ফটাঢোল

সোৱাদ বিচাৰি – পাহি গগৈ

“টানৰ ভিতৰত লো আৰু ঢিলাৰ ভিতৰত ……”

খাদ্যৰসিক মানুহবোৰে নতুনৰ সোৱাদ লৈ বৰ ভালপায়। সেইদিনাৰ কথা, সেইদিনা মানে হয়তো আজিৰ পৰা বিশ বছৰৰ আগৰ কথা। নিতৌ ন ন সোৱাদ বিচাৰি চলাথ কৰিবলৈ ঠেং দাঙি থকাটো স্বভাৱত পৰিণত হ’ল। বৌলে টু যিয়েই যি কয় সেইটো বনাইনো ক’ত ঘৰৰ ৰান্ধনী হতুৱাই বনোৱাই খোৱাৰ অভ্যাস৷

শৰ্মা ঘৰৰ বাগানত কাম কৰা মানুহজনে সদায় বস্তু এটা খোৱা দেখি সিহঁতে লোভ সামৰিব পৰা নাছিল৷ কি সুন্দৰকৈ তেওঁ খাই। খাই লৈ লাহেকৈ থু পেলাই যিটো তৃপ্তিৰ হাঁহি মাৰি কোৰখন হাতত লয়। আসঃ সেই দৃশ্যটো মনতে কল্পনা কৰকচোন৷

বন্ধৰ দিন এটা চাই শৰ্মাৰ জীয়ৰী আৰু দুজনী মানে লগ লাগি ৰতনী আইতাহঁতৰ বাৰীৰ চুকতে কামটো কৰোঁ বুলি প্লেন বনালে৷ সময়টো ঠিক পুৱা ন বজাৰ পাছত৷ আইতাহঁতৰ বাৰীৰ ডাঙৰ ফিছাৰীটোত থকা ভীমকলৰ গছৰ পৰা বনোৱা ভূঁৰখনত দুপাকমান উঠি কামটো কৰি লওঁ বুলি কেউজনীয়ে মন মেলিলে৷ এজনীয়ে টেমাৰ পৰা সেই বিশেষ বস্তুটো ওলিয়াই বাওঁহাতত লৈ সাঁফৰটো মাৰি ইটো চাইদৰ পৰা বগাটো ওলিয়াই সোঁহাতৰ বুঢ়া আঙুলীৰে মোহাৰি মোহাৰি এটা সময়ত সেই মানুহজনে কৰাৰ দৰে চাপৰ দুটামান মাৰি প্ৰত্যেকেই তৰ্জনী আঙুলি আৰু বুঢ়া আঙুলিৰ টিপাটো ওঁঠৰ ফাকত লৈ থু পেলাই আৰামত আড্ডা জমাবলৈ বহিল৷ বহিল মানে বহাতে বহাৰ দৰেই হ’ল৷ কিয়নো মাক-দেউতাকৰ বিয়াখন চকুৰ আগত দেখাৰ পাছত লোকক অনুকৰণ নকৰো বুলি সেইদিনাই কাণত ধৰিবলৈ বাধ্য হ’ল।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *