ফাৰ্ষ্ট মিটিং – বিকাশ দত্ত
“মানুহে যে ছোৱালী কিয় ভাল পাই বুজি নাপাওঁ। আৰু তাতোকৈ বুজিবলৈ টান যে বিয়া কিয় পাতে? ধেৎতেৰি! নোৱাৰি দেই ইমানবোৰ Tolerate কৰিব।”
– সিদ্ধাৰ্থই আলমাৰিটোৰ হেঙাৰ কেইডালত ওলমি থকা চাৰ্ট কেইটালৈ চাই কোনোটো পিন্ধিব কোনটো নিপিন্ধিব ভাবি ভাবি খঙতে ভোৰভোৰাই আছিল।
এনেতে মাকে তাৰ কোঠাটোলৈ সোমাই আহিল।
“বাবা, কি বলকি আছ অকলে অকলে!”
থতমত খাই উঠি সি ক’লে,
“নাই অ মা! চাৰ্ট কোনটো পিন্ধিম ভাবিছো।”
“তোৰ কলেজ নাই চোন আজি!”
– ছেদেলি ভেদেলি হৈ থকা বিচনা চাদৰখন হাতত তুলি ভালদৰে পৰিপাটিকৈ জাপি থকাৰ মাজতে মাকে সুধিলে।
“নাই আজি কলেজ। এনেই অলপ ফুৰিব যাওঁ গৌতমহঁতৰ ঘৰৰ ফালে!”
– দাঁত নিকতাই মৰা এটা দেখনিয়াৰ হাঁহিৰে সি মাকক ক’লে আৰু নীলা ৰঙৰ পাতল বগা চেক থকা চাৰ্টটো উলিয়াই আনি পিন্ধিবলৈ ল’লে।
“কিবা এটা পিন্ধি ল! কোনোবা ছোৱালীক হে লগ কৰিব যাবি। হ’ব দে সেইটোৱে ল।”
– মাকে এটা কেৰাহি চাৱনিৰে কথাষাৰ কৈ কোঠাটোৰপৰা ওলাই গ’ল।
“মা, তইও মানে!
– পিছফালৰ পৰা সিদ্ধাৰ্থই চিঞৰিলে।
পিছে বপুৰাই মিছা কোৱাটো হয়। আজি তাক ভাস্বতীয়ে মাতিছে ঘৰলৈ। দেউতাকৰ লগত চিনাকি হ’বলৈ। বপুৰাৰ বুকু উথপ থপ। দেউতাক হেনো বৰ মৰমীয়াল যদিও অলপ গহীন। অৱসৰপ্ৰাপ্ত অধ্যাপক হিচাপে তেখেতৰ ব্যক্তিত্ব নিশ্চয়কৈ গহীনেই। তাতেই সমাজশাস্ত্ৰৰ মানুহ। কেনেকুৱা বা কথা সোধে, কি সোধে এইবোৰ ভাবি ভাবি তাৰ নিশা টোপনিও নাহিল। তথাপিও ভাস্বতীৰ ডেডলাইন দিয়া আছে যে পুৱা ১১ বজাত সিহঁতৰ ঘৰ পাবই লাগিব। এইবুলি সি ঘৰৰ পৰা ব্ৰেকফাষ্ট কৰি প্ৰায় ১০ মান বজাত ওলাল। পিছফালৰ পৰা মাকে আকৌ তাক জোঁকালে,
“বাবা। বোৱাৰীৰ ফটোখন আনিবি। বিয়া ঠিকেই কৰি দিম ৰাতিলৈ।”
সি এইবাৰ কেৰাহিকৈ চাই বাইকখন ষ্টাৰ্ট কৰি ওলাই গ’ল। মনে মনে ভালো লাগি আছিল তাৰ, যে মাকে তাক এনেধৰণৰ কথাত হকা-বধা নকৰে। সি ৩ বছৰ থাকোঁতেই দেউতাক ঢুকাইছিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ। দেউতাকৰ চাকৰিটো মাকে লাভ কৰিছিল। পৃথিৱীৰ জ্ঞান নথকা মানুহগৰাকীয়ে এল পি স্কুলৰ শিক্ষক হিচাপে নিজকে অতি কম দিনতেই প্ৰতিষ্ঠিত কৰি তুলিছিল, আৰু পিছলৈ সিদ্ধাৰ্থক এজন মানুহ ৰূপে গঢ় দিছিল। স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰীৰূপে তেখেতে যোৱা বছৰ অৱসৰ গ্ৰহণ কৰিছিল। অতি কষ্টেৰে মাকে তাক ডাঙৰ দীঘল কৰিছিল। সেইবাবেই হয়তো সি সুখ্যাতিৰে মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ লগতে পদাৰ্থ বিজ্ঞানত মেজৰসহ বি এছ ছি আৰু পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এছ ছি পাছ কৰি বৰ্তমান কটন মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কাম কৰি আছে।
বাৰু, সি জালুকবাৰী পাৰ হ’ল। বাইকৰ ওপৰতো তাৰ সেয়ে চিন্তা। ভাস্বতী দেউতাকে তাক আজি কি কৰিব! কৈলাশপুৰ পোৱাৰ লগে লগে তাৰ ভয় আকৌ বাঢ়ি গ’ল। ভাস্বতীৰ লগত তাৰ কলেজীয়া প্ৰেম। ইয়াতো এটা কাহিনী আছে। কটনত বি এছ ছি কৰি থকাৰ দিনৰ কথা। সি আছিল ছায়েন্স আৰু ভাস্বতীহঁত আছিল অসমীয়া বিভাগৰ। সি অলপ লাইন দিছিল ভাস্বতীৰ লগৰ এজনীক। নন্দিনী ঘোষ আছিল তাইৰ নাম আৰু লিখিছিল কবিতা। বপুৰাৰ দিল হৈছিল ফিদা আৰু প্ৰেমপত্ৰ লিখি দিবলৈ কৈছিল ভাস্বতীক। কিন্তু কোনে উক্ত প্ৰেমপত্ৰখন দি যে সি ক’বলৈ পাহৰিছিলে তাইক দিবলৈ। কেৱল কৈছিল ভাস্বতীক,”এইখন লোৱা।”
সেইমৰ্মে ভাস্বতীয়েও পঢ়িলে সেইখন আৰু দি দিলে উত্তৰ, “ঘৰত মা-ভনী নাই নেকি অভদ্ৰ!”
তেতিয়া সি পুনৰ লিখিলে, “আছে কিন্তু তোমাৰ দৰে নহয়!”
“চাল্লা। বান্দৰ! মাৰি পেলাম!”
– এয়া প্ৰত্যুত্তৰ।
“আই লাভ ইউ!”
– পুনৰ উত্তৰ।
এনেদৰেই কাজিয়া চলি থাকিল দুয়োৰে আৰু নন্দিনী ঘোষ ডিলিট হৈ গ’ল আৰু নতুন বান্ধৱী এজনী ষ্ট’ৰ হৈ গ’ল ভাস্বতী নামেৰে তাৰ জীৱনত। এনেদৰেই দুয়োৰে মাজত বন্ধুত্ব আৰু তাৰ পিছত প্ৰেম। আৰু তেতিয়াৰে পৰা দুয়ো দুয়োৰে হমদম। সৰু ল’ৰা-ছোৱালীৰ দৰে দুয়োৰে প্ৰেম। সি মাতে তাইক মাতু বুলি আৰু তাই মাতে বাবু বুলি।
হঠাৎ তাৰ ফোনটো বাজি উঠাত সি বাইকখন ৰখালে আৰু ফোনটো চালে। তাইৰে ফোন।
“বাবা ক’ত তুমি?”
– তাই বাবা বোলে তাক, এদিন সিদ্ধাৰ্থই কৈছিল, মাই মোক যি বুলি মাতে তুমিও মাতিবা।
“উম উম। গৈ আছো। এয়া লংকেশ্বৰ পাৰ হ’লো।”
“ঠিক আছে আহি থাকা!”
– তাই ফোনটো কাটি দিলে।
সি গন্তব্যস্থান পালে। ওপৰৰ ছাদত সোনজনীয়ে তাক এটা ফ্লায়িং কিছ দিলে আৰু সিও ৰিপ্লাই কৰিবহে পাইছিল দেখিলেই নহয় সমুখৰ বাৰাণ্ডাত হিটলাৰে পেপাৰ পঢ়ি আছে। সি আগবাঢ়ি গৈ ক’লে,” ছাৰ সোমাব পাৰোঁনে?”
চছমাৰ ওপৰেৰে চকু তুলি চাই হৰেশ্বৰ শইকীয়াই ক’লে,”হুম। সোমাই আহা। বহা ইয়াতে।”
“হে প্ৰভূ বচাবা তুমি আজি।”
– সি বহিল সমুখৰ বেতৰ চকীখনতেই।
এনেতে মিছেছ শইকীয়াই ওলাই আহিল চাহ লৈ,
“অ বাবা আহিছা। মই চাহ বনাইয়ে থৈছিলোঁ। এয়া লোৱা। ভাতৰ যোগাৰ কৰোঁগৈ দেই মই।”
“এৰা। মালিক খৰুছ হ’লেও মালকিন বিৰাট মৰমীয়াল। চলি যাব।”
– মনতে ভাবি চাহৰ কাপটো লৈছিলহে মাত্ৰ, হিটলাৰে পেপাৰখন পঢ়া শেষ কৰিলে আৰু গলটো অলপ ঘৰঘৰাই দি তাৰ ফালে চালে।
“হে কৃষ্ণ!”
– সি কাপটো পুনৰ থ’লে।
“বাৰু! তুমি এতিয়া কলেজত কি পঢ়াই আছা!”
– ইণ্টাৰভিউ ষ্টাৰ্ট।
“ছাৰ ফিজিক্স ডিপাৰ্টমেণ্টত এচিচটেণ্ট প্ৰফেচাৰ হিচাপে আছোঁ।”
“হুম। আমাৰ এইক কেতিয়াৰ পৰা জানা?”
– শইকীয়াদেৱে ডাইৰেক্ট প্ৰশ্নই সুধি দিলে।
“ছাৰ …… কলেজৰ পৰা!”
– আজি খতম মই।
“হুম। এতিয়া কোৱা তোমাক মই কি হিচাপে তাইৰ হ’বলগা হাজবেণ্ড বুলি মানি লওঁ?”
– পুনৰ ডাইৰেক্ট প্ৰশ্ন।
সি অলপ দোধোৰ-মোধোৰ অৱস্থাত থাকিল অলপ সময়। একো ওলাই অহা নাছিল। কিন্তু তাৰ কোনো ভয় অহা নাছিল মনত সেই সময়ত। কাষৰ দৰ্জাখনৰ পিছফালে ভাস্বতী থিয় হৈ দুয়োজনৰে কথোপকথনৰ সাক্ষী হৈ আছিল। সি মনে মনে ভালো পাই আছিল ভাৱী শহুৰে তাক পোনপটীয়া প্ৰশ্নৱান কৰি থকাত।
তেতিয়া সি ক’বলৈ আৰম্ভ কৰিলে,
“ছাৰ, ৩ বছৰ বয়সতেই দেউতাৰ কোলাত উঠা মনত আছে। তেতিয়া দেউতা হুইলচেয়াৰত বহি আছিল। মানুহজনে বৰ কষ্ট পাই আছিল হয়তো সেই সময়ত। কিন্তু মোক যেতিয়া তেওঁ লৈছিল তেতিয়া জীৱনৰ সমস্ত দুখ-কষ্ট আৰু কান্দোন পাহৰি গৈছিলোঁ। সেই সময়ত দেউতাৰ লগত কটোৱা সেইখিনি সময়ত নিজকে সুৰক্ষিত অনুভৱ কৰিছিলোঁ। ভাস্বতীৰ চকুত মই মোৰ দেউতাক দেখা পাওঁ। যেতিয়া স্কুলত পঢ়া সময়ত যেতিয়া স্কুলত অভিভাৱক সন্মিলন হৈছিল তেতিয়া সকলোৰে দেউতাকসকল গৈছিল আৰু মোৰ কাৰণে কোনো যোৱা নাছিল। কিন্তু সেই সময়তে এগৰাকী বীৰাংগণাৰ দৰে থিয় দিছিল মোৰ মাই আৰু বিশ্বাস দিছিল যে মই অকলশৰীয়া নহয়। ভাস্বতীৰ মাতত মাৰ সেই বিশ্বাস পাওঁ মই।
ভাস্বতী আপোনাৰ একমাত্ৰ জীয়ৰী ছাৰ, মই জানো আপুনি তাইক বহুত মৰম কৰে। কিন্তু মই আপোনাক বিশ্বাস দিব পাৰোঁ, মই আপোনাতকৈ বেছি মৰম তাইক দিম। এইখিনিয়ে কথা ছাৰ। কিবা কাৰণত যদি আপোনাক দুখ দিলোঁ তেন্তে ক্ষমা কৰিব।”
শইকীয়া দেৱে তাৰ ফালে অলপ সময় চাই থাকিল, চছমাযোৰ খুলি বাকচটোত ভৰালে আৰু হাঁহি এটাৰে তাৰ মূৰত হাতখন থৈ ক’লে,
“ভাত খাই যাবা!” আৰু তেখেত ভিতৰলৈ সোমাই গ’ল।
“আৰে। বহুত বেছি বকি দিলোঁ নেকি ঐ!”
– সি মনতে আচৰিত বোধ কৰিলে।
এনেতে ভাস্বতী ওলাই আহিল আৰু তাক সাৱটি ধৰি চলচলীয়া চকুৰে ক’লে,
“বাবু। তুমি মোক কন্দুৱাই হে ভাল পোৱা।”
আৰু তাক গালত এটা দীঘল চুমা আঁকি দিলে।
“আৰে কোনোবাই দেখিব। কি কৰিছা! বুঢ়াই মানি ল’লে যেন পাওঁ ৰ’বা।”
– সি তাইক জোঁকালে।
“ধেৎতেৰি। বুঢ়া ন’কবা দেই। মাৰি পেলাম।”
– তাই তাৰ কাণখন মোহাৰি ক’লে।
“আইও মোৰ সোনজনী!”
– সি হাঁহি দিলে।
এনেতে ভিতৰৰ পৰা ভাস্বতীৰ মাকে মাতিলে,
“মাজনী সিদ্ধাৰ্থ আহা! ভাত দিলোঁৱেই।”
তেতিয়া সিদ্ধাৰ্থই ক’লে,”ব’লা! পিৰিটি পিছত কৰিম। ন’হলে হিটলাৰে ইয়াতেই ছুট কৰি মাৰি পেলাব।” আৰু দুয়োৱে দুয়োৰে মুখলৈ চাই প্ৰচণ্ড হাঁহি মাৰি ততাতৈয়াকৈ ভিতৰলৈ সোমাই গ’ল!
☆★☆★☆
4:08 pm
ভাল লাগিল