সোঁত – মূৰ্চনা শইকীয়া গগৈ
“মই আৰু মোৰ জীউ’জনী মানে ৰিমজিম এজোপা নাৰিকল গছৰ তলত বহি আছিলোঁ। তাতে এখন দুজনীয়া চকী আছিল। আমি দুয়ো মৌন হৈ বহি আছিলোঁ। তাৰপিছতে হঠাতে ওপৰৰ পৰা কিবা এটা সৰি পৰে। নিস্তব্ধতা বন্ধ হৈ পৰে হঠাতে। অতপৰে নৈখনৰ ফালে চাই থকা আমি দুয়ো দুয়োৰে ফালে চালোঁ।এটা নাৰিকল সৰিছে। বালিখিনিত পৰি থুচ্ অকৈ অকণমান সোমাইছে বালিলৈ।” …এইদৰে গল্পটিৰ আৰম্ভণি কৰিছে তৃষাই। এবাৰ দুবাৰ কৈ কেইবাবাৰো পঢ়ি চাইছে বাক্য কেইশাৰী। ওঁহো নহৈছেগৈ। তাই আকৌ ফালিলে কাগজখন।
ইতিমধ্যে কাগজ পেলোৱা বাকেটটো প্ৰায় ভৰ্তি হৈ পৰিছে।এতিয়ালৈকে কেইবাবাৰো কেইবাধৰণে লিখিছে তাই আৰম্ভণিটো। পিচে নিমিলেহে নিমিলে। আজিলৈকে ফেচবুকত কিমান লিখিছে তাই, এনেকুৱা কৈ লাইক কমেণ্টৰ বাহাৰ হৈ যায় যে তাই ততাতৈয়াকৈ স্ক্ৰীণশ্বত এটা লৈ থয়।কেতিয়াবাতো হোৱাটচ এপত ষ্টেটাছকে দি দিয়ে। নিদিবই বা কিয়! সৰু কথা নহয়তো! এই যে কোনোবাই কোৱাৰ দৰে “বৰষুণ পৰা দি শিলগুটি পৰে”.. সেই তাইৰো একেই হয়, বৰষুণ পৰা দি লাইক, কমেণ্ট আহে। বুকু ফুলি যায় তাইৰ। সেয়া লাগিলে ফেচবুক গোট হওক, অথবা নিজৰ টাইম লাইনতে হওক, মুঠতে লাইকেই লাইক, কমেণ্টেই কমেণ্ট। পঢ়ুৱৈৰ সংখ্যা ইমানেই বেছি হয় গৈ মানে তাইৰ লেখাত ইমানেই আকৰ্ষিত হয়গৈ যে কেতিয়াবা অণুগল্প এটা লিখিলেও “waiting” বা “অপেক্ষাৰত” বা “পিছৰ খণ্ড লৈ ৰ’লোঁ” বুলি কমেণ্ট লিখা তাই দেখিছে। তেতিয়া তাইৰ আনন্দৰ বন্যা বৈ যোৱা যেন হয়। ইমান ভাল পায় তাইৰ লেখা! উসঃ! এই মৰম-চেনেহবোৰে তাইক জীয়ন দিছে। এই কথা তাই কেতিয়াবাতো ফেচবুকত পষ্ট কৰি দিয়ে।তাতো একেই লাইক কমেণ্ট। এই তিনি হাজাৰ চাৰি হাজাৰ লাইক অহাতো নিশ্চিত থাকে।
কলেজৰপৰা আহিয়ে তাই ম’বাইলটো লৈ বহি যায়। ম’বাইলতে টাইপ কৰি কৰি তাই লিখি যায় গল্প, উপন্যাস। অধ্যয়ন সিমান নকৰিলেও তাইৰ লাইক – কমেণ্টৰ এক মূল্যায়ন কৰি চালে তাই কেতিয়াবা নিজে ভাবে যে তাই ভাল লিখে। মানে ভৱিষ্যতৰ এজন ভাল লেখকৰ শাৰীত তাইৰ নাম থকাতো নিশ্চিত। কোনো কাকতে-পত্ৰই লেখা পঠাই নোপোৱাকৈ তাইক এতিয়া হাজাৰ হাজাৰ ফেচবুক বন্ধু-বান্ধৱীয়ে চিনি পায়।গতিকে মোটামুটি পৰিচয় এটাতো তাই অৰ্জন কৰিলেই বুলি ক’লেও ভুল কোৱা নহ’ব। সেয়ে কোনো দিনে তাই ক’ৰবালৈ মানে পেপাৰে, পত্ৰই অথবা আলোচনীলৈ লেখা পঠোৱাটো কোনো প্ৰয়োজন নাই বুলিয়ে ভাবি লয়। পিছে পয়মালটো সিদিনাহে হ’ল, যিদিনা এগৰাকী বায়েকে এটা ই-মেইল আই ডিৰ ঠিকনা দি ক’লে যে, তাই সেই ঠিকনাটোত লেখা পঠাওক। কেৱল ফেচবুক অথবা হোৱাটচ্ এপতেই সাহিত্য চৰ্চা সম্পূৰ্ণ হৈ নুঠে। এই ছচিয়েল মেডিয়াৰ আগত কি আছিল! ই মাথো এটা আলমহে! সেই ভগৱন্ত গণেশৰ দাঁতেৰে লিখাৰপৰা, ৰামায়ণ-মহাভাৰতৰ কাহিনী লিখাৰেপৰা, সাঁচি পাতৰ পুথি-পাজিৰ দিনৰেপৰা এইবোৰ সকলো যুগ-যুগান্তৰৰপৰা পুথি অধ্যয়ন, সাহিত্য- চৰ্চাদি চলি আহিছে। তেওঁলোকে কি ম’বাইলত সাহিত্য চৰ্চা কৰিছিল নেকি?
মুঠতে এইবাৰ তাই সেই মেইল আই ডি টোত লেখা এটা হ’লেও পঠিয়াবই লাগিব। ২৫ আগষ্ট লৈকে সময় আছে।এখন ভাল আগশাৰীৰ কাকতৰ ঠিকনা সেইয়া। ইয়াকো ক’লে যে লেখাটি পঠাইয়ে তেওঁলৈ এটা লেখা পঠিওৱাৰ স্ক্ৰীণশ্বত পঠিয়াই দিবলৈ। সেই যে ক’লে আজি পাঁচ দিনেই হ’ল। ২৪ তাৰিখ হ’লেই ইফালে। পিছে তাই লিখিব নোৱাৰিছেহে নোৱাৰিছে। নোৱাৰিছে মানে লিখিছে যদিও হৈ উঠা নাই। আগতে ইমান লেখা লিখিছে তাই, কেতিয়াও ইমান ভাবিব লগাও হোৱা নাই অথবা ইমান কষ্টও কৰিব লগা নাই হোৱা। বচ্ কাহিনী এটা মনত লৈ লিখি গৈছে। কিন্তু আজিলৈকে পেপাৰলৈ পঠাব লগা হোৱাৰ বাবেই এটা নতুন লেখা হৈ উঠা নাই।
হ’ব বা কেনেকৈ…..
গল্প এটা প্ৰকাশ হ’বলৈ হ’লেতো গল্পৰ বৈশিষ্ট্য সকলো বৈশিষ্ট্য থাকিব লাগিব।পিছে আজিৰ এচাম পাঠকৰ ট্ৰেণ্ড অনুযায়ী হে লেখাটো প্ৰস্তুত কৰাৰ চিন্তা তাইৰ। এটা প্ৰেমৰ, ৰোমাঞ্চকৰ চিত্ৰ কাহিনীটোত অংকন কৰিব পাৰিব লাগিব। মানে মানুহৰ মনত উত্তেজনা বঢ়াই তুলিব পৰাকৈ ৰোমাণ্টিক হ’ব লাগিব। প্ৰেমৰ বৰ্ণনাৰে গাৰ নোম প্ৰেমৰ শিহৰণেৰে শিয়ৰি উঠাকৈ দৃশ্য ফুটাই তুলিব পাৰিছে নে নাই সেইটোওতো চাব লাগিব। মানে জনপ্ৰিয়তাৰ কথাও আছেতো! একেবাৰে হিন্দী চিনেমাৰ দৰে ৰোমাণ্টিক দৃশ্য এটা লিখি যাব পাৰিলেতো কথাই নাছিল। কিন্তু তাই যে সেয়াই পৰা নাই বহু চেষ্টা কৰিও।তেনেকুৱা ৰোমাণ্টিক কথা লিখিব গৈ গৈয়ে কেইখন কাগজ-কলমৰ লগত যুঁজ হ’ল ঠিকনা নাই। পিছে সম্ভৱেই হৈ উঠা নাই। ইতিমধ্যে তাইৰ চাহ একাপ খোৱাৰ মন গ’ল। মুখখন যিমানখিনি মেলিলে সুখ পায় সিমানখিনি বহল কৈ মেলি এটা হামি মাৰিলে। ‘চাহ একাপকে খোৱা হওক’ বুলি স্বৰ্গতোক্তি কৰি উঠি গৈ একেকোবতে চাহৰ চচপেনটো গেছত বহালে। চাহকণ হোৱালৈকে তাই ৱালতে আওজি লৈ ভাবিলে গল্পটোৰ কথা.….
“ৰিমজিম আৰু তনয় আজি বহু দিনৰ মূৰত লগ হৈছে দিখৌ নদীৰ পাৰত।দূৰৰপৰাই তনয়ে দুহাত মেলি আগবঢ়াই দিছে তাৰ দুবাহুৰ মাজৰ বহল বুকু!ৰিমজিমেও বুজি পাই দৌৰি গৈ তাৰ নোমাল বুকুৰ মাজত কুঁচি-মুঁচি সোমাই দিলেগৈ…” ধেৎ, এনেকৈ লিখে নেকি আৰু.. ৰিমজিমৰে নিজৰে কিবা লাগি গ’ল। চাহ ইতিমধ্যে হৈ গৈছে। চাহকাপ বাকি লৈ তাই বাৰান্দা পালেগৈ। বাৰন্দাৰ খুটা এটাতে আওজি তাই আকৌ ভাবিলে।
“ৰিমজিম আৰু তনয় বহু দিনৰ পাছত লগ পাইছে। কথা বতৰা হোৱাৰ পাছত সময়ত তাই যাবলৈ ওলোৱাত প্ৰেমিকাক তাৰ হাতৰ মুঠিৰপৰা এৰাই যাব দিয়া নাই। আবেগ বিহ্বল হৈ ৰিমজিমে তনয়ক চুমাৰে উপচাই সুধিলে- “এতিয়া যাবলৈ দিবা নে?…”
তৃষাৰ এনে ভাবনাবোৰক লৈ তাইৰ নিজৰে কিবা হাঁহি উঠি গ’ল। ছিঃ নোৱাৰি দেই এনেকৈও যে লিখিব নোৱাৰি। ইমান উত্তেজনা কিহৰ হে..”আৰু যে কি কি ভাবিবলৈ ধৰে তাই প্ৰেমৰ গল্প লিখিবলৈ। কিন্তু কোনোপধ্যেই তাইৰ দ্বাৰা সম্ভৱ নহয়। তাই এইবাৰ আকৌ টেবুলৰ সমুখ পালেগৈ। নিজকে বৰ পাগল হেন অনুভৱ হৈ আহিল তাইৰ।একোটা গল্পৰ কথাকে ভাবি ভাবি মূৰ ঘূৰাই যোৱাৰ দৰে লাগিল। নালাগিবই বা কিয়, কিমান যে ভাবিছে মাত্ৰ এটা গল্পৰ বাবেই। জধে-মধে লিখিলে গল্পটোত মানুহ ধৰি ৰাখিব নোৱাৰি। অৰ্থাৎ পাঠক আৰু লেখকৰ মাজত লেখাটোৱে সম্পৰ্ক এটা গঢ়ি তুলিব পাৰিলেহে সাৰ্থকতা আহিব।কিছুদিন আগলৈকে তাইৰ লেখাৰ পাঠক বহুত আছিল। আজিকালি পাঠকৰ ট্ৰেণ্ড সলনি হৈছে। প্ৰেমৰ কাহিনীহে বিচাৰে, আজিকালি পাঠকে। তাৰ জুতি বোলে এবাৰ খাই এৰিব নোৱাৰা ব্যঞ্জনৰ দৰে।গতিকে বাকীবোৰ লেখাতকৈ বৰ্তমান প্ৰেমৰ কাহিনীৰ গুৰুত্ব আছে। এইযে বিজ্ঞাপন টো
“আজকাল ক্যা চ্ছল ৰাহা হ্যেঁ?..
“আজকাল ফগ চ্ছল ৰহা হ্যেঁ”…
টাইপেই হৈছে অলপ কথাটো। মানে সেই একেদৰেই আজিকালি অসমত বিশেষ কৈ নৱপ্ৰজন্মৰ ক্ষেত্ৰত প্ৰেমৰ ষ্টৰীয়ে চলি আছে, প্ৰাধান্য পাই আছে। তাতে যদি অলপ মা-মছলা সানি দিয়া হয় তেতিয়াতো বৰা চাউলৰ এঠা লগাৰ দৰে হয়। সেয়ে তাই নিজৰ লেখন শৈলীক বাদ দি ভাবিছিল যে পেপাৰখনলৈ প্ৰেমৰ কাহিনী এটাকে পঠোৱা যাওক। পিছে অতবোৰ চেষ্টা বিফলে গ’ল। অৱশেষত তাই সিদ্ধান্ত এটা লৈ পেলালে।
ইত্যিমধ্যে তাই স্ক্ৰীণশ্বত এটাও লৈ থ’লে।
কেইবাদিনো চেষ্টা কৰিও এটা প্ৰেমৰ গল্প লিখাত বিফল হোৱা তৃষাই আবেলিটো গল্প লিখিব নোৱাৰা মনোকষ্টেৰে কটালে।সন্ধিয়ালৈ সেই বায়েক গৰাকীৰ ফোন আহে।
“ঐ লিখিলা নে নাই? নে পঠালাই নেকি?”
“বা ,লিখিলোঁ বাৰু”
“বৰ ভাল কথা,মই জানোৱেই তুমি পাৰিবাই বুলি। মোক এতিয়ালৈকে স্ক্ৰীণশ্বত এটা দিয়া নাই কিয়?”
“পঠোৱা নাই যে বা, সেয়ে..”
“পঠোৱা আকৌ, পলম কিহৰ”
“হয় বা।”
“হ’ব দিয়া পঠাবা। মোৰ কাম আছে, পিছত পাতিম দেই।”
বায়েক গৰাকীয়ে ফোনটো কাটিলে। কিছু পৰ চিন্তা কৰি তাই তেওঁ লৈ হোৱাটচ্ এপত স্ক্ৰীণশ্বতটো দিলে। আৰু লগে লগেই ম’বাইলৰ ইণ্টাৰনেট ডাটা অফ কৰি দিলে। তাইৰ হোৱাটচ্ এপৰ মেছেজ পায়ে বায়েকগৰাকীয়ে খৰধৰকৈ খুলিলে। মনটো তেওঁৰো ভাল লাগি গ’ল, স্ক্ৰীণশ্বত এটা দিছে তাই। মানে তাই পঠালে।লাহেকৈ ঘূৰি ঘূৰি ডাউনলোড হোৱা ফটোখন চাই তেওঁ অবাক।
নহ’বই বা কিয়! কাৰণ স্ক্ৰীণশ্বতটোত লিখা আছিল মাত্ৰ এইকেইটা শব্দ-
“গল্প লিখা ইমান সহজ নহয়। ইয়াৰ বাবে অধ্যয়নৰ প্ৰয়োজন। বা, ক্ষমা কৰিবা।অধ্যয়ন কৰিম, আগেয়ে লিখা লেখাবোৰ পঢ়ি এতিয়া মোৰ লাজেই লাগিছে। এতিয়া মই অধ্যয়ন কৰিহে লিখিবলৈ আৰম্ভ কৰিম।”
☆★☆★☆
1:20 pm
ভাল লাগিল
9:31 am
অধ্যয়ন নথকা তেনেকুৱা লেখক বহুত আছে ৷ ভাল লাগিল ৷
10:10 am
বাস্তৱ পটভূমি…পঢ়ি ভাল পালো..