ফটাঢোল

অথন্তৰ – মৌচুমী গগৈ

ল’ৰাক স্কুলৰ বাছত উঠাই থৈ আহিয়েই পতিদেৱৰ ফৰমাইচ, মই আজি ন টা বজাতেই অফিছলৈ ওলাই যাম দেই ।দহটাৰ আগতে অফিছ পাবগৈ লাগিব ।মই বিচনা চাদৰখন পাৰি থাকোঁতেই ধেমালিতেই ক’লো, “ক’ৰবাত ডেটিং কৰিবলৈ যোৱা নেকি! ইমান সোনকালে যাবা যে?” সেই জনেও হাঁহি এটা মাৰি উত্তৰ দিলে, “যিজনীক বিয়া পাতিলোঁ, সেইজনীৰ লগতেই ডেটিং কৰি নাপালোঁ এতিয়া আৰু কি ডেটিং কৰিম। নতুন ল’ৰা দুটাক আজি ইণ্টাৰভিউ ল’বৰ বাবে চাৰে দহটাত মাতি পঠাইছোঁ। সিহঁত অহাৰ আগতেই মই পাবগৈ লাগিব।কিবাকিবি অলপ ৰেডি কৰিবলৈ বাকী আছে। ব্ৰেকফাষ্ট সোনকালে বনোৱা দেই।”

মই ঘড়ীটোলৈ চালোঁ। আঠটা বাজি পাঁচ মিনিট গৈছে। সময় অলপ আছে যেতিয়া পেপাৰখন চাই লওঁ বুলি মেলি ল’লোঁ।তাৰ পিছত লাহেকৈ পাকঘৰত সোমালোঁ। এফালে তিয়াই থোৱা বুট দাইলখিনি প্ৰেছাৰ কুকাৰত ভৰাই গেছৰ ওপৰত বহাই দি আটাখিনি মাৰিলোঁ। বিশ মিনিটত ব্ৰেকফাষ্ট ৰেডি। ইফালে মহাশয়েও গা ধুই আহি অফিছলৈ পিন্ধি যাবলৈ চাৰ্ট-পেণ্ট বিচাৰোঁতেহে মনত পৰিল যে, এই সপ্তাহত দেখোন কাপোৰ ইস্ত্ৰি কৰিবলৈ নিবলৈ অহা মানুহজন বেমাৰৰ বাবে অহা নাছিল। তাৰমানে এতিয়া আকৌ কাপোৰ ইস্ত্ৰি কৰিব লাগিব। লৰালৰিকৈ চাৰ্ট পেণ্ট এযোৰ উলিয়াই ইস্ত্ৰিটো কাৰেণ্টত লগালোঁ।চাৰ্টটো ইস্ত্ৰি কৰি উঠিছোঁহে, তেনেতে ফোনটোৱে বৰকৈ চিঞৰি চিঞৰি মাতিব ধৰিলে। উফঃ এনেকুৱা সময়ত যে কেতিয়াবা ফোনটোৱে চিঞৰে! উপায় নাপাই দৌৰি গৈ ফোনটোক নিচুকাব লগা হ’ল। লগৰ এজনীৰ ফোন। তাইক পিছত কথা পাতিম বুলি কৈ ফোনটোক আকৌ শুৱাই থৈ আহিলোঁ। লৰালৰিৰ কোবত এইবাৰ গৰম ইস্ত্ৰিটো আনি লংপেণ্টটোৰ পিঠিত বহুৱাই দিলোঁ। কিন্তু এয়া কি!…

বেচেৰা শান্ত-সমাহিত পেণ্টটোৱে তাপ সহিব নোৱাৰি আৰ্তনাদ কৰি উঠিল আৰু এডোখৰ ইস্ত্ৰিটোতেই আঠা লগাৰ দৰে লাগি আহিল। কিবা এটা পোৰা গোন্ধ ওলাইছে দেখোন! ইটো ৰূমত ব্ৰেকফাষ্ট কৰি থকাৰ পৰা পতিদেৱৰ মাত। লগে লগে কান্দি থকা লংপেণ্টটো বিচনাৰ তললৈ দলিয়াই দি আন এটা লংপেণ্ট উলিয়াই আনি এইবাৰ সাৱধানেৰে তাক গৰম মালিচ দিলোঁ। মানুহজনেও একো ভূ নোপোৱাকৈয়ে খৰধৰকৈ অফিছলৈ ওলাই গ’ল। এইবাৰ বিচনাৰ তলৰ পৰা মৰণমুখী লংপেণ্টটো উলিয়াই আনি তাৰ দুখত সমভাগী হৈ জাপি-কুচি পলিথিন এটাত ভৰাই বৰ দুখেৰে বাকচ বিচনাত সমাধিস্থ কৰিলোঁ।

☆★☆★☆

5 Comments

  • কমলা দাস

    বেচেৰা লংপেণ্ট টো !

    Reply
  • হাঃ হাঃ সেইকাৰণে কামৰ সময়ত মবিলজনী কান্দিলেও গুৰত্ব দিব নালাগে। ভাল লাগিল দেই পঢ়ি।

    Reply
  • mridula

    যত গণ্ডগোল এই ম’বা ইল ।
    ভাল লাগিল

    Reply
  • HEMANTA KAKATI

    ভাল লাগিল মৌচুমী৷ এইটো গোটতে পঢ়িছিলো ছাগে৷

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *