ফটাঢোল

স্বপ্নভংগ – দিলুৱাৰা বেগম

মোবাইলটো কাষতে থৈ এনেই বিচনাত বাগৰি থকা ৰুলিয়ে, ফেচবুকৰ নটিফিকেচন অহাৰ টুং কৈ শব্দটোত মোবাইলটো উঠাই চালে।

“অমিতাভ শৰ্মা চেণ্ট য়ু আ ফ্রেণ্ড ৰিকুৱেষ্ট”

মোবাইল স্ক্ৰীনত জিলিকি উঠা আখৰকেইটা দেখি ৰুলি আচৰিত হ’ল। অমিতাভ শৰ্মা! অসমৰ ইমান বিখ্যাত অভিনেতাজনে ৰুলিক ৰিকুৱেষ্ট পঠাইছে? এইয়া সঁচা নে ফেইক একাউণ্ট বুলি ৰুলিয়ে লগে লগে তেওঁৰ ফেচবুকৰ প্ৰফাইলটো খুলি চালে। নাই নাই অৰিজিনেল একাউণ্ট।

“স্ক্ৰীন শ্বট এটা মাৰি থওঁ সবকে দেখুৱাম”

মনতে ভাবিলে ৰুলিয়ে৷ পিচে প্ৰাইভেট একাউণ্টৰ স্ক্ৰীন শ্বট মাৰিব নোৱাৰি। প্ৰমাণটোৱে ৰাখিব নোৱাৰি ৰুলিৰ মনটো বেয়া লাগি গ’ল। তাইৰ ফ্রেণ্ড লিষ্টত অমিতাভ শৰ্মাক দেখিলে, এতিয়া কোনে নো বিশ্বাস কৰিব যে তাইক অমিতাভেহে ৰিকুৱেষ্ট পঠাইছিল বুলি?

পল্লৱী ৰুলিৰ ৰুমমেট, ৰুলিৰ যিকোনো সমস্যাৰ সমাধান পল্লৱীয়ে নিমিষতে দিব পাৰে। পল্লৱীক ফোন কৰি কথাখিনি কোৱাত তাই ক’লে “ৰ, এতিয়াই একচেপ্ট নকৰিবি, লগে লগে একচেপ্ট কৰিলে ডিমাণ্ড কমি যায়, আৰু স্ক্ৰীনশ্বট নহ’লে নাই , মই কলেজৰ পৰা গৈ মোৰ মোবাইলটোৰে ৰিকুৱেষ্টটো ফটো তুলি ৰাখিম।”

“য়েছ……” বুলি কৈ ফূৰ্তিত ৰুলিয়ে ফোনটো থ’লে।

“কিয় পঠাইছে বাৰু অমিতাভ শৰ্মাই তাইক ৰিকুৱেষ্ট?”

ৰুলিয়ে মনতে ভাবিলে, তাই দেখাত বেয়া নহয়, কিন্তু ইমান ধুনীয়াও নহয় যে প্ৰফাইলত থকা ফটো দেখি ৰিকুৱেষ্ট পঠিয়াব। কিজানি অলপ কম ধুনীয়া ছোৱালী বিচাৰি আছে তেওঁৰ নেক্সট ফিল্মখনৰ বাবে। ‘নচিব অপনা অপনা’ত যেনেকৈ ঋষি কাপুৰে দেখিবলৈ বেয়া ছোৱালী এজনীক বিয়া পাতিছিল৷ অমিতাভ শৰ্মাই ফ্রেণ্ড হোৱাৰ পিছত তাইক যদি সোধে চিনেমা কৰাত ইণ্টাৰেষ্টেড নে, তেতিয়া কি কৰিব তাই? ভাবিয়ে এক্সাইটেড হৈ গ’ল ৰুলি।

বিচনাৰ পৰা উঠি ৰুলিয়ে তাইৰ সৰু আইনাখন খিৰিকীৰ কাষৰ গজালটোত ওলোমাই ল’লে৷ ধেই ডাঙৰ আইনা এখন লাগিছিল, ফুল বডীৰ এক্সপ্ৰেছনটো দেখা পালে হয়। যদি সঁচায়ে তেনেকুৱা অফাৰ এটা পায় প্ৰথমতে ড্ৰেছিং আইনা এখন কিনিব লাগিব। নহ’লে ডাইলগবোৰ কেনেকৈ প্ৰেক্‌টিছ কৰিব? হ’ষ্টেলৰ বাথৰূমত ডাঙৰ আইনা এখন আছে কিন্তু বাথৰূম খালী থাকিলেহে৷ হ’ব বাৰু আজি ইয়াতে কৰি চাওঁচোন বুলি অসমীয়া চিনেমাৰ এটা সংলাপ মনত পেলাবলৈ চেষ্টা কৰিলে৷ নাই, মনত নপৰিল৷ তাইৰ মনলৈ মাত্ৰ এটা লাইন আহি আছে,

“এক চুটকী চিন্দুৰ কি কিমত তুম ক্যা জান’?

ৰুমৰ দৰ্জাখনৰ ওচৰৰ পৰা লাহে লাহে খোজকাঢ়ি আহি আহি খিৰিকীখনত ওলোমাই লোৱা আইনাখনৰ ফালে চাই দুবাৰমান ডাইলগটো ক’লে যদিও নিজেই সন্তুষ্ট নহ’ল৷

“হব বাৰু, পিছত ভালকৈ প্ৰেকটিছ কৰি লম …।”

: ঐ দিনতে দৰ্জা লক কৰি থৈছ যে? খোল৷

পল্লৱীৰ মাতত দৌৰি গৈ দৰ্জাখন খুলি দিলে ৰুলিয়ে।

: বাঃ! বেলেগ আৰু দেই, চেলিব্ৰিটিয়ে ৰিকুৱেষ্ট পঠায়, পাৰ্টি লাগিব ক’ত খুৱাবি ক?

পল্লৱীয়ে ৰুমত সোমায়ে ৰুলিক জোকোৱা আৰম্ভ কৰি দিলে৷

: ৰচোন মই এতিয়াও একচেপ্ট কৰা নাই৷

বুলি ৰুলিয়ে ততাতৈয়াকৈ মোবাইলত ফেচবুকটো খুলিলে৷

: তই ফটো তুলি ৰাখিবৰ বাবেহে মই ৰৈ আছোঁ, তই তুলিবি আৰু মই একচেপ্ট কৰিম, ৱাও ইমান ডাঙৰ এক্টৰ এজনৰ ৰিকুৱেষ্ট পেণ্ডিং কৰি ৰাখিব নোৱাৰোঁ দেই৷

বুলি ৰুলিয়ে ৰিকুৱেষ্টটো বিচাৰিবলৈ লাগিল।

: নাই দেখোন!

: কি নাই?

: ৰিকুৱেষ্টটো নাই দেখোন!

: চাওঁ৷

পল্লৱীয়ে ৰুলিৰ হাতৰ পৰা মোবাইলটো লৈ অমিতাভ শৰ্মা নামটো চাৰ্চ কৰিলে। তেওঁৰ প্ৰফাইলটো ওলোৱাত দেখিলে ‘এড ফ্ৰেণ্ড’ হিচাপেহে আছে। জীৱনত কিবা এটা ভয়ংকৰ দুৰ্ঘটনা ঘটা মানুহৰ দৰে ৰৈ থকা ৰুলিৰ মুখখনৰ ফালে চাই তাই লাহেকৈ ক’লে,

: অমিতাভ শৰ্মাৰ চাগে আঙুলি লাগি ‘ভুলতে’ চেণ্ট ৰিকুৱেষ্ট হৈ গৈছিল, পিছত গম পাই কেঞ্চেল কৰি দিলে, এনেকুৱা ভুল হয় কেতিয়াবা৷

: অহ …..তাকে মই ভাবিছোঁ মোক কিয় ৰিকুৱেষ্ট পঠাইছে, কিন্তু এটা কথা, মোক যদিও ভুলতে ৰিকুৱেষ্ট পঠাইছে, তাৰমানে মোৰ প্ৰফাইলটো তেওঁ চাইছে বুজিছ?

: অঁ, তাকেই ….

পল্লৱীৰ আৰু ৰুলিক ক’বলৈ মন নগ’ল যে প্ৰফাইল নোচোৱাকৈও এড ফ্ৰেণ্ডত আঙুলি লাগি ৰিকুৱেষ্ট যাব পাৰে ….।

☆★☆★☆

4 Comments

  • Georges Kaddar

    সুন্দৰ উপস্থাপন দিলুৱাৰা….
    ভাল লাগিল…

    Reply
  • HEMANTA KAKATI

    ভাল লাগিল

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল ৷ আঙুলি লাগি ৰিকুৱেষ্ট যোৱা বহু উদাহৰণ আছে ৷ তেনেকুৱা সৰু কথা এটাৰ পৰা এটা গল্প সৃষ্টি কৰিব পৰাটো লেখকৰ কুশলতা ৷

    Reply
  • Anonymous

    অতি সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *