ফটাঢোল

বকুলদাৰ বিলৈ – ভাস্কৰজ্যোতি বৰা

ভূমিকম্প আহিলে মুকলি ঠাইলৈ ওলাই অহাটো নিয়ম। সেয়েহে কেতিয়াবা ৰাতি বিয়লি এইভাগ বস্তু আহিলে বকুলদাহঁতৰ চুবুৰীৰ মানুহখিনি তেওঁলোকৰ আহল-বহল চোতালখনলৈকে দৌৰ মাৰি ওলাই আহে। তেনে এটা ভূমিকম্প অহা ৰাতিৰে কথা। সেইদিনাও ভূমিকম্প অহাৰ লগে লগেই চুবুৰীটোৰ মানুহখিনি বকুলদাহঁতৰ চোতাললৈ ওলাই আহিছিল।

যথাসময়ত ভূমিকম্প শাম কাটিলে। সকলো ঘৰাঘৰি গ’ল। প্ৰায় পোন্ধৰ মিনিটমানৰ পিছত বকুলদাহঁতৰ ঘৰৰ ফালৰ পৰা কোলাহল এটা ভাহি আহিল। ইজনে সিজনে খবৰ লৈ গম পালে বোলে বকুলদা হেৰাল। মানুহটো ক’লৈ গ’ল বুলি ঘৈণীয়েকে ইতিমধ্যে ৰাউচি জুৰিলেই।

মানুহজনীৰ মতে বকুলদা আৰু তেওঁ ছোৱালীজনীৰে সৈতে একেলগে দৌৰি ওলাই আহিছিল ঘৰৰ ভিতৰৰ পৰা। যিহেতু সেই সময়ত কাৰেণ্ট নাছিল।সেয়েহে চুবুৰীৰ বাকী সকলে আন্ধাৰত বকুলদাক দেখা বুলি সঠিককৈ ক’ব নোৱাৰিলে।

সকলো আচৰিত হ’ল কথাটোত, হঠাৎ মানুহটো ক’লৈ গ’ল। চুবুৰীটোৰ চাৰিওফালে বিচাৰি চলাথ কৰিও বকুলদাক নোপোৱাত দুজনমানে পুলিচক খবৰ দিয়াৰ কথাও ক’লে। কিন্তু ৰাতি ডেৰ বজাত বিশ কিল’মিটাৰ দূৰৰ থানাখনত খবৰ দিবলৈ যাবলৈ কোনেও গাত নল’লে। তাৰ পৰিৱৰ্তে বকুলদাৰ ঘৈণীয়েকক বুজাই বঢ়াই ছোৱালীজনীৰে সৈতে থৈ ৰাতিপুৱাই থানাত খবৰ দিয়াৰ দায়িত্ব লৈ সকলো ঘৰাঘৰি গ’লগৈ।

অসহায় মানুহজনীয়ে পাঁচ বছৰীয়া জীয়েকজনীক বুকুত সাবটি বিচনাখনতে বহি থাকিল। দহ মিনিটমান পিছত বকুলদাহঁতৰ ঘৰৰ পিছফালৰ দুৱাৰখনত কোনোবাই টুকুৰিওৱাৰ শব্দ হ’ল। মানুহজনীয়ে হাতত টৰ্চটো লৈ গৈ দুৱাৰখন খুলি দিলে। কিন্তু সন্মুখত থিয়হৈ থকা বকুলদাৰ ৰূপ দেখি মানুহজনী মুৰ্চা গ’ল। এবাল্টি পানী গাত ঢলাৰ মূৰতহে বোলে মানুহজনীৰ হুঁচ আহিল।

পিছদিনা গোপন সূত্ৰে গম পোৱা মতে বকুলদা হেৰোৱা নাছিল। ভূমিকম্পৰ হুলস্থূলত আঁঠুৱাৰ খুটিত লাগি মানুহটোৰ লুঙিখন থাকি আহিল। তলৰ সৰু বস্ত্ৰভাগো বেচেৰাই পিন্ধি থকা নাছিল। কাৰেণ্ট নাছিল কাৰণে কথাটো কোনেও ধৰিব নোৱাৰিলে। ভূমিকম্পও গ’ল কাৰেণ্টো আহিল। কোনেও তত ধৰিব নোৱাৰোঁতেই নিজৰ মান ৰক্ষা কৰি বকুলদা গৈ আগফালৰ সীমা খালটোত দীঘল দিলেগৈ। চুবুৰীটোৰ মানুহবোৰে ঘৰৰ লাইটবোৰ নুমুৱাই শোৱালৈ বপুৰাটোৱে বাট চাই থাকোঁতেই হুলস্থূলখন লাগিল।

☆★☆★☆

8 Comments

  • Rintumoni Dutta

    বঢ়িয়া লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হা হা হা । বিড়ম্বনা ইয়াকে কয়।

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    ভাল লাগিল দেই। লিখি থাকিব।

    Reply
  • HEMANTA KAKATI

    হাঃ হাঃ বকুল দা! তামাম কাৰবাৰচোন! মজা লাগিল৷

    Reply
  • Mukut bhattacharjya

    ভূমিকম্প আহিলে এনেকুৱা বহুত কিবা কিবি হয় ?
    বঢ়িয়া

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল জমনি দেই

    Reply
  • লখিমী

    ধেত তেৰি! বকুল দাৰ গতি।

    Reply
  • Anonymous

    সকলোকে ধন্যবাদ জনাইছো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *