অভ্যাসৰ নৰ – অভিজিত মেধি
মনত পৰে তাহানিৰ দিনবোৰৰ কথা। আজিৰ দিনত মোবাইল-লেপটপৰ বুকুত টাইপ কৰা আখৰৰ অনুশীলন ফলি-পেঞ্চিল লৈ কৰা দিনবোৰৰ কথা। আমাৰ পাঁচজনীয়া পৰিয়ালটো আছিল নিম্ন মধ্যবিত্ত শ্ৰেণীৰ, সীমিত উপাৰ্জনে প্ৰায়েই লেকাম লগাইছিল হেঁপাহৰ দৌৰত। ইটো কিনি উঠি সিটো লাগ বুলিলেই “মৰাণ নহা, মাইৰে-বাইপেৰে টাকাৰ গাছ পুতছি? জোকাৰ মাল্লি টাকা আইহবো?” বুলি ধমক দিয়া হৈছিল। অৱশ্যে মা-দেউতাই মৰমতে স্কুলত কিবা এটা খাবি বুলি মাজে সময়ে পইচা এটা দুটা নিদিয়া ধৰণৰ নাছিল। ইয়াৰে সৰহ সংখ্যক পইচা বাৰীৰ ভাল যেন লগা ঠাই এটুকুৰাত পুতি থৈছিলোঁ। উদ্দেশ্য- টকাৰ গছ এডাল গজক, যাতে মোৰ পো-নাতিয়ে লাগ বুলিয়েই টকাৰ গছডাল জোকাৰি দিব পাৰোঁ। কিন্তু দিন যোৱাৰ লগে লগে মোৰ এই দুৰন্ত হেঁপাহে পূৰণ নোহোৱা আশাবোৰৰ তালিকাত স্থান লভিলে।
শৈশৱকালত মা-দেউতাই টকা-পইচাতকৈও কিছুমান অধিক মূল্যৱান বস্তু দিছিল, যেনে ধৰক জীৱন যাপনৰ আদিপাঠ, অৱশ্যে সেইবোৰৰ গতিও বাৰীত পুতি থোৱা ভঙনীয়া পইছাকেইটাৰ দৰেই হ’লগৈ। আমাৰ সমাজত সাধুকথাৰ মাজেৰে, ইটো সিটো কথাৰ মাজেৰে বৰজনাই সোণসেৰীয়া কথাৰ বীজবোৰ নতুন প্ৰজন্মৰ সাৰুৱা মগজত ৰোপণ কৰি দিয়ে, যাতে সময়ত সুচিন্তাৰ ফল-ফুলেৰে জীৱনবোৰ জাতিষ্কাৰ হৈ উঠে। মোৰ মা-দেউতাও ব্যতিক্ৰম নাছিল। কিন্তু প্ৰয়োজনাধিক সাৰুৱা মোৰ মগজত ইয়াৰ ফলাফল কি হ’ব পাৰে সেইয়া তেওঁলোকৰ সপোনৰো অগোচৰ আছিল।
শৈশৱকালত মই আছিলোঁ আচহুৱা চিন্তাধাৰা আৰু অদ্ভুত কাণ্ড-কাৰখানাৰ ভঁৰাল। জৱাহৰলাল নেহৰুৱে কোটৰ জেপত জবাফুল নলৈ গোলাপ কিয় লৈছিল, মই চিন্তিত হৈ উঠিছিলোঁ। ফেভিকলেৰে জেঠীৰ সৰি পৰা নেগুৰ জোৰা লগাবলৈ গৈছিলোঁ। এসময়ত মোক দেখিলে নেজাল প্ৰাণীবোৰে প্ৰায়েই নেগুৰ দাঙি পলাইছিল। এবাৰ পিৰালিত বহি এক মহান বৈজ্ঞানিক তত্ব আৱিষ্কাৰ কৰিলোঁ। তত্ব মতে প্ৰেক্টিকেলৰ প্লেনটো আছিল মই পিৰালিৰ পৰা চোতাললৈ মস্ত জাঁপ এটা মাৰিম আৰু মাটিত ভৰি পৰাৰ আগতেই শূণ্যতে আৰু এটা জাঁপ মাৰিম, এটাৰ পিছত এটা জাঁপ, এনেকৈ মই আকাশত উৰিবলৈ সক্ষম হ’ম বুলি খাটাং আছিলোঁ। ফলস্বৰূপে মোৰ সোঁভৰিৰ ঘিলাটো আজিও গাড়ীৰ ষ্টিয়েৰিং ঘূৰাদি ঘূৰে। অলপ ডাঙৰ হ’লত ক’ৰবাত পঢ়িলোঁ বিভিন্ন জন্তুৱে দুই নম্বৰ কৰি এটা এলেকাত নিজৰ আধিপত্য সাব্যস্ত কৰে। যিহেতু মানুহো একপ্ৰকাৰৰ জন্তুৱেই, গতিকে এন্ধাৰ হ’লেই মই ছল বুজি একে চুবুৰীৰ সোণপাহিহঁতৰ গে’টত….। মৰাৰ আগদিনালৈকে সিহঁতৰ এলচিছিয়ান কুকুৰটোৱে মোক দেখিলে এনেয়ে ৰাম খেদন দিয়া নাছিল!
কুকুৰৰ খেদন খোৱাতকৈও পয়ামল ঘটনা এটা ঘটিছিল এবাৰ। তেতিয়া চাগৈ মোৰ বয়স ন-দহ বছৰ। কিবা এটা কথা-প্ৰসংগত দেউতাই ক’লে- “অভ্যাসৰ নৰ, কৰ্ণ পথে মাৰে শৰ”। কিয় জানো, কথাষাৰ বিৰাট ভাল লাগি গ’ল। সেয়ে পাছদিনা বাৰীৰ জেওৰাৰ পৰা বাঁহৰ কামি উলিয়াই ধেনু-কাঁড় বনাই ল’লোঁ। দুদিনীয়া তুমুল অভ্যাসৰ অন্তত লক্ষ্যমতে কাঁড় মাৰিবলৈ সক্ষম হৈ উঠিছিলোঁহে। মোৰ একলব্য অনুশীলনৰ স্থানত অনাকাংক্ষিতভাৱে ভুমুকি মাৰিলেহি কাষৰে মদন আদাবেপাৰীৰ জীয়েক ফেনকাই। তাই মোৰ সমবয়সীয়া, সকলো সময়তে নাকেৰে গঙ্গা-যমুনা ফেনে-ফোটোকাৰে বৈ থাকে বাবে তাইক নাম দিছিলোঁ “ফেনকা”। তাইৰ আচল নামটো আজিও মোৰ অজ্ঞাত। তাই বেটীয়ে নতুনকৈ কাণ বিন্ধাইছিল তেতিয়া। দুৰ্গা পূজাত কিনা কাণফুলি এযোৰ পিন্ধি মোৰ আগত ধুন-পেচ মাৰিবলৈ আহিছিল। ঋষি বিশ্বমিত্ৰৰ কঠোৰ তপস্যা ভংগ হোৱাত অপেশ্বৰী মেনকাৰ ওপৰত যি হাৰত খং উঠিছিল মোৰো মূৰত সেই একেই হাৰত ফেনকাৰ ওপৰত খং চৰিছিল। কঠোৰ অনুশীলনৰ জোৰত মই ইতিমধ্যে অভ্যাসৰ নৰ হৈ উঠিছিলোঁ, খঙৰ কোবত ফেনকাৰ কৰ্ণ পথে শৰ মাৰি দিলোঁ। সিদিনা ফেনকাই বাওঁকাণৰ লতিটো চিৰদিনৰ বাবে হেৰুৱালে, লগতে দেউতাই মোক ঔকিলৰ কনচেপ্টটো ঘণ্টাজোৰা প্ৰেক্টিকেলেৰে বুজাই দিলে।
আজি ত্ৰিশোৰ্ধ বয়সলৈকে তাইৰ বিয়া-বাৰু নোহোৱাৰ বাবে ফেনকাই মোকেই জগৰীয়া বুলি ভাবে। নৈতিকতাৰ খাতিৰত অৱশেষত ময়ে ফেনকা-পতি হ’বলগীয়াৰ আশংকাত চাকৰিৰ বাহানা কৰি এসময়ত মই অসম এৰি তামিলনাডুত থিতাপি লৈছিলোঁ। কিছুদিন আগৰ কথা হেনো, মাছ বেপাৰী এজনে এটা চালানী ৰৌ আৰু কাণফুলি এযোৰৰ সৈতে তাইক প্ৰেমৰ প্ৰস্তাৱ দিছিল। কাণফুলিযোৰ হাতত লৈ তাই হেনো ফেঁকুৰি ফেঁকুৰি কান্দিছিল। সন্ধিয়ালৈকে সিহঁতৰ চোতালৰ পৰা মোৰ নাম লৈ ত্ৰিভুৱন জোকাৰি যোৱা দুটামান গালিয়ে আমাৰ ঘৰৰ ভেটিমাটিও কঁপাই যোৱা বুলি মায়ে মোক ফোন কৰি জানিবলৈ দিয়ে। ভাগ্যৰ বলত মই চাকৰিৰ বাবে ঘৰৰ নিলগত বাস কৰিছোঁহি!
যিয়েই নহওক, আজিলৈ থাকক এইবোৰ, গাই থাকিলে এখন মহাভাৰত ওলাব। আপোনালোকেও কিডাল কৰিব এই বাৰেবাংকৰা কথাবোৰ জানি! আচল কথাটো হ’ল সজ উপদেশৰ সজ ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন এটা চিন্তাশীল মগজৰ। কিন্তু জোখতকৈ অধিক অথবা একেবাৰেই চিন্তা নকৰি ব্যৱহাৰিক দিশত আগবাঢ়িলে সজ উপদেশৰ ফলাফলো ভয়ংকৰ হৈ উঠিব পাৰে।
☆★☆★☆
4:10 pm
অতি সুন্দৰ।
4:47 pm
বেচেৰী ফেনকা।
5:37 pm
ৱাও। ইমান সুন্দৰ প্ৰেমৰ নিদৰ্শন??
6:28 pm
?????
2:30 pm
ৱাহ ৱাহ!কি ধুনীয়া উপস্থাপন শৈলী !