়া কি কৰিবি বুলি সুধিলত সি বাৰীৰ পাছফালে পুটি পেলালে। কিন্ত কাৰোৱাৰ প্ৰাণৰ সলনি গোটোৱা ধনে সি কেনেকৈ সুখত খাব পাৰিব? বলোৰামে সেই ধনৰ এক অংশৰ চহৰত বিকিবলৈ যাওঁতে পুলিচৰ হাতত ধৰা পৰে আৰু জেইল হয়। তাকে দেখি আমাৰ ইয়ো ভয় আৰু চিন্তাত থাকিব নোৱাৰি মদ খাবলৈ ধৰে। কোনো দিনে চুলাই, মদত হাত নিদিয়া আমাৰ ই লাহে লাহে মদতেই ডুবি থকা হ’ল।

আৰু এদিন…. … জোৰেৰে উশাহটো টানি ৰমলাই কয়….. মাজৰাতি কোনোৱাই তাৰ নাম লৈ মতা শুনিলোঁ। ইমান ৰাতিখন সি মনে মনে ঘৰৰ পৰা ওলাই যোৱা দেখি ময়ো তাৰ পিছ লওঁ। সি লাহে লাহে হাবিৰ মাজলৈ সোমাই যায়। ময়ো তাৰ পিছে পিছেই গৈ থাকোঁ। এটুকুৰা নিদিষ্ট ঠাইত এটা ছায়ামুৰ্ত্তি ৰৈ আছে। হৰকান্ত ছায়ামুৰ্ত্তিটোৰ ওচৰলৈ যায়। ইতিমধ্যেই ভয়ত মোৰ হাত ভৰিবোৰ ক্ৰমান্বয়ে চেঁচা হৈ আহিবলৈ ধৰে। এটা সময়ত দেখো যে হৰকান্তই, সেই ছায়ামূৰ্ত্তিৰ লগত তৰ্ক যুদ্ধত লিপ্ত হৈছে। শেষত সেই তৰ্ক বিতৰ্কই মৰা-মৰিৰ ৰূপ ল’লেগৈ। মই কিবা এটা মাত মাতিবলৈ পোৱাৰ আগতেই দেখিলোঁ ছায়ামূৰ্ত্তিটোৱে ডাঙৰ শিল এটাৰে হৰকান্তৰ মূৰত প্ৰচণ্ড জোৰত খুন্দা এটা দিয়ে। আৰু লগে লগেই সি সিফলিয়া হৈ যায়। মই বাকৰুদ্ধ হৈ পৰিলোঁ। ভৰি হাতবোৰত যেন শিপাহে গজিলে। হৰকান্তক মাৰি ছায়ামূৰ্ত্তিটোৱে আট্টহাস্য পাৰি উঠিল। তেতিয়ালৈকে অলপ অলপ পোহৰৰ হওঁ হওঁ হৈছিল আৰু। মই স্পষ্ট ৰূপত দেখা পালোঁ যে মোৰ হৰকান্তক প্ৰাণে মৰাটো আৰু কোনো নহয় এইৰ বাপেক বলোৰামহে। সেইদিনাই সি জেলৰ পৰা পলাই আহিছিল। আৰু তেতিয়াই মই সিদ্ধান্ত ল’লো যে ইয়াৰ প্ৰতিশোধ মই নিজেই ল’ম। মোৰ সুখৰ সংসাৰখন নষ্ট কৰি দিয়াটোৰ সংসাৰখনো মই সুখৰ হ’বলৈ নিদিওঁ। কথাখিনি কৈ ৰমলাই দুটা মান উশাহ ঘনকৈ লয়। দৃষ্টি কিন্তু তেতিয়াও ৰূপহীৰে ওপৰত। পাৰিলে যেন এতিয়াই হাঁহ কুকুৰা মোচৰাৰ দৰে মুচৰি পেলাব তাইক।

ৰমলাৰ কথা শুনি সভাত থকা সকলো মানুহৰে মুখৰ মাত হেৰাল।

তাৰ পিছত কি হ’ল কৈ যা, ৰৈ নিদিবি পেহী। বেজিয়াৰ ধমক খাই ৰমলাই আকৌ আৰম্ভ কৰিলে…. প্ৰথমতে মই বলোৰামৰ পত্নীৰ পৰা নিজৰ প্ৰতিশোধৰ খেল আৰম্ভ কৰিম বুলি ভাৱিছিলোঁ যদিও ভগৱানে সেই আশা পূৰণ নকৰিলে। এক অচিন ৰোগত তাইৰ মৃত্যু হয়। মনতো ভাল লাগিছিল যদিও কলিজাখন শান্ত হোৱা নাছিল। তেতিয়াই ঠিৰাং কৰিলো যে বলোৰামৰ একমাত্ৰ ছোৱালীজনীকে মই…… কুটিল হাঁহি এটা মাৰি তাই ৰূপহীলৈ চালে। পুণৰ ৰমলাই কৈ গ’ল…. আৰু ইয়াৰ বাবে মই সুদীৰ্ঘ 15 বছৰ ৰ’ব লগা হ’ল। বুকুত প্ৰতিশোধৰ অগ্নি তেতিয়াও জ্বলাই ৰাখিছিলোঁ। ৰত্ন ডাঙৰ হোৱাৰ পিছত মই ৰূপহীৰ ঘৰলৈ গৈ ৰত্ন আৰু ৰূপহীৰ বিয়াৰ কথা পাতোঁ। সিহঁতৰ ঘৰৰ পৰা নিদিয়াৰ প্ৰশ্নই নাহে। গতিকে অতি সোনকালেই ৰূপহী এইখন ঘৰৰ বোৱাৰী হৈ পৰে। ৰাতিপুৱা গধূলি তাইক দেখি থকাৰ ফলত মোৰ প্ৰতিশোধৰ স্পৃহা আৰু বাঢ়ি যায় আৰু তাৰ ফলস্বৰূপেই মই পাগলীৰ ভাওঁ ধৰি তাই সুবিধা মিলিলে মাৰিবলৈ উদ্যত হৈ পৰোঁ। কিন্তু এইৰ ভাগ্যখন বেছিয়ে ভাল যে প্ৰতিবাৰে বাচি যায়। দাঁত কৰচি কৰচি কৈ থকা ৰমলাৰ কথাবোৰ শুনি সকলো আচম্বিত হৈ পৰে।

কিন্তু বেজিয়া, তই এইবোৰ কেনেকৈ ধৰা পেলালি হয়? বেজিয়ালৈ উদেশ্য কৰি গাঁওবুঢ়াই সোধে। গৌৰৱত উফন্দি থকা বেজিয়াই ডাঙৰকৈ গল খেকাৰি এটা মাৰি সকলোকে উদ্দেশ্যি কয়……

আচলতে, ৰমলা পেহীৰ ওপৰত মোৰ আগৰেই পৰা সন্দেহ আছিল। গতিকে প্ৰথম দুদিনমান মই তাইৰ চাল চলনবোৰ লক্ষ্য কৰিলোঁ। পেহীৰ অহা-যোৱা বাটত কাঁইট পেলাই, পানী আনিবলৈ যোৱা দলংখন ভাঙি থৈ তাৰে প্ৰমাণ চাওঁ। পেহীয়েও সেইবোৰ বাধা হেলাৰঙে পাৰ কৰি গ’ল। নিজেই দেখিলোঁ, দলংখন ভঙা দেখি ৰমলা পেহীয়ে, কি সাৱধানে ভঙা দলঙৰ কাষেদি পাৰ হৈ গ’ল ঔ। কোনো পাগলে ইমান বিচাৰ বুদ্ধি লগাব নোৱাৰে।
বেজিয়াৰ কথাত উপস্থিত ৰাইজে খুব হাঁহিলে। সকলোকে মনে মনে থাকিবলৈ কৈ গাঁওবুঢ়াই বেজিয়াক কাহিনীটো পুণৰ আগবঢ়াই নিবলৈ ক’লে….

বেজিয়াই পুণৰ আৰম্ভ কৰে – তেতিয়াই বুজিলো পেহী প্ৰকৃততে পাগলী নহয়। ভান্দকি হে কৰি আছে। কিন্তু কিয়?…. দ্বিতীয়তে, দুদিনমান মই হৰকান্ত কাইৰ দৰে পিন্ধি, তেওঁৰ দৰে মাত উলিয়াই পেহীক ৰাতি ৰাতি হাবিলৈও মাতি চালোঁ। ৰমলা পেহীয়ে হৰকান্ত কাই পুণৰ ঘূৰি আহিল বুলি কেইবাদিনো মই মতাৰ লগে লগেই হাবিলৈ আহিবলৈ ধৰে আৰু একো অাগপিচ নাভাৱি নিজেই সকলো কৈ দিয়ে। কাহিনীটো তেনেই সাধাৰণ। হৰকান্তৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈকে ৰমলা পেহীয়ে এনেকুৱা কৰিলে। যাৰ বাবে তেওঁ ৰূপহী যেন বোৱাৰীয়েকো মাৰিবলৈকে এৱাৰো চিন্তা নকৰিলে। প্ৰকৃততে ৰূপহী নবৌয়ে কোৱা কথাটো সঁচা হয়। বেজিয়াৰ কথাবোৰ শুনি গাঁওৰ মানুহে ৰমলালৈ চাই ককৰ্থনা কৰিবলৈ ধৰিলে।

বেজিয়াই পুণৰ কৈ গ’ল আচলতে ৰমলা পেহীক ভাল চিকিৎসাৰহে প্ৰয়োজন অ’। প্ৰতিশোধৰ স্পৃহাৰ বাবে তেওঁ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে। এই প্ৰতিশোধ বোলা কাৰকটো বৰ ভয়ংকৰ। ই ধনী- দুখীয়াৰ, পুৰুষ- মহিলা, সৰু- ডাঙৰ একো বাচ – বিচাৰ নকৰে। অপৰাধ সকলো ঠাইতে হ’ব পাৰে। কেৱল চহৰতেই যে অপৰাধ হয় তেনে নহয়। অামাৰ দৰে গাঁওবোৰতো অপৰাধ হ’ব পাৰে। অপৰাধীৰ জন্ম নহয়, পৰিস্থিতিয়ে মানুহক অপৰাধী সজাই পেলায়। বেজিয়াৰ কথাত সকলোৱে হয়ভৰ দিলে লগতে তাৰ ডিটেকটিভগিৰীক প্ৰসংশাও কৰিলে।

পাছত সকলোৰে সন্মতি ক্ৰমে ৰমলা বুঢ়ীক মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, যাতে উন্নত চিকিৎসাৰ দ্বাৰা তাই পুণৰ গাঁৱলৈ ঘূৰি আহিব পাৰে। সেইদৰে গাঁৱৰ লোকসকলে মিলি, পুলিচৰ দ্বাৰা তাহাঁতৰ বাৰীত তালাচী চলাই সেই গুপ্ত ধনো উদ্ধাৰ কৰে। পুলিচেও বেজিয়াৰ কামৰ ভূয়সী প্ৰসংশা কৰে। ৰত্ন আৰু ৰূপহীৰ এতিয়া এখন সুখৰ সংসাৰ। অলপ দিনৰ আগতে সি বাপেকীও হ’ল। কিন্ত ৰূপহীৰ বাপেক বলোৰাম হে ক’লৈ গ’ল আজিও কোনেও নাজানিলে। কি ঠিকনা, এদিন হয়টো সি ঘূৰিও আহিব পাৰে নিজৰ জীৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিশোধ ল’বলৈ…… কাৰ ওপৰত, কেনেকৈ লয় সেইয়া সময়েহে জানিব……… কালচক্ৰ যে এনেদৰেই ঘূৰি থাকে…….. । আৰু তেতিয়াই হয়টো প্ৰয়োজন হ’ব ডিটেকটিভ নিৰানন্দ চাবুকধৰাৰ…….. ওৰফে বেজিয়াৰ……

☆★☆★☆

5 Comments

  • papori

    ভাল লাগিলে পৰঢ়ি…..
    ??

    Reply
  • Anonymous

    গল্প এটা পাঠকে পঢ়িবলৈ বাধ্য হবৰ বাবে প্ৰথম খিনি আকৰ্ষণীয় হোৱাটো প্ৰয়োজন বুলি ভাৱো, যিটো আপোনাৰ এই গল্পটো ত হৈছে। ভাল লাগিল। আৰু এটা কথা মবাইৱ ফোনত কি কীবৰ্ড ব্যৱহাৰ কৰি ইমান দীঘলীয়া কাহিনী লিখিব পাৰে জনাব নেকি?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *