ফিফটি ফিফটি – তৃষ্ণা বৰা
চহৰখনৰ মূল পূজা কমিটিৰ সভাপতি আৰু সম্পাদকৰ বাব পাই শংকু আৰু কংকনৰ ফূৰ্তিত তত নাই। অতবোৰ ডাঙৰ ডাঙৰ মানুহ থাকোঁতেও আমাকহে দিছে বুলি আনন্দতে দুয়োজনে অলপ ফূৰ্তি কৰি আহোঁগৈ বুলি শংকুৰ গাড়ীখন লৈ ওলাই গ’ল। ঠিক হ’ল যে যি খৰচ হয় দুয়োজনে ফিফটি ফিফটি কৰি ল’ব। দুয়োৱে মনৰ আনন্দত বাইপাচৰ ৰাস্তাত গান গাই গাই গৈ থাকোঁতে কেতিয়া দুপৰীয়া হ’ল গমেই নাপালে। যেতিয়া সম্পাদকৰ অ’ডিখন হাইৱেত দৌৰাদি পেটত নিগনি দৌৰিবলৈ ধৰিলে তেতিয়াহে তত্ আহিল। শংকুৱে ভোক লাগিছে বুলি ক’বলৈহে পালে ইফালৰপৰা কংকনে মাত লগালেই নহয় বোলে আমি কিন্তু আজি ডাঙৰ ৰেষ্টুৰেণ্টতহে খাম। শংকুৱে ভাবিলে, “ব’ল ফিফটি ফিফটি হ’ব যেতিয়া কিহৰ চিন্তা।” গাড়ী গৈ এখন সুন্দৰ ৰেষ্টুৰেণ্টত ৰৈ গ’ল। দুয়ো গৈ এচি ৰুম এটাত বহি ভাতৰ অৰ্ডাৰ দিলে। মাট’ন আৰু মাছৰ টেঙা। মাছৰ টেঙাৰে হাত চেলেকি চেলেকি খাই থাকোঁতেই ৱেটাৰে আহি মাত লগালে – ”দাদা কিবা লাগিব নেকি?” কংকনে বোলে ”হেৰা মাছৰ টেঙা কিহত বনাইছা হে? বৰ ভাল লাগিছে।”
ৱেটাৰে উত্তৰ দিলে, “কেৰাহীত দাদা”।
কংকনে বোলে, “কেৰাহীত বনাইছে বুলি ময়ো জানো, কিন্তু মাছ কিহত বনাইছে?” আকৌ উত্তৰ আহিল, “ছাৰ সচাঁ কথা কৈছোঁ, কেৰাহীতে বনাইছে।”
কংকনে খঙতে নিজৰ চুলিকেইডালকে আজুৰি আকৌ সুধিলে, পিছে পুনৰ একেই উত্তৰ পালে। শেষত লপা থপা লাগিবলৈ উদ্যত হওঁতেই শংকুৱে ফটাফট বিল পেমেণ্ট কৰি কংকনক গাড়ীত বহুৱাই ঘৰলৈ বুলি গাড়ী দৌৰাই দিলে। মাজে মাজে চকু ঘোপা কৰি কংকনলৈ চাই, কিন্তু সিজনে সন্মুখৰ চিটটো হাওলাই লৈ টোপনিত লালকাল। শংকুৰ খংটো তীব্ৰ গতিত উঠি আহিল। এতিয়ালৈকে পাঁচ পইচা এটাও দিয়া নাই তাৰ আৰাম চোৱা। সেই খঙতে মৰমৰ গাড়ীখনকে ৰাস্তাৰ গাতত পেলাই থেকেচি আহিছে। চহৰ সোমোৱাৰ লগে লগে কংকনৰ মাত ওলাল, “শংকু শেষত একেবাৰে “মুহমিঠা” কৰিয়ে লওঁ নেকি? আদিত্য মিঠাইৰ দোকানতে গাড়ীখন ৰখাই দিয়া।” শংকুৱে ভাবিলে ভালেই হ’ব, এইবাৰ হিচাপ নিকাচ চাফা কৰি ল’ম। সেই ভাবি আটাইতকৈ দামী মিঠাই দুটা খাই ল’লে, কংকণেও খালে।
খাই উঠিয়েই উগাৰ এটা মাৰি কংকনে মাত লগালে, “শংকু, মই ওলালো তুমি যাবা।”
উঠি অহা খংটো দমাই শংকুৱে বোলে, “ক’ৰপৰা ওলোৱা?”
“ইয়াৰপৰা ওলালো আকৌ।” কংকনৰ উত্তৰ।
পুনৰ শংকুৰ প্ৰশ্ন “ক’লৈ ওলালা?”
কংকণে বোলে “যাবলৈ ওলালো”।
শংকুৰ মূৰ গৰম হৈ গ’ল। ফিফটি ফিফটি কৰিম বুলিতো এক পইচা দিয়া নাই আৰু এতিয়া অকলেই গুচি যাবলৈ ওলাইছে। ধৈৰ্য্য হেৰুৱাই শংকুৱে কংকনক গতা মাৰি দিলে। একে গতাই গৈ কংকন টেম্পু এখনৰ সন্মুখতে পৰিল গৈ। টেম্পুৰ দৰ্জা খোল খালে, কংকন ঘৰলৈ বুলি একে জাপে টেম্পুত উঠি ঢাপলি মেলিলে।
“দাদা মিঠাইৰ দামটো দিব।”
তেতিয়াহে শংকুৰ সম্বিত ঘূৰি আহিল।
সময় সন্ধিয়া ছয় বাজিছে। স্থান সংগীন সংঘ। শংকু লেবেজান হৈ টেবুলত মূৰ থৈ পৰি আছে। সন্মুখত খালী ফুল বটল এটা, এটা হাফ্ আৰু গিলাচ। ক্লাবৰ দায়িত্বত থকা গোপালে আচৰিত হৈ ক্লাবৰ সম্পাদকলৈ ফোন কৰিলে। সম্পাদকে বোলে “আউ, এইটো আক’ কি কথা? শংকুৰ এনে গতিৰ কাৰণ কি?”
কিছু সময় পিছত তেওঁ এটা সিদ্ধান্তত উপনীত হ’ল যে এইটো নিশ্চয় ফটহু কেচ। সেই বুলি চিধাই ওচৰতে থকা ফটহু সদস্য এগৰাকী লৈ ফোন কৰিলে। সদস্যই আহি ক্লাবৰ ইম্পোৰটেণ্ট সদস্যজনৰ এই বিলাই দেখি ফ’নত আঙুলি বোলালে।
হেল্লো…হেল্লো…হেল্লো…
লগে লগে সকলো সদস্য ক্লাবত হাজিৰ। তাৰপাছত দুগৰাকীয়ে শংকুক উঠাবলৈ যত্ন কৰি আছে, এগৰাকীয়ে আইনাৰ গিলাচত খটলং খটলং কৰি নেমু পানী ঘুটি আছে। ওচৰতে চকী এখনত বহি জীৱন্ত বাৰ্তাৰ শ্ৰীমান মহামানব বৰাই এখন গালত ভেজা দি ক্লীপ এটা বাতৰিলৈ প্ৰেৰণ কৰিম নে নকৰিম চিন্তা কৰি থকা দেখা গ’ল।
টিং টং, টিং টং….
কেইবাবাৰো কলিং বেলটো বজাৰ পিছত শংকু সাৰ পাই ইফালে সিফালে চালে। অঃ ধেইত, এইয়া মানে সপোন হে আছিল। আকৌ টিং টং, টিং টং বাজিল।
“এই ৰাতিপুৱাতে কোন ওলালহি! আজি দেওবাৰেও অলপ দেৰি লৈকে শুবলৈ শান্তি নাই?” মুখৰ ভিতৰতে ভোৰভোৰাই ভোৰভোৰাই উঠি গৈ শংকুৱে দৰ্জাখন খুলি দিলে। এইয়া কি? সন্মুখত কংকন থিয় হৈ আছে। কংকনে ক’বলৈ আৰম্ভ কৰিলে “হেৰা শংকু, আজি দেওবাৰ, বতৰটো বৰ ধুনীয়া। তোমাৰ গাড়ীখনকে লৈ অলপ ফুৰি আঁহো ব’লা। বাটতে ধাবা এখনত ভাত পানী খাই আহিম। যি খৰচ হয় ফিফটি ফিফটি।” চকু দুটা ডাঙৰকৈ মেল খায় গৈ শংকুৰ মুখৰপৰা মাত্ৰ ওলাল, “কি?”
☆★☆★☆
3:42 pm
বঢ়িয়া লাগিল
3:14 pm
কংকনৰ বিশ্বাস নাই৷ নোলোৱাই ভাল৷ বঢ়িয়া লাগিল৷
3:25 pm
বঢ়িয়া লাগিল
4:35 pm
আটচা..! শংকৰদাই দিবাস্বপ্ন দেখি আছিল?
4:45 pm
সপোনে সকীয়ালে।
6:42 pm
যিয়েইখৰছ নহওক মুঠতে ফিফট ফিফটি৷আৎসা এই শঙ্কু বোলাতো কোননো?
10:43 pm
এই কংকনক সঁচাকৈয়ে বিশ্বাস কৰিব নোৱাৰি, ই ফিফটি ফিফটি বুলি কৈ গোটেই খৰচ নিজেই কৰি দিব……. বঢ়িয়া লাগিল দেই
7:57 am
Bhal lagil.dhunia likhise.
3:25 pm
আমাৰ শংকুৱে সদায় সপোনেই দেখি থাকিব নেকি … কংকনকে দ্বায়িত্ব দি চাব লাগিব।
ভাল লাগিল.. লিখি থাকিবা
6:25 am
ভাল লাগিল
4:34 pm
ভাল লাগিল পঢ়ি।চৰিত্ৰ দুটা চিনাকি চিনাকি লাগিল।মুঠতে কংকনক বিশ্ৱাস কৰিলে বিপদ।